পি এম ইণ্ডিয়া

মন্ত্ৰী পৰিষদৰ মোৰ সহযোগী শ্ৰীমান নৰেন্দ্ৰ সিংজী তোমৰ, ড০ হৰ্ষবদ্ধনজী, ৰমেশ পখ্ৰীৱাল নিশাংকজী, আৰু এই সম্পূৰ্ণ অভিযানটোৰ নেতৃত্ব প্ৰদান কৰি থকা শ্ৰীমান কিৰেণ ৰিজেজু জী,ইয়াত উপস্থিত থকা জ্যেষ্ঠ মহানুভৱসকল, ক্ৰীড়া জগতৰ তাৰকাসকলৰ লগতে মোৰ অতিকে মৰমৰ বিদ্যাৰ্থী ভাই-ভনীসকল।কোনোবাই হয়তো ভাবিব পাৰে, আমিতো স্কুললৈ নাযাও, কলেজলৈ নাযাও তেন্তে মোডীজীয়ে কেৱল বিদ্যাৰ্থী বুলিনো কিয় ক’লে? আপোনালোক ইয়ালৈ আহিছে, আপোনালোকৰ বয়স যিয়েই নহওক কিয়, আপোনালোকৰ অভ্যন্তৰত থকা বিদ্যাৰ্থী সত্ত্বাটো এতিয়াও জীয়াই আছে বুলি মই বিশ্বাস কৰো। আপোনালোক সকলোলৈকে ‘ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস’ৰ অলেখ শুভ কামনা জ্ঞাপন কৰিলো।আজিৰ এই দিনটোতে মেজৰ ধ্যানচান্দৰ ৰূপত এগৰাকী ক্ৰীড়াবিদক আমি লাভ কৰিছিলো। নিজৰ শাৰিৰীক সুস্থতা, সক্ষমতা আৰু হকী ষ্টিকৰ যাদুৰে তেওঁ পৃথিৱীবাসীক মন্ত্ৰমুগ্ধ কৰি তুলিছিল। সেইগৰাকী মেজৰ ধ্যানচান্দজীক মই আজি আদৰ সহকাৰে প্ৰণিপাত জনাইছো।
আজিৰ এই মুহূৰ্তত ‘ফিট ইণ্ডিয়া’ আন্দোলন, এখন সুস্থ সবল ভাৰত গঢ়ি তোলাৰ বাবে এনেধৰণৰ আন্দোলন আক্ষৰিক অৰ্থতে এক অতিকে মহত্বপূৰ্ণ পদক্ষেপ বুলিয়ে চিহ্নিত হ’ব। এনে এক ধাৰণাক আন্দোলনৰ ৰূপত ৰূপায়নৰ বাবে আগবাঢ়ি অহাৰ বাবে মই ক্ৰীড়া মন্ত্ৰালয় আৰু যুৱ কল্যাণ বিভাগক অভিনন্দন জ্ঞাপন কৰিছো। ইয়াত আজি যি প্ৰস্তুতি পৰ্ব চলোৱা হৈছে, এই পৰ্বৰ প্ৰতিটো মুহূৰ্ততে শাৰিৰীক সুস্থতা-সক্ষমতা বৰ্তাই ৰখাৰ কিবা নহয় কিবা এক বাৰ্তা দিয়াৰ প্ৰয়াস কৰা হৈছে। পৰম্পৰাক স্মৰণ কৰি সহজ-সৰল ভাবে আমি কেনেকৈ নিজকে সষ্টম কৰি ৰাখিব পাৰো, উত্তম পদ্ধতিৰে সেইবোৰ সজাই-পৰাই পৰিৱেশন কৰাৰ দিহা কৰা হৈছে। আৰু কথাবোৰ ইমান সুন্দৰকৈ উপস্থাপন কৰা হৈছে যে এই মুহূৰ্তত মোৰ ভাষণৰ প্ৰয়োজন নাই বুলিয়ে মই অনুভৱ কৰিছো। প্ৰস্তুতি পৰ্বত যিমানবোৰ কথা ইমান সুন্দৰকৈ বুজাই দিয়া হৈছে যে সেইবোৰ যদি সকলোৱে হৃদয়ংগম কৰি অনাগত দিনত দৈনন্দিন জীৱনৰ পাথেয় কৰি লোৱাৰ সংকল্প গ্ৰহণ কৰে তেন্তে মই ভাবো ভৱিষ্যতৰ দিনবোৰত নিজকে সুস্থ-সবল কৰি ৰখাৰ বাবে আৰু কাৰোবাৰ উপদেশ গ্ৰহণ কৰাৰ প্ৰয়োজনেই নাথাকিব।
এই উত্তম কাৰ্যৰ ৰছনাৰ বাবে, এই কাৰ্যৰ উত্তম প্ৰস্তুতিৰ বাবে, যিসকলে এই ধাৰণাক বাস্তৱায়িত কৰাৰ পৰিকল্পনা কৰিছে আপোনালোক আটায়ে আন্তৰিক অভিনন্দনৰ পাত্ৰ। ভৱিষ্যতে প্ৰস্তুতি পৰ্বৰ এই সামগ্ৰিক কথাখিনিৰ দৃশ্য-শ্ৰাব্য সংকলন কোনো পাৰ্গত ব্যক্তিৰ দ্বাৰা যুগতাই উলিয়াই দেশৰ প্ৰতিখন গাঁৱে-ভূয়ে, স্কুল-কলেজ আৰু অন্যান্য অনুষ্ঠান-প্ৰতিষ্ঠানত প্ৰদৰ্শনৰ ব্যৱস্থা কৰিব পাৰিলে দেশত শাৰিৰীক সুস্থতা সন্দৰ্ভত জনসজাগতাৰ সৃষ্টি কৰাত বিশেষ সহায়ক হ’ব আৰু ইয়ে শাৰিৰীক সুস্থতা সন্দৰ্ভত গণ আন্দোলনৰ সূচনা কৰাত সহায় কৰিব।
