পি এম ইণ্ডিয়া
আজি আই এন এছ বিক্ৰান্তত দীপাৱলী উদযাপনৰ সময়ত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সশস্ত্ৰ বাহিনীৰ বিষয়া-জোৱানক সম্বোধন কৰে। আজি এটা উল্লেখযোগ্য দিন, এটা উল্লেখযোগ্য মুহূৰ্ত আৰু এটা উল্লেখযোগ্য পৰিঘটনা বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে কয় যে এফালে বিশাল মহাসাগৰ আৰু আনফালে ভাৰত মাতৃৰ বীৰ সৈনিকৰ অপৰিসীম শক্তি। তেওঁ কয় যে এটা পক্ষই অসীম দিগন্ত আৰু সীমাহীন আকাশক উপস্থাপন কৰিলেও আনটো পক্ষই অসীম শক্তিক মূৰ্ত কৰি আই এন এছ বিক্ৰান্তৰ বিশাল শক্তিক প্ৰদৰ্শন কৰিছে। প্ৰধানমন্ত্ৰীয়ে পৰ্যবেক্ষণ কৰে যে সাগৰৰ ওপৰত পৰা সূৰ্যৰ পোহৰৰ জিলিকনিয়ে দীপাৱলীৰ সময়ত বীৰ সৈনিকে জ্বলোৱা দীপৰ দৰে হৈ পোহৰৰ এক ঐশ্বৰিক মালাৰ সৃষ্টি কৰিছে। ভাৰতীয় নৌসেনাৰ সাহসী জোৱানসকলৰ মাজত এই দীপাৱলী উদযাপন কৰিবলৈ পোৱাৰ সৌভাগ্যৰ কথাও তেওঁ প্রকাশ কৰে৷
আই এন এছ বিক্ৰান্তত কটোৱা নিশাটো স্মৰণ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে অভিজ্ঞতাক শব্দৰে প্ৰকাশ কৰাটো কঠিন। তেওঁ সাগৰৰ গভীৰ নিশা আৰু সূৰ্য্য উদয়ে এই দীপাৱলীক বহু দিশত বিশেষভাৱে স্মৰণীয় কৰি তোলা বুলি উল্লেখ কৰে। আই এন এছ বিক্ৰান্তৰ পৰা প্ৰধানমন্ত্ৰীয়ে দেশৰ ১৪০ কোটি নাগৰিকলৈ দীপাৱলীৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে।
আই এন এছ বিক্ৰান্তক দেশৰ নামত সমৰ্পন কৰাৰ মুহূৰ্তটো স্মৰণ কৰি শ্ৰী মোদীয়ে উল্লেখ কৰে যে সেই সময়ত তেওঁ মন্তব্য কৰিছিল— বিক্ৰান্ত গ্ৰেণ্ড, অপৰিসীম, পেনোৰামিক, অনন্য আৰু ব্যতিক্ৰমী। “বিক্ৰান্ত কেৱল যুদ্ধজাহাজ নহয়, ই একবিংশ শতিকাৰ ভাৰতৰ কঠোৰ পৰিশ্ৰম, প্ৰতিভা, প্ৰভাৱ আৰু দায়বদ্ধতাৰ প্ৰমাণ”, প্ৰধানমন্ত্ৰীয়ে দৃঢ়তাৰে কয়। তেওঁ সোঁৱৰাই দিয়ে যে যিদিনা দেশ খনে থলুৱাভাৱে নিৰ্মিত আই এন এছ বিক্ৰান্ত লাভ কৰিছিল, সেইদিনা ভাৰতীয় নৌসেনাই ঔপনিৱেশিক উত্তৰাধিকাৰৰ এক প্ৰধান প্ৰতীক ত্যাগ কৰিছিল। তেওঁ আলোকপাত কৰে যে ছত্ৰপতি শিৱাজী মহাৰাজৰ পৰা অনুপ্ৰাণিত হৈ নৌসেনাই নতুন পতাকা গ্ৰহণ কৰিছিল।
“আই এন এছ বিক্ৰান্ত আজি আত্মনিৰ্ভৰ ভাৰত আৰু মেড ইন ইণ্ডিয়াৰ এক শক্তিশালী প্ৰতীক হিচাপে থিয় দিছে”, প্ৰধানমন্ত্ৰীয়ে কয় যে সাগৰৰ মাজেৰে ঢৌ ফালি যোৱা থলুৱাভাৱে নিৰ্মিত আই এন এছ বিক্ৰান্তই ভাৰতৰ সামৰিক শক্তিক প্ৰতিফলিত কৰে। তেওঁ স্মৰণ কৰে যে মাত্ৰ কেইমাহমানৰ আগতে বিক্ৰান্তৰ নামটোৱেই পাকিস্তানৰ টোপনিত ব্যাঘাত জন্মাইছিল। প্ৰধানমন্ত্ৰীয়ে দৃঢ়তাৰে কয় যে আই এন এছ বিক্ৰান্ত এনে এখন যুদ্ধজাহাজ, যাৰ নামটোৱেই শত্ৰুৰ সাহসৰ অন্ত পেলাবলৈ যথেষ্ট।
