Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ফ্ৰান্সত প্ৰৱাসী ভাৰতীয়সকলক উদ্দেশ্যি প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ অসমীয়া অনুবাদ


 

ফ্রান্সৰ বিশিষ্ট নাগৰিক তথা এই দেশত নিজৰ পৰিশ্ৰম আৰু দক্ষতাৰ জোৰত ভাৰতফ্রান্সৰ গৌৰৱ বৃদ্ধি কৰা আপোনালোক সকলোকে মোৰ নমস্কাৰ।

ভাইভনীসকল, ভাৰত আৰু ফ্রান্সৰ বন্ধুত্ব অত্যন্ত সুদৃঢ় আৰু এই বন্ধুত্ব বহু বছৰৰ পুৰণি। যেতিয়াই বিশ্ব মঞ্চত পৰস্পৰৰ কাষত থিয় হোৱাৰ সুযোগ আহিছে ভাৰত আৰু ফ্রান্সে পৰস্পৰক সমর্থন জনাইছে। সেয়েহে বৰ্তমান এই বন্ধুত্ব সর্বজনবিদিত।

বন্ধুসকল, ভাল বন্ধুত্বৰ অর্থ ল যে কোনো পৰিস্থিতিত সুখতে হওক বা দুখতে হওক পৰস্পৰৰ সংগ দিয়া। যেতিয়া ভাৰত অথবা ফ্রান্সলৈ কোনো ভাল সফলতা আহে, তেতিয়া আমি পৰস্পৰে সুখী হও। মই ভাবো ফ্রান্সৰ ফুটবল দলৰ সমর্থকৰ সংখ্যা ফ্রান্সত যিমান আছে, ভাৰতত তাতকৈও বহুগুনে বেছি ব। যেতিয়া ফ্রান্সে বিশ্বকাপ ফুটবল জয় কৰিছে, তেতিয়া সমগ্ৰ ভাৰতত উৎসৱ পালন কৰা হৈছে।

বন্ধুসকল, এইদৰেই আমি দুখৰ সময়তো সিমানেই নিবিড়ভাৱে পৰস্পৰৰ কাষত থিয় দিও। ইয়াৰ উদাহৰণ হৈছেফ্রান্সত এয়াৰ ইণ্ডিয়াৰ দুখন বিমান দুর্ঘটনাৰ এই স্মৃতিবিজৰিত এই সৌধটো। এই দুটা দুর্ঘটনাত কেইবাগৰাকী ভাৰতীয় যাত্রীৰ মৃত্যু হৈছিল। ইয়াৰ ভিতৰত ভাৰতৰ মহান বৈজ্ঞানিকসকলৰ অন্যতম ডঃ হোমি জাহাংগীৰ ভাবাও আছিল। ভাৰতৰ এই মহান সুসন্তান আৰু অন্য যিসকলে এই দুর্ঘটনাত প্রাণ হেৰুৱাইছিল, তেওলোক সকলোকে মই শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছো।

বন্ধুসকল, এই স্মৃতিসৌধৰ প্ৰতিটি পাথৰ আমাৰ নাগৰিকৰ পাৰস্পৰিক সংবেদনশীলতাৰ উজ্জ্বল নিদৰ্শন। সেই দুর্ঘটনাৰ পাছত জৰবেৰত যিসকল গাইডে বিমানৰ ধ্বংসাৱশেষ বিচাৰি উলিয়াইছিল প্ৰতিকূল পৰিস্থিতিত ৰাতিয়েদিনে কাম কৰিছিল, তেওঁলোককো প্ৰণাম জনাইছো। আজি প্ৰযুক্তিৰ জৰিয়তে সেই গাইডসকলৰ পৰিয়ালৰ সদস্যৰ সৈতে সম্পর্ক স্থাপনৰ সৌভাগ্য হৈছে। মই এই প্ৰযুক্তিৰ মাধ্যমে সেই শ্ৰদ্ধাশীল গাইডসকলৰ লগতে তেওঁলোকৰ পৰিয়ালবর্গক ভাৰতবাসীৰ হৈ আন্তৰিক কৃতজ্ঞতা জনাইছো। মই জৰবেৰ মেয়ৰকো কৃতজ্ঞতা জনাইছো, যি এই স্মৃতিসৌধ নির্মাণত অতি গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছে। মই ফ্রান্সৰ চৰকাৰ, ৰাষ্ট্ৰপতি মেক্রোঁ আৰু ফ্রান্সৰ জনসাধাৰণক এই আমন্ত্ৰণৰ বাবে তথা আপোনালোক সকলোৰে সৈতে দেখাৰ সুযোগ কৰি দিয়াৰ বাবে ধন্যবাদ জনাইছো।