বন্ধুসকল, যি সকল ক্ৰীড়া-প্ৰতিভাই সুনাম অৰ্জন কৰি আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ভাৰতৰ ত্ৰিৰংগা পতাকাৰ মান দিনে দিনে অধিক উন্নত কৰি তোলাৰ ব্ৰতত ব্ৰতী হৈছে আজিৰ দিনটো সেইসকল যুৱ-প্ৰতিভাক অভিনন্দিত কৰাৰ বাবেও উদযাপন কৰা হৈছে। বেডমিণ্টনেই হওক কিম্বা টেনিছেই হওক, এথলেটিক্সেই হওক কিম্বা বক্সিং, কুস্তি অথবা অন্য খেলেই হওক, আমাৰ খেলুৱৈসকলে আমাৰ প্ৰত্যাশাবোৰক উৰাৰ বাবে যেন একোযোৰ পাখীহে লগাই দিছে। তেওঁলোকে জয় কৰা পদকসমূহ তেওঁলোকৰ পৰিশ্ৰম, তেওঁলোকৰ তপ্ আৰু তপস্যাৰ সুফলতো হয়েই, ইয়ে নতুন ভাৰতৰ নতুন উদ্যম, আত্মবিশ্বাসকো প্ৰতীয়মান কৰে। মোৰ ভাল লাগিছে এই কাৰণেই যে যোৱা পাঁচটা বছৰে দেশৰ ক্ৰীড়ক্ষেত্ৰক উজ্জীৱিত কৰাৰ বাবে যি এক প্ৰেক্ষাপট ৰছনা কৰাৰ প্ৰয়াস কৰা হৈছিল সেই প্ৰয়াসে আজি সুফল দান কৰিবলৈ আৰম্ভ কৰিছে।
বন্ধুসকল, ক্ৰীড়াৰ পোনপটীয়া সম্পৰ্ক থাকে সু-স্বাস্থ্যৰ সৈতে। পিছে, আজি যি ‘ফিট ইণ্ডিয়া’ আন্দোলনৰ কথা ভবা হৈছে ইয়াৰ বিস্তাৰ কিন্তু ক্ৰীড়াক্ষেত্ৰকো অতিক্ৰমী এক বৃহত্তৰ ক্ষেত্ৰলৈ সম্প্ৰসাৰিত হ’ব। ‘ফিটনেছ’ বা শাৰীৰিক যোগ্যতা কেৱল এটা শব্দ নহয়, বৰং সুস্থতা আৰু সমৃদ্ধ জীৱনৰ ই প্ৰয়োজনীয় চৰ্তও। আমাৰ সংস্কৃতিত স্বাস্থ্য সচেতনতাক সদায়ে বিশেষ গুৰুত্ব আৰোপ কৰি অহা হৈছে। কোনো ৰোগৰ পিচত বেমাৰীক আৰোগ্য কৰাৰ লগতে তেওঁৰ স্বাস্থ্য উন্নত কৰাত আমি অধিক গুৰুত্ব দিও, এই কথাক শ্ৰেষ্ঠ বুলি ভবা হয়। সু-স্বস্থ্য আমাৰ জীৱনৰ সহচৰ। আমাৰ দেশত আমাৰ পূৰ্বজ সকলে কৈছিল–
ব্যায়ামাত লভতে স্বাস্থ্য দীৰ্ঘায়ুষ্য বল সুখ।
আৰোগ্য পৰম ভাগ্য স্বাস্থ্য সৰ্বাৰ্থসাধনম্।।
অৰ্থাত ব্যায়ামৰ জৰিয়তেই সু-স্বাস্থ্য, দীৰ্ঘায়ু, শক্তি আৰু সুখ লাভ কৰিব পাৰি। ভাগ্যৰ বলত নিৰোগী হ’ব পাৰি যদিও সু-স্বাস্থ্য লাভ কৰিব পাৰিলে সকলো কামতে সফলতা লাভ কৰিব পাৰি। পিছে, কালৰ বিষম গতিত এনেবোৰ কথা তল পৰিল যেনহে লাগে। আমাক শিকোৱা হৈছিলসু-স্বাস্থ্যৰ জৰিয়তে সকলোতে সিদ্ধি লাভ কৰিব পাৰি, পিছে, এতিয়া আকৌ স্বাৰ্থৰ দ্বাৰাহে কামত সিদ্ধি লাভৰ প্ৰৱণতা বৃদ্ধি পোৱাটো পৰিলক্ষিত হৈছে। আৰু সেয়ে এই ‘স্বাৰ্থ ভাৱক’‘স্বাস্থ্য ভাব’লৈ পুনৰ ঘূৰাই নিয়াৰ এক সামূহিক প্ৰয়াসৰ এতিয়া অতিকে প্ৰয়োজন হৈছে।
বন্ধুসকল, মই জানো, কিছুমানে নিশ্চয় ভাবিছে সুস্থ-সবল জীৱন নিতান্তই জৰুৰী বুলি দেখোন আমি জানোৱেই, তেন্তে হঠাতনো এনে এটা আন্দোলনৰ সূচনা কৰাৰ প্ৰয়োজন হ’ল কিয়? বন্ধুসকল, প্ৰয়োজন নিশ্চয় আছে, আৰু আজিৰ প্ৰেক্ষাপটততো ইয়াৰ প্ৰয়োজনীয়তা আৰু অধিক হৈছে বুলিহে মই অনুভৱ কৰো। ‘ফিটনেছ’ আমাৰ জীৱনৰ আচাৰ আচৰণ, থকা-মেলাৰ অভিন্ন অংগ হিচাপে পৰিগণিত হৈ আহিছে। পিছে এই কথাও সত্য যে সময়ৰ লগে লগে ফিটনেছক লৈ আমাৰ সমাজ জীৱনত, আমাৰ চিন্তনত এক ধৰণৰ উদাসীনতা প্ৰকট হৈ উঠিছে।
