Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

পৰিকল্পনা শিতানত ভাৰত আৰু ছিংগাপুৰৰ মাজত সহযোগিতাৰ বাবে স্বাক্ষৰিত বুজাবুজি চুক্তিত কেবিনেটৰ অনুমোদন


          প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনু্ষ্ঠিত কেবিনেট বৈঠকত নগৰ পৰিকল্পনা আৰু উন্নয়ন শিতানত ভাৰত আৰু ছিংগাপুৰৰ মাজত সহযোগিতাৰ বাবে স্বাক্ষৰিত পূৰ্বপ্ৰস্তাৱিত বুজাবুজি চুক্তিত অনুমোদন জনায়। ২০১৮ৰ ৩১ মে’ত এই চুক্তিখন স্বাক্ষৰ কৰা হয়।

          এই বুজাবুজি চুক্তিৰ লক্ষ্য হৈছে পৌৰ নিকায়সমূহকে ধৰি কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ সংস্থাই ছিংগাপুৰৰ নগৰ উন্নয়ন আৰু ব্যৱস্থাৰ লগতে অন্যান্য ক্ষেত্ৰত পাৰদৰ্শী সংস্থাৰ সৈতে একেলগে কাম কৰিব আৰু ই নগৰ পুনৰুজ্জীৱিতকৰণ অভিযানত সহায় কৰিব।

    বুজাবুজি চুক্তিখনৰ অধীনত পৰিকল্পনা খণ্ডত সক্ষমতা সৃষ্টি, নগৰ পৰিকল্পনাৰ দিশত গুৰুত্ব, অত্যাধূনিক পৰিবহণ ব্যৱস্থা আৰু ৰাজহুৱা বিত্তায়ন ইত্যাদি বিষয়বোৰত সহযোগিতা আগবঢ়োৱা হ’ব।

প্ৰধান প্ৰভাৱঃ

এই বুজাবুজি চুক্তিয়ে জ্ঞানৰ যথাৰ্থ প্ৰয়োগ, সক্ষমতা সৃষ্টি আৰু কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ সংস্থাক সহযোগিতা আগবঢ়োৱাৰ উপৰি নগৰ পৰিকল্পনা, জল আৰু পেলনীয়া পানী ব্যৱস্থাপনা, গোটা আৱৰ্জনা ব্যৱস্থাপনা, অত্যাধূনিক পৰিবহণ ব্যৱস্থা আৰু ৰাজহুৱা বিত্তায়ন ইত্যাদি দিশত সহায় আগবঢ়ায়।

হিতাধিকাৰীঃ

কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু নগৰৰ স্থানীয় নিকায়সমূহ এই চুক্তিৰ দ্বাৰা প্ৰত্যক্ষভাৱে লাভান্বিত হ’ব আৰু ফলস্বৰূপে নগৰৰ লোকসকলৰ সা-সুবিধা বৃদ্ধিত অৰিহণা যোগাব।

***

KS/SNC/SH/DB