Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

‘পৰীক্ষা পে চৰ্চা ২০২০’ত শিক্ষাৰ্থীৰ সৈতে প্ৰধানমন্ত্ৰীয়ে কৰা বাৰ্তালাপৰ অসমীয়া অনুবাদ



 

নমস্কাৰ, পুনৰবাৰ এই বন্ধু আপোনালোকৰ মাজলৈ আহিছো৷ মই সৰ্বপ্ৰথমে সকলোকে নৱবৰ্ষৰ বহুত বহুত শুভকামনা জনাইছো৷ এই ২০২০ চন কেৱল নতুন বৰ্ষ নহয়, বৰঞ্চ এয়া এক নতুন দশক আৰু আপোনালোকৰ জীৱনত এই দশকৰ যিমান গুৰুত্বপূৰ্ণ, সিমানে ভাৰতৰ বাবেও গুৰুত্বপূৰ্ণ৷ অৰ্থাৎ এই দশকত যি কামেই নকৰক কিয়, বৰ্তমান সময়ত দশম আৰু দ্বাদশ শ্ৰেণীত অধ্যয়ন কৰি থকাসকলৰ অৱদান আটাইতকৈ বেছি হ’ব৷ এই দশকত নতুন শিখৰত উপনীত হোৱা, নতুন সপোন, নতুন সংকল্প, নতুন আকাংক্ষা, নতুন সিদ্ধিৰে অগ্ৰসৰ হোৱা ইত্যাদি সকলোবোৰ এই প্ৰজন্মৰ ওপৰতে নিৰ্ভৰ কৰে৷ সেইবাবে এই দশকৰ বাবে আপোনালোক সকলোকে বহুত বহুত শুভকামনা জনাইছো৷

চৰকাৰৰ সৈতে দীৰ্ঘসময় ধৰি জড়িত হৈ আছো৷ বহু দিন ধৰি মুখ্যমন্ত্ৰী আছিলো, পুনৰ আপোনালোকে এই কাম দিলে৷ সেইবাৰে বহু কাৰ্যসূচীত অংশ ল’বলগীয়া হয়৷ বিভিন্ন প্ৰকাৰৰ প্ৰবৃতিৰ সৈতে জড়িত হ’বলগীয়া হয়৷ প্ৰতিটো প্ৰসংগৰে এক নিজা অনুভৱ হয়৷ কিবা এটা শিকিব পাৰো৷ প্ৰত্যেকৰে নিজা নিজা মাহাত্ম আছে, কিন্তু যদি কোনোবাই মোক কয় যে ইমানবোৰ কাৰ্যসূচীৰ ভিতৰত এনে কোনটো কাৰ্যসূচী আছে, যিটো আপুনি অন্তৰৰ পৰা শুনে, অন্তৰত থাকে, তেতিয়াহ’লে মই ক’ম—“পৰীক্ষা পে চৰ্চা”৷ মোৰ বহুত ভাল লাগে, কাৰণ ইয়াৰ বাবে প্ৰস্তুতি কৰিব লাগে, যেতিয়া আপোনালোকে কিবা এটা লিখি পঠাই দিয়ে আৰু মই লক্ষ্য কৰিছো দেশৰ হাজাৰ হাজাৰ বিদ্যালয়ত এনে কোনো এলেকা নাই যি ইয়াৰ সৈতে জড়িত হোৱা নাই৷ ইয়াৰ জৰিয়তে মইও দেশৰ বিভিন্ন স্থানৰ যুৱক-যুৱতীসকলে মনত কি ভাৱে, কি বিচাৰে, কি কৰিব পাৰে ইত্যাদিবোৰ ভালদৰে অনুভৱ কৰিব পাৰো৷ তেওঁলোকৰ মন বুজি মই আনন্দিত হও৷

সেইদৰে যেতিয়া মই নৱপ্ৰজন্মৰ সৈতে হেকাথন কাৰ্যসূচীলৈ যাও, তেতিয়া ভাৰতৰ উজ্জ্ব ভৱিষ্যৎ কিমান নতুন কল্পনাৰে আগুৱাই গৈছে তাৰ অনুভৱ হয়৷ অৰ্থাৎ যিকোনো কাৰ্যসূচী য’ত নৱ প্ৰজন্মৰ সৈতে লগ হোৱাৰ সূযোগ পাও, যুৱ প্ৰজন্মৰ সৈতে কথা পতাৰ সূযোগ পাও, তেওঁলোকে মোৰ বাবে এক শিক্ষাৰ সুবিধা হয় আৰু এইটো ঠিক যে মই পৰীক্ষাৰ সন্দৰ্ভত চৰ্চা নকৰিলেও প্ৰধানমন্ত্ৰীৰ চকীৰ কোনো হেৰফেৰ নহয়, যদি মই নকৰো কোনো বাতৰিকাকতৰ সম্পাদকীয়ত ছপা নহয় যে দেশৰ প্ৰধানমন্ত্ৰীয়ে কি কৰে, এইটো কৰে সেইটো নকৰে৷ এইটো মই নিজেই বিচাৰ কৰি লৈছো কাৰণ আপোনালোকৰ পিতৃ-মাতৃয়ে যেতিয়া আপুনি নৱম শ্ৰেণীত উত্তীৰ্ণ হোৱাৰ প্ৰস্তুতি চলায়, তেতিয়া তেওঁলোকৰ মগজুত দশম, একাদশ আৰু দ্বাদশ শ্ৰেণীৰ কথা সোমায়৷ এতিয়া দশম শ্ৰেণী, দ্বাদশ শ্ৰেণী পালিহি কোনে বুজাব তোক, এনেকে কয় নে নকয়৷ দিনটো ১০০বাৰ ডায়েলগ শুনিবলগীয়া হয় নে নহয়৷ মই ভাবিলো যে আপোনালোকৰ পিতৃ-মাতৃৰ বোজা কিছু কম কৰো৷ যি কাম তেওঁলোকে কৰে, সেই কামকে আমি সামূহিকভাৱে আমি কৰি লও, কাৰণ মইও আপোনালোকৰ পৰিয়ালৰে সদস্য৷ আমাৰ গুজৰাটী ভাষাত এটা প্ৰৱচন আছে “পাৰকী মা কান বিন্ধে” অৰ্থাৎ কাৰোবাৰ কাণত সোমালে, মইও ল’ৰালিকালত পিন্ধিছিলো কিন্তু নিমৰ পাত অলপমান লগাই দিয়ে, সেই গছৰ ডাল মায়ে আনি দিছিল৷ কিন্তু ঘৰত যি কোৱা হয়, মামী-পাপাই সদায়েই কয় এইবোৰকে শুনায়৷ কিন্তু কেতিয়া বাহিৰৰ কোনোবাই ক’লে, কেতিয়াবা কেতিয়াবা সেইটো ভালদৰে মনত ৰয়৷ হ’ব পাৰে যে যি কাম আপোনালোকৰ পিতৃ-মাতৃয়ে কয়, আপোনালোকৰ অভিভাৱক, শিক্ষাগুৰুৱে কৰে, সেই কামেই মই কৰো, কিন্তু পৃথক ধৰণে, আত্মীয়তাৰে, আপোনালোকৰ বন্ধুৰ দৰে, সহযোগী হৈ, সহযোগিতাৰে কৰো৷ সেইবাৰে মইও সন্তুষ্টি লাভ কৰো আৰু আপোনালোকক মই বোজা নিদিও৷

বন্ধুৰ দৰে প্ৰধানমন্ত্ৰীয়ে যি ক’ব, সেয়া যে ঘৰত গৈও কৰিব লাগিব বুলি কথা নাই, আহা, আমি আমাৰ মত-বিনিময় আৰম্ভ কৰো আৰু আজিকালি ফেশ্বনেই হৈছে #withoutfilter, সেয়েহে আমিও #withoutfilterতে কথা পাতিম৷ ধেমেলীয়া কথা, সকলোৰে ভুল হ’বও পালে, মোৰ হ’লেতো টিভিৰ লোকসকলে ভাল পাব৷ মই তেওঁলোকক বেছি সুখী কৰিব নোৱাৰো কিন্তু যদি ইয়াতো সুখ পায়, তেতিয়াহ’লেতো মই আৰু আনন্দ হ’ম৷ আহা আমি ধেমেলীয়া কথাৰে এই পৰিৱেশত আমি আমাৰ আলাপ আৰম্ভ কৰো, প্ৰথম প্ৰশ্ন কাৰ আছিল?

আঁত ধৰোতাঃ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া আপোনাৰ উৎসাহপূৰ্ণ উদ্বোধনী ভাষণেৰে সভাগৃহত উৎসৱমুখৰ পৰিৱেশ সৃষ্টি হৈছে৷ এই সভাগৃহত উপস্থিত হাজাৰ হাজাৰ শিক্ষাৰ্থীৰ বাহিৰেও বিশ্বজুৰি ২৫ দেশৰ ৩০ কোটিতকৈ অধিক শিক্ষাৰ্থী, শিক্ষক আৰু অভিভাৱক লাভান্বিত হৈছে৷ মান্যবৰ আপোনাৰ আশীৰ্বাদ আৰু অনুমতিত আমি সকলো বিদ্যাৰ্থী, শিক্ষক-শিক্ষয়িত্ৰী আৰু অভিভাৱকৰ সৈতে জড়িত প্ৰশ্নাৱলীৰে আৰম্ভ কৰি বিচাৰিছো৷

আহক প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ অনুমতিত আমি “পৰীক্ষা পে চৰ্চা, ২০২০”ৰ আকৰ্ষণীয় কাৰ্যসূচীৰ দিশে আগবাঢ়ো৷

মান্যবৰ দেশক শৌৰ্য, বীৰ্যৰ ভূমি ৰাজস্থানৰ বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰী যশ্ৰী ইয়াত উপস্থিত আছে আৰু তেওঁ আপোনাৰ মাৰ্গদৰ্শন বিচাৰিছে৷ তোমাৰ প্ৰশ্ন সোধা যশ্ৰী৷

প্ৰশ্নকৰ্তা-সুপ্ৰভাত মহাশয়, মই ৰাজস্থানৰ স্বামী বিবেকানন্দ চৰকাৰী আদৰ্শ বিদ্যালয়ৰ যশ্ৰী৷ মই আৰু মোৰ সহপাঠীসকলে এই বছৰৰ বোৰ্ড পৰীক্ষাত অৱৰ্তীৰ্ম হ’ম৷ এই লৈ আমি বাৰে বাৰে মুড অফ হৈ যায়৷ সেয়েহে মহাশয় অনুগ্ৰহ কৰি কোনো চাপ আৰু বিব্ৰত নোহাৱাকৈ পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ ক্ষেত্ৰত আপুনি আমাক প্ৰেৰণা যোগাওক৷ ধন্যবাদ৷

আঁত ধৰোতাঃ ধন্যবাদ যশ্ৰী৷ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া যশ্ৰীয়ে এইটো জানিব বিচাৰিছে যে বোৰ্ড পৰীক্ষাক লৈ তেওঁলোকৰ মুড অফ কৰি দিয়ে, তেওঁলোকে তাৰ পৰা কেনেকৈ নিজকে পৰিশ্ৰমৰ দিশত প্ৰেৰিত কৰিব?

প্ৰধানমন্ত্ৰীঃ মই ভাৱো যে নৱ প্ৰজন্মৰ মুড কেতিয়াও অফ হ’ব নালাগে৷ কেতিয়াবা আমি ভাৱো নে যে কি কাৰণে মুডপ অফ হয়? নিজৰ বাবে নে বাহিৰৰ পৰিস্থিতিৰ বাবে৷ আপোনালোকে বেছিভাগ সময়ত দেখে যে কি কাৰণত মুৰ বেয়া হয়, মুড অফ হয়, কাম কৰাৰ মন নাথাকে, ইয়াৰ বাবে বাহিৰৰ পৰিস্থিত অধিক দায়বদ্ধ৷ যেনেকৈ, নিজৰ মাকক কয় মা মই পঢ়ি আছো, ৬ বজাত অলপ চাহ পালে, দেখিব আপোনালোকে আৰু অধিক ভালদৰে পঢ়িছে, কিন্তু মাজে মাজে ঘড়ীটো চাই থাকিব ৬ বাজিল নে নাই৷ তেতিয়াই বেমেজালি আৰম্ভ হয়৷ আকৌ মা যদি ১৫ মিনিট দেৰিকৈ আহে, তেন্তে ধুমুহাৰ সৃষ্টি হয়৷ মাই কি বুজি পায়, তেওঁ নাজানে নেকি, মোৰ দশম শ্ৰেণীৰ পৰীক্ষা আছে, মোৰ পঢ়িব লাগে, মই ৬ বজাতে চাহৰ কথা কৈছিলো-মুড অফ৷ সেইটোকে যদি আমি বেলেগ ধৰণে ভাৱো যে- আৰে মায়ে ইমান পৰিশ্ৰম কৰে, মোৰ কথা ইমান চিন্তা কৰে, নিশ্চয় কিবা হৈছে চাগৈ সেয়ে মায়ে ৬ বজাত চাহ দিব পৰা নাই৷ মই চাওচোন কি হ’ল, কিছুমান কথা ক’লে কিজানি মুড অফ বা ডাউন হৈ যাব৷

যদি আমি অভ্যাস গঢ়ি তোলো, তেতিয়া হ’লে দেখিব যে আমি ৫-৬ বন্ধুক কিবা খেলাৰ কাৰ্যসুচী বনাই দিও, খেলাৰ বাবে গৈ আছে কিন্তু কোনো এজন বন্ধু অহা নাই৷ আমি ক’ৰবাত যাব লগীয়া থাকিলে, সোনকালে যাব লাগিব, তেতিয়া দেখিব যে ৫গৰাকী যে পাই গ’ল, তাৰে দুজন এনেকুৱা থাকে, তেওঁলোকে ৰক্ষা নাইকিয়া কৰে, বন্ধু অহা নাই, বন্ধু অহা নাই, পলম হৈ গ’ল৷ তেওঁৰ চিন্তা তাতে আছে, তিনিগৰাকী এনেকুৱা থাকে, আৰে হ’ব দে আহিব৷ আমি নিজৰ মনক কিদৰে বুজনি দিও৷ সেয়া মুডৰ লগতে, যিমান উৎসাহ আৰু নিৰুৎসাহৰ প্ৰশ্ন জড়িত আছে-জীৱনত সম্ভৱতঃ এনে কোনো ব্যক্তি আছে, যাক এই দিশবোৰৰ সৈতে কটাবলগীয়া হয়৷ কেতিয়াবা কোনোবাই কিবা কৰাৰ বাবে প্ৰেৰণা যোগায়, কেতিয়াবা বিফল হ’লেই নিৰুৎসাহিত হৈ যায়৷

