পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত আজি অনুষ্ঠিত দেশৰ কেন্দ্ৰীয় কেবিনেটৰ এক গুৰুত্বপূৰ্ণ বৈঠকত পৰ্যটন ক্ষেত্ৰত ভাৰত আৰু ক্ৰোৱেছিয়াৰ মাজত সম্পন্ন হোৱা এক বুজাবুজি চুক্তিলৈ যাৱতীয় অনুমোদন প্ৰদান কৰা হৈছে।
পৰ্যটন ক্ষেত্ৰত সম্পন্ন হোৱা এই বুজাবুজি চুক্তিখনে দুয়োটা পক্ষকে পৰ্যটন ক্ষেত্ৰত সহযোগিতা পৰিবৰ্ধনৰ ক্ষেত্ৰত ব্যাপকভাৱে লাভৱান্বিত কৰিব।
উল্লেখ্য যে এই বুজাবুজি চুক্তিখন ক্ৰোৱেছিয়াৰ ৰাষ্ট্ৰপতিৰ ভাৰত ভ্ৰমণকালতে বিগত ২৬ মাৰ্চ, ২০১৯ তাৰিখে স্বাক্ষৰিত হৈছিল।
******
AKT/RD