পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত পৰম্পৰাগত ঔষধ আৰু হোমিঅ’পেথিৰ ক্ষেত্ৰত সহযোগিতাৰ বাবে ভাৰত আৰু ছাও টোমি আৰু প্ৰিন্সিপেৰ মাজত পূৰ্বপ্ৰস্তাৱিত বুজাবুজি চুক্তি স্বাক্ষৰত অনুমোদন জনায়। ২০১৮ৰ মাৰ্চ মাহত এই চুক্তি স্বাক্ষৰ কৰা হয়।
প্ৰধান প্ৰভাৱঃ
এই বুজাবুজি চুক্তিয়ে দুয়োখন দেশৰ মাজত পৰম্পৰাগত পদ্ধতিৰ ঔষধৰ ক্ষেত্ৰত দ্বিপাক্ষিক সহযোগিতা বৃদ্ধিত সহায় কৰিব। ইয়াৰ দ্বাৰা দুয়োখন দেশৰ মিলিত সাংস্কৃতিক ঐতিহ্যৰ গুৰুত্বক অধিক বিবেচনা কৰা হ’ব।
কাৰ্যকৰীকৰণৰ কৌশল আৰু লক্ষ্যসমূহঃ
দুয়ো পক্ষই স্বাক্ষৰিত বুজাবুজি চুক্তিৰ প্ৰতিলিপি লাভ কৰাৰ পাছত হে ইয়াৰ কাম-কাজ আৰম্ভ কৰা হ’ব। দুয়োখন দেশৰ মাজত বুজাবুজি চুক্তিত উল্লেখ কৰা দিশৰ ভিত্তিতহে প্ৰচেষ্টা গ্ৰহণ কৰা হ’ব আৰু এইখন কাৰ্যকৰী হৈ থকালৈকেহে ইয়াৰ কাম-কাজো অব্যাবহত থাকিব।
পটভূমিঃ
ঔষধি উদ্ভিদকে ধৰি উন্নতমানৰ পৰম্পৰাগত ঔষধৰ পদ্ধতিৰে পৰিপুষ্ট ভাৰত, যাৰ বৈশ্বিক স্বাস্থ্যখণ্ডত এক অপৰিসীম সক্ষমতা বহন কৰিছে।
ভাৰতৰ আয়ুষ মন্ত্ৰালয়ে পৰম্পৰাগত ঔষধৰ পদ্ধিত যেনে-আয়ুৰ্বেদ, যোগ আৰু নেচাৰ’থেৰাপি, উনানি, সিদ্ধ, ছোৱা ৰিগপা আৰু হোমিঅ’পেথিক ব্যৱস্থাক বৈশ্বিক পৰ্যায়ত প্ৰচাৰ আৰু প্ৰসাৰৰ অৰ্থে কেতবোৰ ফলপ্ৰসূ পদক্ষেপ গ্ৰহণ কৰি মালয়েছিয়া, ত্ৰিনিদাদ আৰু ট’বেগ’, হাংগেৰী, বাংলাদেশ, নেপাল, মৰিচাচ, মংগোলিয়া, ইৰাণৰ সৈতে বুজাবুজু চুক্তি স্বাক্ষৰ কৰিছে। শ্ৰীলংকাৰ সৈতে চুক্তি স্বাক্ষৰৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে।
*****
AKT/VBA/SH/DB