সময় কেনেকৈ সলনি হৈছে মই তাৰ এক উদাহৰণ দিব খুজিছো। কিছু বছৰ আগলৈকে এজন সাধাৰণ ব্যক্তিয়ে দিনটোত অন্ততঃ ৮-১০কিলোমিটাৰ মান অনায়সে খোজ কাঢ়িব পাৰিছিল। এক-ডেৰ ঘণ্টা চাইকেল চলাইছিল, কেতিয়াবা কেতিয়াবা প্ৰয়োজনত বাছ ধৰিবলৈ চেঁকুৰো মেলিছিল। অৰ্থাত দৈনন্দিন জীৱনত শাৰীৰিক গতিবিধি তেনেই সহজভাবেই অব্যাহত আছিল। লাহে লাহে প্ৰযুক্তিৰ পৰিৱৰ্তন হ’বলৈ ধৰিলে, নানা ধৰণৰ আধুনিক সংসাধান আহিল আৰু মানুহৰ খোজ কঢ়াৰ অভ্যাস হ্ৰাস পাবলৈ ধৰিলে। শাৰীৰিক কৰ্ম-কাণ্ডৰ হাৰ কমিবলৈ ধৰিলে। আৰু এতিয়া পৰিস্থিতি এনে হৈছে গৈ যে, এতিয়া সেই প্ৰযুক্তিয়েই আমাক গণি গণি সঁকীয়াবলৈ ধৰিছে—‘আজি আপুনি ইমান খোজহে দিলে, এতিয়াও আপোনাৰ ৫হাজাৰ খোজ হোৱাই নাই, ২হাজাৰ খোজ হোৱাই নাই আৰু আমি মোবাইল ফোনৰ মণিটৰত চকু ৰাখি চলিবলৈ লও। আপোনালোকৰ মাজত ৫, ১০হাজাৰ খোজ দিয়া কিমানজন লোক আছে বাৰু? আপোনালোকৰ মাজত চাগৈ এনে বহু লোক আছে যিয়ে এনে ধৰণৰ বিশেষ ঘড়ী ব্যৱহাৰ কৰে আথবা মোবাইল ফোনত এপ্ লগাই লৈছে নহয় জানো? মোবাইল ফোনত চকু ৰাখি গণ্টি কৰি থাকে চাগৈ আজি কিমান খোজনো কাঢ়িলো, নহয়নে?
বন্ধুসকল, আপোনালোকৰ মাজত চাগৈ নিজৰ স্বাস্থ্যক লৈ সজাগ আৰু সচেতনতা প্ৰদৰ্শন কৰা বহুলোক আছে। পিছে, দেশৰ এক বিশাল সংখ্যক জনতা কিন্তু দৈনন্দিন জীৱনত ইমানেই মচগুল হৈ থাকে যে, তেওঁলোকে ‘ফিটনেছ’ৰ প্ৰতি সামান্য সচেতনতাকণো প্ৰদৰ্শন কৰিবলৈ আহৰি উলিয়াব নোৱাৰে। এইসকলৰ মাজৰ আৰু একাংশ আকৌ তাতোকৈ বিশেষ। আৰু আপোনালোকে চাগৈ মন কৰিছে, কিছুমান কথা আকৌ ফেশ্বন-ষ্টেটমেণ্টও হৈ উঠে। আৰু সেইকাৰণেই বহুতে লগ-বন্ধুৰে ‘ফিটনেছ’ৰ চৰ্চা কৰি কৰি উদৰ পূৰাই খায়, প্ৰয়োজনতকৈ দুগুণ পেটলৈ নি ভাতৰ টেবুলত আয়েম কৰি বহি ‘ডায়েটিঙ’ৰ কথা পাতে। মাহত দহোটা দিন ‘ডায়েটিঙ’ৰ চৰ্চা কৰা বহুতেই কিন্তু স্বাস্থ্যৰ কথা পাহৰি ভূৰি-ভোজনতহে মন দিয়া দেখা যায়। তেওঁলোকে ভাবে বজাৰলৈ এনে কোনো ‘গেজেট’ আহিব আৰু সেই গেজেটে অনায়সে তেওঁলোকৰ ‘ফিটনেছ’ অটুট ৰাখিব। বহুতে আকৌ ঘৰতে ‘জীম’ স্থাপন কৰি লয়। পিছে, ইয়াৰে সৰহ সংখ্যকেই দিন দিয়েকৰ পিচতে ‘জীম’ৰ প্ৰতি অনীহা প্ৰকাশ কৰাহে দেখা যায়। ‘জীম’ৰ সা-সৰঞ্জামত ধূলি-বালি পৰি এলাগী হ’বলৈ বৰ বেছি দিন নোলাগে। মোবাইলত এপ্ লগাবলৈ হেতা-ওপৰা কৰা বহুতে আকৌ মাহ পূৰ নৌ-হওতেই এপ্-টোকে দেখিব নোৱাৰা হয়।