এতিয়া চাওক চন্দ্ৰযানৰ নিশা আপোনালোক সকলোৱেই ৰাতি উজাগৰে আছিল৷ চন্দ্ৰযান প্ৰেৰণত আপোনালোকৰ কোনো অৱদান আছিল নেকি, নাছিল, কিন্তু আপোনালোকে এনেই মন বহুৱাই বহি আছিল, যেন আপোনালোকেই কৰিছে, এনেকুৱা হয়নে? যেতিয়া বিফল হ’ল, তেতিয়া বিজ্ঞানীসকলক বাদ দি সমগ্ৰ হিন্দুস্থান এক প্ৰকাৰ নিৰুৎসাহিত হৈ গৈছিল৷ আপোনালোক সকলোৱেই ৰাতি উজাগৰে আছিল, কেতিয়াবা বিফলতাই আমাক এনেকুৱা কৰে৷ সেই দিনা মইও তাত উপস্থিত আছিলো৷ মই আজি এটা গোপন কথা ক’ব বিচাৰিছো যে একাংশ লোকে মোক জনাইছিল যে মোদী জী আপুনি সেই কাৰ্যসুচীলৈ নাযাব, কাৰণ ইয়াত কোনো নিশ্চয়তা নাই, আপুনি গ’লে বিফল হ’লে কি কৰিব? মই ক’লো সেইবাবেই মই যাব লাগিব আৰু যেতিয়া শেষৰ কেইটামান মিনিট আছিল, মই চাই আছিলো যে বিজ্ঞানীসকলৰ চেহেৰা সলনি হৈছে, চিন্তিত দেখা গৈছিল, ইজনে সিজনৰ ফালে চাই আছিল৷ মই তেতিয়া ভাবিলো কিবা অঘটন হৈছে৷ মই বিজ্ঞানী নহয়, সম্পূৰ্ণ বুজি পোৱা নাই, কিন্তু তেওঁলোক চেহেৰাৰ পৰা কিবা যে অঘটন হৈছে বুজি পালো৷ অলপ সময়ৰ পাছত আহি তেওঁ মোক ক’লে৷ মই ক’লো ঠিক আছে আপোনালোকে যত্ম কৰি আছে, কৰি থাকক মই আছো৷ পুনৰ ১০ মিনিটৰ পাছত তেওঁ ক’লে হোৱা নাই, তেতিয়া মই বিজ্ঞানীসকলৰ মাজত গৈ বহিলো, কথা পাতিলো, ভিতৰখন চালো, চিন্তা নকৰিব বুলি নিশা প্ৰায় ৩ বজাত নিজৰ হোটেললৈ গ’লো৷ কিন্তু শান্তিত বহি থাকিব পৰা নাই, শুবলৈও মন যোৱা নাই৷ আমাৰ যি পিএমঅ’ টীম আছিল, তেওঁলোকো নিজৰ কোঠালৈ গ’ল৷ ৩০-৪৫ মিনিট এনেকৈয়ে পাৰ কৰাৰ পাছত ভাৱিলো সকলোকে মাতি লও৷ তাৰ পাছত যিসকল শুইছিল, তেওঁলোকক মই ক’লো চোৱা পুৱা আমি যাব লাগিব, কিন্তু আমি কাৰ্যসূচী সলনি কৰিম৷ পুৱা আমি সোনকালে নাযাও, দেৰিকৈ যাম৷ এতিয়া ৩ বাজি গ’ল, পুৱা ৭.৩০-৮.০০ বজাত আমি এই বিজ্ঞানীসকলক একেলগে পাম নেকি? মই তেওঁলোকক লগ কৰিব বিচাৰো৷ মই পুৱা উঠি গুছি যাব পাৰিলোহেতেন, পুৱা উঠি গ’লেও দেশৰ কোনেও এই বিষয়টো গমেই নাপালেহেতেন৷ কোনো প্ৰয়োজন নাছিল, কিন্তু মই নিজকে বুজাব পৰা নাছিলো, সেয়ে মই পুৱা সেই বিজ্ঞানীসকলক পুনৰ একেলগ কৰিলো, মোৰ মনোভাৱ মই প্ৰকাশ কৰি, তেওঁলোকৰ পৰিশ্ৰমৰ প্ৰশংসা কৰিলো৷ দেশৰ সপোনৰ কথা কৰিলো৷ পৰিৱেশ সলনি কৰি দিলো৷ কিন্তু তেওঁলোকৰ মন সলনি হ’লেও ভাৰত সলনি হোৱা নাই৷ যিটো ঘটিল, আৰু পাছত কি হ’ল, সেই বিষয়ে সকলোৱে টিভিত দেখিলে, মই আৰু ক’ব নাযাও৷ মই এি কথা কোৱাৰ অৰ্থ হৈছে, আমি বিফলতাৰ পৰা শিক্ষা লাভ কৰো৷ প্ৰতিটো প্ৰয়াসত আমি উৎসাহ যোগাব পাৰো৷ আৰু কিবা কথা আমি বিফল হ’লেও, ইয়াৰ মানে এই যে আপুনি সফলতা লাভৰ দিশত গতি কৰক৷ যদি তাতে থাকি যায়, তেন্তে টানিবলৈ যিমান টেক্টৰেই নলগাওক কিয় ওলাব নোৱাৰিব, তাৰ পৰা ওলাবলৈ নিজে সিদ্ধান্ত ল’ব লাগিব৷ সেইবাবে  উৎসাহ, নিৰুৎসাহিত সেয়া নিজৰ কথা৷ আপোনালোকৰ মনত আছে যে ২০০১ চনত কলকাতাত ইণ্ডিয়া-অষ্ট্ৰেলিয়াৰ ক্ৰিকেট মেচ আছিল, তেতিয়া নিশ্চয় ইয়াৰে কাৰোবাৰ জন্মই হোৱা নাছিল৷ মেচত ভাৰত ফ’ল’অন হৈছিল, পুনৰ খেলিবলৈ আহিও উইকেট যাবলৈ ধৰিলে৷ সমগ্ৰ পৰিৱেশ নিৰুৎসাহ দেখা গৈছিল, দৰ্শকো অসন্তুষ্ট হৈছিল৷ পাহৰি গৈছিল যে আমাৰ মানুহে খেলি আছে, অলপ উৎসাহ বঢ়াও৷ কিন্তু আপোনালোকৰ মনত আছে নিশ্চয় ৰাহুল দ্ৰাবিড় আৰু ভিভিএছ লক্ষ্ণণে সেই পিটছত সুন্দৰ খেলি আবেলিলৈকে মেচ ৰখা গতিয়েই সলনি কৰি দিলে৷ ইমানেই নহয়, মেচতো জয়ী হ’ল৷ পৰিৱেশ একেবাৰে নিৰুৎসাহিত হৈছিল, কিন্তু এটাই সংকল্প-কেনেকৈ পৰাজিত হ’ম, যুঁজি যাম, এটা এটা বলেৰে খেল শক্তি দেখুৱাম৷ ফল দিলে৷ ২০০২ চনতো আপোনালোকে দেখিলছিল যে ভাৰতীয় দৰে ৱেষ্ট ইণ্ডিজত খেলিবলৈ গৈছিল, তেতিয়া আমাৰ এগৰাকী ভাল বলাৰ অনিল কুম্বলেই এটা বাউন্সাৰ বলত থুতৰি ভাগিল আৰু টেপ লগাই খেলিছিল৷ ইয়াৰ বিষ কিমান হৈছিল, সেয়া অনুমান কৰক৷ দাঁতত অলপ দুখ পালেই কিমান বিষায়!!! এতিয়া পৰিস্থিত এনে আছিল যে অনিল কুম্বলেই বলিং কৰিব পাৰিব নে নাই তাক লৈ চিন্তিত হৈছিল, কিন্তু তেওঁ বিষলৈ কোনো ভ্ৰুক্ষেপ নকৰিষ কান্দি কাটি বহি নাথাকি খেল পথাৰত নামিল৷ তেওঁ নেখেলা হেতেনো তেওঁক কোনেও দেশদোহী বুলি নকয়৷ আপোনালোকে জানে যে সেই সময়ত লাৰাৰ উইকেট লোৱাটো ডাঙৰ কৃতিত্ব বুলি ভাবিছিল আৰু ব্ৰায়ান লাৰাৰ উইকেট দখল কৰি তেওঁ খেলৰ ছবি সলনি কৰি দিছিল৷ অৰ্থাৎ এজন ব্যক্তিৰ সংকল্পই আনৰ বাবে কিমান ডাঙৰ প্ৰেৰণাৰ কাৰণ হ’ব পাৰে৷

এনে বিভিন্ন ঘটনা দেখিলেই আপুনি মনতে ভাৱিব লাগিব যে এই আৱেগ-অনুভূতিবোৰ মই কিদৰে নিয়ন্ত্ৰণ কৰিম৷ অথবা সেইটো চোৱাৰ ধৰণ কেনেকুৱা, তাৰ ওপৰতো নিৰ্ভৰ কৰে৷

প্ৰস্তুতকৰ্তা-লক্ষ্য প্ৰাপ্তিত দেখা দিয়া সকলো বাধা আপোনাৰ বচনৰ জৰিয়তে আঁতৰি গ’ল মহোদয়৷ এতিয়া মুড একেবাৰে সজীৱ হৈ গ’ল৷ ধন্যবাদ৷ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া সাধনাৰথলী উত্তৰাখণ্ডৰ কেদাৰনাথৰ ব্লুমিং ভেল পাবলিক স্কুলৰ দশম শ্ৰেণীত অধ্যয়ণৰত মায়ংক নেগীয়ে আপোনাৰ মাৰ্গদৰ্শন বিচাৰিছে৷ আপুনি প্ৰশ্নটো শুধিব পাৰে৷

প্ৰশ্মকৰ্তা-মাননীয় প্ৰধানমন্ত্ৰী মহোদয়, সুপ্ৰভাত৷ মই উত্তৰাখণ্ডৰ কোটদ্বাৰৰ ব্লুমিং ভেল পাবলিক স্কুলৰ দশম শ্ৰেণীৰ ছাত্ৰ৷ সফল ব্যক্তি যেনে বিল গেটছ আৰু থমাছ এডিছন আৰু মাৰ্ক জুকাৰবাৰ্গৰ প্ৰাৰম্ভিক জীৱনত বিফল হৈছিল৷ অৰ্থাৎ পৰীক্ষাত লাভ কৰা নম্বৰৰ জৰিয়তে কাকো চিনাক্ত কৰিব পৰা নাযায়৷ মহোদয়, মোৰ প্ৰশ্ন হ’ল এই যে পৰীক্ষাত ভাল নম্বৰ লাভ কৰিবলৈ আমি কিমান তপস্যা কৰিব লাগে? ধন্যবাদ৷

প্ৰস্তুতকৰ্তা-ধন্যবাদ মায়ংক৷ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই মায়ংকে জানিব বিচাৰিছে যে জীৱনৰ সফলতাৰ মানদণ্ড কেৱল পৰীক্ষাত লাভ কৰা নম্বৰেই নেকি?

প্ৰধানমন্ত্ৰী-আপোনাৰ চিন্তা সঠিক হৈছে৷ সম্ভৱতঃ প্ৰতিগৰাকী শিক্ষাৰ্থীৰ ঘৰ তথা স্কুলত এই বিষয়টোকে সন্মুখীন হ’বলগীয়া হয়৷ কাৰণ জ্ঞাত-অজ্ঞাতে আমি সেই দিশতে আমাৰ শিক্ষাক লৈ গৈছো, য’ত সফলতা-বিফলতাৰ টাৰ্ণিং পইণ্ট কেতবোৰ পৰীক্ষাৰ নম্বৰেই হৈ গৈছে৷ সেইবাবেই আমাৰ মনটোও সেই দিশতে লাগি যায় যে বাকী সকলো পিছত কৰিম, এবাৰ নম্বৰ লৈ লও৷ পিতৃৃমাতৃয়ে এনে পৰিৱেশ গঢ় দিয়ে যে আৰে ভাই প্ৰথমে দশম পৰীক্ষাত ভাল নম্বৰ লাভ কৰা, তাৰ পাছত কোনো সমস্যা নাথাকিব, তোমাৰ ৰাস্তা মুকলি হৈ যাব৷ একাদশ শ্ৰেণীটো পুনৰ সেইদৰেই ক’ব, কিন্তু দ্বাদশ শ্ৰেণীৰ গুৰুত্ব আছে, ইয়াত জোৰ দিয়া৷ পুনৰ ক’ব প্ৰৱেশ পৰীক্ষাত জোৰ দিয়া৷ তেওঁলোকৰ আগ্ৰহ হ’ল, সন্তানক প্ৰেৰণা যোগোৱা আৰু উৎসাহিত কৰা৷ এয়া কোনোবা জনমত সত্য আছিল, কিন্তু বৰ্তমান সময় বহু সলনি হ’ল, সম্ভাৱনাও বহু বৃদ্ধি পালে৷ মাত্ৰ পৰীক্ষাৰ নম্বৰেই জীৱন নহয়৷ সেইদৰে কোনো এটা পৰীক্ষাই সমগ্ৰ জীৱন নহয়, এক পৰ্বহে৷

সৰ্বপ্ৰথমে আমি আমাৰ গোটেই জীৱনত এইটো এটা মহত্বপূৰ্ণ পৰ্ব বুলি জ্ঞান কৰো, কিন্তু এইটোৱেই সকলো বুলি কেতিয়াও ভাবিব নালাগে৷ যিদিনা পিতৃ-মাতৃয়ে মই প্ৰাৰ্থনা কৰিম যে এই যে মুড সৃষ্টি কৰে অনুগ্ৰহ কৰি এনেকুৱা নকৰিব৷ যি হ’ল, ভালেই হ’ল৷ ইয়াতকৈ ভাল হ’লে আৰু ভাল, কিন্তু একো নহ’লেও গোটেই বিশ্বকে লুটি ল’লে, এনে ভাৱনা আজি যুগত একেবাৰে উপযুক্ত নহয়৷ বহুত পৰিসৰ আছে, জীৱনৰ যিকোনো ক্ষেত্ৰতে আপুনি যাব পাৰিব৷

আপোনালোকে দেখিছে, কৃষক-হ’ব পাৰে তেওঁলোকৰ স্কুলীয়া শিক্ষা কম, কিন্ত তেওঁলোকেও শিকে, অনুভৱ কৰে, প্ৰযুক্তি গ্ৰহণ কৰে, কৃষি পদ্ধতি সলনি কৰিলে, আধূনিক পদ্ধতি অৱলম্বন কৰে, জীৱনক কিমান সুন্দৰ কৰি তোলে৷ সেইবাৰে স্পষ্টভাৱে কৈছো যে পৰীক্ষাৰ মাহাত্ম্য, তাৰ পাছতো পৰীক্ষাই জীৱন, এই ভাৱনাৰ পৰা আমি বাহৰলৈ আহিব লাগিব৷ জীৱনত বিভিন্ন প্ৰবৃত্তি আছে, বিভিন্ন বস্তু হয়, ইয়াকে লৈ আমি আগবাঢ়ি যাব পাৰিম৷

প্ৰস্তুতকৰ্তা-ধন্যবাদ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া৷ আপোনাৰ প্ৰেৰণামুলক বচনেৰে আমাৰ সকলোৰে প্ৰেৰণাৰ উৎস৷ পৰৱৰ্তী প্ৰশ্নটো ভাৰতৰ কেন্দ্ৰবিন্দু মধ্যপ্ৰদেশৰ পৰা৷ জবলপুৰ কেন্দ্ৰীয় বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰী প্ৰজাক্ত আটংকৰে প্ৰশ্ন কৰি আমাৰ সৈতে সংযুক্ত হওক৷ তুমি প্ৰশ্ন কৰা৷

প্ৰশ্নকৰ্তা-মোৰ নাম প্ৰজাক্ত আটংকৰ, মই মধ্যপ্ৰদেশৰ জবলপুৰ কেন্দ্ৰীয় বিদ্যালয়ত পঢ়ো৷ মাননীয় প্ৰধানমন্ত্ৰীৰ প্ৰতি মোৰ প্ৰশ্ন হৈছে৷ সহপাঠক্ৰমিক কাৰ্য-কলাপ আৰু অধ্যয়মৰ মাজৰ ভাৰসাম্যতা অতি গুৰুত্বপূৰ্ণ৷ কিন্তু এই কাম-কাজবোৰে ল’ৰা-ছোৱালীবোৰক বিকৰ্ষণহে কৰে৷ এইটো নহয় নে?

