পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কুৱেইটৰ আমিৰ মহামান্য শ্বেইখ মেচাল অল-আহমেদ অল-জাবেৰ অল চাবাহৰ সৈতে টেলিফোন যোগে বাৰ্তালাপ কৰে।
দুয়োগৰাকী নেতাই পশ্চিম এছিয়াত উদ্ভৱ হোৱা নিৰাপত্তা পৰিস্থিতি সন্দৰ্ভত মত বিনিময় কৰে। প্ৰধানমন্ত্ৰীয়ে উত্তেজনা বৃদ্ধি পোৱাত গভীৰ উদ্বেগ প্ৰকাশ কৰে আৰু কুৱেইটৰ সাৰ্বভৌমত্ব তথা আঞ্চলিক অখণ্ডতাৰ ওপৰত আক্ৰমণৰ ক্ষেত্ৰত ভাৰতৰ তীব্ৰ নিন্দা পুনৰ নিশ্চিত কৰে।
প্ৰধানমন্ত্ৰীয়ে শান্তি আৰু সুস্থিৰতা সোনকালে পুনৰুদ্ধাৰৰ বাবে উত্তেজনা হ্ৰাস, আলোচনা আৰু কূটনীতিৰ আহ্বান দোহাৰে।
প্ৰধানমন্ত্ৰীয়ে কুৱেইটত থকা বৃহৎ ভাৰতীয় সম্প্ৰদায়ৰ নিৰন্তৰ কল্যাণ আৰু সুৰক্ষাৰ প্ৰতি ব্যক্তিগত মনোযোগ দিয়াৰ বাবে মহামান্য আমিৰক ধন্যবাদ জ্ঞাপন কৰে।
****
MJPS/SS/PRK/MK