এই উপলক্ষ্যে প্ৰধানমন্ত্ৰীয়ে ভাৰতীয় সশস্ত্ৰ বাহিনীক বিশেষ কৃতজ্ঞতা জনায় । তেওঁ আলোকপাত কৰে যে ভাৰতীয় নৌসেনাই জগাই তোলা ভয়, ভাৰতীয় বায়ুসেনাই প্ৰদৰ্শন কৰা অসাধাৰণ দক্ষতা, ভাৰতীয় সেনাৰ বীৰত্বৰ লগতে তিনিওটা সেৱাৰ মাজত থকা ব্যতিক্ৰমী সমন্বয়ৰ বাবেই অপাৰেচন সিন্দূৰৰ সময়ত পাকিস্তানক ক্ষিপ্ৰতাৰে আত্মসমৰ্পণ কৰিবলৈ বাধ্য কৰাব পৰা গৈছিল । তেওঁ দৃঢ়তাৰে কয় যে ইয়াৰ সৈতে জড়িত সকলো কৰ্মী সঁচাকৈয়ে অভিনন্দনৰ যোগ্য।
শ্ৰী মোদীয়ে উল্লেখ কৰে যে যেতিয়া শত্ৰু সন্মুখত থাকে আৰু যুদ্ধ আগতীয়া হয়, তেতিয়া স্বাধীনভাৱে যুঁজিবলৈ শক্তি থকা পক্ষই সদায় সুবিধা লাভ কৰে। তেওঁ কয় যে সশস্ত্ৰ বাহিনী শক্তিশালী হ’বলৈ হ’লে আত্মনিৰ্ভৰশীলতা অতি প্ৰয়োজনীয়। প্ৰধানমন্ত্ৰীয়ে এই কথাত গৌৰৱ প্ৰকাশ কৰে যে বিগত দশকত ভাৰতৰ শক্তিসমূহে স্বাৱলম্বীতাৰ দিশত ক্ৰমাগতভাৱে আগবাঢ়িছে। তেওঁ উল্লেখ কৰে যে সশস্ত্ৰ বাহিনীয়ে হাজাৰ হাজাৰ সামগ্ৰী চিনাক্ত কৰিছে যিবোৰ আৰু আমদানি কৰা নহ’ব, যাৰ ফলত এতিয়া বেছিভাগ অত্যাৱশ্যকীয় সামৰিক সঁজুলি ঘৰুৱাভাৱে নিৰ্মাণ কৰা হৈছে। তেওঁ আলোকপাত কৰে যে যোৱা ১১ বছৰত ভাৰতৰ প্ৰতিৰক্ষা উৎপাদন তিনিগুণতকৈও অধিক বৃদ্ধি পাইছে, যোৱা বছৰ ১.৫ লাখ কোটি টকা অতিক্ৰম কৰিছে। আন এক উদাহৰণ দাঙি ধৰি শ্ৰী মোদীয়ে দেশবাসীক অৱগত কৰে যে ২০১৪ চনৰ পৰা ভাৰতীয় জাহাজ নিৰ্মাণ কাৰখানাসমূহে নৌসেনালৈ ৪০খনতকৈও অধিক থলুৱা যুদ্ধজাহাজ আৰু চাবমেৰিন যোগান ধৰিছে। তেওঁ লগতে কয় যে বৰ্তমান গড়ে প্ৰতি ৪০ দিনৰ মূৰে মূৰে এখন নতুন থলুৱা যুদ্ধ জাহাজ বা চাবমেৰিন নৌসেনাত অন্তৰ্ভুক্ত কৰা হৈছে।
‘ব্ৰাহ্মছ আৰু আকাশৰ দৰে ক্ষেপণাস্ত্ৰই অপাৰেচন সিন্দূৰৰ সময়ত নিজৰ সামৰ্থ্যৰ প্ৰমাণ দিছে।বিশ্বৰ কেইবাখনো দেশে এতিয়া এই ক্ষেপণাস্ত্ৰ ক্ৰয়ৰ বাবে আগ্ৰহী হৈছে”, প্ৰধানমন্ত্ৰীয়ে এই কথাত গুৰুত্ব আৰোপ কৰি কয় যে ভাৰতে তিনিওটা সশস্ত্ৰ বাহিনীৰ বাবে অস্ত্ৰ-শস্ত্ৰ আৰু সঁজুলি ৰপ্তানি কৰাৰ ক্ষমতা গঢ়ি তুলিছে। “ভাৰতৰ লক্ষ্য হৈছে বিশ্বৰ শীৰ্ষ প্ৰতিৰক্ষা ৰপ্তানিকাৰী হিচাবে পৰিগণিত হোৱা ”। শ্ৰী মোদীয়ে দৃঢ়তাৰে কয় যে যোৱা দশকত ভাৰতৰ প্ৰতিৰক্ষা ৰপ্তানি ৩০গুণতকৈ অধিক বৃদ্ধি পাইছে। এই সফলতাৰ কৃতিত্ব তেওঁ প্ৰতিৰক্ষা ষ্টাৰ্ট-আপ আৰু থলুৱা প্ৰতিৰক্ষা গোটৰ অৱদানৰ বাবে বুলি কয়।
