Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

পৰ্যটনৰ ক্ষেত্ৰত ভাৰত আৰু ৰোমানিয়াৰ মাজত বুজাবুজিৰ চুক্তিপত্ৰত কেবিনেটৰ অনুমোদন প্ৰদান


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত কেন্দ্ৰীয় কেবিনেটে আজি পৰ্যটনৰ ক্ষেত্ৰত ভাৰত আৰু ৰোমানিয়াৰ মাজত হোৱা বুজাবুজিৰ চুক্তিপত্ৰত সন্মতি প্ৰদান কৰিছে৷ এই বুজাবুজিৰ চুক্তিপত্ৰ ৰোমানিয়াৰ উপ ৰাষ্ট্ৰপতিয়ে চলিত বৰ্ষৰ ছেপ্টেম্বৰ মাহত ভাৰত ভ্ৰমণলৈ অহাৰ সময়ত স্বাক্ষৰিত হৈছিল৷

এই বুজাবুজিৰ চুক্তিপত্ৰৰ প্ৰধান উদ্দেশ্যসমূহ হলঃ

) পৰ্যটন ক্ষেত্ৰত দ্বিপাক্ষিক সহযোগিতা বৃদ্ধি কৰা৷

) পৰ্যটন সম্বন্ধীয় তথ্যসমূহৰ বিনিময়৷ হোটেল, ট্যুৰ অপাৰেটৰকে ধৰি পৰ্যটনৰ ষ্টেকহল্ডাৰসমূহক উৎসাহিত কৰা৷

) পৰ্যটন আৰু আতিথ্য খণ্ডত বিনিয়োগ৷

) দ্বিপথ পৰ্যটনৰ উত্তৰণৰ বাবে ট্যুৰ অপাৰেটৰ/সংবাদ মাধ্যম/সিদ্ধান্ত গ্ৰহণ কৰোঁতাসকল পৰিদৰ্শনৰ বিনিময়৷

) প্ৰচাৰ, বিপণন, লক্ষ্যস্থানৰ বিকাশ আৰু ব্যৱস্থাপনাৰ ক্ষেত্ৰত অভিজ্ঞতাৰ বিনিময়৷

) দুয়োখন দেশৰ আকৰ্ষণীয় পৰ্যটনথলীসমূহৰ প্ৰচাৰৰ বাবে তথ্যচিত্ৰৰ জৰিয়তে দ্বিপাক্ষিক সহযোগিতা৷

) সুৰক্ষিত, সন্মানীয় আৰু বহনক্ষম পৰ্যটনৰ প্ৰচাৰ৷

) দুয়োখন দেশৰ মাজত পৰ্যটন বিপ্লৱৰ প্ৰসাৰ কৰা৷

ৰোমানিয়া ভাৰতৰ বাবে সক্ৰিয় পৰ্যটনৰ বজাৰ (২০১৭ বৰ্ষত ৰোমানিয়ান পৰ্যটকৰ সংখ্যা প্ৰায় ১১৮৪৪ গৰাকী আছিল)৷ ৰোমানিয়াৰ সৈতে বুজাবুজিৰ চুক্তিপত্ৰত কৰা স্বাক্ষৰৰ দ্বাৰা এই খণ্ড অধিক উদ্ভাসিত হব৷

পৃষ্ঠভূমিঃ

ভাৰত আৰু ৰোমানিয়াই শক্তিশালী কূটনৈতিক আৰু দীৰ্ঘকালীন অৰ্থনৈতিক সম্বন্ধৰ দ্বাৰা জড়িত৷ দুয়োখন দেশৰ পৰ্যটন মন্ত্ৰালয়ৰ দ্বাৰা স্বাক্ষৰিত হোৱা এই বুজাবুজিৰ চুক্তিপত্ৰ অধিক শক্তিশালী কৰাৰ ক্ষেত্ৰত দুয়োটা পক্ষই ইচ্ছা কৰিছে৷ 

 

 

*********

NW/AKT/SH/MANN