মোৰ জন্ম গুজৰাটত। আমাৰ ৰাজ্যত জ্যোতীন্দ্ৰ ভাই দেৱ নামৰ এগৰাকী অতিকে প্ৰসিদ্ধ ব্যংগ-লেখক আছিল। তেওঁৰ লিখনীবোৰ অতিকে মনোগ্ৰাহী আছিল। তেওঁৰ সৰহ ভাগ লেখাতে নিজক লৈয়ে ব্যংগ কৰিছিল। নিজৰ ক্ষীণ-মিন চেহেৰাটোক লৈ তেওঁ প্ৰায়েই হাস্য-ৰসৰ সৃষ্টি কৰিছিল। এবাৰ তেওঁক কোনোলোবাই উপদেশ দিলে, বোলে আপোনাৰ স্বাস্থ্যটো ভাল কৰিবলৈ আপুনি দেখোন ব্যায়াম কৰিব পাৰে। তেওঁ বোলে ‘হয় নেকি? পিছে,মোৰ স্বাস্থ্য ভালে ৰাখিবলৈ মইনো কিমান ব্যায়াম কৰিব লাগিব?’ উপদেশ দিওতাই ক’লে বোলে ‘অন্ততঃ গাৰ ঘাম ওলোৱা পৰ্যন্ততো কৰক।’ পিছদিনা তেওঁ ব্যায়ামশালা পালেগৈ। তাত গৈ দেখে পালোৱানকেইজনমানে কুস্তিৰ অনুশীলন কৰি আছে। তেওঁ সেই অনুশীলনকে চাই উভতি আহিল। উপদেশ দিওতাই সুধিলে—‘ব্যয়াম কৰিলেনে?’ তেওঁ বোলে ‘ব্যায়াম কৰিব লগা নহ’লেই, ব্যায়ামশালাত পালোৱানকেইজনৰ অনুশীলন দেখিয়েই মই জ্বৰে ঘমাদি ঘামিবলৈ ল’লো। ভাবিলো গাত ঘাম ওলালেই যেতিয়া মই আৰু ব্যায়াম নকৰিলেও হ’ব’। এয়া হাস্য-ব্যংগ লেখাৰ কথা হ’লেও ইয়াৰ মাজেদিও গভীৰ চিন্তা উদ্ৰেককাৰী বাৰ্তা লাভ কৰিব পাৰি। আজিৰ ভাৰতত ‘ডায়েবেটীছ’, ‘হাইপাৰ-টেনছন’ৰ দৰে অনেক ‘লাইফ-ষ্টাইল ডিজিজ’ৰ প্ৰাদুৰ্ভাৱ ঘটিবলৈ লৈছে। আগতে ৬০-৭০বছৰীয়া লোকক আক্ৰান্ত কৰা বহু ৰোগে এতিয়া ১০-১২বছৰীয়া কিশোৰ-কিশোৰীকো আক্ৰান্ত কৰিবলৈ লৈছে। এই পৰিস্থিতি বাৰুকৈয়ে চিন্তাজনক। অৱশ্যে ইয়াৰ মাজতো আশাৰ কিৰণ কিন্তু নথকা নহয়। মই ইতিবাচক চিন্তাৰ মানুহ। হতাশাৰ মাজতো আশাৰ সন্ধান কৰিবলৈ মই ভাল পাও।
বন্ধুসকল, ‘লাইফ ষ্টাইল ডিজিজ’ অৰ্থাত ‘জীৱনশৈলীজনিত ৰোগ’বোৰৰ প্ৰদুৰ্ভাৱ ঘটে আমাৰ পৰিৱৰ্তিত জীৱনধাৰাৰ বাবে। সেয়ে এনে ৰোগৰ সমস্যাক আমি আমাৰ দৈনন্দিন জীৱনধাৰাক সাল-সলনি কৰি নিলগাইও ৰাখিব পাৰো। এনে বহু বেমাৰ আমি আমাৰ দৈনন্দিন কৰ্মসূচী সংস্কাৰ কৰিয়ে নোহোৱা কৰিব পাৰো। জীৱনশৈলীৰ এই পৰিৰ্ৱতনৰ বাবে দেশবাসীৰ মাজত ব্যাপক জনসজাগতা সৃষ্টিৰ নামেই হৈছে এই ‘ফিট ইণ্ডিয়া মভমেণ্ট’। আৰু এয়া কোনো চৰকাৰী আন্দোলন নহয়। চৰকাৰে কেৱল অনুঘটকৰ ৰূপত এই কাৰ্যসূচী আগবঢ়াইহে দিব। এফালৰ পৰা চাবলৈ গ’লেএই কাৰ্যক্ৰম সকলো পৰিয়ালৰ দৈনম্দিন কৰ্মসূচীৰ অন্তৰ্ভূক্ত হোৱা উচিত। সকলো পৰিয়ালৰ মাজত চৰ্চাৰ বিষয় হৈ উঠা উচিত। যনেকৈ ব্যৱসায়-বাণিজ্যৰে জড়িতসকলে দিনৌ লাভ-লোকচানৰ চৰ্চা কৰে, শিক্ষাৰে জড়িতসকলে কি বিষয়ত কিমান নম্বৰ পালে তাৰ চৰ্চা কৰাৰ দৰেইপৰিয়ালৰ মাজত শাৰীৰিক শ্ৰমৰ, শাৰীৰিক পৰিশ্ৰমৰ, ব্যায়ামৰ, শাৰীৰিক সক্ষমতাৰ দৰে প্ৰসংগও দৈনন্দিন জীৱনৰ আলোচনাৰ বিষয় হৈ উঠা উচিত। আৰু বন্ধুসকল, ভাৰততে হঠাত এনে বিষয়ৰ প্ৰয়োজনীয়তা অনুভৱ কৰা হৈছে বুলি ভাবিলে ভুল কৰা হব, বৰং সমগ্ৰ বিশ্বতে এনে অভিযানৰ প্ৰয়োজনীয়তা অনুভৱ কৰা হৈছে। বহুবোৰ দেশে ‘ফিটনেছ’ সন্দৰ্ভত জন-সজাগতা