পি এম ইণ্ডিয়া
আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৯৮ সংখ্যক অখিল ভাৰতীয় মাৰাঠী সাহিত্য সন্মিলন উদ্বোধন কৰে। এই উপলক্ষে সভাত ভাষণ দি তেওঁ নতুন দিল্লীত আয়োজিত মাৰাঠী ভাষাৰ বৃহৎ অনুষ্ঠানত সকলো মাৰাঠীক আদৰণি জনায়। অখিল ভাৰতীয় মাৰাঠী সাহিত্য সন্মিলন কোনো ভাষা বা অঞ্চলত সীমাবদ্ধ নহয় বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে এই সন্মিলনত স্বাধীনতা সংগ্ৰামৰ সাৰমৰ্মৰ লগতে মহাৰাষ্ট্ৰ আৰু দেশৰ সাংস্কৃতিক ঐতিহ্যও সন্নিবিষ্ট কৰা হৈছে। ১৮৭৮ চনৰ পৰা এতিয়ালৈকে অখিল ভাৰতীয় মাৰাঠী সাহিত্য সন্মিলনখনে ১৪৭ বছৰীয়া ভাৰতৰ যাত্ৰাৰ সাক্ষী হিচাপে পৰিগণিত হোৱা বুলি মন্তব্য কৰি শ্ৰী মোদীয়ে কয় যে শ্ৰী মহাদেৱ গোবিন্দ ৰানাদে, শ্ৰী হৰি নাৰায়ণ আপ্তে, শ্ৰী মাধৱ শ্ৰীহৰি আনে, শ্ৰী শিৱৰাম পাৰাঞ্জপে, শ্ৰীযুত বীৰ সাৱৰকৰৰ দৰে বহু দীক্ষিত ব্যক্তিয়ে সন্মিলনৰ সভাপতিত্ব কৰিছিল। এই গৌৰৱময় পৰম্পৰাৰ অংশ হ’বলৈ শ্ৰী শৰদ পাৱাৰে আমন্ত্ৰণ জনোৱাৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰি তেওঁ এই অনুষ্ঠানৰ বাবে সমগ্ৰ দেশৰ লগতে বিশ্বৰ সকলো মাৰাঠী অনুৰাগীলৈ অভিনন্দন জ্ঞাপন কৰে। আজি আন্তঃৰাষ্ট্ৰীয় মাতৃভাষা দিৱস বুলি আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে মাৰাঠী ভাষাৰ কথা ভাবিলে সন্ত জ্ঞানেশ্বৰৰ পদ্যৰ কথা মনত পেলোৱাটো একেবাৰে স্বাভাৱিক। সন্ত জ্ঞানেশ্বৰৰ এটা পদ্য আবৃত্তি কৰি শ্ৰী মোদীয়ে বুজাই দিয়ে যে মাৰাঠী ভাষা অমৃততকৈও মধুৰ আৰু সেয়েহে মাৰাঠী ভাষা আৰু সংস্কৃতিৰ প্ৰতি তেওঁৰ প্ৰেম আৰু স্নেহ অপৰিসীম। মাৰাঠী পণ্ডিতসকলৰ দৰে পাকৈত নহ’লেও প্ৰধানমন্ত্ৰীয়ে বিনম্ৰতাৰে কয় যে তেওঁ সদায় মাৰাঠী শিকিবলৈ অহৰহ প্ৰচেষ্টা চলাই আহিছে। শ্ৰী মোদীয়ে আলোকপাত কৰে যে এই সন্মিলনখন উল্লেখযোগ্য সময়ত অনুষ্ঠিত হৈছিল যেতিয়া দেশে ছাত্ৰপতি শিৱাজী মহাৰাজৰ ৰাজ অভিষেকৰ ৩৫০ বছৰীয়া জয়ন্তী, পুণ্যশ্ৰক অহিল্যবাই হোলকাৰৰ ৩০০ বছৰীয়া জন্ম জয়ন্তী আৰু বাবাছাহেব আম্বেদকাৰৰ প্ৰচেষ্টাত সৃষ্টি হোৱা আমাৰ সংবিধানৰ ৭৫ বছৰীয়া জয়ন্তীৰ সাক্ষী হৈছে। এশ বছৰ পূৰ্বে এজন বিশিষ্ট মাৰাঠী ব্যক্তিয়ে মহাৰাষ্ট্ৰৰ মাটিত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ বীজ ৰোপণ কৰাক লৈ গৌৰৱ প্ৰকাশ কৰি শ্ৰী মোদীয়ে আলোকপাত কৰে যে আজি ই শতবাৰ্ষিকী উদযাপন কৰি এক বিশাল গছত পৰিণত হৈছে। তেওঁ জোৰ দি কয় যে বিগত ১০০ বছৰে আৰ এছ এছে নিজৰ সাংস্কৃতিক প্ৰচেষ্টাৰ জৰিয়তে বেদৰ পৰা বিবেকানন্দলৈকে ভাৰতৰ মহান পৰম্পৰা আৰু সংস্কৃতিক নতুন প্ৰজন্মলৈ আগবঢ়াই লৈ গৈছে। তেওঁ উল্লেখ কৰে যে আন লাখ লাখ লোকৰ সৈতে তেওঁৰ সৌভাগ্য হৈছে যে আৰ এছ এছৰ দ্বাৰা দেশৰ বাবে জীয়াই থাকিবলৈ অনুপ্ৰাণিত হৈছে। প্ৰধানমন্ত্ৰীয়ে এই কথাও স্বীকাৰ কৰে যে আৰ এছ এছৰ জৰিয়তেহে তেওঁ মাৰাঠী ভাষা আৰু পৰম্পৰাৰ সৈতে সংযোগ স্থাপনৰ সুযোগ পাইছিল। তেওঁ আলোকপাত কৰে যে কেইমাহমানৰ আগতে মাৰাঠীক ধ্ৰুপদী ভাষাৰ মৰ্যাদা দিয়া হৈছিল, যাৰ বাবে ভাৰত আৰু বিশ্বৰ ১২ কোটিৰো অধিক মাৰাঠী ভাষীয়ে এই স্বীকৃতিৰ বাবে দশক দশক ধৰি অপেক্ষা কৰি আছিল। এই কামটো সম্পন্ন কৰাৰ সুযোগ পোৱাটো তেওঁ জীৱনৰ এক বৃহৎ সৌভাগ্য বুলি গণ্য কৰিছে।“ভাষা কেৱল যোগাযোগৰ মাধ্যম নহয় বৰঞ্চ আমাৰ সংস্কৃতিৰ বাহক”, প্ৰধানমন্ত্ৰীয়ে উচ্চাৰণ কৰে। তেওঁ উল্লেখ কৰে যে ভাষাসমূহ সমাজত জন্ম লোৱাৰ বিপৰীতে ইয়াক গঢ় দিয়াতো ইয়াৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। তেওঁ আলোকপাত কৰে যে মাৰাঠীয়ে মহাৰাষ্ট্ৰ আৰু দেশৰ বহু ব্যক্তিৰ চিন্তাধাৰাক প্ৰকাশ কৰিছে, আমাৰ সাংস্কৃতিক বিকাশত অৰিহণা যোগাইছে। মাৰাঠী ভাষাৰ গুৰুত্ব সন্দৰ্ভত সমৰ্থ ৰামদাস জীৰ কথাৰ উদ্ধৃতি দি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে, “মাৰাঠী হৈছে এক সম্পূৰ্ণ ভাষা, য’ত শৌৰ্য্য, সৌন্দৰ্য্য, সংবেদনশীলতা, সমতা, সমন্বয়, আধ্যাত্মিকতা, আৰু আধুনিকতা সন্নিবিষ্ট কৰা হৈছে”। তেওঁ উল্লেখ কৰে যে মাৰাঠীত ভক্তি, শক্তি, বুদ্ধি আদি অন্তৰ্ভুক্ত। শ্ৰী মোদীয়ে আঙুলিয়াই দিয়ে যে যেতিয়া ভাৰতত আধ্যাত্মিক শক্তিৰ প্ৰয়োজন হৈছিল তেতিয়া মহাৰাষ্ট্ৰৰ মহান সন্তসকলে ঋষিসকলৰ জ্ঞানক মাৰাঠী ভাষাত সুলভ কৰি তুলিছিল। তেওঁ মাৰাঠী ভাষাত ভক্তি আন্দোলনৰ জৰিয়তে সমাজক এক নতুন দিশ দেখুৱাই দিয়া সন্ত জ্ঞানেশ্বৰ, সন্ত টুকাৰম, সন্ত ৰামদাস, সন্ত নামদেৱ, সন্ত টুকদোজী