Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ফিলিপাইনছ ভ্ৰমণৰ পূৰ্বে প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিবৃত্তি


ফিলিপাইনছ ভ্ৰমণৰ পূৰ্বে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আগবঢ়োৱা প্ৰেছ বিবৃত্তি তলত হুবহু আগবঢ়োৱা হ’ল-

“১২ নৱেম্বৰৰ পৰা তিনিদিনীয়া ভ্ৰমণসূচীৰে মই মেনিলালৈ যাম। এয়া হৈছে মোৰ ফিলিপাইনছৰ প্ৰথমটো দ্বিপাক্ষিক ভ্ৰমণ, য’ত মই আছিয়ান-ইণ্ডিয়া আৰু পূব এছিয়া সন্মিলনত ভাগ ল’ম। এই সন্মিলনত মোৰ অংশগ্ৰহণে আছিয়ান সদস্য ৰাষ্ট্ৰসমূহৰ লগতে ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ সৈতে ভাৰতৰ গভীৰ সম্পৰ্কৰ প্ৰতিশ্ৰুতিৰ এক ইংগিত বহন কৰিছে। সাধাৰণ অৰ্থত এয়া মোৰ চৰকাৰৰ এক্ট ইষ্ট পলিচিৰ পৰিকাঠামোৰ অন্তৰ্গত।

এই সন্মিলনবোৰৰ উপৰি মই আছিয়ানৰ ৫০সংখ্যক বৰ্ষপূ্ৰ্তিৰ বিশেষ অনুষ্ঠান, আঞ্চলিক ব্যাপক অর্থনৈতিক অংশীদাৰিত্ব (RCEP)ৰ নেতৃবৰ্গৰে বৈঠক আৰু আছিয়ান ব্যৱসায়িক আৰু বিনিয়োগ সন্মিলনত ভাগ ল’ম।

আছিয়ান ব্যৱসায়িক আৰু বিনিয়োগ সন্মিলনে আছিয়ান সদস্য ৰাষ্ট্ৰসমূহৰ সৈতে বাণিজ্যিক সম্পৰ্ক প্ৰসাৰত ব্যাপক হাৰত উৎসাহিত কৰিব, য’ত আমাৰ সামগ্ৰিক বাণিজ্যৰ হাৰ ১০.৮৫%।

মোৰ প্ৰথম ফিলিপাইনছ ভ্ৰমণ কালত মই ফিলিপাইনছৰ ৰাষ্ট্ৰপতি শ্ৰীযুত ৰড্ৰিগো ডুটাৰ্টেৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ’ম। মই অন্যান্য আছিয়ান আৰু পূব এছিয়া সন্মিলনৰ নেতাসকলৰ সৈতেও বাৰ্তালাপ কৰিম।

তদুপৰি, ফিলিপাইনছত বসবাস কৰা ভাৰতীয় সমূদায়ৰ সৈতেও মিলিত হ’ম। মেনিলাত থকাৰ সময়তে মই আন্তঃৰাষ্ট্ৰীয় ধান গৱেষণা প্ৰতিষ্ঠান (IRRI) আৰু মহাবীৰ ফিলিপাইনছ ফাউণ্ডেশ্যন ইনকৰপ’ৰেচনো(MPFI) পৰিদৰ্শন কৰিম।

আন্তঃৰাষ্ট্ৰীয় ধান গৱেষণা প্ৰতিষ্ঠানৰ জৰিয়তে উন্নত মানৰ ধানৰ বীজৰ বৈজ্ঞানিক গৱেষণা আৰু বিকাশ ঘটাই বিশ্বৰ খাদ্য সংকটৰ সমস্যা দূৰ কৰাত বিশ্ব সমূদায়ক সহায় কৰি আহিছে। আন্তঃৰাষ্ট্ৰীয় ধান গৱেষণা প্ৰতিষ্ঠানত কেইবাগৰাকী ভাৰতীয় বৈজ্ঞানিকে কাম কৰাৰ লগতে গৱেষণা আৰু বিকাশত বৰঙণি যোগাইছে। মোৰ কেবিনেটে ১২ জুলাই, ২০১৭ত বাৰাণসীত আন্তঃৰাষ্ট্ৰীয় ধান গৱেষণা প্ৰতিষ্ঠানৰ দক্ষিণ এছিয়া আঞ্চলিক কেন্দ্ৰ স্থাপনৰ বাবে এক প্ৰস্তাৱত অনুমোদন জনাইছে। ফিলিপাইনছৰ মুখ্য কাৰ্যালয়ৰ বাদে বাহিৰত স্থাপন হোৱা আন্তঃৰাষ্ট্ৰীয় ধান গৱেষণা প্ৰতিষ্ঠানৰ এইটো প্ৰথমটো গৱেষণা কেন্দ্ৰ। বাৰাণসীৰ কেন্দ্ৰটোৱে ধানৰ উৎপাদন বৃদ্ধিত সহায় কৰি কৃষকৰ উপাৰ্জন বৃদ্ধি, উৎপাদন ব্যয় হ্ৰাস, মুল্য সংযোজন, বৈচিত্ৰতা আৰু কৃষকৰ দক্ষতা বৃদ্ধিত সহায় কৰিব।

মোৰ মহাবীৰ ফিলিপাইনছ ফাউণ্ডেশ্যন ইনকৰপ’ৰেচন ভ্ৰমণে ইয়াৰ কাম-কাজৰ প্ৰতি ভাৰতৰ সমৰ্থন প্ৰদৰ্শন কৰাৰ লগতে অভাৱগ্ৰস্ত লোকসকলক, যিসকলৰ কৃত্ৰিম অংগৰ প্ৰয়োজন, তেওঁলোকক বিনামুলীয়াকৈ “জয়পুৰ ভৰি” প্ৰদান কৰা হ’ব। ১৯৮৯ চনত এই প্ৰতিষ্ঠানটোৰ প্ৰতিষ্ঠাৰ পৰা মহাবীৰ ফিলিপাইনছ ফাউণ্ডেশ্যন ইনকৰপ’ৰেচনে ফিলিপাইনছৰ প্ৰায় ১৫,০০০ লোকক জয়পুৰ ভৰি সংযোগ কৰি নতুন জীৱন দি আহিছে। ভাৰত চৰকাৰে এই মানবীয় কাম-কাজ কৰা ফাউণ্ডেচনলৈ সমৰ্থন আগবঢ়াই আহিছে।

মোৰ বিশ্বাস যে মোৰ মেনিলা ভ্ৰমণে ফিলিপাইছনৰ সৈতে ভাৰতৰ দ্বিপাক্ষিক সম্পৰ্কৰ নতুন মাত্ৰা লাভ কৰিব আৰু আছিয়ান দেশসমূহৰ সৈতে আমাৰ ৰাজনৈতিক-নিৰাপত্তা, অৰ্থনৈতিক আৰু সামাজিক-সাংস্কৃতিক ভেঁটি সৃদৃঢ় কৰিব।”

****

AKT/NT/DB