Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

পৰ্যটন খণ্ডত ভাৰত আৰু উজবেকিস্তানৰ মাজৰ সহযোগিতা শক্তিশালী কৰাৰ বাবে স্বাক্ষৰিত হোৱা বুজাবুজিৰ চুক্তিপত্ৰত কেবিনেটৰ অনুমোদন


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত কেন্দ্ৰীয় কেবিনেটে পৰ্যটন খণ্ডত ভাৰত আৰু উজবেকিস্তানৰ মাজৰ সহযোগিতা শক্তিশালী কৰাৰ বাবে স্বাক্ষৰিত হোৱা বুজাবুজিৰ চুক্তিপত্ৰত অনুমোদন জনাইছে৷ এই বুজাবুজিৰ চুক্তিপত্ৰ ১ অক্টোবৰ ২০১৮ তাৰিখে উজবেকিস্তানৰ পৰা ভাৰতত ভিআইপি ভ্ৰমণৰ সময়চোৱাত স্বাক্ষৰিত হৈছিল৷

লাভসমূহঃ

এই বুজাবুজিৰ চুক্তিপত্ৰত কৰা স্বাক্ষৰৰ দ্বাৰা দুয়োখন দেশৰ মাজত পৰ্যটন খণ্ডত পাৰস্পৰিক সহযোগিতা বৃদ্ধিৰ এক আনুষ্ঠানিক প্ৰণালী স্থাপন হ’ব৷ ইয়াৰ দ্বাৰা ভাৰতত উজবেকিস্তানৰ পৰ্যটকৰ সংখ্যাও বৃদ্ধি হ’ব৷ ফলস্বৰূপে অৰ্থনৈতিক উন্নয়ন আৰু নিয়োজন বৃদ্ধি হ’ব৷ এই বুজাবুজিৰ চুক্তিপত্ৰখনে বহল পৰিকাঠামো আৰু সহযোগিতাৰ ক্ষেত্ৰৰ অধীনত দুয়োখন দেশৰ ষ্টেকহ’ল্ডাৰসকলৰ মাজত পৰ্যটনৰ দীৰ্ঘকালীন পাৰস্পৰিক লাভৰ পথ প্ৰশস্ত কৰিব৷ তাৰোপৰি এই বুজাবুজিৰ চুক্তিপত্ৰখনে নিৰ্ধাৰিত উদ্দেশ্যসমূহ প্ৰণয়ন কৰাৰ ক্ষেত্ৰত উন্নত অৱকাশৰ সৃষ্টি কৰিব৷

****

NW/AKT/SH/MANN