Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ফিলিপাইছত ভাৰতীয় সমূদায়ৰ অভ্যৰ্থনা অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

ফিলিপাইছত ভাৰতীয় সমূদায়ৰ অভ্যৰ্থনা অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

ফিলিপাইছত ভাৰতীয় সমূদায়ৰ অভ্যৰ্থনা অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

ফিলিপাইছত ভাৰতীয় সমূদায়ৰ অভ্যৰ্থনা অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ


প্ৰথমে উপস্থিত সকলোকে শুভেচ্ছা জনাইছো,

আপোনালোকক দেখা নকৰাকৈ উভতি গ’লে মোৰ ভ্ৰমণ অসম্পূর্ণ থাকিলহেতেন। কিমান দূৰ-দূৰণিৰ পৰা আপোনালোকে সময় উলিয়াই ইয়ালৈ আহিছে। আজি কাম থকা সত্ত্বেও আপোনালোক ইয়ালৈ আহিছে। ভাৰতৰ প্রতি আপোনালোকৰ ভাল পোৱা আৰু আন্তৰিকতা থকাৰ বাবেই আজি সকলো ইয়াত সমবেত হৈছে। মই সৰ্বপ্ৰথমে আপোনালোকক বিশেষভাবে ধন্যবাদ জনাইছো। মই ভাৰতৰ বাহিৰলৈ য’লৈক যাওঁ, তাত থকা প্রবাসী ভাৰতীয়সকলৰ সৈতে দেখা কৰাৰ চেষ্টা কৰো। কিন্তু আজি আপোনালোকে যি নিয়মানুৱর্তিতা দেখুৱাইছে, তাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছো। এইবাবেই বৃহৎ শক্তিশালী দেশৰ পৰা ইমান দূৰৈত আহি এই বিপুল সংখ্যক ভাৰতীয়ক একেটা স্থানত দেখিবলৈ পাই মই অতিশয় আনন্দিত, তাৰবাবে আপোনালোক সকলোকে অভিনন্দন জনাইছো।