মহাৰাজ, গডজে বাবা, গোৰা কুম্ভৰ, আৰু বাহিনাবাইৰ অৱদানক স্বীকাৰ কৰে। প্ৰধানমন্ত্ৰীয়ে আধুনিক যুগত শ্ৰী গজানন দিগম্বৰ মাদগুলকাৰ আৰু শ্ৰী সুধীৰ ফাডকেৰ গীত ৰামায়ণৰ প্ৰভাৱৰ ওপৰত আলোকপাত কৰে। যুগ যুগ ধৰি চলি থকা অত্যাচাৰৰ সময়ত মাৰাঠী ভাষা আগ্ৰাসীৰ পৰা মুক্তিৰ ঘোষণাত পৰিণত হোৱা বুলি আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে ছাত্ৰপতি শিৱাজী মহাৰাজ, সম্ভাজী মহাৰাজ, বাজীৰাও পেশ্বৱাৰ দৰে মাৰাঠা যোদ্ধাসকলৰ শত্ৰুপক্ষৰ তীব্ৰ বিৰোধিতা কৰা বীৰত্বৰ কথা উল্লেখ কৰে। তেওঁ লক্ষ্য কৰে যে স্বাধীনতা সংগ্ৰামত বাসুদেৱ বলৱন্ত ফাডকে, লোকমান্য তিলক, বীৰ সাৱৰকাৰৰ দৰে সংগ্ৰামীয়ে ইংৰাজক বিঘ্নিত কৰিছিল। তেওঁলোকৰ অৱদানত মাৰাঠী ভাষা আৰু সাহিত্যৰ উল্লেখযোগ্য ভূমিকাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। শ্ৰী মোদীয়ে আলোকপাত কৰি কয় যে কেছাৰী আৰু মাৰাঠাৰ দৰে বাতৰি কাকত, কবি গোবিন্দগ্ৰজৰ শক্তিশালী কবিতা, ৰাম গণেশ গডকাৰীৰ নাটসমূহে জাতীয়তাবাদৰ মনোভাৱক লালন-পালন কৰিছিল। তেওঁ আঙুলিয়াই দিয়ে যে লোকমান্য তিলক মাৰাঠী ভাষাত গীতা ৰহস্য ৰচনা কৰিছিল, যিয়ে সমগ্ৰ দেশতে নতুন শক্তিৰ সঞ্চাৰ কৰিছিল। “মাৰাঠী ভাষা আৰু সাহিত্যই সমাজৰ নিপীড়িত আৰু বঞ্চিত শ্ৰেণীৰ বাবে সামাজিক মুক্তিৰ দুৱাৰ মুকলি কৰিছে”, শ্ৰী মোদীয়ে আলোকপাত কৰে। তেওঁ জ্যোতিবা ফুলে, সাবিত্ৰীবাই ফুলে, মহৰ্ষি কাৰ্ৱে, বাবাছাহেব আম্বেদকাৰ আদি মহান সমাজ সংস্কাৰকসকলৰ অৱদানৰ কথা উল্লেখ কৰে, যিসকলে মাৰাঠী ভাষাত নতুন যুগৰ চিন্তাধাৰাক লালন-পালন কৰিছিল। তেওঁ উল্লেখ কৰে যে মাৰাঠী ভাষাই দেশখনক চহকী দলিত সাহিত্য প্ৰদান কৰিছে। তেওঁ জোৰ দি কয় যে আধুনিক চিন্তাধাৰাৰ বাবেই মাৰাঠী সাহিত্যই কল্পবিজ্ঞানো উৎপন্ন কৰিছে। আয়ুৰ্বেদ, বিজ্ঞান, আৰু যুক্তিৰ ক্ষেত্ৰত মহাৰাষ্ট্ৰৰ জনসাধাৰণৰ ব্যতিক্ৰমী অৱদানক স্বীকাৰ কৰি শ্ৰী মোদীয়ে আলোকপাত কৰে যে এই সংস্কৃতিয়ে সদায় নতুন ধাৰণা আৰু প্ৰতিভাক আমন্ত্ৰণ জনাই আহিছে, যাৰ ফলত মহাৰাষ্ট্ৰৰ অগ্ৰগতি হৈছে। তেওঁ মন্তব্য কৰে যে মুম্বাই কেৱল মহাৰাষ্ট্ৰৰ নহয়, সমগ্ৰ দেশৰ অৰ্থনৈতিক ৰাজধানী হিচাপে আত্মপ্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে