পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত কেন্দ্ৰীয় কেবিনেটে পৰ্যটনৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ বাবে ভাৰত আৰু
পাৰাগুৱেৰ মাজত হোৱা বুজাবুজিৰ চুক্তিপত্ৰত প্ৰাক্-প্ৰস্তাৱিত অনুমোদন প্ৰদান কৰিছে৷ ২৭ ছেপ্টেম্বৰ ২০১৯ তাৰিখে
নতুন দিল্লীত এই বুজাবুজিৰ চুক্তিপত্ৰখন স্বাক্ষৰিত হৈছিল৷
বুজাবুজিৰ চুক্তিপত্ৰখনৰ প্ৰধান বৈশিষ্ট তথা উদ্দেশ্যসমূহঃ
ক) পৰ্যটনৰ ক্ষেত্ৰত দ্বিপাক্ষিক সহযোগিতাৰ সম্প্ৰসাৰণ
খ) পৰ্যটন সম্বন্ধীয় তথ্যৰ বিনিময়
গ) হোটেল, ট্যুৰ অপাৰেটৰ আৰু এয়াৰলাইনসমূহৰ মাজত সহযোগিতা বৃদ্ধি
ঘ) মানৱ সম্পদ বিকাশৰ সহযোগিতাৰ বাবে বিনিময় কাৰ্যসূচীৰ স্থাপন
ঙ) পৰ্যটন আৰু আতিথ্য খণ্ডত বিনিয়োগ বৃদ্ধি
চ) দ্বিমুখী পৰ্যটনৰ বাবে ট্যুৰ অপাৰেটৰ/সংবাদ মাধ্যম/সিদ্ধান্ত নিৰ্মাতাসকলৰ পৰিদৰ্শনৰ বিনিময়
ছ) প্ৰচাৰ, বজাৰ লক্ষ্য, বিকাশ আৰু ব্যৱস্থাপনাৰ ক্ষেত্ৰত অভিজ্ঞতাৰ বিনিময়
জ) দুয়োখন দেশৰ যাত্ৰা/প্ৰদৰ্শনী আদিত অংশগ্ৰহণ
ঝ) সুৰক্ষিত, সন্মানীয় আৰু বহনক্ষম পৰ্যটনৰ প্ৰচাৰ
লাভসমূহঃ
ভাৰত আৰু পাৰাগুৱেৰ মাজত সম্পন্ন হোৱা বুজাবুজিৰ চুক্ৰিপত্ৰৰ দ্বাৰা পৰ্যটনৰ আনুষ্ঠানিক খণ্ডৰ উত্তৰণ হ’ব বুলি
আশা প্ৰকাশ কৰা হৈছে৷ ইয়াৰ জৰিয়তে ভাৰতত পাৰাগুৱেৰ বিদেশী পৰ্যটকৰ সংখ্যা বৃদ্ধি হ’ব৷
*****
VRRK/SC/SH/MANN