মই প্রথমবাৰলৈ ফিলিপাইনছ ভ্ৰমণৰ বাবে আহিছো। এই ভ্ৰমণ ভাৰত আৰু ফিলিপাইনছৰ সম্পর্কৰ বাবে অতি গুৰুত্বপূর্ণ। আপোনালোকে যিদিনাই মোক প্রধানমন্ত্রীৰ দায়িত্ব অর্পণ কৰিছিল, সেই দিনাৰ পৰাই মই ‘এক্ট ইষ্ট পলিচি’ গ্রহণ কৰিছো। কাৰণ ভাৰতৰ পূর্ব প্রান্তৰ এই দেশসমূহৰ সৈতে আমি যথেষ্ট আত্মীয়তা আৰু ঘনিষ্ঠতা অনুভৱ কৰো। কিবা নহয় কিবা কাৰণত আমাৰ মাজত এটি পৰম্পৰাগত আবেগৰ সম্পর্ক আছে। পূব এছিয়াৰ এনে কোনো দেশ নাই, যিসকলে ৰামায়ণ সন্দৰ্ভত নাজানে, বা ৰামক নাজানে। এনে কোনো দেশ নাই, যিসকলে বুদ্ধদেৱক শ্রদ্ধা নকৰে। ভাৰতৰ সৈতে পূব এছিয়াৰ দেশসমূহৰ এই পৰম্পৰাগত মিল যুগ যুগ ধৰি আমাৰ আত্মিক সম্পর্কক মজবুত কৰি ৰাখিছে। এই ঐতিহ্যক যথাযথভাবে সংৰক্ষণ কৰা আৰু ভৱিষ্যৎ প্রজন্মলৈ সঞ্চাৰিত কৰাৰ দায়িত্ব বহন কৰিছে প্রবাসী ভাৰতীয়সকলে। এই ক্ষেত্রত ভাৰতীয় দূতাবাসে যিমান কাম কৰিব পাৰে, তাতকৈ প্রবাসী ভাৰতীয়সকলে বহুত কৰিবলৈ সক্ষম। মই এতিয়া অনুভৱ কৰো যে সমগ্ৰ পৃথিৱীতে আজি প্রত্যেক ভাৰতীয়ই গর্বৰে আনৰ চকুত চকু ৰাখি কথা ক’ব পাৰিছে। ই যি কোনো দেশৰ নাগৰিকৰ বাবে অতি গুৰুত্বপূৰ্ণ বিষয়। সমগ্ৰ পৃথিৱীতে সিঁচৰিত হৈ থকা ভাৰতীয়সকলে কেইবা শতিকা ধৰি বিভিন্ন বৃত্তিৰ সৈতে জড়িত হৈ আছে। ভাৰতীয়সকলৰ আন এটি বৈশিষ্ট্য হৈছে–আমি য’লৈকে যাও, সেই অঞ্চলকে আপোন কৰি লওঁ। এইটো সৰু কথা নহয়। সকলোৱে আনক আপোন কৰি ল’ব নোৱাৰে। নিজৰ মাজত দৃঢ় আত্মবিশ্বাস থাকিলেহে আনক আপোন কৰি ল’ব পৰা যায়। যিসকলে কেইবা প্রজন্ম ধৰি বেলেগ দেশত বসবাস কৰিছে, পৰিৱেশ আৰু পৰিস্থিতিৰ কাৰণে নতুন প্রজন্মই মাতৃভাষাত কথা কোৱাটো পাহৰি গৈছে, তথাপিতো ভাৰতৰ কিবা বেয়া দেখিলেই আপোনালোকেও বিনিদ্র ৰজনী কটায়, আকৌ ভাৰতৰ কিবা ভাল দেখিলে আপোনালোকেও গৌৰৱ বোধ কৰে। সেইবাবে ভাৰতৰ বর্তমান চৰকাৰে নিৰন্তৰ প্রচেষ্টাৰ মাধ্যমত দেশৰ উন্নয়নক ইমান উচ্চতাত উপনীত কৰিব বিচাৰিছে, যাতে আমি সকলো ক্ষেত্রত বিশ্বমানৰ হৈ উঠিব পাৰো। আনৰ সমকক্ষ হৈ উঠাৰ প্রক্রিয়া অতি সংকটপূৰ্ণ। কিন্তু এবাৰ সেই সকলো বাধা অতিক্রম কৰি আকাংক্ষিত উচ্চতাত উপনীত হ’ব পাৰিলে সমানে সমানে খেলাৰ সূযোগ পোৱা যায়। আৰু ভাৰতীয়সকলৰ হৃদয়, মস্তিষ্ক আৰু বাহুত সেই সামর্থ্য আছে যে এবাৰ সমানে সমানে খেলিব পাৰিলে তেওঁলোকৰ গতি আৰু কোনেও ধৰি ৰাখিব নোৱাৰে। সেইবাবে বিগত চাৰে তিনি বছৰ ধৰি বর্তমানৰ চৰকাৰে দেশৰ ১২৫ কোটি জনতাৰ শক্তি, সামর্থ্য প্রাকৃতিক উপাদানসমূহ আৰু সাংস্কৃতিক ঐতিহ্যক নিৰন্তৰ উজ্জীৱিত কৰি নতুন ভাৰত গঢ়াৰ প্রচেষ্টা অব্যাহত ৰাখিছে। ১০০ বছৰ আগতেই হওঁক, ৫০০ বছৰ আগতেই হওঁক, ১,০০০ বছৰ আগতেই হওঁক, ৫,০০০ বছৰ আগতেই হওঁক এই ক্ষেত্ৰত ভাৰত কেতিয়াও পিছপৰি থকা নাছিল আৰু ইতিহাসৰ প্রতিটো ঘটনাই সাক্ষী যে আমাৰ দেশবাসীয়ে কেতিয়াও কাৰো অনিষ্ট কৰা নাই।