প্ৰস্তুতকৰ্তা-ইয়াৰ লগত প্ৰাসংগিক আন এটা প্ৰশ্ন আছে৷ ২নং দিল্লী চৰকাৰী বালিকা উচ্চতম মাধ্যমিক বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰী ৰিয়া ৰেগীয়ে মনলৈ অহা প্ৰশ্নৰ সমাধান বিচাৰিছে৷ ৰিয়া সভাগৃহতে আছে৷ ৰিয়া, তুমি প্ৰশ্ন কৰিব পাৰা৷

প্ৰশ্নকৰ্তা-মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া, মই ৰিয়া ৰেগী নৱম শ্ৰেণীৰ ছাত্ৰী৷ ২নং দিল্লী চৰকাৰী বালিকা উচ্চতম মাধ্যমিক বিদ্যালয়ৰ নৱম শ্ৰেণীত অধ্যয়ন কৰো৷ মই দিল্লীৰে হয় আৰু আপোনাৰ প্ৰতি মোৰ প্ৰশ্ন এই যে যিসকল শিক্ষাৰ্থীত পঢ়াত বৰ ভাল নহয়, কিন্তু অন্যান্য ক্ষেত্ৰ যেনে- খেলা-ধুলা, সংগীত ইত্যাদিত ভাল হয়, তেওঁলোকৰ ভৱিষ্যত কি হ’ব, সেই বিষয়ে আপোনাৰ মন্তব্য জনাওক৷

প্ৰস্তুতকৰ্তা-ধন্যবাদ ৰিয়া৷ মহোদয়, এটা আৰু প্ৰশ্ন, ইয়াৰ সৈতে প্ৰাসংগিক৷ কলকাতাৰ হুগলী নিবাসী মহান মনিষী বিবেকানন্দ্ আৰু সাহিত্যৰ ন’বেল বঁটা বিজয়ী গুৰুদেৱ ৰবীন্দ্ৰ নাথ ঠাকুৰৰ জন্মভূমিস্থিত জৱাহৰ নবোদয় বিদ্যালয়ৰ তথা আমাৰ সভাগৃহত উপস্থিত অনামিকা ভুনীয়া তেওঁৰ প্ৰশ্ন কৰিব বিচাৰিছে৷ অনামিকা অনুগ্ৰহ কৰি তোমাৰ প্ৰশ্নটো কৰা৷

প্ৰশ্নকৰ্তা-মাননীয় প্ৰধানমন্ত্ৰী মহোদয়, মোৰ নাম অনামিকা ভনিয়া, মই একাদশ শ্ৰেণীত পঢ়ো৷ মই পশ্চিমবংগৰ হুগলীৰ জৱাহৰ নবোদয় বিদ্যালয় ছাত্ৰী৷ মোৰ প্ৰশ্নটো হৈছে আমি পাঠক্ৰম সংযোগী কাম-কাজ আৰু পাঠক্ৰমভিত্তিক কাম-কাজৰ মাজত কিদৰে ভাৰসাম্য বজাই ৰাখিম৷ মহোদয়, অনুগ্ৰহ কৰি আমাক পৰামৰ্শ আগবঢ়াব৷ ধন্যবাদ৷

প্ৰস্তুতকৰ্তা-ধন্যবাদ অনামিকা৷ মান্যবৰ প্ৰজাক্তা, ৰিয়া তথা অনামিকাই জানিব বিচাৰিছে যে তেওঁলোকে কিদৰে পাঠক্ৰম সংযোগী কাম-কাজ আৰু পাঠক্ৰমভিত্তিক কাম-কাজৰ মাজত ভাৰসাম্য বজাই ৰক্ষা কৰিব?

প্ৰধানমন্ত্ৰী-ঠিক আছে, আপোনালোকক এটা কথা সুধিব বিচাৰিছো, উত্তৰ দিবানে? আপোনালোকৰ মাজত এনেকৈ কিমানে ভাৱে যে যিয়েই পাঠক্ৰম সংযোগী কাম-কাজ নকৰো কিয়, সেইবোৰে মোৰ পঢ়া-শুনাত ক্ষতি কৰে৷ এনেকৈ ভৱা কোনোবা আছেনেকি? নাই৷এইটো ঠিক যে মোৰ বাবে পঢ়াটো গুৰুত্বপূৰ্ণ, কিন্তু জীৱনটোক আগুৱাই নিবলৈ অন্যান্য কাম-কাজৰো অতি প্ৰয়োজন বুলি ভৱা কিমানজন আছে? ইয়াতো উৎসাহ কম দেখিছো৷ তৃতীয়তে, পাঠ্যক্ৰম সংযোগী কাম-কাজ হ’ব লাগে আৰু যি সময় দি নিয়মীয়াকৈ কৰে, এনেকৈ ভৱা কোন কোন আছে৷ আহক আমি স্থিতি সলনি কৰো৷ চাওক, প্ৰকৃততে আমি যি শিক্ষা ব্যৱস্থাৰ দ্বাৰা শিক্ষা লাভ কৰো, সেয়া বিশাল বিশ্বৰ দুৱাৰ খোলাৰ এক উপায়হে৷ তাৰ দ্বাৰা সেই পৃথিৱীত আমি প্ৰৱেশ কৰো৷ যেতিয়া শিশুৱে বৰ্ণমালা শিকে, A অথবা ক, তাৰ অৰ্থ হৈছে তেওঁ এখন নতুন পৃথিৱীত প্ৰৱেশ কৰিছে৷ প্ৰথমে বৰ্ণমালা, তাৰপাছত দুটা দুটা আখৰৰ শব্দ শিকিব, তাৰ পাছত তিনিটা আখৰৰ শবিদ শিকিব ইত্যাদি৷ আৰম্ভণি কৰিছিল ‘ক’ৰে, কিন্তু কৰি কৰি তেওঁ ক’ত পালেগৈ৷ কাৰণ সেয়া এক প্ৰৱেশ পইণ্ট আছিল৷ কোনোবাই যদি ‘সা ৰে গা মা পা ধা নি সা’ এইটো সুন্দৰকৈ আয়ত্ত কৰি লয়, তেতিয়া ভাৰতৰ শীৰ্ষ সংগীতকাৰসকলে তেওঁলোকক বাঃ বাঃ কৰে৷ কিন্তু তেওঁ যদি তাতে ৰৈ যায় কিবা কৰিব পাৰিব নেকি? ‘সা ৰে গা মা পা ধা নি সা’ সংগীতৰ জগতত প্ৰৱেশ কৰাৰ এক প্ৰৱেশ পইণ্ট৷ সেয়া আয়ত্ত কৰাৰ পাছতহৈ সংগীতৰ সকলো বিদ্যা গ্ৰহণৰ তেওঁ সুযোগ পায়৷ অৰ্থাৎ আমি যি শিকো, সেয়া অনুশীলন কৰিব লাগে, শিক্ষকে যি প্ৰশ্নোত্তৰ কৰে তাৰ অনুশীলন নহয়, জীৱনৰ অনুশীলন কৰিব লাগিব৷ যদি শ্ৰেণীত মোক শিকায় যে ভাই কম কথা ক’লে মোৰ সুবিধা হয়, যেতিয়া মা-দেউতাই কিবা কথাত গালি পাৰিলে, তেতিয়া কম কথা কোৱা এই ব্যৱস্থাই সহায় কৰে৷ যদি কোনো সহপাঠ্যক্ৰম নকৰে, তেন্তে আপুনি ৰবটৰ দৰে যি ছফটৱেৰ আপোনাৰ ভিতৰত ভৰাই দিব, সেইদৰে পুৱা-গধুলি কৰি থাকিব৷ আমি আমাৰ নৱপ্ৰজন্ম ৰবট হোৱাটো নিবিচাৰো৷ আমাৰ তৰুণ প্ৰজন্ম শক্তিসম্পন্ন হয়, সপোন লৈ আগবাঢ়ি যোৱা, সাহস, সামৰ্থ্য দেখুওৱা, এয়া যদি নহয়, তেতিয়া একোৱেই নহয়৷ ব্যৱস্থাপনা, ভাৰসাম্য ৰক্ষা কৰাৰ এয়া উপযুক্ত সময়৷ এটা সময় আছিল যেতিয়া বহু সুযোগ আছিল, ভাই এবাৰ কিতাপৰ জগতৰ পৰা আগুৱাই গ’লেই পথ সুগম হৈ আছিল৷ বৰ্তমানেও যথেষ্ট সূযোগ আছে, যদি আমি চেষ্টা কৰো, প্ৰয়াস কৰো, তেতিয়া আমি নিশ্চয় ইয়াৰ ফল পাম৷ সেইবাৰে সহপাঠ্যক্ৰম অতি প্ৰয়োজন৷

যদি আপুনি স্কুলীয়া জীৱনৰ বৈচিত্ৰপূৰ্ণ জীৱন কটোৱাৰ অভ্যাস গঢ়ি তোলে, তেতিয়া হ’লে অনাগত দিনত এইবোৰ যথেষ্ট উপযোগী হৈ পৰে৷ শ্ৰেণী কোঠাৰ শিক্ষাৰ মহত্ব যিমান হয়, তেনেদৰে ৩৫-৪০ বছৰৰ পাছত এই অন্যান্য বিষয়বোৰ কামত আহে৷ সেইবাবে পৰস্পৰক শত্ৰু বুলি নাভাৱিব৷ ইটোৱে সিটোক ক্ষতি কৰিছে বুলিও নাভাবিব৷ এইবোৰ আমি কৰিব লাগে, বিশেষকৈ দশম আৰু দ্বাদশ শ্ৰেণীত অধ্যয়ন কৰা শিক্ষাৰ্থীসকলে দৈনিক ৫, ১০ অথবা ১৫ মিনিটকৈ এইবোৰৰ অনুশীলন কৰিব, দেখিব মন সতেজ লাগি যাব৷ আপোনালোকে একেটা বস্তুকে ১০-১০, ২০-২০ বাৰ কৰি থাকিলে, আপুনি সম্পূৰ্ণ বন্ধ হৈ যাব৷ এনেকুৱা একেবাৰে হ’বলৈ নিদিব৷

প্ৰস্তুতকৰ্তা-মাৰ্গদৰ্শন কৰাৰ বাবে প্ৰধানমন্ত্ৰী ডাঙৰীয়া আপোনাক ধন্যবাদ৷ আন্দামানৰ চৰকাৰী আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰী কে দিব্যাই প্ৰধানমন্ত্ৰীক তেওঁ প্ৰশ্ন সুধিব বিচাৰে৷ অনুগ্ৰহ কৰি প্ৰশ্নটো সোধা?

প্ৰশ্নকৰ্তা-মাননীয় প্ৰধানমন্ত্ৰী মহোদয়, নমস্কাৰ, মোৰ নাম কে দিব্যা, মই আন্দামানৰ চৰকাৰী আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দশম শ্ৰেণীত অধ্যয়ন কৰো৷ মোৰ প্ৰশ্ন হৈছে শিক্ষাৰ্থীৰ জীৱনত আধুনিক প্ৰযুক্তিৰ ভূমিকা কি হোৱা উচিত?

প্ৰস্তুতকৰ্তা-দক্ষিণ ছিকিমৰ নামচি ছেকেণ্ডেৰী বিদ্যালয়ৰ দ্বাদশ শ্ৰেণীৰ দীপেশ ৰায়ে ছিকিমৰ পৰা আহি আমাৰ সৈতে দৰ্শকৰ স্থানত উপৱিষ্ট হৈ তেওঁৰ প্ৰশ্ন সুধিব বিচাৰিছে৷ দীপেশ তোমাৰ প্ৰশ্ন সোধা৷

প্ৰশ্নকৰ্তা-সকলোকে সুপ্ৰভাত জনাইছো-মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া মোৰ নাম দীপেশ ৰায়৷ মই দক্ষিণ ছিকিমৰ নামচি ছেকেণ্ডেৰী বিদ্যালয়ৰ দ্বাদশ শ্ৰেণীত অধ্যয়ন কৰো৷ মহোদয়, মোৰ প্ৰশ্নটো হৈছে বৰ্তমান বহু ল’ৰা-ছোৱালীয়ে ভালদৰে শিকাৰ বাবে শৈক্ষিক প্ৰযুক্তি ব্যৱহাৰ কৰে৷ সেয়েহে এইটো কেনেদৰে সম্ভৱ?

প্ৰস্তুতকৰ্তা-ধন্যবাদ, দীপেশ৷ মহোদয়, দিব্যা আৰু দীপেশে জানিব বিচাৰিছে যে বিজ্ঞান আৰু প্ৰযুক্তিয়ে শিক্ষাৰ্থীৰ জীৱনত কিদৰে সহায়ক হয়৷ অনুগ্ৰহ কৰি মাৰ্গদৰ্শন কৰক৷

পিএম-সম্ভৱ বিগত শতিকাৰ অন্তিম কালছোৱাৰ লগতে এই শতিকাৰ আৰম্ভণিতে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই সম্পূৰ্ণৰূপে আমাৰ জীৱন সলনি কৰি দিছে৷ জীৱনটো এক প্ৰকাৰৰ প্ৰযুক্তি চালিত হৈ গৈছে৷ এতিয়া সেইবাবে প্ৰযুক্তিৰ ভয় জীৱনত আহিবলৈ দিব নালাগিব৷ এই প্ৰযুক্তি আহে, মই কি কৰো ইত্যাদি ভাববোৰ আহিবলৈ দিব নালাগিব৷ আকৌ নতুন প্ৰযুক্তিয়ে মোৰ জীৱন শেষ কৰিলে, এতিয়া মই কি কৰিম ইত্যাদি ইত্যাদি৷

এনেকুৱা কথা নাই, প্ৰযুক্তিক আমি বন্ধু বুলি ভাবি লও৷ পৰিৱৰ্তিত প্ৰযুক্তিক আমি প্ৰথমে বুজিবলৈ চেষ্টা কৰো, আমি সক্ৰিয় হও৷ তৃতীয়তে, আমি প্ৰযুক্তিৰ জ্ঞান হোৱাৰ এই লাভ কেৱল বন্ধুৰ সৈতে আড্ডা মাৰিবলৈকে কাম আহে নেকি? ইয়াৰ দ্বাৰা মই বিশ্বত কি হৈ আছে জানিব পাৰো, কেমেৰা এনেকুৱা ওলাইছে, মোবাইল ফোন এনেকুৱা ওলাইছে৷ নহয়, যেতিয়া মই প্ৰযুক্তিৰ বিষয়ে জানো, তেতিয়া মোৰ প্ৰচেষ্টা হোৱা উচিত যে মই যিধৰণৰ চিন্তাধাৰা লৈ কাম কৰি আছো, মোৰ বাবে ই কিদৰে উপযোগী হ’ব৷ মই যি প্ৰযুক্তি আকোঁৱালি ল’ম, তাৰ জৰিয়তে মোৰ সময় নষ্ট হ’ব নেকি? বেছিভাগ অনুভৱ এনেকৈ আহে যে কামৰ সময় প্ৰযুক্তিয়ে চুৰি কৰি নিছে৷

আপোনালোকৰ ভিতৰত কিমানে স্মাৰ্ট ফোন ব্যৱহাৰ কৰে? সংকোচ নকৰাকৈ কওক, আপোনালোকৰ শিক্ষকে দেখা নাই৷ এতিয়া অলপ ভাৱক, এই স্মাৰ্ট ফোনে আপোনালোকৰ সময় চুৰি কৰে? আৰু ইয়াৰে ১০শতাংশ সময় কমাই নিজৰ মা, ককা-আইতা, এওঁলোকৰ সৈতে কটাওক, ১০ মিনিট বুলিহে কৈছো, বেছি নহয়৷ এতিয়া আপোনাৰ স্মাৰ্ট ফোনে আপোনাৰ যিমান সময় খায়, যিমান সময় চুৰি কৰে তাৰে ১০ মিনিট তেওঁলোকৰ সৈতে কটালে অধিক উপকাৰ হ’ব৷ প্ৰযুক্তি আমাৰ সময় চুৰি কৰা, কাঢ়ি নিয়াটো ৰোধ কৰিব লাগিব৷ প্ৰযুক্তিক নিয়ন্ত্ৰ্ণ কৰি ৰখাৰ শক্তি লাগিব৷