মই এটা প্ৰতিশ্রুতি দিছিলো, নাজানো আপোনালোকৰ মনত আছে নে নাই! মোৰ মনত আছে। সাধাৰণতে, ৰাজনৈতিক নেতাসকলে প্ৰতিশ্রুতি পাহৰি আনন্দ পায়। মই তেওঁলোকৰ দৰে নহয়। সেইবাবে নিজৰ প্ৰতিশ্রুতিৰ কথা নিজেই মনত পেলাইছো। মই কৈছিলো যে ভাৰত আশা আকাংক্ষাৰ নতুন দিশত আগুৱাই যাব৷ আৰু আজি আপোনালোকৰ মাজলৈ আহি অত্যন্ত বিনম্ৰভাবে, আত্মবিশ্বাসেৰে পাৰিছো যে আমি কেৱল সেই দিশতে আগুৱাই যোৱা নাই, ১৩০ কোটি ভাৰতীয়ৰ মিলিত প্ৰচেষ্টাত ভাৰত দ্রুতগতিত উন্নয়নৰ পথত আগুৱাই গৈছে। সেইবাবে পুনৰবাৰ দেশবাসীয়ে আগতকৈও বেছি সমর্থনেৰে আমাৰ চৰকাৰক পুনৰ র্নিবাচিত কৰিছে। এই জনাদেশ কেৱল চৰকাৰ চলোৱাৰ বাবেই নহয়, নতুন ভাৰত নির্মাণৰ বাবেও। এনে নতুন ভাৰত, যাৰ সমৃদ্ধি, সভ্যতা আৰু সংস্কৃতিক লৈ সমগ্ৰ বিশ্বই গৌৰৱ কৰিব পাৰে। আৰু যি ভাৰতে একবিংশ শতাব্দীৰ আধুনিকতাকো নেতৃত্ব প্ৰদান কৰে। এনে নতুন ভাৰত, ব্যৱসায় সহজ কৰি তোলা ক্ষেত্ৰতো আৰু অধিক গুৰুত্ব দিয়া আৰুইজ অফ লিভিং সুনিশ্চিত কৰিবলৈ সকলো পদক্ষেপ লোৱা ব।

বন্ধুসকল, বিগত পাঁচ বছৰত ভাৰতত বহু ইতিবাচক পৰিৱর্তন আহিছে। এই পৰিৱর্তনসমূহৰ মুলতে হৈছে ভাৰতৰ যুবশক্তি, ভাৰতৰ গাওঁ, দুখীয়া, কৃষক আৰু নাৰীশক্তি। মই ফুটবল প্রেমীৰ দেশলৈ আহিছো। এই দেশৰ মানুহে ভালদৰেই জানে যে দিয়াৰ গুৰুত্ব কিমান। আৰু কিবা এটা অর্জন কৰা বা সিদ্ধ কৰাটোকো কৰা বুলিয়েই কোৱা হয়! আমি যোৱা পাঁচ বছৰত এনে কেতবোৰ লক্ষ্য লৈছিলো, যিবোৰ আগতে অসম্ভৱ বুলি ভৱা হৈছিল। কিন্তু আমি দলীয় চিন্তাধাৰাৰে সেই লক্ষ্যসমূহ বাস্তবায়িত কৰি দেখুৱালো।