মই যেতিয়া বিশ্বৰ বিভিন্ন দেশত গৈ সেই দেশৰ নেতৃবৃন্দক কওঁ যে ভাৰতীয়সকলে কেতিয়াও সাম্রাজ্যবাদী মনোভাবক লৈ কোনো দেশ আক্রমণ কৰা নাই। অথচ, প্রথম বিশ্বযুদ্ধ আৰু দ্বিতীয় বিশ্বযুদ্ধত দেৰ লক্ষাধিক ভাৰতীয় সৈনিকে বিশ্ব শান্তি প্ৰতিষ্ঠাৰ উদ্দেশ্যে শ্বহীদ হৈছিল। তেওঁলোকে আন কোনো দেশত আমাৰ জাতীয় পতাকা স্থাপন কৰিবলৈ যোৱা নাই।

আজিলৈকে ৰাষ্ট্রসংঘৰ শান্তি সেনাত সর্বাধিক শৌর্যৰ সৈতে যি দেশৰ সৈনিক আটাইতকৈ বেছিকৈ ভাগ লৈছে, তাৰ নামেই হৈছে ভাৰত। সেইবাবে বিশ্বৰ যি কোনো স্থানত বসবাস কৰা ভাৰতীয়ই এই লৈ গৌৰৱ কৰিব পাৰে। পৃথিৱীৰ যি কোনো প্রান্তত চৰম অশান্তি আৰু ৰাষ্ট্র বিপ্লৱত শান্তি সেনাৰ ভূমিকাত সর্বাধিক বিশ্বস্ততাৰ সৈত সাফল্যৰ অধিকাৰী ভাৰতীয় সৈনিকক আজিও পৃথিৱীৰ বহু দেশত মোতায়েন কৰা আছে। বুদ্ধদেৱ আৰু গান্ধীৰ দেশৰ সৈনিকসকলৰ বাবে শান্তি কেৱল এটি শব্দ নহয়, আমি বিশ্বক দেখিছো, কেনেকৈ শান্তি বৰ্তাই ৰাখিব পাৰি, শান্তি আমাৰ শিৰা আৰু ধমনীত প্রবাহিত হৈ আছে। কাৰণ, আমাৰ পূর্বপূৰূষে কৈ গৈছে, ‘বসুধৈব কুটুম্বকম’ অর্থাৎ গোটেই বিশ্বই এটি পৰিয়াল-এই মন্ত্র তেওঁলোকে আমাক দি গৈছে। কিন্তু তত্ত্বজ্ঞানত যিমানেই গভীৰতা নাথাকক কিয়, যিমান উচ্চ মানৰেই নহওক কিয়, ঐতিহ্য যিমান মহান নহওক কিয়, বর্তমান সিমানেই উজ্জ্বল, তেজস্বী আৰু পৰাক্রমী হ’লেহে বিশ্ববাসীয়ে সেই সামর্থ্যকে স্বীকাৰ কৰি ল’ব। দীর্ঘদিনৰ পাছত বিশ্ববাসীয়ে ভাৰতৰ এই সামর্থ্য স্বীকাৰ কৰিবলৈ বাধ্য হৈছে। সেইবাবে আমি আমাৰ গৌৰবময় অতীতৰ পৰা প্রেৰণা লৈ আগুৱাই গৈছো। একবিংশ শতিকাক যিহেতু এছিয়াৰ শতিকা বুলি কোৱা হৈছে, সেয়েহে আমাৰ কর্তব্য হ’ল–নিজৰ শক্তি আৰু সামর্থ্যক লৈ একবিংশ শতিকাক ভাৰতৰ শতিকা কৰি গঢ়ি তোলা। ইয়াক আমি খুব কঠিন বুলি ভবা নাই। তিনি-চাৰে তিনি বছৰৰ অভিজ্ঞতাৰ পৰা মই কওঁ যে এয়া সম্ভৱ। এই সময়ছোৱাত প্রতিদিনে কিবা নহয় কিবা ইতিবাচক সংবাদত চৰকাৰ আৰু জনতাৰ সম্পর্ক নৱীকৰণ হৈছে। এতিয়া আৰু এইকথা ভাবি ভয় হোৱা নাই, কোনো নেতিবাচক ঘটনা ঘটিলে কাৰ্যালয়ত গৈ কেনেকৈ মুখ দেখুৱাম। এতিয়া প্রতিদিনে অতি আত্মবিশ্বাসেৰে ঘৰৰ পৰা বাহিৰৰ খোজ দিও। ভাৰতৰ পৰা এতিয়া কেৱল সুখবৰেই আহিব। এতিয়া দেশত প্রতিটো সিদ্ধান্ত ৰাষ্ট্ৰীয় স্বার্থৰ কথা ভাবি, উন্নয়নৰ কথা ভাবি লোৱা হৈছে।

