Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰসিদ্ধ গায়িকা সুমন কল্যাণপুৰৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ শোক


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰসিদ্ধ গায়িকা শ্ৰীমতী সুমন কল্যাণপুৰৰ মৃত্যুত শোক প্ৰকাশ কৰিছে।

প্ৰধানমন্ত্ৰীয়ে কয় যে সুমন কল্যাণপুৰ জীৰ মৃত্যুত তেওঁ মর্মাহত হৈ পৰিছে। তেওঁ কয় যে তেওঁৰ সুৰীয়া কণ্ঠস্বৰ আৰু আত্মিক উপস্থাপনে ভাৰতৰ সাংস্কৃতিক জগতখনক সমৃদ্ধ কৰি তোলাৰ লগতে গীতৰ জৰিয়তে তেওঁ সংগীতপ্ৰেমী আৰু ভাৰতীয় চলচ্চিত্ৰৰ প্ৰশংসকসকলৰ মাজত এক বিশেষ স্থান অধিকাৰ কৰিছিল।

এক্সৰ এটা পোষ্টত শ্ৰী মোদীয়ে কয়;

‘জনপ্ৰিয় গায়ক সুমন কল্যাণপুৰ জীৰ মৃত্যুত শোকাহত হৈছো। তেওঁৰ সুৰীয়া কণ্ঠস্বৰ আৰু আত্মিক উপস্থাপনে আমাৰ সাংস্কৃতিক জগতখনক সমৃদ্ধ কৰি তুলিছিল। গীতৰ জৰিয়তে তেওঁ সংগীতপ্ৰেমী আৰু ভাৰতীয় চলচ্চিত্ৰৰ প্ৰশংসকসকলৰ মাজত এক বিশেষ স্থান অধিকাৰ কৰিছিল। তেওঁৰ পৰিয়াল আৰু অনুৰাগীসকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছো। ওম শান্তি।’

****

MJPS/SS/ST/NB