বন্ধুসকল, নির্দিষ্ট সময়ৰ ভিতৰত বিশ্বত আটাইতকৈ বেচি বেংক একাউণ্ট খোলাৰ ক্ষেত্রত ভাৰতে অভিলেখ স্থাপন কৰিছে। সমগ্ৰ বিশ্বত আজি সর্ববৃহৎ স্বাস্থ্য বীমা আঁচনি চলি আছে ভাৰতত। আমেৰিকা, কানাডা আৰু মেক্সিকোৰ সম্পূর্ণ জনসংখ্যাতকৈও অধিক মানুহে ভাৰতত এই স্বাস্থ্য বীমা আঁচনিৰ সৈতে জড়িত হৈছে আৰু ইয়াৰ দ্বাৰা লাভবান হৈছে।

বন্ধুসকল, সমগ্ৰ বিশ্বত ২০৩০ৰ ভিতৰত যক্ষ্মা ৰোগ নির্মূলৰ লক্ষ্য লোৱা হৈছে। কিন্তু আপোনালোকে নতুন ভাৰতক লৈ গৌৰৱ কৰিব পাৰে, আমি যি গতিত কাম কৰিছো, মোৰ দৃঢ় বিশ্বাস যে ভাৰতে পাঁচ বছৰ পূৰ্বেই ২০২৫ চনৰ ভিতৰত এই লক্ষ্য পূৰণ কৰিব পাৰিব। সেইদৰেই কপ২০২১ বিশ্বত ২০৩০ চনৰ ভিতৰত জলবায়ু পৰিৱর্তনৰ লক্ষ্য নির্ধাৰণ কৰিলেও ভাৰতে অহা একডেৰ বছৰৰ ভিতৰতে অধিকাংশ ক্ষেত্রত নির্ধাৰিত লক্ষ্যত উপনীত হবলৈ সক্ষম ব।

চাওক, ভাৰত একেই আছে, গান্ধীও তেনেকৈয়ে আছে, আপোনালোকো তেনেকৈয়ে আছে। ইয়াৰ পূৰ্বে গান্ধীজীৰ জন্ম শতবর্ষ পালন কৰা হৈছে, গান্ধীজীৰ ১২৫ বছৰীয়া জয়ন্তীও পালন কৰা হৈছে। এই বছৰ গান্ধীজীৰ ১৫০তম জয়ন্তী পালন কৰা হৈছে। ইতিমধ্যে বিশ্বৰ ১২৪খন দেশত শ্রেষ্ঠ গায়কবাদকেবৈষ্ণৱজন তো তেনে কহিয়েশীৰ্ষক গানটো গাইছে।

বন্ধুসকল, আজি অনেক সমীক্ষাৰ ফলৰ পৰা আমি জানিব পাৰছো যে ভাৰতে দ্রুতগতিত দাৰিদ্র্য দূৰীকৰণৰ দিশে অগ্ৰসৰ হৈছে। আমি যেতিয়া প্ৰথমবাৰ শাসন ক্ষমতাত অধিষ্ঠিত হৈছো, তেতিয়া এইটোও লক্ষ্য আছিল যে আমি ইতিমধ্যে দ্রুতগতিত এই লক্ষ্য পূৰণৰ আগুৱাই গৈছো। ভাৰত আজি নতুন প্রাণশক্তিত টইটম্বুৰ। আৰু ইয়াৰ প্ৰতীক আজি ভাৰতে ষ্টার্ট আপৰ ক্ষেত্রত বিশ্বত বহুখিনি আগুৱাই গৈছে। সৰু সৰু চহৰত মেধাৱী তৰুণতৰুণীয়ে নতুন নতুন উদ্ভাৱনৰ জৰিয়তে মানৱতাৰ সেৱা কৰিছে।

বন্ধুসকল, এইটোও সত্য যে বিগত পাঁচ বছৰত আমি দেশৰ অনেক বেয়া ৰীতিনীতিক নিৰ্মূল কৰিছো৷ আজি নতুন ভাৰতত দুর্নীতি, স্বজনতোষণ, পৰিয়ালতন্ত্ৰ, জনগণৰ অর্থ আত্মসাৎ, সন্ত্রাসবাদ ইত্যাদিক যিদৰে দমন কৰা হৈছে, তেনেকৈ পূৰ্বতে কেতিয়াও হোৱা নাছিল।