স্বাধীনতাৰ ৭০ বছৰত পাছতো যদি দেশৰ ৩০ কোটি লোকে বেংকিং ব্যৱস্থাৰ আঁতৰত থাকে, তেতিয়াহ’লে দেশৰ অর্থনীতিয়ে কেনেকৈ ইতিবাচক ভূমিকা পালন কৰিব। সেইবাবে আমাৰ চৰকাৰে দায়িত্ব গ্রহণ কৰিয়েই প্রধানমন্ত্রী জন ধন যোজনাৰ শুভাৰম্ভ কৰিলো। ইয়াৰ জৰিয়তে দৰিদ্ৰ লোকসকলে জিৰো বেলেন্সত বেংক একাউণ্ট খুলিবলৈ সক্ষম হৈছে। এই অসংখ্য একাউণ্ট খুলিবলৈ বেংক কর্মচাৰীসকলে বহু কষ্ট কৰিলে। মেনিলাত বেংকসমূহ কেনেকৈ চলে সেই সম্পর্কে আপোনালোকে সকলোৱে জানে। চৰকাৰৰ সিদ্ধান্ত সন্দৰ্ভত গম পাই ভাৰতীয় বেংকসমূহে আমাৰ ওচৰত আবেদন কৰিছিল, যাতে ষ্টেচনাৰী সামগ্ৰীৰ বাবদ ন্যূনতম ধন সংগ্রহ কৰিবলৈ দিয়া হয়। কিন্তু মই ক’লো যে এই প্রক্রিয়া দেশৰ দৰিদ্ৰ লোকসকলৰ অধিকাৰ প্রদানৰ প্রক্রিয়া। তেওঁলোকে যাতে স-সম্মানে এক টকাও জমা নকৰাকৈ একাউণ্ট খুলিব পাৰে, তাৰ ব্যৱস্থা আপোনালোকে কৰিবই লাগিব। ইমানদিন দৰিদ্ৰ লোকসকলে বেংকৰ সন্মুখত দুজন বন্দুকধাৰীক থিয় হৈ থকা দেখি ভয়তে তাত ভৰি দিয়া নাছিল। তেওঁলোৰে ভাবিছিল যে সেই শীত-তাপ নিয়ন্ত্রিত বেংকসমূহ আমাৰ বাবে নহয়। তেওঁলোকে সুদখোৰ মহাজনসকলৰ কাষত হাত পাতে আৰু সেই সুদখোৰ মহাজনসকলে তেওঁলোকক কেনে ব্যৱহাৰ কৰিছিল, সেয়া আপোনালোকে ভালকৈয়ে জানে! আমি ৩০ কোটি দৰিদ্র লোকৰ জিৰো বেলেন্সত একাউণ্ট খোলাৰ অধিকাৰ দিলো। কিন্তু আপোনালোকে শুনিলে আচৰিত হ’ব যে আপোনালোকে বহু ধনী লোক দেখিছে, ধনীসকলৰ অন্তৰৰ দাৰিদ্র্যতা দেখিছে, কিন্তু মই এই প্রকল্পৰ অভিজ্ঞতাৰে দুখীয়া লোকসকলৰ মনৰ ঐশ্বর্য দেখিছো। আজি মই অতি গৌৰৱেৰে ক’ব পাৰো আমাৰ দেশৰ দৰিদ্ৰ লোকসকল মানসিকভাৱে যথেষ্ট ধনী। আগতে মা-ভনীসকলে তেওঁলোকৰ স্বামী বা পিতৃয়ে আৰ্জিত ধন খৰচ কৰে বুলি ঘেঁহু বস্তাৰ তলৰ অথবা ঢাৰিপাটিৰ তলত লুকুৱাই ৰাখি থৈছিল। এতিয়া সুযোগ পাই তেওঁলোকে নতুনকৈ খোলা বেংক একাউণ্টত সেই ধন সঞ্চয় কৰাৰ ফলত সৰ্বমুঠ ৬৭হাজাৰ কোটি টকা জন ধন একাউণ্টত জমা কৰিছে। ইয়াৰ জৰিয়তে স্বাধীনতাৰ পাছত প্রথমবাৰলৈ দেশৰ অর্থ ব্যৱস্থাৰ মূলসূঁতিৰ সৈতে দেশৰ দৰিদ্ৰ লোকসকলো সক্রিয়ভাৱে জড়িত হৈ পৰিল। এয়া কোনো সৰু পৰিৱর্তন নহয়, যিজন লোক আগতে এই ব্যৱস্থা বাহিৰত আছিল, যাৰ কোনো শক্তি আৰু সামৰ্থ্য নাছিল, আজি সেই একেজন লোকেই এই ব্যৱস্থাৰ কেন্দ্ৰবিন্দু হৈ পৰিল।