প্ৰধানমন্ত্ৰীয়ে কয় যে শক্তি আৰু সামৰ্থ্য সম্পৰ্কে ভাৰতৰ পৰম্পৰা সদায় এই নীতিত শিপাই আছে—“জ্ঞানয় দানয় চ ৰক্ষণায়,” অৰ্থাৎ আমাৰ বিজ্ঞান, সমৃদ্ধি আৰু ক্ষমতা মানৱতাৰ সেৱা তথা সুৰক্ষাৰ বাবে উৎসৰ্গিত। তেওঁ কয় যে আজিৰ আন্তঃসংযোগী পৃথিৱীখনত, য’ত দেশসমূহৰ অৰ্থনীতি আৰু অগ্ৰগতি সামুদ্ৰিক পথৰ ওপৰত বহু পৰিমাণে নিৰ্ভৰশীল, ভাৰতীয় নৌসেনাই বিশ্বৰ স্থিতিশীলতা নিশ্চিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। শ্ৰী মোদীয়ে আলোকপাত কৰে যে বিশ্বৰ ৬৬ শতাংশ তেলৰ যোগান আৰু ৫০ শতাংশ কণ্টেইনাৰ চালান ভাৰত মহাসাগৰৰ মাজেৰে হয় । তেওঁ উল্লেখ কৰে যে এই পথসমূহ সুৰক্ষিত কৰিবলৈ ভাৰত মহাসাগৰৰ ৰক্ষক হিচাপে ভাৰতীয় নৌসেনা নিয়োগ কৰা হৈছে। ইয়াৰ উপৰি মিছন ভিত্তিক নিয়োগ, জলদস্যু বিৰোধী টহল আৰু মানৱীয় অভিযানৰ জৰিয়তে ভাৰতীয় নৌসেনাই সমগ্ৰ অঞ্চলটোত বিশ্বব্যাপী নিৰাপত্তা অংশীদাৰ হিচাপে কাম কৰিছে।
“ভাৰতৰ দ্বীপসমূহৰ নিৰাপত্তা আৰু অখণ্ডতা নিশ্চিত কৰাত ভাৰতৰ নৌসেনাই উল্লেখযোগ্য ভূমিকা পালন কৰে”, প্ৰধানমন্ত্ৰীয়ে কয়। কিছুদিনৰ পূৰ্বে ২৬ জানুৱাৰীত দেশৰ প্ৰতিটো দ্বীপত জাতীয় পতাকা উত্তোলন কৰাৰ সিদ্ধান্তৰ কথা তেওঁ স্মৰণ কৰে। শ্ৰী মোদীয়ে দৃঢ়তাৰে কয় যে নৌসেনাই এই জাতীয় সংকল্প পূৰণ কৰিলে আৰু আজি ভাৰতৰ প্ৰতিটো দ্বীপত নৌসেনাই গৌৰৱেৰে ত্ৰিৰংগা উত্তোলন কৰিছে।
প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ভাৰত দ্ৰুতগতিত আগবাঢ়ি যোৱাৰ লগে লগে গ্ল’বেল চাউথৰ সকলো দেশ যাতে সমান্তৰালভাৱে আগবাঢ়ি যায় তাৰ বাবে প্ৰচেষ্টা চলোৱা হৈছে। তেওঁ আলোকপাত কৰে যে ভাৰতে ‘মহাসাগৰ সামুদ্ৰিক বিষয়ত কাম কৰি আছে আৰু বহু দেশৰ উন্নয়নৰ অংশীদাৰ হৈ পৰিছে। তেওঁ দৃঢ়তাৰে কয় যে যেতিয়াই প্ৰয়োজন হয় ভাৰতে বিশ্বৰ যিকোনো ঠাইতে মানৱীয় সাহায্য প্ৰদানৰ বাবে সাজু হৈ থাকে। আফ্ৰিকাৰ পৰা দক্ষিণ-পূব এছিয়ালৈকে, দুৰ্যোগৰ সময়ত বিশ্বই ভাৰতক সংগী হিচাপে গ্ৰহণ কৰিছে । শ্ৰী মোদীয়ে স্মৰণ কৰে যে ২০১৪ চনত যেতিয়া চুবুৰীয়া দেশ মালদ্বীপ জল সংকটৰ সন্মুখীন হৈছিল, তেতিয়া ভাৰতে ‘অপাৰেচন নীৰ’ আৰম্ভ কৰিছিল আৰু নৌসেনাই দেশখনলৈ বিশুদ্ধ পানী যোগান ধৰিছিল। ২০১৭ চনত যেতিয়া শ্ৰীলংকাক ভয়াৱহ বানপানীয়ে বিধ্বস্ত কৰিছিল, তেতিয়া ভাৰতে প্ৰথমে সহায়ৰ হাত আগবঢ়াইছিল। ২০১৮ চনত ইণ্ডোনেছিয়াত হোৱা ছুনামীৰ দুৰ্যোগৰ পিছত ভাৰতে ইণ্ডোনেছিয়াৰ জনসাধাৰণৰ সৈতে কান্ধত কান্ধ মিলাই সাহায্য তথা উদ্ধাৰ অভিযানত যোগ দিছিল। একেদৰে ম্যানমাৰৰ ভূমিকম্পৰ ফলত হোৱা ধ্বংসলীলাই হওক বা ২০১৯ চনত মোজাম্বিক আৰু ২০২০ চনত মাদাগাস্কাৰৰ সংকটৰ সময়তো ভাৰতে সেৱাৰ মনোভাৱেৰে সকলো ঠাইতে সহায়ৰ হাত আগবঢ়াইছিল।
শ্ৰী মোদীয়ে উল্লেখ কৰে যে ভাৰতৰ সশস্ত্ৰ বাহিনীয়ে সময়ে সময়ে বিদেশত আবদ্ধ হৈ থকা লোকসকলক নিৰাপদে ঘূৰাই অনাৰ বাবে অভিযান চলাই আহিছে। য়েমেনৰ পৰা চুডানলৈকে যেতিয়াই আৰু য’তেই প্ৰয়োজন হৈছিল, তেওঁলোকৰ সাহসে সমগ্ৰ বিশ্বতে বাস কৰা ভাৰতীয়সকলৰ আস্থাক আৰু অধিক শক্তিশালী কৰি তুলিছে। তেওঁ দৃঢ়তাৰে কয় যে ভাৰতে এই অভিযানসমূহৰ জৰিয়তে হাজাৰ হাজাৰ বিদেশী নাগৰিকৰ জীৱনো ৰক্ষা কৰিছে।
“ভাৰতৰ সশস্ত্ৰ বাহিনীয়ে সকলো ক্ষেত্ৰতে —স্থল, সাগৰ, আৰু আকাশ—আৰু প্ৰতিটো পৰিস্থিতিতেই দেশক সেৱা আগবঢ়াইছে”, শ্ৰী মোদীয়ে কয় । তেওঁ লগতে কয় যে ভাৰতৰ সামুদ্ৰিক সীমা আৰু বাণিজ্যিক স্বাৰ্থ ৰক্ষাৰ বাবে নৌসেনাক সাগৰত নিয়োজিত কৰা হৈছে, আনহাতে বায়ুসেনাই আকাশ সুৰক্ষিত কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হৈ আছে। স্থলভাগত অগ্নি বৰষি থকা মৰুভূমিৰ পৰা বৰফেৰে আবৃত হিমবাহলৈকে বি এছ এফ আৰু আই টি বি পিৰ জোৱানৰ সৈতে সেনাই শিলৰ দৰে দৃঢ়তাৰে থিয় দি আছে । তেওঁ স্বীকাৰ কৰে যে বিভিন্ন ফ্ৰণ্টৰ জড়িয়তে এছ এছ বি, আছাম ৰাইফলছ, চি আৰ পি এফ, চি আই এছ এফ, আৰু চোৰাংচোৱা সংস্থাৰ জোৱানসকলে অটলভাৱে ভাৰত মাতৃৰ সেৱা আগবঢ়াই আছে। ভাৰতৰ উপকূল নিৰাপত্তাৰ বাবে নৌসেনাৰ সৈতে দিনে-নিশাই নিৰন্তৰ সমন্বয়ৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় প্ৰতিৰক্ষাৰ ক্ষেত্ৰত ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ বাবেও প্ৰশংসা কৰে। তেওঁ দৃঢ়তাৰে কয় যে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ এই অভিযানত তেওঁলোকৰ অৱদান অপৰিসীম।
প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ভাৰতৰ নিৰাপত্তা বাহিনীৰ পৰাক্ৰম আৰু সাহসৰ বাবে দেশখনে এটা ডাঙৰ মাইলৰ খুঁটি অৰ্জন কৰিছে— মাওবাদী সন্ত্ৰাসবাদ নিৰ্মূল। তেওঁ আলোকপাত কৰে যে ভাৰত এতিয়া নক্সাল-মাওবাদী উগ্ৰবাদৰ পৰা সম্পূৰ্ণ মুক্তিৰ পথত। ২০১৪ চনৰ আগতে প্ৰায় ১২৫খন জিলা মাওবাদী হিংসাৰ দ্বাৰা প্ৰভাৱান্বিত হৈছিল; আজি এই সংখ্যা মাত্ৰ ১১খনলৈ হ্ৰাস পাইছে, মাত্ৰ ৩খন জিলাহে যথেষ্ট প্ৰভাৱান্বিত হৈ আছে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে এতিয়া ১০০খনতকৈও অধিক জিলাই