Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কথা পাতিলে ৰাষ্ট্ৰপতি পুটিনৰ সৈতে, পুটিনক জনালে ৭৩ সংখ্যক জন্মদিনৰ শুভেচ্ছা


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাছিয়ান ফেডাৰেচনৰ ৰাষ্ট্ৰপতি  মহামহিম ভ্লাদিমিৰ পুটিন ডাঙৰীয়াৰ সৈতে টেলিফোনত কথা পাতে। ।

প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতি পুটিনক তেওঁৰ ৭৩ সংখ্যক জন্মদিনত উষ্ম অভিনন্দন জনোৱাৰ লগতে তেওঁৰ  সুস্বাস্থ্য আৰু  সকলো ক্ষেত্ৰতে সফলতা কামনা কৰি  শুভেচ্ছা জ্ঞাপন কৰে।

দুয়োগৰাকী নেতাই দ্বিপাক্ষিক কাৰ্যসূচীৰ অগ্ৰগতিৰ বিষয়ে পৰ্যালোচনা কৰাৰ লগতে ভাৰত তথা ৰাছিয়াৰ মাজত কৌশলগত অংশীদাৰিত্বক  আৰু অধিক গভীৰ কৰাৰ প্ৰতিশ্ৰুতিৰ কথা  পুনৰ দৃঢ় কৰে।

প্ৰধানমন্ত্ৰীয়ে  কয়  যে তেওঁ ২৩ সংখ্যক ভাৰত-ৰাছিয়া বাৰ্ষিক সন্মিলনৰ বাবে ৰাষ্ট্ৰপতি পুটিনক ভাৰতলৈ আদৰণি জনোৱাৰ বাবে আগ্ৰহী।

 

***********

MJPS/ST