মই প্ৰযুক্তিক মোৰ ইচ্ছামতে ব্যৱহাৰ কৰিম, সেইবাবে এই প্ৰযুক্তিক লৈ মই আনন্দিত৷ ৰে’ল ষ্টেচনত অনুসন্ধান কেন্দ্ৰ থাকে, তাত কেইবাগৰাকী বিষয়া বহি থাকে৷ আনফালে, ৰে’ল কেতিয়া আহিব ইত্যাদি সকলো তথ্য লিখা বোৰ্ডো ওলমাই ৰখা আছে৷ আজিকালি ইলেক্ট্ৰনিক ব্যৱস্থাৰ বোৰ্ড লগোৱা থাকে, তাৰ পিছতো পূৰ্বৰ প্ৰজন্মৰ লোকসকলে সেই বিষয়াসকলক হৈ গৈ সোধে৷ শাৰী পাতি থিয় হৈ থাকিব, কিন্তু ওপৰলৈ নাচায়, নপঢ়ে৷ প্ৰশ্নৰ উত্তৰ এইটোৱেই৷

আপোনালোকে দেখিব যে এনে একাংশ লোক আছে, মেছেজ দি আকৌ ফোন কৰি সুধিব, মোৰ মেছেজ পালেনে? কিন্তু বৰ্তমান প্ৰজন্মই কৰি কৰে যে তেওঁলোকে ঘৰৰ পৰাই গুগল গুৰুৰ জৰিয়তে ৰে’লৰ স্থিতি সম্পৰ্কে জানি লয়৷ অৰ্থাৎ তেওঁ প্ৰযুক্তিৰ ব্যৱহাৰ কৰিছে৷ একাংশ লোক এনে আছে যে সন্মুখতে আছে, কিন্তু যেতিয়ালৈকে নোসোধো চোৱাৰ বাবে সাজু নহয়৷ এতিয়া নতুন প্ৰজন্ম তেওঁলোক, যিসকল সোধাৰ বাবে সাজু নহয়, তেওঁলোকে কয় মোৰ ওচৰত আছে, মই ইয়াক সুধিম, তেওঁ যি ক’ব সেয়াই সঁচা৷

মই আপোনালোকক আহ্বান জনাও যে শব্দ তালিকা ভাল হোৱা উচিত৷ আমি নিজৰ মাতৃভাষা বা অন্যান্য ভাষাৰ অভিধান অথবা মোবাই ফোনত যি অভিধান আছে, তাৰপৰা অতি কমেও ১০টা শব্দ আজি দিনটোৰ ভিতৰত আয়ত্ত কৰিম৷ প্ৰতিদিনে ১০টা প্ৰযুক্তিৰ ব্যৱহাৰ                                                            হ’লনে নাই? এই প্ৰযুক্তিক কিদৰে ব্যৱহাৰ কৰিব পৰা যায়, কেতিয়াবা এনেকুৱা নহওক যাতে পিতৃ-মাতৃয়ে কাজিয়া কৰি সেই কথাতে লাগি সমগ্ৰ দিন বন্ধুৰ সৈতে বহি, টেলিফোনত কথা পাতি থকা এনে পৰিস্থিতি ভাল নহয়৷

কোনোবা সময়ত ছ’চিয়েল নেটৱৰ্কিঙক বহু আৱশ্যক বুলি গণ্য কৰা হৈছিল৷ সদায় ১ ঘণ্টা, দুই ঘণ্টা আৱেলি সময় উলিয়াইছিল, কোনোবা অনুষ্ঠানলৈ যাও, বন্ধুৰ তালৈ যাওতে৷ পাই থাকো, কাৰণ জীৱনক সমাজত সৈতে যিমানে জড়িত কৰি ৰাখিব, সিমানে দুয়ো পক্ষৰ বাবে লাভজনক৷ এয়া স্বাভাৱিক ব্যৱস্থা৷ প্ৰযুক্তিৰ বাবে লাহে লাহে এই ব্যৱস্থা বিকৃতি হ’বলৈ ধৰিছে, এতিয়া সেই কাম হোৱাটএপে কৰি আছে৷ আগতে বন্ধুৰ জন্মদিন হ’লে, ৰাতিপুৱাই হৈ আচৰিত কৰি তুলি আনন্দ পাইছিলো৷ এতিয়া ৰাতি ১২ বজাতে প্ৰযুক্তিৰ জৰিয়তে বাৰ্তা প্ৰেৰণ কৰে, হোৱাটছএপ কৰে আৰু মই শুই থাকো৷ সেইবাবে এই প্ৰযুক্তিক আমি অতি মাত্ৰা ব্যৱহাৰ কৰিলেও ইয়াৰ গোলাম হ’বলৈ দিব নালাগে৷ আপোনালোকে নিজৰ জীৱন আগুৱাব লাগিব, প্ৰতিটো নতুন প্ৰযুক্তিৰ প্ৰতি ৰুচি থাকিব লাগিব, জানিব লাগিব, সময় উলিয়াই আনক সুবিধ লাগিব কি নতুন প্ৰযুক্তি আহিছে৷ এই ৰুচি শিক্ষাৰ্থীৰ জীৱনতে উন্নত কৰিব লাগিব৷ ইয়াৰ দ্বাৰা আপোনালোক বহুত লাভান্বিত হ’ব৷ মোৰ ব্যক্তিগত জীৱনত প্ৰযুক্তিৰ বাবে আগ্ৰহ আছে, কিন্তু প্ৰযুক্তি মই চলাব নোৱাৰো, কিন্তু জনাৰ আগ্ৰহ আছে৷ কাৰোবাৰ পৰা শুনি, পঢ়ি, বিমানতো মোৰ কাষত বহাসকলক সুধি লও৷ চৰকাৰী ব্যৱস্থাত সোমাই পৰাৰ পাছত এই সুবিধা পোৱা নাই৷ মই বিচাৰো আপোনালোকে প্ৰযুক্তিক আপোনালোকৰ জীৱনৰ বিকাশৰ এক লগৰী হিচাপে জড়িত কৰক৷ কিন্তু জীৱনৰ অংশ হ’বলৈ নিদিব৷ জীৱনৰ অংশ কৰাৰ বাবে আপোনালোকে নিশ্চয় দেখিছে, কোনো পৰিয়ালত তিনিজন লোক আছে, তিনিও তিনিটা চুকত বহি মোবাইলত ব্যস্ত হৈ থাকে৷

দুটা কাম আপোনালোকে কৰিব পাৰে৷ কৰিব নে?

কৰিম৷

মই কোৱাই নাই কি কৰিব৷ চাওক, এটা কাম আপোনালোকে জীৱনত সিদ্ধান্ত ল’ব যে প্ৰতিদিনে যেতিয়াই আজৰি হ’ব, অলপ সময় আপোনালোকে প্ৰযুক্তিৰ পৰা আঁতৰি থাকক৷ প্ৰযুক্তিমুক্ত সময়৷ কৰিব পাৰিব নে আপোনালোকে? মই মোৰ পৰিয়াল, বন্ধু, বাগিচা, ঘৰত থকা আনকি কুকুৰ, মেকুৰী, যিয়েই নহওক এক ঘণ্টা সময় প্ৰযুক্তিবিহীন ভাৱে কটাম৷ এনে কৰিব পাৰিব নে? যিবোৰ পৰিয়ালৰ দুই-তিনিটা কোঠা থাকে, তেওঁলোকে এটা কোঠা ঘৰত আলোচনা কৰি এনেদৰে সজাব, য’ত কোনো প্ৰযুক্তি নাথাকে৷ সেই কোঠালৈ যি যাব, তেওঁ কোনো প্ৰযুক্তি নিব নোৱাৰিব৷ আপোনালোকে কৰি চাওক জীৱনটো বহু নতুন অনুভৱ হ’ব৷ এফালে প্ৰযুক্তিৰ অতি মহত্ব দিছো, আনফালে, মানুহ যাতে ৰবট হৈ নাযায়, তাৰো চিন্তা কৰিছো৷ ইয়াৰ ভাৰসাম্য ৰক্ষাৰ কিছু কৌশল মই আপোনালোকক অৱগত কৰিলো৷

প্ৰস্তুতকৰ্তা-মান্যবৰ আপোনাক সান্নিধ্যত আমি সঁচাই আমাৰ জীৱনত সফলতা পাবলৈ সক্ষম হ’ম৷ আপোনাক ধন্যবাদ৷ সূৰ্যোদয়ৰ দেশৰ অৰুণাচলৰ জৱাহৰ নৱোদয় বি্দ্যালয়ৰ তাপি অকুৱে আপোনাক এটা প্ৰশ্ন সুধিব বিচাৰিছে৷ অকু প্ৰশ্নটো সুবিধ পাৰা৷

প্ৰশ্নকৰ্তাঃ মাননীয় প্ৰধানমন্ত্ৰী আপোনাক উষ্ম আদৰণি জনাইছো, সুৰ্যোদয়ৰ দেশ অৰুণাচল প্ৰদেশৰ পাপুমপাৰেৰ মই তাপি অকু, জৱাহৰ নৱোদয় বি্দ্যালয়ৰ দ্বাদশ শ্ৰেণীত পঢ়ি আছো৷ প্ৰধানমন্ত্ৰী ডাঙৰীয়া, আপুনি সংসদত অধিকাৰ আৰু কৰ্তব্যৰ সন্দৰ্ভত যি ভাষণ দিছিল, সেয়া মোৰ বহু পচন্দ হৈছিল৷ আপোনাৰ মতে দেশৰ নাগৰিকসকক কৰ্তব্যৰ বিষয়ে আমি কিদৰে সজাগ কৰি তুলিম? ধন্যবাদ৷

প্ৰস্তুতকৰ্তাঃ-ধন্যবাদ অকু৷ কেন্দ্ৰীয় বিদ্যালয়, চেন্নাইৰ শৈলেশ কুমাৰেও একে প্ৰশ্নই সুধিব বিচাৰিছে৷ তেওঁ ঐতিহ্যমণ্ডিত মন্দিৰৰ বাবে বিখ্যাত তামিলনাডুৰ একাশ শ্ৰেণীত পঢ়ি আছে৷ শৈলেশ তোমাৰ প্ৰশ্ন সোধা৷

প্ৰশ্নকৰ্তাঃ নমস্কাৰ মহাশয়, মোৰ নাম পি শৈলেশ কুমাৰ৷ মই চেন্নীই কেন্দ্ৰীয় বিদ্যালয়ৰ একাদশ শ্ৰেণীৰ ছাত্ৰ৷ মহাশয় এগৰাকী ছাত্ৰ হিচাপে মই কি কি দায়িত্ব আৰু কৰ্তব্য পালন কৰিম৷

প্ৰস্তুতকৰ্তাঃ ধন্যবাদ শৈলেশ৷ ইয়াৰ সৈতে সাদৃশ্য আন এক প্ৰশ্ন গুজৰাটৰ মহাৰাজা অগ্ৰসেন বিদ্যালয়ৰ গুনাশ্ৰী শমাই সুধিব বিচাৰিছে৷ গুনাশ্ৰী প্ৰশ্ন সুধিব পাৰা৷

প্ৰশ্নকৰ্তাঃ সুপ্ৰভাত৷ মোৰ নাম গুনাশ্ৰী শৰ্মা৷ দশম শ্ৰেণীৰ ছাত্ৰী৷ মই গুজৰাটৰ মহাৰাজা অগ্ৰসেন বিদ্যালয়ত পঢ়ো৷ মই চিভিকছত নাগৰিকৰ অধিকাৰ আৰু কৰ্তব্যৰ সন্দৰ্ভত পঢ়িছো৷ এই দুয়োটা ভিতৰত কোনটো অধিক গুৰুত্বপূৰ্ণ? ধন্যবাদ৷

প্ৰস্তুতকৰ্তাঃ ধন্যবাদ গুনাশ্ৰী৷ শ্ৰদ্ধাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই শৈলেশ, গুনাশ্ৰী আৰু অকুক নাগৰিক কৰ্তব্যৰ বিষয়ত সমাধান দিব৷

প্ৰধানমন্ত্ৰীঃ সৰ্বপ্ৰথমে এই প্ৰশ্নটো মোক অৰুণাচলৰ কন্যাগৰাকীয়ে সুধিছিল আৰু মই নিশ্চিতভাৱে ভাৱো যে অৰুণাচলৰ কন্যাগৰাকীৰ মইত এনে প্ৰশ্নই জাগিব৷ আপোনালোকে ভাবিব এনে কিয় হৈছে? আপোনালোকৰ মাজৰ কোনোবা অৰুণাচলপ্ৰদেশ গৈছে বুলি মই নাভাবো৷ এই দেশত অৰুণাচল প্ৰদেশ এনে এখন ৰাজ্য যি কাৰোবাক লগ পালে জয় হিন্দ বুলি আদৰণি জনাইছে, ভাৰতত এই ঘটনা বিৰল৷ আপোনাক যিয়েই লগ নাপাৱক কিয় জয় হিন্দ বুলি ক’ব আৰু ইয়াৰ কাৰণ হৈছে ১৯৬২ চনৰ পাছত অৰুণাচলৰ যি পৰিৱেশ গঢ়ি উঠিল, সেইদৰেই তেওঁলোকে নিজৰ ভাষাৰ বিপৰীতে দেশৰ ভিতৰত অধিক পৰিমাণে হিন্দী আৰু ইংৰাজী শিক্ষক গঢ় দিলে৷ মই আপোনালোকৰ কেতিয়াবা ছুটী পালে উত্তৰ-পূবলৈ ফুৰিবলৈ যাব৷

মই যেতিয়া আজি ইয়ালৈ আহিছো তেতিয়া বেলেগ বেলেগ শিশুৱে চিত্ৰাংকনসমূহৰ বিষয়ে কৈছে৷ কিন্তু তাৰলগতে এই কথাও জানি আনন্দিত হৈছে যে ল’ৰা-ছোৱালীসমূহে নিজৰ ভাষাৰ বিপৰীতে আন আন ভাষাত পৰিচয় দিছে৷ মহাৰাষ্ট্ৰৰ ল’ৰা-ছোৱালীয়ে উড়িয়া ভাষাত, ডেৰাদুনৰ সকলে মালায়ালাম ভাষাত চিনাকী দিছে৷ কিয়নো ‘এক ভাৰত শ্ৰেষ্ঠ ভাৰত’ৰ দিশত আমি কাম কৰি আছো৷ তাক লৈ এই শিশুসকলে যত্ন কৰিছে৷ মই আপোনালোক সকলোকে আহ্বান জনাও যে প্ৰথমে নিজৰ মাতৃভাষা, তাৰ পাছত ইংৰাজী, হিন্দী ভাষাৰ উপৰি আমাৰ দেশৰ যিকোনো এটা ভাষা আয়ত্ব কৰক, কৰিব লাগে৷ এতিয়া আহো কৰ্তব্যলৈ৷ অধিকাৰ আৰু কৰ্তব্যৰ বিষয়ে একেলগে ক’লে খেলিমেলি লাগি যায়৷ অৰ্থাৎ অধিকাৰ ব্যৱস্থা এক ব্যৱস্থা আৰু কৰ্তব্য আন এক ব্যৱস্থা৷ নহয় আমাৰ কৰ্তব্যতে সকলোৰে অধিকাৰ সমাহিত হৈ থাকে৷ যদি শিক্ষক হিচাপে কৰ্তব্য পালন কৰো, তেতিয়া হ’লে শিক্ষাৰ্থীৰ অধিকাৰ সুৰক্ষিত হয় নে নহয়? সেয়েহে অধিকাৰ আৰু কৰ্তব্যৰ মাজত বিবাদ নাথাকে৷