মাওবাদী সন্ত্ৰাসৰ হাতোৰাৰ পৰা সম্পূৰ্ণৰূপে মুক্ত হৈছে আৰু প্ৰথমবাৰৰ বাবে মুক্তভাৱে উশাহ লৈ দীপাৱলী উদযাপন কৰিছে। তেওঁ দৃঢ়তাৰে কয় যে লাখ লাখ মানুহে, প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি ভিগি অহা শংকাৰ পিছত, এতিয়া উন্নয়নৰ মূলসুঁতিত যোগদান কৰিছে। যিবোৰ অঞ্চলত এসময়ত মাওবাদীয়ে পথ, বিদ্যালয়, চিকিৎসালয়, ভ্ৰাম্যমাণ টাৱাৰ নিৰ্মাণত বাধা দিছিল, সেইবোৰ অঞ্চলত এতিয়া ঘাইপথ নিৰ্মাণ কৰা হৈছে আৰু নতুন উদ্যোগৰ উত্থান ঘটিছে। তেওঁ দৃঢ়তাৰে কয় যে ভাৰতৰ নিৰাপত্তা বাহিনীৰ নিষ্ঠা, ত্যাগ আৰু সাহসেৰে এই সফলতা লাভ কৰাটো সম্ভৱ হৈছে। প্ৰধানমন্ত্ৰীয়ে আনন্দ প্ৰকাশ কৰে যে এনে বহু জিলাত মানুহে প্ৰথমবাৰৰ বাবে দীপাৱলী উদযাপন কৰিছে। তেওঁ লগতে কয় যে জি এছ টি ৰাহি উৎসৱৰ সময়ত এই অঞ্চলসমূহ অভিলেখ পৰিমাণৰ বিক্ৰী আৰু ক্ৰয়ৰ সাক্ষী হৈছে । যিবোৰ জিলাত এসময়ত মাওবাদী সন্ত্ৰাসে সংবিধানকো দমন কৰি ৰাখিছিল, সেইবোৰ জিলাত এতিয়া স্বদেশীৰ মন্ত্ৰ প্ৰতিধ্বনিত হৈছে।
“ভাৰতে দ্ৰুতগতিত আগবাঢ়িছে আৰু ১৪০ কোটি নাগৰিকৰ সপোন পূৰণ কৰিছে। ভূমিৰ পৰা মহাকাশলৈকে এসময়ত কল্পনাৰ বাহিৰত বুলি ভবা কৃতিত্বসমূহ এতিয়া বাস্তৱত পৰিণত হৈছে”, প্ৰধানমন্ত্ৰীয়ে দেশৰ গতিবেগ, অগ্ৰগতি, ৰূপান্তৰ আৰু ক্ৰমবৰ্ধমান বিকাশ তথা আত্মবিশ্বাসৰ বিষয়ত আলোকপাত কৰি এনেদৰে কয়। তেওঁ দৃঢ়তাৰে কয় যে দেশ গঠনৰ এই কামত সশস্ত্ৰ বাহিনীয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। শ্ৰী মোদীয়ে মন্তব্য কৰে যে শক্তিসমূহ কেৱল সোঁতৰ অনুগামী নহয়; ইয়াৰ দিশ নিৰ্দেশনা দিয়াৰ ক্ষমতা, সময়ক নেতৃত্ব দিয়াৰ সাহস, অসীমক অতিক্ৰম কৰাৰ সাহস আৰু অতিক্ৰম কৰিব নোৱাৰাক জয় কৰাৰ আত্মা তেওঁলোকৰ আছে। তেওঁ ঘোষণা কৰে যে আমাৰ সৈন্যসকল য’ত দৃঢ়ভাৱে থিয় দিছে, সেই পৰ্বতৰ চূড়াবোৰ ভাৰতৰ বিজয়ৰ স্তম্ভ হিচাপে থাকিব আৰু ইয়াৰ তলৰ সাগৰৰ প্ৰচণ্ড ঢৌৱে ভাৰতৰ বিজয়ৰ কথা প্ৰতিধ্বনিত কৰিব । এই গৰ্জনৰ মাজতে এটা ঐক্যবদ্ধ কণ্ঠ উচ্চাৰিত হ’ব —’ভাৰত মাতা কি জয়!’ এই উৎসাহ আৰু দৃঢ়তাৰে প্ৰধানমন্ত্ৰীয়ে পুনৰবাৰ সকলোকে দীপাৱলীৰ আন্তৰিক শুভেচ্ছা জনাই ভাষণৰ সামৰণি মাৰে।
Celebrating Diwali with our brave Navy personnel on board the INS Vikrant. https://t.co/5J9XNHwznH
— Narendra Modi (@narendramodi) October 20, 2025
***
MJPS/SR/DM
Celebrating Diwali with our brave Navy personnel on board the INS Vikrant. https://t.co/5J9XNHwznH