বন্ধুসকল, নতুন ভাৰতত জিৰণী আৰু বিলম্বৰ কোনো স্থান নাই। নতুন চৰকাৰ গঠন কৰাৰ মাত্ৰ ৭৫ দিন সম্পূর্ণ হৈছে, ১০০ দিন বলৈ এতিয়াও বাকী। বহু চৰকাৰৰ ক্ষেত্রত এই সময় আদৰণি সমাৰোহ ফুলৰ মালা আৰু জয়জয়কাৰতে অতিবাহিত হয়। আমি স্পষ্ট নীতি আৰু সঠিক লক্ষ্যৰ মন্ত্রত প্রেৰিত হৈ এই ৭৫ দিনৰ ভিৰতে এটাৰ পাছট আন এটা নতুন ডাঙৰ ডাঙৰ সিদ্ধান্ত লৈছো। নতুন চৰকাৰ গঠনৰ পাছত জলশক্তিৰ বাবে এক নতুন মন্ত্ৰালয় গঢ় দিয়া হৈছে, সার্বিক দৃষ্টিকোণৰ পৰা জল সংক্রান্তীয় সকলো বিষয় চোৱা ব। দুখীয়া কৃষক আৰু ব্যৱসায়ীসকলৰ পেন্সনৰ ব্যৱস্থা কৰাৰ সিদ্ধান্তও লোৱা হৈছে। তিনি তালাকৰ দৰে অমানৱীয় আৰু নাৰীসকলৰ প্ৰতি অসম্মানজনক বিষয় নিষ্পত্তি কৰা হৈছে। কোনোবাই মানি লওক বা নলওক, কোনোবাই লিখক বা নিলিখক, কোনোবাই কওঁক বা নকওকএই কোটি কোটি কন্যাৰ শুভেচ্ছাই অহা কেইবা শতিকা ধৰি ভাৰতৰ আগুৱাই যোৱাৰ পথত গুৰুত্বপূর্ণ ভূমিকা পালন কৰিব।

মুছলিম ভগ্নীমাতৃসকলৰ প্ৰতি এই অন্যায় নতুন ভাৰতে কিদৰে মানি পাৰে? একেদৰে শিশুৰ সুৰক্ষা আৰু স্বাস্থ্যৰ ক্ষেত্রতো চৰকাৰে কেতবোৰ গুৰুত্বপূর্ণ বৈপ্লৱিক পদক্ষেপ গ্ৰহণ কৰিছে। আজি বহুতেই এইদৰে কৈছে যে আমাৰ সংসদৰ শেহতীয়া অধিৱেশন যোৱা ছয় দশকতকৈও অধিক ফলপ্ৰসূ আছিল। অর্থাৎ বিগত ৬০ বছৰত সংসদত যিমান অধিৱেশন হৈছে, সেইবোৰৰ মিলিত ফল এই এখন অধিৱেশনতে হৈছে। এয়া কেনেকৈ ? কিয় ? ‘আৰে, মোদী হ্যেয় তো মুমকিন হ্যেয়এনে কোনো কথা নাই! দেশৰ জনগণে আমাৰ প্ৰতি আস্থা ৰখাৰ বাবেহে এইটো সম্ভৱ হৈছে। এয়া ১২৫ কোটি ভাৰতীয়ৰ শক্তি। গণতন্ত্রৰ শক্তি আৰু পৰিস্থিতিৰ চাঁপত প্ৰত্যেক সাংসদে দেশৰ হিতাৰ্থে কাম কৰাৰ বাবে বাধ্য থাকে।

আপোনালোক সকৱোলে জানে যে অহা ছেপ্টেম্বৰত আমাৰ সকলোৰে চদ্ৰযান চন্দ্ৰৰ মাটিত অৱতৰণ কৰিব। এই সাফল্যৰ পাছত ভাৰতে চন্দ্ৰৰ মাটি স্পর্শ কৰা বিশ্বৰ চতুর্থখন দেশত পৰিণত ব।