সৃষ্টিৰ লক্ষ্যৰে ব্যাপক পৰিসৰত অভিযান অব্যাহত ৰাখিছে। আমাৰ চুবুৰীয়া দেশ চীনে ‘হেল্ডী চাইনা,২০৩০’ শীৰ্ষক অভিযান আৰম্ভ কৰিছে। ইয়াৰ জৰিয়তে দেশখনে প্ৰতিগৰাকী নাগৰিকক ২০৩০চনৰ ভিতৰত সুস্থ-সবল কৰি তোলাৰ বাবে আঁচনি যুগুতাই ৰুপায়নৰ দিহা কৰিছে। সেইদৰে অষ্ট্ৰেলিয়াইও ২০৩০চনৰ ভিতৰত তেওঁলোকৰ নাগৰিকসকলৰ স্বাস্থ্য উন্নত কৰি তোলাৰ লগতে এলেহুৱা নাগৰিকসকলৰ কমেও১৫শতাংশৰ স্বভাৱৰ পৰা আলস্য ভাব আঁতৰোৱাৰ বাবে কৰ্মসূচী ৰূপায়নৰ ব্যৱস্থা কৰিছে। ইফালে ব্ৰিটেইনে আকৌ ২০২০চনৰ ভিতৰত কমেও আৰু ৫লাখ লোকক নিতৌ ব্যায়াম কৰাৰ বাবে অনুপ্ৰাণিত কৰাৰ লক্ষ্যৰে কাৰ্যসূচী ৰূপায়নত মনোনিৱেশ কৰিছে। আমেৰিকাই ২০২১ চনৰ ভিতৰত এক হাজাৰখন চহৰত বিনামূলীয়াকৈ ‘ফিটনেছ’ অভিযানৰে জড়িত কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে। জাৰ্মানীত ‘ফিট ইনষ্টেড ফেট’ শীৰ্ষক অভিযান সম্প্ৰতি ব্যাপক হাৰত অব্যাহত আছে।
বন্ধুসকল, মই মাথোঁ কেইখনমান দেশৰ নামহে ইয়াত উল্লেখ কৰিছো। পিছে, অনেক দেশে ইতিমধ্যেই এই দিশত বহু কাম কৰি আছে। এই সমূহ দেশৰ নাগৰিকসকলৰ নিজৰ স্বাস্থ্য সচেতনতা নিশ্চয় আছে, তথাপি এইসমূহ দেশে ‘ফিটনেছ’ অভিযান আৰম্ভ কৰাৰ মূলতে হৈছে তেওঁলোকে এই সচেতনতা কেৱল একাংশ লোকৰ মাজতে সীমাবদ্ধ নাৰাখি সমগ্ৰ দেশবাসীৰ মাজত বিয়পাই দিয়াৰ কথা ভাবিছে। কিয়নো কেৱল একাংশ নাগৰিক সুস্থ সবল হ’লেই নহ’ব, দেশে যদি প্ৰগতি কৰিব লাগে তেন্তে প্ৰতিগৰাকী নাগৰিকেই সুস্থ-সবল হ’ব লাগিব। বন্ধুসকল, ভাৰতৰ প্ৰতিগৰাকী লাগৰিকেই সুস্থ হ’ব লাগিব। নাগৰিকসকলৰ শক্তি-সামৰ্থ্য ৰোগ নিৰাময় কৰাতে শেষ হোৱাৰ পৰিৱৰ্তে নিজক অগবঢ়াই নিয়াৰ লগতে পৰিয়াল আৰু সামগ্ৰিকভাৱে দেশক আগুৱাই নিয়াৰ বাবেও ব্যৱহৃত হ’ব লাগিব।
বন্ধুসকল, এবাৰ যদি জীৱনৰ লক্ষ্য স্থিৰ কৰি লোৱা হয়, তেন্তে সেই লক্ষ্য অনুকূলেই জীৱনে গতি কৰিবলৈ লয়। নিৰ্দ্ধাৰিত লক্ষ্যক ধিঁয়াই আগবাঢ়িব খোজা সকলৰ আচাৰ-আচৰণ, আনকি স্বভাৱৰো লাহে লাহে পৰিৱৰ্তন ঘটে। তেওঁলোকৰ মনঃস্তত্ব সলনি হয়, মনঃসংযোগ বাঢ়িবলৈ ধৰে। পৰীক্ষাত ভাল ফল লাভ কৰাৰ বাবে লক্ষ্য নিৰ্দ্ধাৰণ কৰা ছাত্ৰ-ছাত্ৰীয়ে সেয়ে মন পুতি পঢ়িব পৰা হয়, আনকি পঢ়াৰ নামত সকলো বদ অভ্যাস ত্যাগ কৰাৰো শক্তি আহৰণ কৰে তেওঁলোকে। লক্ষ্য আহৰণৰ হেপাহে তেওঁলোকক আলস্য এৰিবলৈকো অনুপ্ৰাণিত কৰি তোলে। একে কথাৰে পুনৰাবৃতি হোৱা দেখা যায় ধন আহৰণৰ বাবে মন বান্ধি লোৱাসকলৰ বেলিকাও। সেইদৰে শৰীৰ সুস্থ কৰি ৰখাৰ বাবে মন মেলাসকলৰ স্বাস্থ্য সচেতনতা বৃদ্ধি পায়, সু-স্বাস্থ্যৰ বাবে সকলো কৰাৰ পণ লোৱা সকলে সকলো কৰাৰ উদ্যম লাভ কৰে। চাওতে চাওতে শৰীৰ চৰ্চা তেওঁলোকৰ দৈনন্দিন জীৱন-চৰ্যালৈ ৰূপান্তৰিত হয়। শৰীৰৰ বাবে অপকাৰী দ্ৰব্য, কৰ্ম অথবা কথা-কাণ্ডৰ পৰা বিৰত থকাৰ বাবে স্বতঃস্ফূৰ্ত ভাবেই শক্তি লাভ কৰে।
