পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত কেন্দ্ৰীয় কেবিনেটে ভাৰত আৰু ছেইণ্ট ভিনচেণ্ট আৰু গ্ৰেনাডাইনছৰ মাজত পৰম্পৰাগত ঔষধৰ সহযোগিতাৰ ক্ষেত্ৰত অনুষ্ঠিত বুজাবুজিৰ চুক্তিপত্ৰৰ পূৰ্ব প্ৰস্তাৱনাত সন্মতি প্ৰদান কৰিছে৷ এই বুজাবুজিৰ চুক্তিপত্ৰ নতুন দিল্লীত ১১ ছেপ্টেম্বৰ ২০১৯ তাৰিখে অনুষ্ঠিত হৈছিল৷
লাভঃ
এই বুজাবুজিৰ চুক্তিপত্ৰই ভাৰত আৰু ছেইণ্ট ভিনচেণ্ট আৰু গ্ৰেনাডাইনছৰ মাজত পৰম্পৰাগত ঔষধৰ সহযোগিতাৰ এক পৰিকাঠামো প্ৰস্তুত কৰিব আৰু দুয়োখন দেশে সমানে ইয়াৰ পৰা লাভান্বিত হ’ব৷ চুক্তিপত্ৰত উল্লিখিত কাৰ্যকলাপসমূহে ছেইণ্ট ভিনচেণ্ট আৰু গ্ৰেনাডাইনছত আয়ুষ ব্যৱস্থাৰ গুৰুত্ব বৃদ্ধি কৰিব৷ ফলত চিকিৎসক আৰু বিজ্ঞানীসকলে নতুন ঔষধৰ উদ্ভাৱন আৰু পৰম্পৰাগত চিকিৎসা প্ৰণালীৰ অভ্যাস কৰিব পাৰিব৷
******
VRRK/SC/SH/MANN