পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কানাডাৰ এটা হিন্দু মন্দিৰত শেহতীয়াকৈ সংঘটিত আক্ৰমণৰ লগতে ভাৰতীয় কূটনীতিকসকলক ভয় দেখুওৱাৰ প্ৰচেষ্টাৰ তীব্ৰ নিন্দা কৰিছে। ভাৰতৰ দৃঢ় সংকল্পৰ কথা দোহাৰি তেওঁ কানাডাৰ চৰকাৰক ন্যায় প্ৰদান কৰিবলৈ আৰু আইনৰ শাসন প্ৰণয়ন কৰিবলৈ আহ্বান জনায়।
প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ বিবৃতিত কয়:
“মই কানাডাৰ এটা হিন্দু মন্দিৰত হোৱা আক্ৰমণৰ তীব্ৰ নিন্দা কৰিছো। আমাৰ কূটনীতিকসকলক ভয় দেখুওৱাৰ ভয়াতুৰ প্ৰচেষ্টাও সমানেই ভয়াৱহ। এনে হিংসাত্মক কাৰ্যই ভাৰতৰ সংকল্পক কেতিয়াও দুৰ্বল কৰিব নোৱাৰে। আমি আশা কৰো যে কানাডাৰ চৰকাৰে ন্যায় সুনিশ্চিত কৰিব আৰু আইনৰ শাসন প্ৰণয়ন কৰিব”।
MJPS/SS
I strongly condemn the deliberate attack on a Hindu temple in Canada. Equally appalling are the cowardly attempts to intimidate our diplomats. Such acts of violence will never weaken India’s resolve. We expect the Canadian government to ensure justice and uphold the rule of law.
— Narendra Modi (@narendramodi) November 4, 2024