বন্ধুসকল, স্বামী বিবেকানন্দই কৈছিল, যদি জীৱনৰ উদ্দেশ্য নিশ্চিত কৰি লোৱা হয়, আৰু সেই উদ্দেশ্যত উপনীত হোৱাৰ বাবে সংকল্প গ্ৰহণ কৰি লোৱা হয় তেন্তে সু-স্বাস্থ্য আৰু সমৃদ্ধি উপদ্ৰব্যৰ ৰূপত জীৱনত আপোনা-আপুনিয়েই আহি যায়। জীৱনৰ লক্ষ্যত উপনীত হ’বলৈ হ’লে আমাৰ মনত দৃঢ়তা, এক ধৰণৰ ইচ্ছা-শক্তি, এক ধৰণৰ মনঃসংযোগ স্থাপন কৰাৰ প্ৰয়োজন আছে। যেতিয়া উদ্দেশ্য আগত ৰাখি, সংকল্পবদ্ধ হৈ কামত আগবঢ়া হয় তেতিয়া সাফল্য আপোনা-আপুনিয়েই সমাগত হয়হি। কথাতে কয় নহয়, ‘ডেয়াৰ ইজ ন’ এলিভেটৰ টু ছাকছেছ, ইউ হেভ টু টেক দ্যা ষ্টেয়াৰ’। অৰ্থাত এই ফঁকৰাটোতো আপোনাক জখলাত বগাবলৈ হ’লে এখোজৰ পিচত আন এখোজ দিয়াৰ কথাকেহে কোৱা হৈছে। এই খোজটো আগবঢ়াবলৈও আপুনি সুস্থ-সবল হৈ থাকিব লাগিব, নহ’লে থমকি ৰ’ব লাগিব আদ-বাটতে।
ভাই-ভনীসকল, সফলতা আৰু ‘ফিটনেছ’ৰ এক ঘনিষ্ঠ সম্পৰ্ক আছে। যিকোনো ক্ষেত্ৰকে আপুনি বাচি লওক, আমাৰ আদৰ্শ ব্যক্তিসকলৰ মাজত এক সামঞ্জস্য প্ৰায়েই দেখিবলৈ পোৱা যায়, সেয়া হৈছে শাৰীৰিক সুস্থতাৰ প্ৰতি থকা তেওঁলোকৰ সচেতনতা। সেয়া লাগিলে খেল জগতেই হওক কিম্বা ছবি জগতেই হওক, শিল্প, কলা, শিক্ষা যিয়েই নহওক কিয়, সকলো ক্ষেত্ৰৰে দিগগজসকলে স্বাস্থ্য সচেতনতাক গুৰুত্ব প্ৰদান কৰি আহিছে। কাৰণ তেওঁলোকে সদায়ে উপলব্ধি কৰি আহিছে যে, যিজন শাৰীৰিক ভাবে সষ্টম, তেওঁ আকাশ চুবগৈ পাৰে। শৰীৰ সুস্থ থাকিলে মন আৰু মগজুও সুস্থ থাকে।
বন্ধুসকল, আমি যেতিয়া ‘ফিটনেছ’ সন্দৰ্ভত সচেতন হও তেতিয়া আমি শৰীৰ সন্দৰ্ভতো সচেতন হ’বলৈ লও। আচলতে আমি বহুতেই আমাৰ শাৰীৰিক শক্তি, সক্ষমতা, আনকি আমাৰ দুৰ্বলতা সন্দৰ্ভত বৰ বিশেষ একো নজনাকৈয়ে জীৱন অতিবাহিত কৰো। সেয়ে আমি যেতিয়া ‘ফিটনেছ’ আহৰণৰ যাত্ৰাত খোজ আগবঢ়াব খোজো তেতিয়াই আমি আওপকীয়াকে হ’লেও আমাৰ শৰীৰ, শৰীৰিক শক্তি, সামৰ্থ্য আনকি আমাৰ দুৰ্বলতাসমূহৰ বিষয়েও অৱগত হ’বলৈ ধৰো। আৰু যিসকলে তেওঁলোকৰ শাৰীৰিক সক্ষমতাক বাৰুকৈয়ে উপলব্ধি কৰিব পাৰিছে তেওঁলোকে মনৰ মাজত এক ধৰণৰ আত্মবিশ্বাসবোধৰে উদ্বুদ্ধ হ’ব পাৰিছে। এই বিশ্বাসে তেওঁলোকৰ ব্যক্তিত্বক ন ৰূপেৰে সজাই-পৰাই তোলে।
বন্ধুসকল, ‘ফিট ইণ্ডিয়া’ আন্দোলন চৰকাৰে আৰম্ভ কৰিছে ঠিকেই, পিছে এই আন্দোলনক আপোনালোকেই নেতৃত্ব দি সাফল্যৰ উচ্চ শিখৰত উপনীত কৰাবগৈ লাগিব। মই মোৰ অভিজ্ঞতাৰ পৰা কও, ইয়াত আমাৰ বিনিয়োগ শূণ্য, কিন্তু ইয়াৰ বিপৰীতে ওভতাই পাব লগাৰ সংখ্যা অপৰিসীম।