মুম্বাইৰ কথা কওঁতে ছবিৰ কথা নক’লে সাহিত্যৰ আলোচনা সম্পূৰ্ণ কৰিব নোৱাৰি। তেওঁ আলোকপাত কৰে যে মহাৰাষ্ট্ৰ আৰু মুম্বাইয়েই মাৰাঠী ছবি আৰু হিন্দী চিনেমা দুয়োটাকে উন্নীত কৰিছে। তেওঁ শিৱাজী সাৱন্তৰ মাৰাঠী উপন্যাসৰ জৰিয়তে সম্ভাজী মহাৰাজৰ বীৰত্বৰ পৰিচয় দিয়া ‘ছাৱ’ চিনেমাখনৰ বৰ্তমান জনপ্ৰিয়তাৰ কথা উল্লেখ কৰে।
কবি কেশৱসুতৰ উদ্ধৃতি দি শ্ৰী মোদীয়ে কয় যে আমি পুৰণি চিন্তাত স্থবিৰ হৈ থাকিব নোৱাৰো আৰু মানৱ সভ্যতা, চিন্তা, ভাষাৰ বিকাশ অহৰহ হৈ থাকে। তেওঁ আলোকপাত কৰে যে ভাৰত বিশ্বৰ অন্যতম পুৰণি জীৱন্ত সভ্যতা কাৰণ ই ধাৰাবাহিকভাৱে বিকশিত হৈছে, নতুন ধাৰণা আকোৱালি লৈছে, পৰিৱৰ্তনক আদৰণি জনাইছে। ভাৰতৰ বিশাল ভাষিক বৈচিত্ৰ্য এই বিৱৰ্তনৰ প্ৰমাণ আৰু ঐক্যৰ মৌলিক ভিত্তি হিচাপে কাম কৰে বুলি আঙুলিয়াই দি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে মাৰাঠীয়ে এই বৈচিত্ৰ্যৰ উদাহৰণ দাঙি ধৰে, ভাষাক তুলনা কৰি এনে এগৰাকী মাতৃৰ সৈতে যিয়ে নিজৰ সন্তানক বৈষম্যহীনভাৱে নতুন আৰু বিস্তৃত জ্ঞান প্ৰদান কৰে। তেওঁ লগতে কয় যে ভাষাই প্ৰতিটো ধাৰণা আৰু প্ৰতিটো বিকাশক আকোৱালি লয়। শ্ৰী মোদীয়ে উল্লেখ কৰে যে মাৰাঠী সংস্কৃতৰ পৰা উৎপত্তি হৈছে আৰু প্ৰাকৃতৰ পৰা ইয়াৰ উল্লেখযোগ্য প্ৰভাৱ আছে। তেওঁ মানৱ চিন্তাক বহল কৰি তোলা মহান চিন্তাবিদ আৰু লেখকসকলৰ অৱদানৰ ওপৰত আলোকপাত কৰে। তেওঁ লোকমান্য তিলকৰ গীতা ৰহস্যৰ কথা উল্লেখ কৰিছিল, য’ত সংস্কৃত গীতাৰ ব্যাখ্যা কৰি মাৰাঠীৰ জৰিয়তে অধিক সুলভ কৰি তোলা হৈছিল। তেওঁ লগতে উল্লেখ কৰে যে সংস্কৃতৰ মাৰাঠী টীকাৰে জ্ঞানেশ্বৰী গীতা পণ্ডিত আৰু সন্তসকলৰ বাবে গীতা বুজিবলৈ এক মানদণ্ডত পৰিণত হৈছে। প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে মাৰাঠী ভাষাই অন্যান্য ভাৰতীয় ভাষাৰ দ্বাৰা সমৃদ্ধ আৰু সমৃদ্ধ কৰিছে। তেওঁ ‘আনন্দমথ’ৰ দৰে গ্ৰন্থ মাৰাঠীলৈ অনুবাদ কৰা ভাৰ্গৱৰাম বিঠাল বৰেকাৰ আৰু পন্ন ধৈ, দুৰ্গাৱতী, ৰাণী পদ্মিনীৰ জীৱনৰ আধাৰত ৰচনা কৰা বিন্দ কৰণ্ডিকৰৰ দৰে বহু ভাষালৈ অনুবাদ কৰা আদি উদাহৰণ দাঙি ধৰে। “ভাৰতীয় ভাষাত কেতিয়াও পাৰস্পৰিক শত্ৰুতা হোৱা নাই; বৰঞ্চ তেওঁলোকে সদায় ইজনে