Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰাক্তন প্ৰধানমন্ত্ৰী ড° মনমোহন সিঙৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ শোক


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰাক্তন প্ৰধানমন্ত্ৰী ড° মনমোহন সিঙৰ বিয়োগত শোক প্ৰকাশ কৰিছে। শ্ৰী মোদীয়ে কয় যে ভাৰতে ইয়াৰ অন্যতম বিশিষ্ট নেতা ড মনমোহন সিং জীক হেৰুৱাই শোক প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ড° মনমোহন সিং নম্ৰ পটভূমিৰ পৰা অহা এগৰাকী সন্মানীয় অৰ্থনীতিবিদ। আমাৰ প্ৰধানমন্ত্ৰী হিচাপে ড মনমোহন সিঙে মানুহৰ জীৱন উন্নত কৰাৰ বাবে ব্যাপক প্ৰচেষ্টা চলাইছিল।

প্ৰধানমন্ত্ৰীয়ে এক্সৰ পোষ্টত কয়ঃ

ভাৰতৰ অন্যতম বিশিষ্ট নেতা ড° মনমোহন সিং জীক হেৰুৱাই ভাৰতে শোক প্ৰকাশ কৰিছে। নম্ৰ পটভূমিৰ পৰা উঠি অহা তেওঁ এগৰাকী সন্মানীয় অৰ্থনীতিবিদ আছিল। তেওঁ বিত্তমন্ত্ৰীকে ধৰি বিভিন্ন চৰকাৰী পদতো কাৰ্যনিৰ্বাহ কৰি আমাৰ অৰ্থনৈতিক নীতিত বছৰ বছৰ ধৰি এক শক্তিশালী ছাপ ৰাখিছিল। সংসদত তেওঁৰ হস্তক্ষেপো আছিল অন্তৰ্দৃষ্টিসম্পন্ন। আমাৰ প্ৰধানমন্ত্ৰী হিচাপে তেওঁ মানুহৰ জীৱন উন্নত কৰাৰ বাবে ব্যাপক প্ৰচেষ্টা চলাইছিল।

“ড0 মনমোহন সিং জী প্ৰধানমন্ত্ৰী আৰু মই গুজৰাটৰ মুখ্যমন্ত্ৰী হৈ থকাৰ সময়ত মই তেওঁৰ সৈতে নিয়মীয়াকৈ মত বিনিময় কৰিছিলোঁ। শাসন ​​ব্যৱস্থাৰ সৈতে জড়িত বিভিন্ন বিষয়ত আমি বিস্তৃত আলোচনা কৰিছিলো। তেওঁৰ প্ৰজ্ঞা আৰু নম্ৰতা সদায় দৃশ্যমান আছিল।

এই শোকৰ মুহূৰ্তত মই ড° মনমোহন সিং জীৰ পৰিয়াল, তেওঁৰ বন্ধু-বান্ধৱী আৰু অগণন অনুৰাগীলৈ সমবেদনা জ্ঞাপন কৰিলোঁ। ওম শান্তি।”

***

MJPS/VJ/DB