এই মঞ্চত মানৱ সংসাধন মন্ত্ৰীৰ লগতে গ্ৰামীণ বিকাশ দপ্তৰৰ মন্ত্ৰীও উপস্থিত আছে। মই তেওঁলোক উভয়কে এই অভিযান দেশৰ প্ৰান্তে প্ৰান্তে, গাঁৱে-চহৰে, পঞ্চায়তে পঞ্চায়তে, স্কুলে-কলেজে ৰূপায়িত কৰাৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰাৰ বাবে আহ্বান জানাব খুজিছো। হওতে এয়া কোনো বিভাগৰ, কোনো চৰকাৰ, কোনো দল, আথবা কোনো মতাদৰ্শৰ আভিযান নহয়। শাৰীৰিক সুস্থতাৰ ক্ষেত্ৰত কাৰো খোকোজা থাকিব নালাগে। দৰাচলতে সমগ্ৰ দেশে, পৰিয়ালে পৰিয়ালে এই অভিয়ান সফল কৰি তোলাৰ বাবে প্ৰয়াস কৰিব লাগে। শাৰীৰিক সুস্থতাৰ সৈতে বীৰত্বৰ মহাত্ম্যও জড়িত হৈ থাকে। এই মহাত্ম্য একালত আমাৰ পৰম্পৰাৰ অংগ আছিল। পিছে, আমাৰে দুৰ্ভাগ্য ঠেক মনোবৃতিৰ কৱলত পৰি মাজতে আমি পৰম্পৰাও পাহৰিবলগীয়াত পৰিলো। এই মনোবৃতি ইমানেই সংকীৰ্ণ যে একালত স্কুলীয়া ছাত্ৰৰ পাঠত থকা ‘ত মানে তৰোৱাল’ বোলা বাক্যষাৰো সলাই পেলোৱাৰ দৰে কাণ্ড সংঘটিত কৰা হ’ল। মই ভাবো শাৰীৰিক সুস্থতাক আমি সকলো প্ৰকাৰে উদযাপন কৰিবলৈ প্ৰয়াস কৰিব লাগে। ইয়াক জীৱনৰ অপৰিহাৰ্য অংগ কৰি তুলিব লাগে। মই ৰাজ্য চৰকাৰসমূহকো ‘ফিট ইণ্ডয়া’ আন্দোলনক বিস্তৃত ৰূপত ৰূপায়ণৰ দিহা কৰিবলৈ আহ্বান জনাব খুজিছো।
আমি সকলোৱে নিজৰ লগতে, পৰিয়াল-পৰিজন, আত্মীয়-কুটুম্ব, বন্ধু-বান্ধৱ, চুবুৰীয়া, আমাৰ সমাজখনৰ সকলোকে সু-স্বাস্থ্যৰ গৰাকী হোৱাৰ বাবে উত্সাহিত কৰাৰ ব্ৰতত ব্ৰতী হও আহকচোন। আমি সুস্থ হ’লে ভাৰতো সুস্থ হ’ব। ভাৰতক সুস্থ কৰাৰ অভিযানত আমি সকলো অংশীদাৰ হও আহকচোন।
এই আহ্বানকে জনাই সামৰিছো। আপোনালোক সকলোলৈকে বহুত বহুত শুভ কামনা জনালো।
বহুত ধন্যবাদ।
*****
KB
आज का ये दिन हमारे उन युवा खिलाड़ियों को बधाई देने का भी है, जो निरंतर दुनिया के मंच पर तिरंगे की शान को नई बुलंदी दे रहे हैं।
— PMO India (@PMOIndia) August 29, 2019
बेडमिंटन हो, टेनिस हो, एथलेटिक्स हो, बॉक्सिंग हो, कुश्ती हो या फिर दूसरे खेल, हमारे खिलाड़ी हमारी उम्मीदों और आकांक्षाओं को नए पंख लगा रहे हैं: PM
उनका जीता हुआ मेडल, उनके तप और तपस्या का परिणाम तो है ही, ये नए भारत के नए जोश और नए आत्मविश्वास का भी पैमाना है: PM
— PMO India (@PMOIndia) August 29, 2019
Sports का सीधा नाता है Fitness से।
— PMO India (@PMOIndia) August 29, 2019
लेकिन आज जिस Fit India Movement की शुरुआत हुई है, उसका विस्तार Sports से भी आगे बढ़कर है।
Fitness एक शब्द नहीं है बल्कि स्वस्थ और समृद्ध जीवन की एक जरूरी शर्त है: PM
समय कैसे बदला है, उसका एक उदाहरण मैं आपको देता हूं।
— PMO India (@PMOIndia) August 29, 2019
कुछ दशक पहले तक एक सामान्य व्यक्ति एक दिन में 8-10 किलोमीटर पैदल चल ही लेता था।
फिर धीरे-धीरे टेक्नोलॉजी बदली, आधुनिक साधन आए और व्यक्ति का पैदल चलना कम हो गया: PM
अब स्थिति क्या है?