সিজনক গ্ৰহণ কৰি আহিছে আৰু সমৃদ্ধ কৰিছে”, তেওঁ উল্লেখ কৰে। ভাষাৰ নামত বিভাজন সৃষ্টিৰ প্ৰচেষ্টাক আমাৰ ভাষাসমূহৰ ভাগ-বতৰা ঐতিহ্যই প্ৰতিহত কৰে বুলি আঙুলিয়াই দি প্ৰধানমন্ত্ৰীয়ে ভাষাসমূহ সমৃদ্ধিশালী আৰু আকোৱালি লোৱাৰ দায়িত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰি সকলোকে এনে ভুল ধাৰণাসমূহৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনায়। তেওঁ আলোকপাত কৰে যে আজি দেশৰ সকলো ভাষাকে মূলসুঁতিৰ ভাষা হিচাপে চোৱা হৈছে। তেওঁ মাৰাঠীকে ধৰি সকলো প্ৰধান ভাষাতে শিক্ষাৰ প্ৰসাৰৰ প্ৰচেষ্টাৰ কথা আঙুলিয়াই দিয়ে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে এতিয়া মহাৰাষ্ট্ৰৰ যুৱক-যুৱতীসকলে মাৰাঠী ভাষাত উচ্চ শিক্ষা, অভিযান্ত্ৰিক, চিকিৎসা অধ্যয়ন কৰিব পাৰিব। তেওঁ জোৰ দি কয় যে ইংৰাজী দক্ষতাৰ অভাৱৰ বাবে প্ৰতিভাক অৱহেলা কৰাৰ মানসিকতা সলনি হৈছে। “সাহিত্য সমাজৰ বাবে দাপোনৰ লগতে পথ প্ৰদৰ্শক”, শ্ৰী মোদীয়ে কয়। তেওঁ দেশৰ সাহিত্য সন্মিলন আৰু আনুষংগিক প্ৰতিষ্ঠানসমূহৰ গুৰুত্বপূৰ্ণ ভূমিকা সম্পৰ্কে মন্তব্য কৰে। তেওঁ আশা প্ৰকাশ কৰে যে অখিল ভাৰতীয় মাৰাঠী সাহিত্য মহামণ্ডলে গোবিন্দ ৰানাদে, হৰিনাৰায়ণ আপ্তে, আচাৰ্য আত্ৰে, আৰু বীৰ সাৱৰকাৰ আদি মহান ব্যক্তিয়ে প্ৰতিষ্ঠা কৰা আদৰ্শক আগুৱাই লৈ যাব। প্ৰধানমন্ত্ৰীয়ে আলোকপাত কৰে যে সাহিত্য সন্মিলনৰ পৰম্পৰাই ২০২৭ চনত ১৫০ বছৰ সম্পূৰ্ণ কৰিব, যিটোত ১০০ সংখ্যক সাহিত্য সন্মিলন অনুষ্ঠিত হ’ব। এই অনুষ্ঠানটোক বিশেষ কৰি তুলিবলৈ আৰু এতিয়াই প্ৰস্তুতি আৰম্ভ কৰিবলৈ তেওঁ সকলোকে আহ্বান জনায়। ছ’চিয়েল মিডিয়াৰ জৰিয়তে মাৰাঠী সাহিত্যৰ সেৱা আগবঢ়োৱা বহু যুৱক-যুৱতীৰ প্ৰচেষ্টাক স্বীকৃতি দি তেওঁলোকৰ প্ৰতিভাক স্বীকৃতি দিয়াৰ এক মঞ্চ প্ৰদান কৰিবলৈ উৎসাহিত কৰে। প্ৰধানমন্ত্ৰীয়ে অনলাইন প্লেটফৰ্ম আৰু ভাষানীৰ দৰে পদক্ষেপৰ জৰিয়তে মাৰাঠী শিক্ষাৰ প্ৰচাৰৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
