Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

পৰম্পৰাগত চিকিৎসা পদ্ধতিৰ ক্ষেত্ৰত সহযোগিতাক লৈ ভাৰত আৰু কলম্বিয়াৰ মাজত স্বাক্ষৰিত বুজাবুজিৰ চুক্তিত কেন্দ্ৰীয় কেবিনেটৰ অনুমোদন


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে পৰম্পৰাগত চিকিৎসা পদ্ধতিৰ ক্ষেত্ৰত সহযোগিতাক লৈ ভাৰত আৰু কলম্বিয়াৰ মাজত স্বাক্ষৰিত বুজাবুজিৰ চুক্তি(এমঅ’ইউ)ত অনুমোদন জনাইছে৷

ইয়ে ভাৰতৰ পৰম্পৰাগত চিকিৎসা পদ্ধতিক কলম্বিয়াত প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব৷

এই বুজাবুজিৰ চুক্তিখনৰ ফলস্বৰূপে চিকিৎসকক প্ৰশিক্ষণ দিবলৈ বিশেষজ্ঞৰ আদান-প্ৰদান, পৰম্পৰাগত চিকিৎসা পদ্ধতিৰ সহযোগিতামূলক গৱেষণাৰ সুযোগ সৃষ্টি হ’ব আৰু ইয়ে চিকিৎসা পদ্ধতিৰ বিকাশ আৰু পৰম্পৰাগত চিকিৎসা ক্ষেত্ৰত নতুন উদ্ভাৱনক উৎসাহিত কৰিব৷

****

AKT/VBA/SH/MS