— Narendra Modi (@narendramodi) October 20, 2025
INS Vikrant is not just a warship.
— PMO India (@PMOIndia) October 20, 2025
It is a testimony to 21st-century India's hard work, talent, impact and commitment. pic.twitter.com/cgWn0CfVFm
INS Vikrant is a towering symbol of Aatmanirbhar Bharat and Made in India. pic.twitter.com/ncLnADlYbG
— PMO India (@PMOIndia) October 20, 2025
The extraordinary coordination among the three services together compelled Pakistan to surrender during Operation Sindoor. pic.twitter.com/g4kaFJGkeu
— PMO India (@PMOIndia) October 20, 2025
Over the past decade, our defence forces have steadily moved towards becoming self-reliant. pic.twitter.com/Iwr9jDJjuo
— PMO India (@PMOIndia) October 20, 2025
Our goal is to make India one of the world's top defence exporters: PM @narendramodi pic.twitter.com/yve7p4b0Dy
— PMO India (@PMOIndia) October 20, 2025
The Indian Navy stands as the guardian of the Indian Ocean. pic.twitter.com/vRnJibLfza
— PMO India (@PMOIndia) October 20, 2025
Thanks to the valour and determination of our security forces, the nation has achieved a significant milestone. We are eliminating Maoist terrorism. pic.twitter.com/AaGUqbMgIm
— PMO India (@PMOIndia) October 20, 2025
People love celebrating Diwali with their families. And so do I, which is why every year I meet our army and security personnel who keep our nation safe. Happy to be among our brave naval personnel on the western seaboard off Goa and Karwar on Indian Naval Ships with INS Vikrant… pic.twitter.com/Pb41kQnMMR
— Narendra Modi (@narendramodi) October 20, 2025
Highlights from INS Vikrant, including the Air Power Demo, a vibrant cultural programme and more… pic.twitter.com/Br943m0oCC
— Narendra Modi (@narendramodi) October 20, 2025
At the majestic flightdeck of INS Vikrant, with the MiG-29 fighters. pic.twitter.com/SRjeSpP4sg
— Narendra Modi (@narendramodi) October 20, 2025
Witnessed an awe-inspiring Air Power Demo on INS Vikrant, showcasing precision and prowess.