মাহাত্মা গান্ধীয়ে কৈছিল যে মুল অধিকাৰ নাথাকে, মুল হৈ কৰ্তব্য৷ আৰু যদি দায়বদ্ধতাৰে আমি নিজৰ কৰ্তব্য পালন কৰো, তেতিয়াহ’লে কোনো লোকে নিজৰ অধিকাৰৰ বাবে কেতিয়াও একো বিচাৰিবলগীয়া নহয়, কাৰণ তাতে অধিকাৰ সুৰক্ষিত হৈ থাকে৷ দ্বিতীয়তে কেতিয়াবা আমি কিবা দায়িত্ব পালন কৰো, যেনে পৰিয়ালৰ পিতৃ-মাতৃয়ে নিজৰ দায়িত্ব পালন কৰে, সন্তানে নিজৰ দায়িত্ব পালন কৰে৷ চুবুৰীয়া লোকেও নিজৰ দায়িত্ব পালন কৰে, কিন্তু ইমানেই যথেষ্ট নহয়৷ ইমান এখন বিশাল দেশ হিচাপে আমাৰ কেতবোৰ কৰ্তব্য আছে, যি আমি পালন কৰিব লাগে নে নালাগে? যেনেকৈ অহা ২০২০ত স্বাধীনতাৰ ৭৫সংখ্যক বৰ্ষপুৰ্তি হ’ব, আৰু ২০৪৭ত শতবৰ্ষ হ’ব৷ আপোনালোকে ভাৱিছেনে যেতিয়া স্বাধীনতাৰ ১০০ বছৰ সম্পূৰ্ণ হ’ব, তেতিয়া আপোনালোক ক’ত থাকিব৷ আপোনালোকে কিবা নহয় কিবা এটাত নেতৃত্ব দিব৷ নেতৃত্ব হাঁহি উঠান কথা নহয়, প্ৰতিটো ক্ষেত্ৰতে নেতৃত্ব থাকে, ক্ৰিকেট, কাবাডীৰ এগৰাকী অধিনায়কেও নেৃতত্ব প্ৰদান কৰে৷ কাৰখানাত কাম কৰা ২০০ শ্ৰমিকৰো নেতৃত্ব থাকে৷ অৰ্থাৎ এতিয়া দশম আৰু দ্বাদশ শ্ৰেণীত অধ্যয়ন কৰাসকলে সেইসময়ত দেশক নেতৃত্ব দিব৷ ইয়াৰ অৰ্থ হৈছে যে ২০২২ত স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণ হ’ব, এই দেশৰ বাবে একাংশ লোকে দেহপ্ৰাণ লগাই দিলে৷ ফাঁচীৰ কাঠত ওলমিলে৷ আন্দামান নিকোবৰৰ জে’লত জীৱন অতিবাহিত কৰিলে, কিহৰ বাবে, দেশৰ স্বাধীনতাৰ বাবে৷ স্বাধীনতা মানে পতাকাৰ সাল-সলনি, ইমানেই৷ আমি আত্ম-নিৰ্ভৰ হও, আত্ম-গৌৰৱ বৃদ্ধি পাওক, আমি আত্ম-সন্মানেৰে জীয়াই থাকো৷ মই ইয়াৰ বাবে কোনটো কৰ্তব্য পালন কৰিম, যিটোৱে এই ভাৱক শক্তিশালী কৰিব? সেই কৰ্তব্য মই পালন কৰিব লাগিব৷ যেনেকৈ মই সিদ্ধান্ত ল’ম যে ২০২২ত স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণ হ’ব, মই আৰু মোৰ পৰিয়ালত যি কিনিম, সেইবোৰ স্বদেশী সামগ্ৰী হওক, মেক ইন ইণ্ডিয়াৰ সামগ্ৰীহে ল’ম৷ আমাৰ দেশত নথকা সামগ্ৰীহে বাহিৰৰ কিনিম৷ মোক কওকচোন কৰ্তব্য হ’ল নে নাই, দেশৰ ভাল হ’ব নে নহয়? দেশৰ অৰ্থনীতি শক্তিশালী নহ’ব নে? যদি আমি ৰেডিমেড সামগ্ৰী লও, ফটকাও বাহিৰৰ পৰা আনি ধামাকা কৰিলে কি হ’ব৷

আপোনালোকে নিশ্চয় দেখিছে, বহু লোক আছে, যিসকলে স্বচ্ছতাক লৈ সজাগ৷ সেইবাবে সোনকালে শুই উঠে, গোটেই ঘৰ চাফাই কৰে৷ চাফাই কৰাৰ পাছত বাহিৰলৈ ওলাই চাই যে কাষৰ কোনোবা উঠিছে নেকি? যদি নুঠে, লাহেকে সেই জাৱৰখিনি বাটতে পেলাই দিয়ে৷ এতিয়া তেওঁ নিজৰ কৰ্তব্য পালন কৰিলে, কিন্তু দেশৰ হিতৰ বাবে কাম কৰিলে নে নকৰিলে৷ তাৰপাছত সিজন উঠি তাত জাৱৰ থোৱা দেখি পুনৰ তেওঁ তালে পেলাই দিব৷ এনেকৈ ইফাল-সিফাল হৈ থাকিব৷ বহু সৰু সৰু ঘটনা হৈ থাকে, ঘৰত যদি বিনা কাৰণত বিদ্যুৎ খৰচ নকৰো, পানী পৰিবলৈ নিদিও, টিকট নকটাকৈ যদি কেতিয়াও ৰে’ল যাত্ৰা নকৰো৷ এই কামবোৰ যদি আমি প্ৰতিগৰাকী ভাৰতীয়ই কৰো, তেতিয়া দেশ দ্ৰুতগতিত সলনি হৈ যাব৷ আজি কালি পাঠ্যক্ৰম সলনি হৈছে, আকাৰ বৃদ্ধি পাইছে৷ কিন্তু এগৰাকী নাগৰিক হিচাপে নিজৰ কৰ্তব্যক অগ্ৰাধিকাৰ দিয়ক৷ নিজৰ লগতে সমাজৰ বাবেও উপযোগী হ’ব৷ আজি-কালি দেখিছে নিশ্চয় নতুন প্ৰজন্মই বিমানবন্দৰত শাৰী পাতোতে নিয়ম ভংগ নকৰে আৰু আনে কৰিলেও সকলোৱে খং কৰে৷ সকলোৱে নিজৰ দায়িত্ব পালন কৰে৷ এই ব্যৱস্থা সমাজ জীৱনত যদি স্বভাৱত পৰিণত হয়, তেতিয়া হ’লে দেশৰ বহুত ভাল হ’ব৷

প্ৰস্তুতকৰ্তাঃ মাৰ্গদৰ্শনৰ বাবে প্ৰধানমন্ত্ৰী মহোদয়ক ধন্যবাদ জনাইছো৷ মাননীয় মহোদয়, অন্ধ্ৰপ্ৰদেশৰ জৱাহৰ নবোদয় বিদ্যালয়ৰ দশম শ্ৰেণীৰ চাৱেদে আপোনাক এটা প্ৰশ্ন সুধিব বিচাৰিছে৷ চাবেদ তোমাৰ প্ৰশ্ন সোধা৷

প্ৰশ্নকৰ্তাঃ নমস্কাৰ মোৰ নাম চাৱেদ পাৱাৰ৷ মই অন্ধ্ৰপ্ৰদেশৰ য়েটাপাকা জৱাহৰ নবোদয় বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰ৷ পৰীক্ষাৰ সময়ত পিতৃ-মাতৃ আৰু শিক্ষকৰ পৰা অহা হেঁচা আমি কেনেকৈ দূৰ কৰিম৷

প্ৰস্তুতকৰ্তাঃ ধন্যবাদ৷ জম্মু-কাশ্মীৰৰ চৰকাৰী বালিকা উচ্চতম মাধ্যমিক বিদ্যালয়ৰ একাদশ বৰ্ষৰ ছাত্ৰী কৰিশ্মাইও প্ৰধানমন্ত্ৰী মহোদয়ক এটা প্ৰশ্ন সুধিব বিচাৰিছে৷ কৰিশ্মা তোমাৰ প্ৰশ্নটো সোধা৷

প্ৰশ্নকৰ্তাঃ আদৰণীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া, মোৰ নাম কৰিশ্মা নেনা৷ মই জম্মু-কাশ্মীৰৰ চৰকাৰী বালিকা উচ্চতম মাধ্যমিক বিদ্যালয়ৰ একাদশ বৰ্ষৰ ছাত্ৰী৷ মই অহা বৰ্ষত বোৰ্ড পৰীক্ষাত অৱতীৰ্ণ হ’ম৷ মোৰ প্ৰশ্নটো হৈছে মোৰ পিতৃ-মাতৃৰ আশা যে মই ভাল নম্বৰ পাই উত্তীৰ্ণ হও৷ মহোদয় মই এই কাম কেনেকৈ কৰিম তাক লৈ চাপত পৰিছো৷ তাৰ পৰা কিদৰে মুক্ত হ’ম৷ ধন্যবাদ৷

প্ৰস্তুতকৰ্তাঃ ধন্যবাদ কৰিশ্মা৷ ইয়াৰ সৈতে সাদৃশ্য থকা আন এট প্ৰশ্ন সুধিব বিচাৰিছে চত্তীশগড় ভগৱানপুৰৰ ডিএবি মুখ্যমন্ত্ৰী চৰকাৰী বিদ্যালয়ৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰী ম’নিকা বেগাই৷ ম’নিকা তোমাক প্ৰশ্নটো সোধা৷

প্ৰশ্নকৰ্তাঃ মোৰ নাম ম’নিকা বেগা৷ মই চত্তীশগড় কোৰিয়া জিলা জনকপুৰৰ ডিএবি মুখ্যমন্ত্ৰী চৰকাৰী বিদ্যালয়ৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰী৷ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া অভিভাৱকে পৰীক্ষাৰ সময়ত সন্তানৰ প্ৰতি কেনেধৰণৰ আচৰণ কৰিব পাৰে, যাতে পৰীক্ষাৰ সময়ত কোনো সন্তান চাপত নপৰে৷ ধন্যবাদ৷

প্ৰস্তুতকৰ্তা-ধন্যবাদ মনিকা৷ মহোদয় কৰিশ্মা, চাৱেদ আৰু মনিকাৰ পৰীক্ষাৰ চাপ সম্বন্ধীয় সমস্যাৰ সমাধান কৰিবলৈ নিবেদন কৰিলো৷

প্ৰধানমন্ত্ৰী-এই প্ৰশ্ন আপোনালোকৰ বাবে নে পিতৃ-মাতৃৰ বাবে? আপোনালোকে ভাৱিছে যে যি কথা আপোনালোকে নিজৰ পিতৃ-মাতৃক ক’ব নোৱাৰো, সেয়া আজি মোদী জীয়ে শুনাই দিও৷ মই নিশ্চয় বিচাৰিম যে যি কথা মই ক’ও, কোনো পিতৃ-মাতৃ, অভিভাৱক চাপ দিয়া বাবে নহয়, মই কোনো হেঁতচা দিব নিবিচাৰো আৰু কোনো সন্তান এনে হোৱাটোও নিবিচাৰো, যি পিতৃ-মাতৃৰ বিৰুদ্ধে ওকালতি কৰাৰ অভ্যাস গঢ় লৈ উঠে৷

এই কথা সঁচা যে আমি যদি ষ্টীলৰ এডাল স্প্ৰীং টানো এটা নিৰ্দিষ্ট সীমালৈকে দীঘল হয়, তাতকৈ জোৰকৈ টানিলে সেইডাল তাঁৰ হৈ পৰিব৷ তাৰ পাছত সেই স্প্ৰীংডাল কিবা কামত আহিবনে? পিৃতৃ-মাতৃ, শিক্ষকে ভাৱিব লাগিব, তেওঁলোকে অনুমান কৰিব লাগিব যে যিগৰাকী শিক্ষাৰ্থী অথবা সন্তানৰ সৈতে আমি এনে ব্যৱহাৰ কৰিছো, তেওঁৰ সক্ষমতা কিমান? সেইবাবে পিতৃ-মাতৃসকলৰ প্ৰতি মোৰ এই পৰামৰ্শ যে আপোনালোক যিমান বয়সীয়াই নহওক কিয়, আপোনালোকৰ সন্তান যিমানেই ডাঙৰ নহওক কিয়, আপোনালোক সদায় নিজৰ বাবে সন্তানৰ বাবে নহয়, আপোনালোকে নিজৰ বাবে মনত এনে ভাৱ ৰাখিব, যেতিয়া আপোনালোকৰ সন্তানত, দুই, তিনি, চাৰি, বছৰীয়া আছিল, তেতিয়া পিতৃ-মাতৃ হিচাপে কেনে ব্যৱহাৰ কৰিছিল৷ আপোনালোকে ভাৱিছিল যে সন্তানে খোজ কাঢ়ক, তেতিয়া আগত ৰৈ আহা আহা বুলি মাতিছিল নহয় নে? সৰুতে দৌৰা, এইটো চোৱা ইত্যাদি কৈছিল৷ তেতিয়া কোনোবা দৌৰি নগ’লে জানো চাপ দিছিল? হাতত ধৰি লৈ যোৱা নাছিল নে? আপোনালোকে তেওঁলোকক মৰমেৰে প্ৰেৰিত কৰিছিল, উৎসাহিত কৰিছিল৷ আকৌ গৈ থাকোতে যেতিয়া পৰিছিল, তেতিয়া জানো তাক মাৰিছিল? বাঃ বাঃ সুন্দৰ ইত্যাদি কৰি পৰি যোৱাৰ পাছতো হাত চাপৰি হে বজাইছিল৷ অধিক বুদ্ধিমান লোকে ক’ব যে চোৱা মাকে সন্তান কৰি যোৱাৰ পাছতো হাত চাপৰি বজাই আছে৷ কিন্তু মাকে জানে যে এতিয়া গৈ থাকোতে পৰিছে, মই তাক উৎসাহ যোগাব লাগিব৷ মই পিতৃ-মাতৃসকলক কও যে আপোনালোকে সন্তান্ত যে ডাঙৰ হ’ল সেইটো মানি ল’ব, কিন্তু মনৰ ভিতৰত তেওঁক সেই সৰু ল’ৰাটোৰ দৰেই জ্ঞান কৰা স্বভাৱটো সদায় জীয়াই ৰাখিব৷ সন্তানে যি ভাল পায়, যি আয়ত্ব কৰিব বিচাৰে সেই ক্ষেত্ৰত উৎসাহ যোগাব লাগে, চাপ দিব নালাগে৷আহৰণ কৰা আৰু হেঁচা দিয়াৰ মাজত পাৰ্থক্য আছে৷ ইয়াৰ মাজত ভাৰসাম্য কেনেকৈ বজাই ৰাখিব তাৰ বাবে সন্তানসকলক আহ্বান জনাম আৰু পিতৃ-মাতৃকো আহ্বান জনাম যে কেতিয়াবা যাৰ লগতে সন্তানে সহজ অনুভৱ কৰে, সেয়া লাগিলে ককা-আইতা, পেহা-পেহী, শিক্ষক, তেওঁলোকক চাহ খাবলৈ মাতক৷ তেওঁলোকৰ লগত সন্তানক এৰি দি মুক্তমনে কথা পাতিবলৈ দিয়ক৷ পাছত পিতৃ-মাতৃয়ে তেওঁলোকৰ হোৱা কথা বতৰা জানি লৈ কি দিশত সন্তানে সমস্যাত ভুগিছে, সেইটো সমাধান কৰক৷ এই ব্যৱস্থা গঢ়ি তোলক৷ আগতে যুটীয়া পৰিয়াল আছিল আৰু এনে পৰিয়ালৰ সন্তান আগশাৰীৰ ৰাজনীতিবিদ হয়৷ যদি তেওঁ চিনেমা চাবলৈ যোৱাৰ ইচ্ছা কৰিলে দেউতাকে বাধা দিলেও আইতাক আহিব বুলি জানে৷ তেওঁ ভালদৰে জানে যে ঘৰত কাৰ লগত কি কৰিব লাগে৷ এই ক্ষমতা তেওঁৰ ভিতৰত থাকে৷ এইটো ঠিক যে মোদী জীয়ে কোৱা নাই বাবে মধ্যস্থতা কৰিব নালাগে বুলি কথা নাই৷ আপোনালোকে তাক জানি লওক, আৰু তেওঁক বুজাওক যে তোমাৰ এনে কৰাৰ সক্ষমতা আছে৷ তুমি কিয় ইয়াক প্ৰয়োগ কৰা নাই, যত্ন কৰা৷ যিমানে উৎসাহিত কৰিব, সিমানে ফল ভাল পাব; যিমানে চাপ দিব, সিমানে সমস্যাৰ সন্মুখীন হ’ব৷ এতিয়া পিতৃ-মাতৃ, শিক্ষকে সিদ্ধান্ত ল’ব যে আমি সমস্যাত ইন্ধন যোগাম নে তেওঁক উৎসাহিত কৰি তেওঁৰ শক্তিৰ পৰিৱৰ্তন কৰিব৷ মই সকলো শিক্ষৰ শক্তিক উসাহিত কৰাটো পোষকতা কৰো৷