এনেধৰণ বহু পদক্ষেপ আমি লৈছো, যিবোৰৰ সন্দৰ্ভত কেতিয়াও আলোচনাই হোৱা নাছিল বা এই সন্দৰ্ভত কোনেও কল্পনাও কৰা নাছিল। বহুতে ভাবিছিল দেশ আগতে যেনেকৈ চলিছিল, তেনেকৈয়ে চলি থাকিব। যদি ছিংগাপুৰ, ফিলিপাইনছ আৰু মেনিলা পৰিষ্কাৰ চহৰ হ’ব পাৰে, তেতিয়াহ’লে ভাৰত কিয় পৰিষ্কাৰ দেশ হ’ব নোৱাৰে? দেশত এনে নাগৰিক কোনোবা আছেনে, যি পৰিষ্কাৰকৈ থকাতো পছন্দ নকৰে অথবা অপৰিষ্কাৰক পছন্দ কৰে। কিন্তু পদক্ষেপ ল’ব লাগিব, দায়িত্ব ল’ব লাগিব, সফলতা-বিফলতাৰ কথা নাভাবি আৰম্ভ কৰিব লাগিব। মহাত্মা গান্ধীয়ে যি অৱস্থাত এৰি গৈছিল, আমি চৰকাৰে দায়িত্ব লৈ সেই দিশত কাম আৰম্ভ কৰিছো। মই অতি গৌৰৱেৰে কওঁ যে ইতিমধ্যে ভাৰতত ২.২৫ লাখতকৈ অধিক গাঁও মুকলি ঠাইত মলত্যাগ মুক্ত হিচাপে ঘোষিত হৈছে। ইয়েই ইমানবোৰ গাঁৱৰ সাধাৰণ লোকসকলৰ জীৱনলৈ অহা পৰিৱৰ্তনকে সূচাইছে।

