Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

পৰৱৰ্তী দুদিনত ২খন ৰাজ্য আৰু ২খন কেন্দ্ৰীয় শাসিত অঞ্চল ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পৰৱৰ্তী দুদিনত দুখন ৰাজ্য ক্ৰমে গুজৰাট আৰু তামিলনাডুৰ লগতে দুখন কেন্দ্ৰীয় শাসিত অঞ্চল দমন আৰু দিউ আৰু পুডুচেৰী ভ্ৰমণ কৰিব৷

প্ৰধানমন্ত্ৰীয়ে শনিবাৰে দমনত উপস্থিত হ’ব৷ তেওঁ তাত বিভিন্ন উন্নয়নমূলক প্ৰকল্প মুকলি কৰাৰ লগতে বিভিন্ন চৰকাৰী আঁচনিৰ উপভোক্তাক প্ৰমাণপত্ৰ প্ৰদান কৰিব৷ এখন ৰাজহুৱা সভাও তেওঁ সম্বোধন কৰিব৷

প্ৰধানমন্ত্ৰীয়ে ইয়াৰ পাছত তামিলনাডু ভ্ৰমণ কৰিব৷ চেন্নাইত তেওঁ ৰাজ্য চৰকাৰৰ কল্যাণমূলক আঁচনি আম্মা দুচকীয়া বাহন আঁচনি মুকলি কৰিব৷

দেওবাৰে প্ৰধানমন্ত্ৰী পুডুচেৰীত উপস্থিত হ’ব৷ অৰবিন্দ আশ্ৰমত তেওঁ শ্ৰী অৰবিন্দলৈ পুষ্পাঞ্জলি অৰ্পণ কৰিব আৰু অৰবিন্দ আন্তঃৰাষ্ট্ৰীয় শিক্ষা কেন্দ্ৰৰ শিক্ষাৰ্থীসকলৰ সৈতে মতবিনিময় কৰিব৷ শ্ৰী নৰেন্দ্ৰ মোদীয়ে অৰোভিলিও ভ্ৰমণ কৰিব৷ অৰোভিলিৰ সোণালী জয়ন্তী উপলক্ষে তেওঁ এটি স্মাৰক ডাক টিকট উন্মোচন কৰিব৷ অনুষ্ঠানত তেওঁ জনসাধাৰণক সম্বোধন কৰি ভাষণ দিব৷

প্ৰধানমন্ত্ৰীয়ে পুডুচেৰীত আন এক ৰাজহুৱা সভাত উপস্থিত থাকিব৷

দেওবাৰে সন্ধিয়া প্ৰধানমন্ত্ৰী গুজৰাটৰ ছুৰাটলৈ যাব, য’ত তেওঁ ৰান ফৰ নিউ ইণ্ডিয়া মাৰাথনৰ ফ্লেগ অফ কৰিব৷

                                                         *****

AKT/SH/SK/MS