পি এম ইণ্ডিয়া
|
1. |
হাইড্ৰ’কাৰ্বন খণ্ডত সহযোগিতাৰ বুজাবুজিৰ স্মাৰক |
এই ক্ষেত্ৰত সহযোগিতাৰ ভিতৰত খাৰুৱা তেলৰ উৎস, প্ৰাকৃতিক গেছ, আন্তঃগাঁথনি উন্নয়ন, সামৰ্থ্য বিকাশ আৰু হাইড্ৰ’কাৰ্বন শৃংখলৰ বিশেষজ্ঞতাৰ ভাগ-বতৰা আদিৰ ক্ষেত্ৰত সহযোগিতা অন্তৰ্ভুক্ত কৰা হৈছে। |
|
2. |
কৃষি আৰু সংশ্লিষ্ট খণ্ডত দ্বিপাক্ষিক সহযোগিতাৰ বাবে বুজাবুজিৰ চুক্তি |
যৌথ কাৰ্য্যকলাপ, তথ্য আৰু বৈজ্ঞানিক সামগ্ৰীৰ আদান-প্ৰদান বৃদ্ধি কৰি কৃষি আৰু সংশ্লিষ্ট খণ্ডত সহযোগিতা বৃদ্ধি কৰা। |
|
3. |
সাংস্কৃতিক বিনিময় কাৰ্যসূচী (২০২৪-২০২৭) |
ভাৰত আৰু গায়ানাৰ মাজত সাংস্কৃতিক সহযোগিতা আৰু অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে নাটক, সংগীত, সূক্ষ্ম কলা, সাহিত্য, পুথিভঁৰাল আৰু সংগ্ৰহালয়ৰ ক্ষেত্ৰত আদান-প্ৰদান বৃদ্ধি কৰাৰ লক্ষ্য লোৱা হৈছে |
|
4. |
ভাৰতীয় ফাৰ্মাকোপিয়া আয়োগ আৰু গায়ানাৰ স্বাস্থ্য মন্ত্ৰালয়ৰ মাজত ভাৰতীয় ফাৰ্মাকোপিয়া খণ্ডক স্বীকৃতি দিয়াৰ বাবে বুজাবুজিৰ চুক্তি, যাতে তেওঁলোকৰ নিজ নিজ আইন-কানুন অনুসৰি ঔষধ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ঘনিষ্ঠ সহযোগিতা বৃদ্ধি কৰা আৰু তথ্য বিনিময়ক গুৰুত্ব প্ৰদান কৰা হয়। |
ভাৰতীয় ফাৰ্মাকোপিয়া আয়োগ আৰু গায়ানাৰ স্বাস্থ্য মন্ত্ৰালয়ৰ মাজত ভাৰতীয় ফাৰ্মাকোপিয়া খণ্ডক স্বীকৃতি দিয়াৰ বাবে বুজাবুজিৰ চুক্তি, যাতে তেওঁলোকৰ নিজ নিজ আইন-কানুন অনুসৰি ঔষধ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ঘনিষ্ঠ সহযোগিতা বৃদ্ধি কৰা আৰু তথ্য বিনিময়ক গুৰুত্ব প্ৰদান কৰা হয়। |
|
5. |
পিএমবিজেপি কাৰ্যসূচীৰ অধীনত মেছাৰ্ছ এইচ এল এল লাইফকেয়াৰ লিমিটেড আৰু গায়ানাৰ স্বাস্থ্য মন্ত্ৰালয়ৰ মাজত বুজাবুজিৰ চুক্তি। |
কেৰিকম গোটৰ দেশৰ সংযুক্ত প্ৰতিষ্ঠানসমূহক সুলভ মূল্যত ঔষধ যোগান ধৰিবলৈ জন আউষাধি প্ৰকল্প (পিএমবিজেপি) ৰূপায়ণৰ বাবে মেছাৰ্ছ এইচ এল এল লাইফকেয়াৰ লিমিটেড আৰু গায়ানাৰ স্বাস্থ্য মন্ত্ৰালয়ৰ মাজত বুজাবুজিৰ চুক্তি। |
|
6. |
চিকিৎসা সঁজুলিৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ বাবে চিডিএছচিঅ’ আৰু গায়ানাৰ স্বাস্থ্য মন্ত্ৰালয়ৰ মাজত বুজাবুজিৰ চুক্তি |
ঔষধ খণ্ডত ব্যৱহাৰৰ বাবে কেঁচামাল, বিভিন্ন চিকিৎসা সঁজুলি আৰু প্ৰসাধন সামগ্ৰীকে ধৰি বিভিন্ন ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে। |
|
7. |
ডিজিটেল ৰূপান্তৰৰ বাবে ব্যৱহৃত সফল ডিজিটেল সমাধানৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ বাবে বুজাবুজি চুক্তি |
ডিজিটেল ৰূপান্তৰৰ বাবে সামৰ্থ্য বৃদ্ধিৰ বাবে প্ৰশিক্ষণ কাৰ্যসূচী, বিষয়া আৰু বিশেষজ্ঞৰ আদান-প্ৰদান, জনপ্ৰিয় কাৰ্যসূচীৰ ভাগ-বতৰা আৰু সমস্যাৰ সমাধানৰ ওপৰত গুৰুত্ব আৰোপ কৰা। |
|
8. |
এনপিচিআই ইণ্টাৰনেশ্যনেল পেমেণ্টছ লিমিটেড আৰু গায়ানাৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মাজত গায়ানাত ইউপিআইৰ দৰে পেমেণ্ট ব্যৱস্থা প্ৰৱৰ্তনৰ বুজাবুজি চুক্তি |
গায়ানাত ইউপিআইৰ দৰে পেমেণ্ট ব্যৱস্থা প্ৰৱৰ্তনৰ লক্ষ্যৰে এই বুজাবুজি চুক্তি স্বাক্ষৰ কৰা হৈছে। |
|
9. |
সম্প্ৰচাৰৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ প্ৰসাৰ ভাৰতী আৰু গায়ানাৰ ৰাষ্ট্ৰীয় সম্প্ৰচাৰ নেটৱৰ্কৰ মাজত বুজাবুজি চুক্তি |
সম্প্ৰচাৰৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ বাবে, শিক্ষা, সংস্কৃতি, বিজ্ঞান, ক্ৰীড়া, মনোৰঞ্জন আৰু বাতৰিৰ দৰে পাৰস্পৰিক আগ্ৰহৰ ক্ষেত্ৰত আদান-প্ৰদান বৃদ্ধিৰ বাবে প্ৰসাৰ ভাৰতী আৰু গায়ানাৰ ৰাষ্ট্ৰীয় সম্প্ৰচাৰ নেটৱৰ্কৰ মাজত বুজাবুজি চুক্তি। |
|
10. |
গায়ানাৰ ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা প্ৰতিষ্ঠান (এন ডি আই) আৰু গুজৰাটৰ ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা বিশ্ববিদ্যালয় (আৰ আৰ ইউ)ৰ মাজত বুজাবুজিৰ চুক্তি |
ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু প্ৰতিৰক্ষাৰ ক্ষেত্ৰত অধ্যয়ন, উন্নত প্ৰশিক্ষণ আৰু গৱেষণাৰ সুযোগ বৃদ্ধিৰ বাবে দুয়োটা প্ৰতিষ্ঠানৰ মাজত এই যৌথ বুজাবুজি চুক্তি স্বাক্ষৰিত হৈছে |
ক্ৰমিক নম্বৰ | স্বাক্ষৰিত বুজাবুজি চুক্তি | বুজাবুজি চুক্তিৰ পৰিসৰ |
|---|
***
MJPS/SR