আপোনালোকৰ ভিতৰত যিসকলে ২০-২৫-৩০ বছৰ আগতে ভাৰতৰ পৰা এই দেশলৈ আহিলে, তেওঁলোকৰ সৈতে যদি আজিও ভাৰতৰ সম্পর্ক আছে, তেতিয়াহ’লে তেওঁলোকে এই পৰিৱর্তন অনুভব কৰিব পাৰে। আপোনালোকে দেশ এৰি অহাৰ আগতে দেখিছিল যে দেশত ৰন্ধন গেছৰ চিলিণ্ডাৰ অথবা গেছ সংযোগ পাবলৈ কিমান কাঠ খৰি পুৰিব লগা হৈছিল। কাৰোবাৰ ঘৰত ৰন্ধন গেছ সংযোগ ল’লে প্রতিবেশীসকলে এনেকৈ ভাবিছিল যেন তেওঁলোকে মাৰ্চিডিজ গাড়ী আনিছে। আমাৰ দেশৰ প্রত্যেকগৰাকী সাংসদে ২৫টাকৈ কুপন লাভ কৰিছিল, তাৰ জৰিয়তে তেওঁলোকে নিজৰ সমষ্টিত ২৫টা পৰিয়ালক সন্তুষ্ট কৰিব পাৰিছিল। কিন্তু তেওঁলোকৰ বহুতে এই ৰন্ধন গেছ সংযোগ প্রদানৰ ক্ষেত্রত কেনেধৰণৰ দুর্নীতিৰ আশ্রয় লৈছিল, তাক আপোনালোকে বাতৰিকাকতত পঢ়িছিল। ২০১৪ চনৰ লোকসভা নির্বাচনৰ আগতে এফালে বিজেপি আৰু আনফালে শাসকীয় দল কংগ্রেছ আছিল। সেই নির্বাচনী প্রচাৰত নেতৃত্ব দিয়াৰ বাবে ভাৰতীয় জনতা পার্টিয়ে মোক দায়িত্ব দিছিল। তেতিয়া শাসকদলৰ এখন সভা হৈছিল, যি সভাত দেশবাসীয়ে প্রতীক্ষা কৰিছিল, কাৰ নেতৃত্বত শাসকদলে সেই নির্বাচন খেলিব তাক জনাৰ বাবে। সেই সভাত শাসকদলৰ ডাঙৰ ডাঙৰ নেতাসকলে বক্তব্য আগবঢ়োৱাৰ পাছত সাংবাদিক সন্মিলনত তেওঁলোকে জনায় যে তেওঁলোক যদি নির্বাচনত জয়ী হয়, তেতিয়াহ’লে এতিয়া এটা পৰিয়ালে এবছৰত ৯টাকৈ গেছ চিলিণ্ডাৰ দিয়া হয়, তাৰ সলনি ১২টাকৈ চিলিণ্ডাৰ দিব। এই ঘোষণা শুনি দেশবাসীয়ে আনন্দত হাত চাপৰি দিছিল।

এবাৰ লালকিল্লাৰ পৰা মই ভাৰতবাসীক অনুৰোধ কৰিলো যে যদি আপোনালোকে পাৰে, তেন্তে গেছৰ বাবদ বছৰি যি ৮০০, ১০০০ বা ১২০০ টকা ৰাজসাহায্য পায় তাক এৰি দিয়ক। মই জানিব পৰা মতে ১.২৫ কোটি পৰিয়ালে তেওঁলোকৰ ৰাজসাহায্য কৰ্তন কৰিলে।

নির্বাচনৰ পাছত দায়িত্ব গ্রহণ কৰি আমি ঠিক কৰিলো যে দেশৰ দুখীয়া পৰিয়ালসমূহ বিনামূলীয়াকৈ ৰন্ধন গেছৰ সংযোগ দিয়া হওঁক। তেতিয়া দেশৰ মুঠ ২৫ কোটি পৰিয়ালৰ ভিতৰত ৫ কোটি পৰিয়াল দৰিদ্ৰ সীমা ৰেখাৰ তলত বসবাস কৰিছিল। আমি সেই অভিযান আৰম্ভ কৰিলো আৰু ইতিমধ্যে ৩ কোটি পৰিয়ালৰ ৰান্ধনিশালত বিনামূলীয়া ৰন্ধন গেছ প্ৰদান কৰিবলৈ সক্ষম হৈছো। আগতে ৰন্ধন গেছৰ ৰাজসাহাৰ্যক লৈ যথেষ্ট কথা-বাৰ্তা চলিছিল। আমি এই ৰাজসাহায্য প্রাপকৰ আধাৰ কার্ড আৰু বেংক একাউণ্টৰ সৈতে লিংক কৰি দিলো। বায়ো-মেট্রিক চিনাক্তকৰণ পদ্ধতিৰে এক্ষেত্ৰতো অনেক ৰাজসাহায্য প্রাপক ভিতৰত বহুত দুর্নীতি ধৰা পৰিল। ফলস্বৰূপে, দেশৰ ৰাজকোষত ৫৭ হাজাৰ কোটি টকা জমা হ’ল। তাৰমানে প্রতি বছৰে এই ৫৭ হাজাৰ কোটি টকা বেলেগৰ পকেটলৈ গৈছিল, সেই কথা আপোনালোকে অনুমান কৰিছেনে। তেওঁলোকে কি মোদীক পছন্দ কৰিব? আপোনালোকেই কওঁকছোন আমি কি তেওঁলোকলৈ ভয় কৰি চলিম? বর্তমান চৰকাৰৰ কঠোৰ সিদ্ধান্তৰ জৰিয়তে আমি দুর্নীতিৰ বিৰুদ্ধে এনেকৈ সফল হৈছো।