প্ৰস্তুতকৰ্তাঃ এগৰাকী বন্ধু আৰু নিৰীক্ষক হোৱাৰ বাবে মাননীয় প্ৰধানমন্ত্ৰীক ধন্যাবাদ জনাইছো৷ আশা কৰো পিতৃ-মাতৃসকলে এই অনুষ্ঠানটো উপভোগ কৰি আছে৷ এইবাৰ ইউনেস্ক’ৰ ঐতিহ্যমণ্ডিত গুহাৰ চহৰ ঔৰংগবাদস্থিত জৱাহৰ নবোদয় বিদ্যালয়ৰ দ্বাদশ শ্ৰেণীৰ প্ৰেৰণা মনবৰে প্ৰধানমন্ত্ৰীক এটা প্ৰশ্ন সুধিব বিচাৰিছে৷ প্ৰেৰণা তোমাৰ প্ৰশ্নটো সোধা৷

প্ৰশ্নকৰ্তাঃ সুপ্ৰভাত মহাশয়, মোৰ নাম প্ৰেৰণা মনবৰ৷ মই মহাৰাষ্ট্ৰৰ ঔৰংগবাদস্থিত জৱাহৰ নবোদয় বিদ্যালয়ৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰী৷ মহাশয়, মোৰ প্ৰশ্নটো হৈছে, মোৰ পিতৃ-মাতৃয়ে মোক পুৱা সোনকালে উঠি পঢ়িবলৈ কয়, কিন্তু মই নিশাচৰ৷ কেতিয়াও পুৱা সোনকালে উঠিব নোৱাৰো৷ মই কি কৰিম মহাশয়? ধন্যবাদ৷

প্ৰস্তুতকৰ্তাঃ ধন্যবাদ প্ৰেৰণা৷ এনেধৰণৰ আন এক প্ৰশ্ন সুধিব বিচাৰিছে কেন্দ্ৰীয় শাসিত অঞ্চল, লাডাখৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ষ্টেনজিনে৷ ষ্টেনজিনে প্ৰশ্নটো সুধিব পাৰা৷

প্ৰশ্নকৰ্তাঃ সুপ্ৰভাত মহাশয়৷ মোৰ নাম ষ্টেনজিন৷ মই কেন্দ্ৰীয় শাসিত অঞ্চল, লেহ-লাডাখৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰ৷ মোৰ প্ৰশ্নটো হৈছে পঢ়াৰ বাবে উপযুক্ত সময় কোনটো? ব্ৰহ্মপুৱা নে নিশা দেৰিলৈকে পঢ়াটো৷ অনুগ্ৰহ কৰি জনাব৷

প্ৰস্তুতকৰ্তাঃ ষ্টেনজিন ধন্যবাদ৷ আন এক প্ৰশ্ন সুধিব বিচাৰিছে ত্ৰিপুৰাৰ জৱাহৰ নবোদয় বিদ্যালয়ৰ ছাত্ৰ শুভাশীষ চাকমাই৷ শুভাশীষ তোমাৰ প্ৰশ্নটো সোধা৷

প্ৰশ্নকৰ্তাঃ মাননীয় প্ৰধানমন্ত্ৰী মহোদয়৷ মই শ্বিলং মণ্ডলৰ অধীনস্ত জৱাহৰ নবোদয় বিদ্যালয়ৰ দ্বাদশ শ্ৰেণীত অধ্যয়নৰত শুভাশীষ চাকমা৷ মহাশয় মোৰ বাইদেৱে মোক সদায় দেৰিলৈকে পঢ়াৰ বাবে গালি পাৰে আৰু যাৰবাবে মই পুৱা সোনকালে শুই উঠিব নোৱাৰো৷ মহাশয়, মই বাৰু ভুল কৰিছো নেকি? এই সন্দৰ্ভত আপুনি কি ক’ব? ধন্যবাদ৷

প্ৰস্তুতকৰ্তাঃ ধন্যবাদ শুভাশীষ৷ মহাশয় প্ৰেৰণা, ষ্টেনজিন আৰু শুভাশীষে পঢ়াৰ সৰ্বোত্তম সময়ৰ বিষয়ে জনাব বিচাৰিছে৷

প্ৰধানমন্ত্ৰীঃ কিমান সৰল প্ৰশ্ন মোক সুধিছে৷ এই প্ৰশ্নৰ পৰা মোৰ মনত এটা ধাৰণা হৈছে৷ সেয়া হৈছে-এই প্ৰশ্নৰ জৰিয়তে পৰীক্ষা পে চৰ্চা কাৰ্যসূচী সফল হৈছে৷ ইয়াৰ দ্বাৰা এইটো জনা গৈছে যে আমাৰ শিক্ষকসকলে, শিক্ষা জগতৰ লোকসকলৰ বাবে আমাৰ নৱ প্ৰজন্মৰ এইধৰণৰ প্ৰশ্ন উত্তৰ দিবলৈ অপাৰগ হৈছে৷ মই আশা কৰো সকলো অভিভাৱক, শিক্ষক-শিক্ষয়িত্ৰীয়ে তেওঁলোকৰ শিক্ষাৰ্থীসকলৰ সৈতে এনে সম্পৰ্ক থাকিব লাগে, যাতে সৰু সৰু সমস্যাৰ কথাও তেওঁলোকে ক’ব পাৰে৷ যিমানে তেওঁলোকে খোলা-খুলিভাৱে ক’ব, সিমানে তেওঁলোকৰ সুস্থ বিকাশত কাম আহিব৷ মই নৱ প্ৰজন্মৰ সেই কেইজন বন্ধুক কৃতজ্ঞতা জনাইছো যে তেওঁলোকে অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন সুধিছে, কোনোবাই তেওঁলোকক ক’ব, সুবিধা পাইও তুমি সেইটো প্ৰশ্নহে সুধিলা নে৷ কিন্তু মই এইটোত গুৰুত্ব সহকাৰে লৈছো কিয়নো এই ল’ৰা-ছোৱালীকেইটাই মোক নিজৰ বুলি ভাবিছে আৰু যিটো কথা নিজৰ পিতৃ-মাতৃক সুধিব পাৰে, বায়েকক সুধিব পাৰে, সেইটো তেওঁলোকে মোক সুধিছে৷ এই আত্মীয়তাৰ আনন্দই সুকীয়া, যিটো আজি অনুভৱ কৰিছো৷ এতিয়া ইয়াৰ উত্তৰ দিবলৈ মই সমস্যাত পৰিছো৷ সমস্যা এইবাবেই যে ৰাতি সাৰ পাই থাকিবনে পুৱা সোনকালে উঠিব, সমস্যা তাতেই৷ এতিয়া মোৰা ৫০%হে কোৱাৰ অধিকাৰ আছে৷ ৫০শতাংশ এইবাবেই যে মই খু সোনকালে শুই উঠো আৰু ৫০শতাংশ অধিকাৰ এইবাবেই নাই কিয়নো মোৰ কৰ্তব্যৰ বাবে ৰাতি সোনকালে শুব নোৱাৰো৷ গতিকে যি কাম কৰো নিয়াৰিকৈ কৰো, আধাতে এৰি নিদিও৷ যিটো মই নকৰো, সেইটো আনক কৰাৰ নৈতিক অধিকাৰ মোৰ নাই৷ দিনটো আমি বিভিন্ন কাম লাগি থাকোতে মনটো ভাগৰুৱা হয়৷ সেয়েহে নিশাৰ ভাগৰ যদি পঢ়াৰ আগ্ৰহ প্ৰায় নাথাকে৷ দিনটোৰ ঘটনাক্ৰমে মনটোৰ ক্ৰিয়া কৰি থাকে৷ সেইবাবে নিশাৰ ভাগত ইমান গুৰুত্ব সহকাৰে পঢ়িব নোৱাৰে৷ ভাল টোপনি মৰাৰ পাছত পৰাপক্ষত সূৰ্যোদয়ৰ আগে আগে উঠি পঢ়িলে মনটো একেবাৰে সতেজ অনুভৱ হয়৷ যেনেকৈ বৰষুণৰ পাছত আকাশখন একেবাৰে পৰিস্কাৰ দেখা যায়, পুৱাৰ ভাগত মনটো তেনেকুৱাই লাগে৷ সেই সময়ত পঢ়িলে মনত বেছিকৈ ৰ’ব নে নৰয়৷ সেইবাবে সকলোৱে পুৱা সোনকালে শুই উঠাটোক প্ৰাধান্য দিয়ে৷ মই নাভাৱো যে এই ক্ষেত্ৰত অধিকাংশ শিক্ষাৰ্থীৰ কিবা সমস্যা আছে৷ অৱশ্যে এইটো ব্যক্তিগত কথা৷ যাৰ যেতিয়া উপযোগী হয়, তেতিয়াই পঢ়িব পাৰে৷ জোৰ জৱৰদস্তি কৰিলে ফলাফল ভাল নহ’ব৷ নিজৰ মাজতে বেয়া পোৱা ভাৱ জাগিব৷ এনেকুৱা হ’ব নালাগে৷ ধন্যবাদ৷

প্ৰস্তুতকৰ্তাঃ ধন্যবাদ প্ৰধানমন্ত্ৰী মহোদয়৷ আন এটা প্ৰশ্ন সুধিব বিচাৰিছে তাঞ্জানিয়াৰ ইণ্ডিয়ান স্কুল ডাৰ-ই ছালামৰ শ্বৈখা খানে৷ তোমাৰ প্ৰশ্নটো সোধা শ্বৈখা৷

প্ৰশ্নকৰ্তাঃ সুপ্ৰভাত মহাশয়, মই তাঞ্জানিয়াৰ ইণ্ডিয়ান স্কুল ডাৰ-ই ছালামৰ শ্বৈখা খান৷ মহাশয়, যেতিয়া প্ৰশ্ন কাকতখন হাতত পৰে, তেতিয়া কিবা সমস্যাই জুমুৰী দি ধৰে, এনে পৰিস্থিতিৰ পৰা কিদৰে মুক্তি পাম৷ ধন্যবাদ মহাশয়৷

প্ৰস্তুতকৰ্তাঃ মান্যবৰ, কেন্দ্ৰীয় বিদ্যালয়, চেক্টৰ-৪, আৰ কে পুৰম, নতুন দিল্লীৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰ শোভিত ৰষ্টোগীয়ে আপোনাক প্ৰশ্ন সুধিব বিচাৰিছে৷ শোভিত তোমাৰ প্ৰশ্নটো সোধা৷

প্ৰশ্নকৰ্তাঃ সুপ্ৰভাত মান্যবৰ৷ মই শোভিত, ৰষ্টোগী কেন্দ্ৰীয় বিদ্যালয়, চেক্টৰ-৪, আৰ কে পুৰম, নতুন দিল্লীৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰ৷ মই উত্তৰপ্ৰদেশৰ শ্বাহজহানপুৰ জিলাৰ নিবাসী৷ মোৰ প্ৰশ্ন এই যে যেতিয়া আমি পৰীক্ষা দিয়াৰ বাবে পৰীক্ষা হলত প্ৰৱোশ কৰো, তেতিয়া এনে লাগে যেন আমি প্ৰশ্নবোৰৰ উত্তৰ পাহৰিবলৈ ধৰিছো৷ তাৰ বাবে মনত চাপ পৰে৷ এই ক্ষেত্ৰত আপোনাৰ সহায় বিচাৰিলো৷

প্ৰস্তুতকৰ্তাঃ ধন্যবাদ শোভিত৷ মান্যবৰ শ্বৈখা আৰু শোভিতে পৰীক্ষাৰ সময়ত পাহৰি যোৱা সমস্যাত ভুগিছে৷ আমাৰ সকলোৰে এনে দশা হয়৷ অনুগ্ৰহ কৰি মাৰ্গদৰ্শন কৰক৷

প্ৰধানমন্ত্ৰী- আপুনি ঠিকেই সুধিছে৷ অধিকাংশ বিদ্যাৰ্থীৰ জীৱনলৈ এই ক্ষণ আহে৷ যেতিয়া পৰীক্ষা গৃহত বহে আৰু প্ৰশ্ন কাকতখন লক্ষ্য কৰে তেতিয়া এনে হয়৷ কিন্তু মই অলপ ধেমেলীয়া সুৰত কিছু কথা ক’ব বিচাৰিছো৷ আপোনালোকে দেখিছে যে আপোনালোকৰ দাদা অথবা পিতৃৰ যদি স্কুটাৰ আছিল আৰু পুৱাই উঠি সেই স্কুটাৰত কিক মাৰিবলগীয়া হৈছিল আৰু স্কুটাৰ তেতিয়াও ষ্টাৰ্ট হোৱা নাছিল, এনে দৃশ্য হয়তো আপোনালোকে দেখিছে৷ দেখিছে নে, নে সকলো গাড়ী থকা লোক? তেতিয়া কি হৈছিল, স্কুটাৰখন ইফালে-সিফালে হেলনীয়া কৰি লৈছিল৷ এতিয়া বিশ্বৰ কোনো প্ৰযুক্তিয়ে কোৱা নাই যে স্কুটাৰখন হেলনীয়া কৰিলেহে ষ্টাৰ্ট হয়৷ তেওঁৰ এনেকুৱা ভাব হৈছিল যে যদি মই এনে কৰিব পাৰো স্কুটাৰখনে নিজকে প্ৰস্তুত কৰি ল’ব৷ তাৰ পিছত তেওঁ কিক মাৰে আৰু স্কুটাৰখন ষ্টাৰ্ট হৈ পৰে৷ এই যে দুই মিনিট তেওঁ এনে কৰে, সেয়া বিজ্ঞানসন্মত নেকি? কিন্তু প্ৰায় অধিকাংশ লোকেই এনে কৰে৷ যিসকলে স্কুটাৰ চলাইছে তেওঁলোকে নিশ্চয়কৈ এনে কৰে৷ এয়া কোনো বিজ্ঞান নহয়, প্ৰযুক্তি নহয় তথাপিও কাম হৈ যায়৷ আপোনালোকে দেখিছে যে, টিভিত আজিকালি গেমছৰ বহু কাৰ্যসূচী সম্প্ৰচাৰ কৰা হয়, শিশুসকলে এয়া উপভোগ কৰে আৰু এয়া ভাল কথাও৷ কিন্তু আপোনালোকে দেখিছে যে টেনিছৰ খেলুৱৈসকলে, অথবা অলিম্পিকৰ খেলুৱৈসকলেও, তেওঁলোকে যেতিয়া টেনিছৰ টেবুলৰ কাষলৈ যায় তেতিয়া কি কৰে? সন্মুখত কোনো নাই তথাপিও এনেকুৱা-এনেকুৱা কৰে৷ কৰে নে নকৰে? এক দুই মিনিট তেনে কৰে, সন্মুখৰজনেও কৰে৷ বল নাই কিন্তু দুয়ো যেন খেলি আছে, তেনে কৰে৷ ঠিক সেইদৰে আপোনালোকে ক্ৰিকেটত দেখিছে যে যিমানেই সফল বেটছমেন নহওক কিয়, যেতিয়াই তেওঁ পেভিলিয়নৰ পৰা পিটচলৈ যায় তেতিয়া তেওঁ নিজৰ বেট লৰাই, এনেকুৱা কৰে যেন তেওঁ এতিয়াই বলটো মাৰিছে৷ কৰে নে নকৰে? তাত বল নাই, খেলো হোৱা নাই৷ যেতিয়া তেওঁ পিটছ পায় তেতিয়া নিজৰ বেট ঠিক কৰে, অলপ সময় ট্ৰাই কৰে৷ বল অহাই নাই, খেল আৰম্ভ হোৱাই নাই, তথাপিও তেওঁ তেনে কৰে৷ কিয়, ইয়াৰ জৰিয়তে তেওঁ কম্ফ’ৰ্ট জ’ন সন্ধান কৰে৷ ব’লাৰকো আপোনালোকে দেখা পাইছে, হাতত বল নাই, তথাপিও তেনে এনেকৈ বল কৰাৰ দৰে দৌৰে৷ এয়া কিয় কৰে? নিজকে এক কম্ফ’ৰ্ট জ’নলৈ অনাৰ বাবে চেষ্টা কৰে৷ আপোনালোকেও প্ৰশ্ন কাকত পোৱাৰ পিছত দেউতাৰ সেই স্কুটাৰখনত মনত পেলাই লওক৷ আপোনালোকেও- আচ্ছা ইমান, এনেকুৱা, ঠিক আছে, পেন ঠিকে আছে, দুই-আঢ়ৈ মিনিট এনেকৈ উলিয়াই লওক৷ অত্যাধিক চাপত এয়া আটাইতকৈ সৰল সমাধান৷ যদি এয়া কৰিলে, দ্বিতীয়তে আপোনালোকে ইমান চাপ লৈ পৰীক্ষা গৃহলৈ যায় তেতিয়া সেয়া সকলোবোৰ অসাৰ হৈ পৰে৷ আপোনালোকে বিশ্বাসৰ সৈতে যাব লাগিব, যিমানেই বিশ্বাসেৰে ভৰা আপোনালোকৰ মন হ’ব সিমানেই এয়া সহজ হৈ পৰিব৷ এনেকুৱা কোনো শিক্ষাৰ্থী নাই যাক শিক্ষকে এইদৰে কোৱা নাই যে দহটা প্ৰশ্নৰ উত্তৰ দিব লাগে, তোমাৰ ওচৰত ডেৰ ঘণ্টা আছে, এটা কাম কৰা, পোন প্ৰথমে সৰল প্ৰশ্নৰ উত্তৰসমূহ কৰি লোৱা৷ এনেকৈ শিকায় নে? এক, দুই, তিনি, চাৰি….এনেকৈ কোনেও নকৰে৷ ছয় নম্বৰ প্ৰশ্নটো ঠিক যেন লাগিলে প্ৰথমে সেইটোকেই কৰা যাতে পিছলৈ সময় পোৱা যায়৷ মই আপোনালোককো কম যে যদি প্ৰথমে আমি সৰল কামটোৰ পৰা আৰম্ভ কৰো তেন্তে তাৰ সৈতে আমি অভ্যস্ত হৈ পৰো৷ অভ্যস্ত হৈ পৰিলে আমি অতি সহজে কামসমূহ কৰিব পাৰো৷ আৰু সেইবাবে আত্মবিশ্বাস এক ডাঙৰ কথা৷ পৰীক্ষাক কেতিয়াও জীৱনৰ বোজা বুলি ভাবিব নালাগে৷ যদি এয়া কৰিব পৰা যায় তেন্তে মই ভাবো যে আৰম্ভণিতে যি দুই মিনিট পাৰ হয় সি হেৰাফেৰিৰ সৃষ্টি কৰে; দ্বিতীয়তে যদি ধ্যানকেন্দ্ৰিত হয় তেতিয়া কঠিনতাও কম হয়৷ কেতিয়াবা কেতিয়াবা এনে হয় যে মনটো ইফাল-সিফাল কৰিবলৈ ধৰে৷ এনে ভাৱ হয় যে কাষৰজনে কি কৰিছে, আচ্ছা, প্ৰথম প্ৰশ্নটো কৰিছে৷ কাষৰজনে কি কৰিছে সেয়া বাদ দিয়ক, আপুনি কি কৰিব তাৰ প্ৰতি ধ্যান দিয়ক৷ এক মিনিটতে আপোনাৰ গাড়ী চলিবলৈ ধৰিব৷ কোনো সমস্যা নহয়৷