— Narendra Modi (@narendramodi) October 20, 2025
The take-off and landing of MiG-29 fighters on a short runway, both in daylight and in the dark night, was a breathtaking display of skill, discipline and technological excellence. pic.twitter.com/V0wwaOeYGH
Bara Khana is an integral part of the armed forces traditions. At INS Vikrant last evening, took part in the Bara Khana with naval personnel. pic.twitter.com/y0MsHsuYvQ
— Narendra Modi (@narendramodi) October 20, 2025
INS Vikrant is India’s pride!
— Narendra Modi (@narendramodi) October 20, 2025
This is the largest warship constructed indigenously. I recall the programme in Kochi when it was commissioned. And now, today, I had the opportunity to be here to mark Diwali. pic.twitter.com/FRCh3K7hJ9
Will always cherish the cultural programme on board INS Vikrant last evening. The naval personnel are truly creative and versatile. They penned a song ‘Kasam Sindoor Ki’ which will remain etched in my memory. pic.twitter.com/3S6bruQAkT
— Narendra Modi (@narendramodi) October 20, 2025
From the Air Power Demo at INS Vikrant! pic.twitter.com/XvrFL9peOK
— Narendra Modi (@narendramodi) October 20, 2025
Yoga on INS Vikrant!
— Narendra Modi (@narendramodi) October 20, 2025
Good to see brave naval personnel aboard India’s pride, INS Vikrant, take part in a Yoga session.
May Yoga continue to unite us and strengthen both our physical and mental well-being. pic.twitter.com/DLZZLkAgOI
आप सभी की तरह मुझे भी अपने परिवारवालों के साथ दिवाली मनाना बहुत पसंद है। यही वजह है कि इस पावन अवसर पर मैं देश की रक्षा में जुटे अपने सैनिकों और सुरक्षा बलों के जवानों से हर साल मिलता हूं। इस बार यह सौभाग्य मुझे गोवा और कारवार के पास पश्चिमी समुद्री सीमा पर अपने फ्लैगशिप INS… pic.twitter.com/HEPZMSweDM
— Narendra Modi (@narendramodi) October 20, 2025
INS विक्रांत भारतवर्ष का गौरव है!
— Narendra Modi (@narendramodi) October 20, 2025
यह स्वदेशी टेक्नोलॉजी से बना हुआ भारत का सबसे बड़ा युद्धपोत है। मुझे वह कार्यक्रम याद है, जब इसे कोच्चि में नौसेना के बेड़े में शामिल किया गया था। आज दीपावली के पावन अवसर पर यहां आकर गौरवान्वित हूं। pic.twitter.com/v54GygoHE5
पिछली शाम INS विक्रांत पर हुआ सांस्कृतिक कार्यक्रम अविस्मरणीय रहेगा। हमारे नौसैनिक प्रतिभाशाली और पराक्रमी होने के साथ-साथ बहुत क्रिएटिव भी हैं। उनका गीत 'कसम सिंदूर की' मेरी स्मृतियों में सदा बसा रहेगा। pic.twitter.com/UVqQWEwHa4
— Narendra Modi (@narendramodi) October 20, 2025
The warships which took part in today’s Steampast included INS Vikrant (the review platform), INS Vikramaditya (where I had been ten years ago for the Combined Commanders' Conference), INS Surat (which was commissioned earlier this year in Mumbai), INS Mormugao, INS Chennai… pic.twitter.com/qKqwMn3vI7
— Narendra Modi (@narendramodi) October 20, 2025
The Flypast at INS Vikrant included the Chetak with flag and navy ensign, MH 60 R, Seaking, Kamov 31, Dornier, P8I and MiG 29K. pic.twitter.com/sm8bLD4dJk
— Narendra Modi (@narendramodi) October 20, 2025