— PMO India (@PMOIndia) August 29, 2019
टेक्नोलॉजी ने हमारी ये हालत कर दी है कि हम चलते कम हैं और अब वही टेक्नोलॉजी हमें गिन-गिन के बताती है कि आज आप इतने steps चले, अभी 5 हजार Steps नहीं हुए, 2 हजार Steps नहीं हुए, अभी और चलिए: PM
आज भारत में diabetes, hypertension जैसी अनेक lifestyle diseases बढ़ती जा रही हैं।
— PMO India (@PMOIndia) August 29, 2019
अपने आसपास देखिए, तो आपको अनेक लोग इनसे पीड़ित मिल जाएंगे।
पहले हम सुनते थे कि 50-60 की उम्र के बाद हार्ट अटैक का खतरा बढ़ता है, अब 35-40 साल के युवाओं को हार्ट अटैक आ रहा है: PM
Lifestyle diseases हो रही हैं lifestyle disorders की वजह से।Lifestyle disorders को हम lifestyle में बदलाव करके ठीक कर सकते हैं।
— PMO India (@PMOIndia) August 29, 2019
ऐसी बीमारियां हैं जिन्हें अपने lifestyle में छोटे बदलाव करके दूर कर सकते हैं। इन बदलावों के लिए देश को प्रेरित करने का नाम ही है #FitIndiaMovement :PM
सफलता और फिटनेस का रिश्ता भी एक दूसरे से जुड़ा हुआ है।
— PMO India (@PMOIndia) August 29, 2019
आज आप कोई भी क्षेत्र लीजिए, अपने icons को देखिए, उनकी success stories को देखिए, चाहे वो Sports में हों, फिल्मों में हों, बिजनेस में हों, इनमें से अधिकतर फिट हैं: PM
ये सिर्फ संयोग मात्र नहीं है। अगर आप उनकी lifestyle के बारे में पढ़ेंगे तो पाएंगे, कि एक चीज ऐसे हर व्यक्ति में कॉमन है।
— PMO India (@PMOIndia) August 29, 2019
सफल लोगों का Common character है - Fitness पर उनका फोकस: PM
आप किसी भी प्रोफेशन में हों, आपको अपने प्रोफेशन में Efficiency लानी है तो मेंटल और फिजिकल फिटनेस जरूरी है।
— PMO India (@PMOIndia) August 29, 2019
चाहे Boardroom हो या फिर Bollywood, जो फिट है वो आसमान छूता है।
Body fit है तो Mind hit है: PM
आप किसी भी प्रोफेशन में हों, आपको अपने प्रोफेशन में Efficiency लानी है तो मेंटल और फिजिकल फिटनेस जरूरी है।
— PMO India (@PMOIndia) August 29, 2019
चाहे Boardroom हो या फिर Bollywood, जो फिट है वो आसमान छूता है।
Body fit है तो Mind hit है: PM
जब फिटनेस की तरफ हम ध्यान देते हैं, फिट करने की कोशिश करते हैं, तो इससे हमें अपनी बॉडी को समझने का भी मौका मिलता है।
— PMO India (@PMOIndia) August 29, 2019
ये हैरानी की बात है, लेकिन हम अपने शरीर के बारे में, अपनी ताकत, अपनी कमजोरियों के बारे में बहुत ही कम जानते हैं: PM
#FitIndiaMovement भले ही सरकार ने शुरु किया है, लेकिन इसका नेतृत्व आप सभी को ही करना है।
— PMO India (@PMOIndia) August 29, 2019
देश की जनता ही इस कैंपेन को आगे बढ़ाएगी और सफलता की बुलंदी पर पहुंचाएगी।
मैं अपने निजी अनुभवों से कह सकता हूं कि इसमें Investment Zero है, लेकिन Returns असीमित हैं: PM