প্ৰস্তুতকৰ্তা- ধন্যবাদ মহোদয়৷ আপোনাৰ প্ৰেৰণাদায়ী ভাষ্য আমাৰ বাবে প্ৰেৰণাৰ স্ৰোতস্বৰূপ৷ মাননীয় প্ৰধানমন্ত্ৰী মহোদয়, বাৰাণসীৰ চেণ্ট্ৰেল হিন্দু বয়জ স্কুলৰ দ্বাদশ শ্ৰেণীৰ বিজ্ঞানৰ ছাত্ৰ অভিষেক কুমাৰ গুপ্তা আমাৰ মাজত আছে আৰু অভিষেকে আপোনাৰ পৰা নিজৰ প্ৰশ্নৰ উত্তৰ বিচাৰিছে৷ অভিষেক কুমাৰ গুপ্তা, আপোনাৰ প্ৰশ্ন সোধক৷

প্ৰশ্নকৰ্তা- নমস্কাৰ, মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া৷ মোৰ নাম অভিষেক কুমাৰ গুপ্তা আৰু মই চেণ্ট্ৰেল হিন্দু বয়জ স্কুল, বাৰাণসীৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰ৷ মই আপোনাক সুধিব বিচাৰিছো যে মই আৰু মোৰ সহপাঠী কিছুমানৰ নিজৰ দক্ষতাৰ বিষয়ত কেৰিয়াৰ বিকল্পৰ বিষয়ে স্পষ্ট নহয়৷ যেতিয়া এই বিষয়ে চিন্তা কৰো তেতিয়া ভাবি নাপাও কি কৰো৷ পঢ়া শুনাতটো আমি ভালেই..কিন্তু ভৱিষ্যতক লৈ এতিয়ালৈ একো পৰিকল্পনা কৰিব পৰা নাই৷ অনুগ্ৰহ কৰি পথ প্ৰদৰ্শন কৰক৷ ধন্যবাদ৷

প্ৰস্তুতকৰ্তা- ধন্যবাদ অভিষেক৷ মহোদয়, এই প্ৰশ্নৰ সৈতে সাদৃশ্য থকা আন এটা প্ৰশ্ন আছে৷ এই শৃংখলাত এতিয়া আমাৰ সৈতে জড়িত হৈছে নবোদয় বিদ্যালয়ৰ একাদশ শ্ৰেণীৰ ছাত্ৰী জুলী সাগৰ যি মাননীয় প্ৰধানমন্ত্ৰী মহোদয়ক প্ৰশ্ন সুধিবলৈ উৎসুক হৈ পৰিছে৷ আমি ভিডিঅ’টো চাব পাৰোনে?

প্ৰশ্নকৰ্তা- নমস্কাৰ৷ মোৰ নাম জুলী সাগৰ, মই বিহাৰৰ জবাহৰ নবোদয় বিদ্যালয়ৰ ছাত্ৰী৷ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া, মই আপোনাৰ পৰা জানিবলৈ বিচাৰিছো যে শিক্ষাৰ্থীসকলৰ মাজত লুকাই থকা দক্ষতাসমূহ কিদৰে উদ্ভাসিত কৰিব পাৰি? ধন্যবাদ মহোদয়৷

প্ৰস্তুতকৰ্তা- ধন্যবাদ জুলী৷ মহোদয় কেৰালাৰ কাৰ্মেল পাব্লিক স্কুলৰ নৱম শ্ৰেণীৰ ছাত্ৰী আইৰিন ডমিনিকে আপোনাৰ পৰা পৰামৰ্শ বিচাৰিছে৷ আইৰিন, আপোনাৰ প্ৰশ্ন সোধক৷

প্ৰশ্নকৰ্তা- শুভ সন্ধিয়া মাননীয় প্ৰধানমন্ত্ৰী মহোদয়৷ মই কেৰালাৰ কাৰ্মেল পাব্লিক স্কুলৰ নৱম শ্ৰেণীৰ ছাত্ৰী৷ মোৰ প্ৰশ্নটো হ’ল কিদৰে আমি আমাৰ অন্তঃৱৰ্তী সম্ভাৱনীয়তা অনুধাৱন কৰি উপযুক্ত কেৰিয়াৰ কিদৰে বাচনি কৰিব পাৰো৷ আমাৰ পথ প্ৰদৰ্শিত কৰক মহোদয়৷ ধন্যবাদ৷

প্ৰস্তুতকৰ্তা- ধন্যবাদ আইৰিন৷ মাননীয় মহোদয়, জুলী, অভিষেক আৰু আইৰিনে নিজৰ প্ৰতিভা তথা জীৱনৰ লক্ষ্যৰ বিষয়ে মাৰ্গদৰ্শন বিচাৰিছে৷ অনুগ্ৰহ কৰি কৃতাৰ্থ কৰক৷

প্ৰধানমন্ত্ৰী- আপোনালোকৰ প্ৰশ্নটো কঠিন কিয়নো নিজকে জনাটোৱেই হ’ল আটাইতকৈ কঠিন কাম৷ মোৰ এটা পুৰণি ঘটনা মনত পৰিছে৷ এবাৰ লায়ন্স ক্লাবৰ পৰা মোক ভাষণ দিবলৈ মাতিছিল৷ এয়া প্ৰায় ৪০ বছৰীয়া পুৰণি ঘটনা৷ মই সেই কাৰ্যসূচীৰ বক্তা আছিলো৷ আৰু এজন চাৰ্টাৰ্ড একাউণ্ট সেই কাৰ্যসূচীৰ অধ্যক্ষ আছিল৷ তেওঁলৈও নিজৰ পৰিচয় প্ৰদানৰ কৰাৰ বাবে চিঠি এখন পঠিওৱা হৈছিল৷ তেতিয়া তেওঁ দহ পৃষ্ঠাৰ এখন বায়ডাটা পঠাই দিলে৷ মোলৈ অহাত মই এখন পোষ্টকাৰ্ডত এইদৰে লিখিলো যে মই নিজকৈ জানিবলৈ চেষ্টা কৰি আছো, সেয়ে এতিয়া একো লিখিব নোৱাৰিম৷ মজাৰ কথা এয়েই যে সেই ব্যক্তিজনৰ পৰিচয় পঢ়াৰ বাবে দহ মিনিটৰ সময়ৰ প্ৰয়োজন হ’ল আৰু মোৰ পৰিচয় পঢ়াৰ বাবে দহ ছেকেণ্ডো নালাগিল৷ এয়া সত্য যে নিজকে জনাটো অতিশয় কঠিন কাম৷ কিন্তু জনাৰ এটা প্ৰক্ৰিয়া আছে৷ জনাৰ প্ৰক্ৰিয়াটো এয়েই যে যেতিয়া আমি নিজকে স্বাচ্ছন্দ্যময় অৱস্থানৰ পৰা বাহিৰলৈ উলিয়াই, সুৰক্ষ্মাত্মক আৱেষ্টনীৰ পৰা বাহিৰলৈ উলিয়াই আনো আৰু নিজকে প্ৰত্যাহ্বানমূলক অৱস্থানত ৰাখো তেতিয়া গম পোৱা যায় মই এই কামটো কৰিব পাৰিম নে নোৱাৰিম৷ এই কামটো কৰাৰ মোৰ ক্ষমতা আছে নে নাই৷ দ্বিতীয়তে আমি এয়া ভাবিব পাৰো যে এপ্তাহ ধৰি প্ৰত্যক্ষ কৰিব পাৰো৷ যদি আমি এখন ডায়েৰী প্ৰস্তুত কৰো যে এই সপ্তাহত আমি কোনটো কাম কৰিলো৷ তাৰ পিছত চাম যে কোনটো কাম কৰি অধিক আনন্দ পালো আৰু কোনটোত কম আনন্দ পালো৷ আচ্ছা, এটা কামত এনেয়ে সময় অপব্যয় কৰিলো৷ যদি আপুনি গোটেই বৰ্ষটো তেনে কৰে তেন্তে আপুনি নিজেই গম পাব যে আপোনাৰ কি বিষয়ত দক্ষতা আছে, কি কাম কৰি আপোনাৰ ভাল লাগে আৰু কোনটো কামত আপোনাক আনৰ সহায় নালাগে৷ অলপ আগেয়ে আপোনালোকে দেখিছে যে আজি মই আমাৰ বিভাগৰ লোকক ধন্যবাদ জ্ঞাপন কৰিছো৷ কিয়নো তেওঁলোকে বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ সৈতে এই কাৰ্যসূচী অনুষ্ঠিত কৰাৰ অৱকাশ প্ৰদান কৰিছে আৰু অতি সুন্দৰকৈ এই অনুষ্ঠান পৰিচালনা কৰিছে৷ এতিয়া এইটো সম্ভাৱনা হ’ব পাৰে যে তেওঁলোকৰ কাৰোবাজনৰ মনলৈ এই ভাৱটো আহিব যে এই কাম তেওঁ কৰিব পাৰে৷ অৰ্থাৎ তেওঁ এটা অৱকাশ লাভ কৰিলে নিজকে প্ৰস্তুত কৰিবলৈ৷ এতিয়া তেওঁৰ মনত এই আত্মবিশ্বাসৰ সৃষ্টি হ’ব যে তেওঁৰ ভিতৰতো দক্ষতা আছে৷ হ’ব নে নহ’ব? এই কাৰ্যসূচীৰ পূৰ্বে তেওঁ হয়তো এয়া ভবা নাছিল যে তেওঁ এই কাম কৰিব পাৰিব৷ কিন্তু আজিৰ পিছত তেওঁ নিশ্চয় এইটো চিন্তা কৰিব যে তেওঁও কৰিব পাৰে৷ হ’ব পাৰে, তেওঁ ইয়াক পেছা হিচাপে ল’ব পাৰে, আপোনালোকে লক্ষ্য কৰে যদি দেখিব তেওঁ পঞ্চাশটা বস্তু পঢ়িব, বিভিন্ন সাহিত্যৰ নোট প্ৰস্তুত কৰিব আৰু চিন্তা কৰিব যে তেওঁ সেই দিশলৈ যোৱাটো আৱশ্যক হয় নে নহয়, এইটো প্ৰস্তুতি কৰিব নে নকৰে? অৰ্থাৎ তেওঁ নিজৰ সামৰ্থৰ বিষয়ে অনুধাৱন কৰিব পাৰিলে নে নোৱাৰিলে? আপোনালোকৰ জীৱনতো এনে বহু অৱকাশ আহিব যেতিয়া আপুনি এই সুযোগ ব্যৱহাৰ কৰিব পাৰিব৷ যদি তাত আপুনি সফলতাৰ গোন্ধ পায়, তেন্তে সেয়া বিকশিত কৰিব লাগে, আগুৱাই নিব লাগে৷ যদি আপুনি এয়া কৰিব পাৰে, সৰলতাৰে কৰিব পাৰে তেন্তে আপুনি নিজকে জানিব পাৰিব৷ দ্বিতীয়তে কেৰিয়াৰৰ এক নিজা গুৰুত্ব থাকে৷ প্ৰত্যেকই সাধু অথবা ফকীৰ হ’ব নোৱাৰে, সকলোৱে নিজৰ কোনোবাটো নহয় কোনোবাটো দায়িত্ব পালন কৰিব লাগে আৰু এই দায়িত্ব উত্তমভাৱে পালন কৰি আমি দেশৰ উত্তম সেৱা কৰিব পাৰো৷ আৰু সেইবাবে জীৱনত কেৰিয়াৰৰ মহত্ব সিমানেই গুৰুত্বপূৰ্ণ, কিন্তু কোনোবাই এইটো কৰিছে সেয়ে এয়া ভাল আৰু মইও তেনে কৰো- এনে কৰিলে নিৰাশাৰ সন্মুখীন হোৱাটো স্বাভাৱিক৷ কিন্তু মোৰ মনত শক্তি আছে; এতিয়া আপুনি চাব পাৰে, কোনো পিতৃ-মাতৃক যদি শিশুৱে কয় যে তেওঁ খাদ্য প্ৰস্তুত কৰি ভাল পায়- সন্তান যদি পাকঘৰলৈ গৈ চায় মাকে কিদৰে খাদ্য প্ৰস্তুত কৰিছে, তেতিয়া মাকৰ প্ৰথমে ভালেই লাগে যে সন্তানে সহায় কৰিবলৈ আহিছে৷ পিছলৈ মাক আচৰিত হ’ব- আৰে এয়া তোমাৰ কাম নহয়, যোৱা পঢ়া-শুনা কৰাগৈ৷ তুমি পাকঘৰলৈ আহিব নোৱাৰা৷ কিন্তু যেতিয়া সেই সন্তান ডাঙৰ হৈ পৰিশ্ৰম কৰি ডাঙৰ শ্বেফ হ’ব তেতিয়া সেই মাকেই ক’ব যে সৰুৰে পৰাই মই তাক শিক্ষা দি আহিছিলো৷

