পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ অধীনত স্বতন্ত্ৰ কেন্দ্ৰীয় আঁচনি হিচাপে ৰাষ্ট্ৰীয় প্ৰাকৃতিক কৃষি অভিযান (এনএমএনএফ) আৰম্ভ কৰাৰ প্ৰস্তাৱত অনুমোদন জনাইছে।
এই আঁচনিৰ বাবে পঞ্চদশ বিত্ত আয়োগ (২০২৫-২৬) পৰ্যন্ত মুঠ ২,৪৮১ কোটি (ভাৰত চৰকাৰৰ অংশ – ১,৫৮৪ কোটি টকা; ৰাজ্যিক অংশীদাৰিত্ব – ৮৯৭ কোটি টকা)টকা আবণ্টন দিছে।
প্ৰাকৃতিক কৃষিৰ প্ৰসাৰৰ বাবে এই আঁচনিখন আৰম্ভ কৰা হৈছে। এই আঁচনিৰ লক্ষ্য হৈছে কৃষকসকলক খেতিৰ ব্যয় হ্ৰাস কৰা আৰু বাহিৰৰ ক্ৰয়ৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰা। প্ৰাকৃতিক কৃষিয়ে মাটিৰ সুস্থ পৰিৱেশ সৃষ্টি কৰিব, জৈৱ বৈচিত্ৰ্যক প্ৰসাৰিত কৰিব আৰু বৈচিত্ৰ্যপূৰ্ণ উৎপাদনত উৎসাহ যোগাব। ফলত কৃষকসকলে ক্ষতিকাৰক সাৰ ব্যৱহাৰৰ পৰা আঁতৰি থাকিব পাৰিব। ইয়াৰ লগতে মাটিৰ উৰ্বৰতা বৃদ্ধি পাব।
অহা ২ বছৰত ১৫ হাজাৰ গাঁও পঞ্চায়তৰ ক্লাষ্টাৰত এন এম এন এফ ৰূপায়ণ কৰা হ’ব। প্ৰাকৃতিক কৃষিৰ অধীনত ৭.৫ লাখ হেক্টৰ ভূমি সামৰি ১ কোটি ইচ্ছুক কৃষকৰ কাষ চাপিবলৈ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। কৃষকসকলক প্ৰয়োজনীয় সহায় আগবঢ়াবলৈ ১০ হাজাৰ বায়’-ইনপুট ৰিচ’ৰ্চ চেণ্টাৰ স্থাপন কৰা হ’ব।
বৰ্তমানৰ প্ৰকল্পসমূহ একত্ৰিত কৰি ভাৰত চৰকাৰ/ৰাজ্য চৰকাৰ/ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহৰ সহায় ব্যৱহাৰ কৰি গৰু-ম’হৰ সংখ্যা বৃদ্ধিৰ প্ৰচেষ্টা চলোৱা হ’ব। ইয়াৰ লগতে ছাত্র-ছাত্রীসকলো এই প্রকল্পৰ সৈতে জড়িত হ’ব৷ প্ৰাকৃতিক কৃষিৰ বিষয়ে পাঠদানৰ বাবে স্নাতক, স্নাতকোত্তৰ আৰু ডিপ্লমা পাঠ্যক্ৰম আৰম্ভ কৰা হ’ব।
.
*****
MJPS/BM
The National Mission on Natural Farming, which has been approved by the Cabinet, marks a transformative shift in Indian agriculture. Through this effort, we are nurturing soil health, protecting biodiversity and securing our agricultural future. It reaffirms our commitment to…
— Narendra Modi (@narendramodi) November 26, 2024