Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

“পৰীক্ষা পে চৰ্চা, ২০২০” অনুষ্ঠানত শিক্ষাৰ্থী, শিক্ষক আৰু পিতৃ-মাতৃৰে বাৰ্তালাপ কৰিব প্ৰধানমন্ত্ৰীয়ে


 

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২০ৰ ২০ জানুৱাৰীতপৰীক্ষা পে চৰ্চা, ২০২০অনুষ্ঠানত শিক্ষাৰ্থী, শিক্ষক আৰু পিতৃমাতৃৰে বাৰ্তালাপ কৰিব৷ শিক্ষাৰ্থীৰ সৈতে বাৰ্তালাপ কৰিবলগীয়া পৰীক্ষা পে চৰ্চা, ২০২০শীৰ্ষক অনুষ্ঠানৰ তৃতীয়টো সংস্কৰণ কাইলৈ নতুন দিল্লীৰ তালকাটোৰা ষ্টেডিয়ামত পুৱা ১১ বজাৰ পৰা আৰম্ভ ব৷ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে একাংশ নিৰ্বাচিত শিক্ষাৰ্থীয়ে সোধা প্ৰশ্নৰ উত্তৰ দিয়াৰ লগতে তেওঁলোকৰ সৈতে পৰীক্ষাৰ সময়ত কিদৰে চাপ নাইকিয়া কৰিব পাৰি, সেই বিষয়ে বাৰ্তালাপ কৰিব৷

এই ব্যতিক্ৰমী অনুষ্ঠানত অংশ লবলৈ পোৱাৰ বাবে শিক্ষাৰ্থী, শিক্ষক আৰু পিতৃমাতৃসকলৰ মাজত যথেষ্ট উসাহ আৰু কণ্ঠা পৰিলক্ষিত হৈছে৷ তদুপৰি তেওঁলোকে পৰৱৰ্তী সময়ত উন্নত ফলাফল সুনিশ্চিত কৰিব পৰাকৈ তথা চাপমুক্ত হৈ নিশ্চিন্তমনে পৰীক্ষাত অৱতীৰ্ণ হোৱাৰো পৰামৰ্শ প্ৰধানমন্ত্ৰীৰ পৰা লাভ কৰাৰ আশা আছে৷

বিদ্যালয় আৰু মহাবিদ্যালয়ৰ শিক্ষাৰ্থীৰ সৈতে হোৱা বাৰ্তালাপ কাৰ্যসূচীৰ প্ৰথম সংস্কৰণপৰীক্ষা পে চৰ্চা .২০১৮ৰ ১০ ফেব্ৰুৱাৰীত নতুন দিল্লীৰ তালকাটোৰা ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল৷ এই বাৰ্তালাপ কাৰ্যসূচীৰ দ্বিতীয় সংস্কৰণপৰীক্ষা পে চৰ্চা .২০১৯ৰ ২৯ জানুৱাৰীত নতুন দিল্লীৰ তালকাটোৰা ষ্টেডিয়ামতে অনুষ্ঠিত হৈছিল৷

***

VRRK/VJ/DB