কোনো কাম বেয়া নহয়৷ এয়া সত্য যে সেই শিশুকালছোৱাত সহপাঠীসকলে হয়তো ক’ব যে ইমান সময় পাকঘৰত সোমাই থাকে, কিন্তু এয়া হ’ব পাৰে যে সেই সৰু ৰুচিয়েই গৈ এসময়ত তেওঁৰ জীৱনলৈ পৰিৱৰ্তন আনিব পাৰে৷ আৰু এনে হ’ব পাৰে যে সামাজিক দায়ৱদ্ধতাৰ জৰিয়তে তেওঁ পুষ্টিৰ ক্ষেত্ৰতো কাম কৰিব পাৰে, শিশুসকলে কি খাদ্য খাব লাগে, কেনেকৈ ৰান্ধিব লাগে, এইসমূহ ভাৱনাৰ জৰিয়তে তেওঁ সামাজিক দায়িত্বও পালন কৰিব পাৰে৷

দ্বিতীয়তে- পৰীক্ষা সাহসেৰে দিব লাগে৷ পৰীক্ষাৰ চাপ থাকিব নালাগে, ভয় খাব নালাগে৷ নিজকে বান্ধি ৰাখিব লাগে৷ জীৱনত এটা দুটা প্ৰৱেশ পৰীক্ষা থাকি গ’লে কি হ’ব, লক্ষাধিক লোকে দিয়ে, কিছুমান লোক থাকি যায়৷ ইমান চিন্তিত হোৱাৰ প্ৰয়োজন নাই৷ আমি যদি ভয়ৰ বাবে খোজ নেপেলাও তেন্তে ইয়াতকৈ ডাঙৰ কথা একো হ’ব নোৱাৰে৷ আমাৰ মানসিক স্থিতি এনে হ’ব লাগে যে যিকোনো পৰিস্থিতিতে আমি আগুৱাই যোৱাৰ প্ৰয়াস কৰিব লাগে৷ এবাৰ বিফল হ’লে তাৰে পৰা আমি শিকিব পাৰি, দ্বিতীয় বাৰ কৰিম৷ এই ভাৱনাই বিদ্যাৰ্থীসকলৰ জীৱনতো হ’ব লাগে৷ আৰু বিদ্যাৰ্থীসকলৰ জীৱন কেৱল এটা সময়তেই সীমাৱদ্ধ নহয়৷ ২৪ বছৰ হৈ গ’ল, ২৫ বছৰ হৈ গ’ল, এনে নহয়, সমগ্ৰ জীৱন কালছোৱা বিদ্যাৰ্থী সত্বাক জীয়াই ৰাখিব লাগে৷ জীৱন উদযাপন কৰাৰ এয়াই উত্তম মাৰ্গ, নতুন কথা শিকা, নতুন কথা জনা, নতুনৰ সৈতে পৰিচয় হোৱা৷

প্ৰস্তুতকৰ্তা- ধন্যবাদ, মাননীয় প্ৰধানমন্ত্ৰী আপোনাৰ পথ প্ৰদৰ্শনৰ বাবে৷ খনিজ সম্পদেৰে সমৃদ্ধ ৰাজ্য, মনোৰম পৰ্যটনস্থল, ঝাৰখণ্ডৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰী নিশা অগ্ৰৱালে প্ৰধানমন্ত্ৰী মহোদয়ক নিজৰ প্ৰশ্ন সুধিব বিচাৰিছে৷

প্ৰশ্নকৰ্তা- মই নিশা অগ্ৰৱাল, দ্বাদশ শ্ৰেণী, স্মৃতি বিদ্যা মন্দিৰ, ঘাটশিলা ঝাৰখণ্ডৰ ছাত্ৰী৷ মই মাননীয় প্ৰধানমন্ত্ৰী মহোদয়ক এটা প্ৰশ্ন সুধিবলৈ বিচাৰিছো যে ব’ৰ্ডৰ পৰীক্ষা আহি আছে, লগতে ইউপিএছচি, জেইই আৰু পিএমটিৰ দৰে প্ৰশ্নসমূহৰ বিষয়েও চিন্তা কৰি আছো৷ কিন্তু এই পৰীক্ষাসমূহত কেতিয়াবা কেতিয়াবা সফলতা প্ৰাপ্ত নহয়৷ অনুগ্ৰহ কৰি এই বিষয়ে পথ প্ৰদৰ্শিত কৰক৷ ধন্যবাদ৷

প্ৰস্তুতকৰ্তা- ধন্যবাদ নিশা৷ মান্যবৰ, আপোনাৰ প্ৰতি আমি অশেষ কৃতজ্ঞ যে আমাৰ মনৰ অনেক প্ৰশ্নৰ উত্তৰ আপুনি প্ৰদান কৰিলে৷ আপোনাৰ দৰে দূৰদ্ৰষ্টা প্ৰধানমন্ত্ৰীৰ কথা শুনি থাকিলে মনেই নভৰে৷ আপোনাৰ অমূল্য সময়ৰাজিৰ প্ৰতি লক্ষ্য ৰাখি পৰীক্ষা পে চৰ্চা-২০২০ৰ অন্তিম প্ৰশ্নৰ বাবে মই আমন্ত্ৰিত কৰিছো পাঁচখন নদীৰ দেশ, গুৰুভূমি পাঞ্জাৱৰ জিজিএছচি মালুকা ভাথিণ্ডাৰ হৰদ্বীপ কৌৰ, দ্বাদশ শ্ৰেণীৰ ছাত্ৰী, যিয়ে মাননীয় প্ৰধানমন্ত্ৰীৰ পৰা নিজৰ প্ৰশ্নৰ সমাধান বিচাৰিছে৷ হৰদ্বীপ, আপোনাৰ প্ৰশ্ন সোধক৷

প্ৰশ্নকৰ্তা- নমস্কাৰ৷ মই হৰদ্বীপ কৌৰ, গৱৰ্ণমেণ্ট ছিনিয়ৰ চেকেণ্ডেৰী স্কুল, মালুকা, দ্বাদশ শ্ৰেণীৰ ছাত্ৰী, পাঞ্জাৱৰ বাসিন্দা৷ মহোদয় মই ব’ৰ্ডৰ পৰীক্ষাত ভাল ফলাফল কৰিব পাৰো কিন্তু যেতিয়াই প্ৰতিদ্বন্ধিতামূলক পৰীক্ষাৰ কথা আহে তেতিয়া মই চিন্তিত হৈ পৰো, ভয় খাও৷ এই বিষয়ত মই আপোনাৰ পৰা সঁহাৰি বিচাৰিছো৷ ধন্যবাদ৷

প্ৰস্তুতকৰ্তা- ধন্যবাদ হৰদ্বীপ৷ মহোদয়, হৰদ্বীপ আৰু নিশাৰ জিজ্ঞাসা নিৰসন কৰক৷

প্ৰধানমন্ত্ৰী- নমস্কাৰ৷ মই আপোনালোকক এইবাবে কোৱা নাই যে এগজাম ৱাৰিয়ৰ্ছ কিতাপখন মই লিখিছো, এই কিতাপখন প্ৰকৃততে মোৰ নহয়, এইখন আপোনালোকৰ দ্বাৰাই ধীৰে-ধীৰে সম্প্ৰসাৰিত হ’বলৈ ধৰিছে, নতুন নতুন পৃষ্ঠা সংযোজিত হ’বলৈ ধৰিছে৷ আপোনালোকে সেইখন দুবাৰ পঢ়ক৷ অহা দুই-তিনি দিনৰ ভিতৰত দুবাৰ পঢ়ক৷ আপোনালোকৰ মনত এই প্ৰশ্নৰ উদয় নহ’ব যে যে দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল ভাল হোৱা স্বত্বেও সন্মুখৰ পৰীক্ষাসমূহৰ বাবে কিয় চাপৰ সৃষ্টি হয়? এই চাপ কিহৰ বাবে? এই চাপ পৰীক্ষাৰ বাবে নহয়৷ এই যি চাপ আপুনি অনুভৱ কৰিছে, যাক আপোনালোকে পৰীক্ষাৰ চাপ বুলি কয় সেয়া প্ৰকৃততে আপোনালোকৰ মনত লক্ষ্যৰ সৈতে জড়িত হোৱা এক আকাংক্ষাহে৷ যদি মই বিফল হও তেন্তে সকলো দুৱাৰ বন্ধ হৈ পৰিব৷ আপোনাক পৰীক্ষাৰ সফলতাৰ চিন্তাই আমনি কৰা নাই, আপুনি নিজকে এক কেৰিয়াৰ যি বাচনি কৰি লৈছে যে মই এয়া হ’ব লাগিব, এয়া হোৱাৰ বাবে এয়াই পথ, এই পথত যদি আগুৱাব নোৱাৰো তেন্তে জীৱনত মই ব্যৰ্থ হৈ পৰিম, এয়াই হ’ল আপোনাৰ চিন্তা৷ যদি আপুনি এগজাম ৱাৰিয়ৰ্ছ পঢ়ে তেন্তে ইয়াৰ অতিশয় সৰল উত্তৰ আছে৷ যে আপুনি, মই সদায়েই, মোৰ জীৱনৰ বাবে সদায়েই কও যে আমি কেতিয়াও কিবা এটা হ’বলৈ সপোন পুহিব নালাগে৷ কিবা এটা হোৱাৰ সপোনে প্ৰতি পলে নিৰাশাৰ সম্ভাৱনা জগাই তোলে৷ কিন্তু কিবা এটা কৰাৰ সপোন যদি দেখে তেন্তে তাক ভালকৈ কৰাৰ ইচ্ছা জাগ্ৰত হ’ব৷ আৰু সেইবাবে জীৱনত কিবা এটা হোৱাৰ সপোনৰ সৈতে জড়িত হোৱাৰ পৰিৱৰ্তে কিবা এটা কৰাৰ সপোনৰ সৈতে জড়িত হোৱা আৱশ্যক৷ যদি কিবা এটা কৰাৰ সপোনৰ সৈতে জড়িত হ’ব পাৰে তেতিয়া পৰীক্ষাৰ এই চাপ কেতিয়াও নাথাকে৷ এয়া কেৱল এখন খিৰিকী বা দুৱাৰ যি আগলৈ যোৱাৰ বাবে পথ মুকলি কৰিছে, কিন্তু আগলৈ গৈ কেৱল এটাই পথ নহয়, অনেক পথ আছে, অনেক ক্ষেত্ৰ আছে৷ সমগ্ৰ বিশ্বই মোৰ এই সামৰ্থক স্বীকাৰ কৰাৰ বাবে প্ৰস্তুত হৈছে, যদি এই মনোভাৱৰ উদয় হয় তেন্তে মোৰ বিশ্বাস যে আপুনি এই চাপৰ সন্মুখীন হ’বলগীয়া নহয়৷

মই পুনৰবাৰ মানৱ সম্পদ বিকাশ মন্ত্ৰালয়ক হৃদয়েৰে অভিনন্দন জনাইছো৷ সমগ্ৰ দেশৰ বিদ্যালয়সমূহক ধন্যবাদ জ্ঞাপন কৰিছো, বিশেষকৈ সকলো শিক্ষকক ধন্যবাদ জ্ঞাপন কৰিছো, মই সকলো অভিভাৱকক ধন্যবাদ জ্ঞাপন কৰিছো কিয়নো তেওঁলোকে নিৰন্তৰে এই পৰীক্ষা পে চৰ্চা শীৰ্ষক কাৰ্যসূচীক সফল কৰি তুলিবলৈ অশেষ সহায় কৰিছে৷ ইয়াক আগুৱাই লৈ গৈছে আৰু ভাৰতবৰ্ষৰ সকলো ৰাজ্যই এক ইতিবাচক ভাৱনাকে ইয়াৰ সৈতে জড়িত হৈছে৷

আপোনালোক সকলোৱে যেতিয়া ইয়ালৈ আহিছিলে, মোৰ সন্মুখত যেন এক নতুন ভাৰতে থিয় দিছে৷ ভাৰতবৰ্ষৰ প্ৰতিটো প্ৰান্তৰ পৰা শিশুসকল ইয়ালৈ আহিছে৷ ভাৰতে যেতিয়া স্বাধীনতাৰ শতাব্দী পালন কৰিব, তেতিয়া নেতৃত্ব আপোনালোকৰ হাতত হ’ব, এনে লোকসকল মোৰ সন্মুখত আজি থিয় দিছে৷ আৰু আজিৰ পৰা ৩০-৪০ বছৰৰ পিছত যেতিয়া আপোনালোকে সফলতাৰ জখলাত আৰোহণ কৰিব আৰু যদি মই জীয়াই থাকো আৰু কৰ’বাত লগ পাও, তেন্তে মই গৰ্বেৰে ক’ম যে আজি যি এই প্ৰণালীৰ নেতৃত্ববহন কৰিছে, এই পৰিস্থিতি পৰিৱৰ্তনৰ বাবে কাম কৰি আছে, এই গৱেষণাগাৰৰ ভিতৰত নতুন নতুন সামগ্ৰী উদ্ভাৱন কৰি বিশ্বক প্ৰদান কৰিছে, এওঁলোকক ২০২০ চনৰ ২০ তাৰিখে মই দৰ্শন কৰাৰ সৌভাগ্য লাভ কৰিছিলো৷ মোৰ জীৱনত ইয়াতকৈ সন্তোষৰ কথা কি হ’ব পাৰে৷

এই সন্তোষ আৰু বিশ্বাসৰ সৈতে- পৰীক্ষাই জীৱন নহয়, জীৱনত পৰীক্ষা এটা পৰ্যায় হে৷ ইয়াৰ দ্বাৰা চাপত আক্ৰান্ত নহৈ আৰু আজি দেশৰ লক্ষাধিক শৈক্ষিক প্ৰতিষ্ঠান, কোটি কোটি শিশু আৰু বিশ্বৰো বিভিন্ন প্ৰান্তৰ শিশুৱে ইণ্টাৰনেটৰ জৰিয়তে, প্ৰযুক্তিৰ জৰিয়তে এই কাৰ্যসূচীৰ সৈতে জড়িত হৈছে, মই তেওঁলোককো ক’ব বিচাৰিম যে আপোনালোকৰ পুৰুষাৰ্থ আৰু পৰিশ্ৰমৰ দ্বাৰা আগবাঢ়ক, আপোনালোক সকলোলৈ অনেক শুভকামনা থাকিল৷

আপোনালোকৰ বহু শিশুৱে যিসকলে প্ৰশ্ন সোধাৰ সুযোগ নাপালে, মই তেওঁলোকৰ পৰা ক্ষমা বিচাৰিছো, সময়ৰ সীমাৱদ্ধতাৰ বাবে এয়া সম্ভৱ নহ’ল৷ কিন্তু আপোনালোকৰ ভাৱনা মই বুজো, মই আপোনালোকৰ প্ৰশ্ন পঢ়ো আৰু প্ৰতিটো পল আপোনালোকৰ সৈতে জড়িত হৈ থকাৰ চেষ্টা কৰো, আগলৈও কৰি থাকিম৷

এই ভাৱনাৰ সৈতে পুনৰবাৰ আপোনালোক সকলোলৈ অনেক শুভকামনা থাকিল৷ অশেষ ধন্যবাদ

৷*****

ভি.আৰ. আৰ.কে./কে. পি./এন এছ/দিগন্ত/মন