তেওঁ যুৱক-যুৱতীসকলৰ মাজত মাৰাঠী ভাষা আৰু সাহিত্য সম্পৰ্কীয় প্ৰতিযোগিতা আয়োজন কৰাৰ পৰামৰ্শ আগবঢ়ায়। তেওঁ বিশ্বাস প্ৰকাশ কৰে যে মাৰাঠী সাহিত্যৰ পৰা এই প্ৰচেষ্টা আৰু প্ৰেৰণাই ১৪০ কোটি নাগৰিকক এক বিক্ষিত ভাৰতৰ বাবে শক্তিশালী কৰিব। সামৰণি মাৰে মহাদেৱ গোবিন্দ ৰানাদে, হৰিনাৰায়ণ আপতে, মাধৱ শ্ৰীহৰি আনে, শিৱৰাম পৰঞ্জপে আদি বিশিষ্ট ব্যক্তিত্বৰ মহান পৰম্পৰা অব্যাহত ৰাখিবলৈ সকলোকে আহ্বান জনায় আৰু সকলোকে ধন্যবাদ জ্ঞাপন কৰে। মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী শ্ৰী দেৱেন্দ্ৰ ফাড়নবিছ; ৰাজ্য সভাৰ সাংসদ শ্ৰী শৰদ পাৱাৰ; ৯৮ সংখ্যক সন্মিলনৰ সভানেত্ৰী ড° তাৰা ভৱলকাৰৰ লগতে অন্যান্য বিশিষ্ট ব্যক্তিসকলো অনুষ্ঠানত উপস্থিত থাকে।
***
MJPS/SR/MS
Addressing the 98th Akhil Bharatiya Marathi Sahitya Sammelan in New Delhi. https://t.co/AgVAi7GVGj
— Narendra Modi (@narendramodi) February 21, 2025
हमारी भाषा हमारी संस्कृति की संवाहक होती है: PM @narendramodi pic.twitter.com/UwwMwurkyN
— PMO India (@PMOIndia) February 21, 2025
मराठी एक सम्पूर्ण भाषा है। pic.twitter.com/ROhES7EjcX
— PMO India (@PMOIndia) February 21, 2025
महाराष्ट्र के कितने ही संतों ने भक्ति आंदोलन के जरिए मराठी भाषा में समाज को नई दिशा दिखाई: PM @narendramodi pic.twitter.com/WttQQLtz83
— PMO India (@PMOIndia) February 21, 2025
भारतीय भाषाओं में कभी कोई आपसी वैर नहीं रहा। pic.twitter.com/QeaFNFHQsd
— PMO India (@PMOIndia) February 21, 2025
ये मेरे लिए अत्यंत गर्व की बात है कि मुझे नई दिल्ली में अखिल भारतीय मराठी साहित्य सम्मेलन में हिस्सा लेने का सौभाग्य मिला। pic.twitter.com/HXw6qtkj3g
— Narendra Modi (@narendramodi) February 21, 2025
अखिल भारतीय मराठी साहित्य सम्मेलन देश की 147 वर्षों की यात्रा का साक्षी रहा है। मैं देश-दुनिया के सभी मराठी प्रेमियों को इस आयोजन की बधाई देता हूं। pic.twitter.com/S31Fxcaa2h
— Narendra Modi (@narendramodi) February 21, 2025
मराठी एक संपूर्ण भाषा है। इसमें भक्ति भी है, शक्ति भी है और युक्ति भी है। pic.twitter.com/2a3IQmO5Iw
— Narendra Modi (@narendramodi) February 21, 2025
मराठी भाषा और साहित्य ने समाज के शोषित-वंचित वर्ग के लिए सामाजिक मुक्ति के द्वार खोलने का भी अद्भुत काम किया है। pic.twitter.com/ApqGEVjV2g