ইয়াত উপৱিষ্ট বিপুল সংখ্যক লোকে মোক যেনেকৈ আশীর্বাদ প্রদান কৰিছে, মই আপোনালোকক আশ্বাস দিব বিচাৰো যে যি উদ্দেশ্যত দেশে আমাৰ দৰে এজন সাধাৰণ লোকক নেতৃত্বৰ সুযোগ দিছে, মই সেই উদ্দেশ্য পূৰণত কেতিয়াও থমকি নৰওঁ। ২০১৪ চনৰ আগতে বাতৰিকাকতত কি পঢ়িবলৈ পাইছিল? কয়লাখনিৰ দুর্নীতিত কিমান হাজাৰ কোটি টকা, ২জি দুর্নীতিত কিমান হাজাৰ কোটি টকা দেশৰ ৰাজকোষৰ পৰা খৰচ হৈছে! ২০১৪ চনৰ পাছত মোদীক কাঠগৰা থিয় কৰাই যদি সোধা হয়, কিমান টকা সঞ্চয় কৰিব পাৰিছে? ৰাজকোষলৈ কিমান টকা আমদানি হৈছে? পৰিৱর্তনক লক্ষ্য কৰক, সেইসময়ত দেশৰ চিন্তা আছিল যে কিমান টকা অপচয় হৈছে, আৰু আজি মোক জবাবদিহি কৰে যে কিমান টকা আমদানি কৰিব পাৰিছো!

বন্ধুসকল, আমাৰ দেশত একো সামগ্ৰীৰে অভাৱ নাই, আগুৱাই যোৱাৰ বাবে আমাৰ সকলো সম্ভাৱনা আ সক্ষমতা আছে। সেই সকলো সম্ভাৱনা আৰু সক্ষমতাক গুৰুত্বপূর্ণ নীতিলৈ পৰিৱর্তিত কৰি আমি আগুৱাই গৈছো। ইয়াৰ ফলত দেশৰ উন্নয়নে আজি নতুন শিখৰত অতিক্রম কৰিবলৈ সক্ষম হৈছো। সকলো ক্ষেত্রতে দেশৰ সাধাৰণ লোকসকলৰ অংশীদাৰিত্ব বৃদ্ধি পাইছে। এইদৰে দেশৰ সাধাৰণ লোকসকলক লৈ আগুৱাই যোৱাৰ ফলত ইয়াৰ পৰিণাম ইমানেই ভাল হৈছে আৰু ইয়াতকৈ ভাল হোৱাৰ সম্ভাৱনা আছে যে আপোনালোকে দীর্ঘদিন ইয়াত থাকিবলৈ নিবিচাৰিব, বৰঞ্চ স্বদেশলৈ উভতি যাব বিচাৰিব। মই অতিশয় আনন্দিত যে আজিৰ এই সভাত ইমান বিপুল হাৰত উপস্থিত হৈ মোক আশীর্বাদ কৰিছে।

বহুত বহুত ধন্যবাদ।

***

AKT/AK/KT/RSB/AK/DB