— Narendra Modi (@narendramodi) February 21, 2025
भारतीय भाषाओं में कभी कोई आपसी वैर नहीं रहा। इन्होंने हमेशा एक दूसरे को अपनाया है, एक दूसरे को समृद्ध किया है। pic.twitter.com/78BBWoNLyr
— Narendra Modi (@narendramodi) February 21, 2025
आज इसलिए हम देश की सभी भाषाओं को Mainstream Language के रूप में देख रहे हैं… pic.twitter.com/5OF0Lm6bHT
— Narendra Modi (@narendramodi) February 21, 2025
राष्ट्रीय स्वयंसेवक संघ पिछले 100 वर्षों से भारत की महान परंपरा और संस्कृति को नई पीढ़ी तक पहुंचाने का एक संस्कार यज्ञ चला रहा है। pic.twitter.com/eJnAn7LgF9
— Narendra Modi (@narendramodi) February 21, 2025
नवी दिल्ली इथे आयोजित अखिल भारतीय मराठी साहित्य संमेलनात सहभागी होण्याचे भाग्य मला लाभले, ही माझ्यासाठी अभिमानाची बाब आहे. pic.twitter.com/RXk4M7UUbl
— Narendra Modi (@narendramodi) February 21, 2025
अखिल भारतीय मराठी साहित्य संमेलन देशाच्या 147 वर्षांच्या प्रवासाचे साक्षीदार आहे. मी देशातील तसेच जगभरातील सर्व मराठी प्रेमींचे या आयोजनानिमित्त अभिनंदन करतो. pic.twitter.com/Z9IkCZETli
— Narendra Modi (@narendramodi) February 21, 2025
मराठी एक परिपूर्ण भाषा आहे. यात भक्ती ही आहे, शक्ती ही आहे आणि युक्ती देखील आहे. pic.twitter.com/MOpBScphvq
— Narendra Modi (@narendramodi) February 21, 2025
मराठी भाषा आणि साहित्याने समाजाच्या शोषित-वंचित वर्गासाठी सामाजिक मुक्तीची दारे खुली करण्याचे अद्भुत कार्य केले आहे. pic.twitter.com/FoGtS6J1eu
— Narendra Modi (@narendramodi) February 21, 2025
भारतीय भाषांमध्ये कुठल्याही प्रकारची परस्परांप्रती शत्रुत्वाची भावना नाही. त्यांनी नेहमीच एकमेकांचा आदर केला आहे , एकमेकांना समृद्ध केले आहे. pic.twitter.com/RxfWP3pgcB
— Narendra Modi (@narendramodi) February 21, 2025
म्हणूनच आज आपण देशातील सर्व भाषांकडे मुख्य प्रवाहातील भाषा म्हणून पाहात आहोत pic.twitter.com/CFu5R8fliw
— Narendra Modi (@narendramodi) February 21, 2025