ভাইভনীসকল, ভাৰতৰ এই দ্রুত উন্নয়নৰ সমান্তৰালভাৱে ফ্রান্সৰ সৈতে শতাব্দী প্রাচীন সম্পর্ক নিয়মিত শক্তিশালী হৈছে। পৰস্পৰৰ প্ৰয়োজনৰ প্ৰতি লক্ষ্য ৰাখি সংবেদনশীলতা আৰু পাৰস্পৰিক আস্থা সম্বল হিচাপে লৈ আমি আগুৱাই গৈছো। ভাৰত আৰু ফ্রান্সে পৰস্পৰৰ বাবে বহু যুঁজ কৰিছে। এখনে আনখনৰ সৈতে কান্ধত কান্ধ মিলাই অনেক শতৰুৰে মোকাবিলা কৰিছো। এই ভূমিত প্ৰথম বিশ্ব যুদ্ধৰ সময়ত হাজাৰ ভাৰতীয় সৈনিকে ফ্রান্সৰ সৈনিকৰ কাষত থিয় হৈ মানৱতাৰ পক্ষে যুঁজি আত্মবলিদান দিছিল। এই দেশত বসবাসকৰা কোনো ভাৰতীয়ই যেন এই হাজাৰ সংখ্যাক কেতিয়াও নাপাহৰে।

বন্ধুসকল, আমি ফেচীবাদ আৰু অতিবাদৰ বিৰুদ্ধে কেৱল ভাৰতৰ ভূমিতে নহয়, ফ্রান্সৰ ভূমিতো যুঁজি দিছো৷ আমাৰ বন্ধুত্ব দৃঢ় আদর্শৰ ভিত্তিৰ ওপৰত প্ৰতিষ্ঠিত। স্বাধীনতা, সাম্য আৰু সৌহাদ্যপূৰ্ণ মিলিত মূল্যবোধে উভয় দেশৰ চৰিত্ৰ গঢ় দিছে। এই মিলিত মূল্যবোধেই ভাৰতফ্রান্সক বিশ্বৰ সন্মুখত দেখা দিয়া ডাঙৰ বিপদসমূহৰ মোকাবিলা কৰাৰ ক্ষেত্রত ঘনিষ্ঠ সহযোগী কৰি তুলিছে। সেয়েহে সেয়া সন্ত্রাসবাদে হওক অথবা জলবায়ু পৰিৱর্তনৰ সমস্যাৰ পৰা মানৱ জাতিক ৰক্ষাৰ বাবে কৰা যুঁজেই হওক, আমি মিলিত দায়িত্ববোধ পালন কৰিছো। ভাৰত আৰু ফ্রান্সৰ সম্পর্কৰ দ্বিতীয়টো বৈশিষ্ট্য আমি কেৱল কথাই নহয়, যিকোনো প্ৰত্যাহ্বানৰ মোকাবিলা কৰিবলৈ আমি কার্যকৰী পদক্ষেপ গ্ৰহণ কৰো। বিশ্বৰ বহু দেশেই জলবায়ু পৰিৱর্তনক লৈ অনেক দুশ্চিন্তা ব্যক্ত কৰে কিন্তু কামৰ কাম একো নকৰে। ভাৰত আৰু ফ্রান্সে মিলিতভাবে আন্তঃৰাষ্ট্ৰীয় সৌৰ মৈত্ৰী স্থাপন কৰাৰ উদ্যোগ লয়। আজি বিশ্বৰ প্রায় ৭৫খন দেশ এই মৈত্ৰীৰ সক্রিয় সদস্যৰূপে যুক্ত হৈছে। আৰু জলবায়ু পৰিৱর্তন আৰু গোলকীয় উষ্ণতাৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় সৌৰ মৈত্ৰীয়ে সক্রিয় ভূমিকা পালন কৰিছে।

ভাইভনীসকল, আজিকালি আমি একবিংশ শতিকাৰ পৰিকাঠামো নির্মাণৰ কথা কও। প্ৰত্যেকেই ভৱিষ্যৎ প্ৰজন্মৰ উপযোগী পৰিকাঠামো নির্মাণৰ কথা কয়। কিন্তু আমাৰ দেশত পৰিকাঠামো নির্মাণৰ মানে ভিন্ন। ইয়াত আপোনালোকৰ মাজত ফ্রান্সৰ ভূমিলৈ যেতিয়া আহিছে, তেতিয়া আমাৰ বাবেইনফ্রামানে ইণ্ডিয়াৰইনআৰু ফ্রান্সৰফ্রাউভয়ে মিলিএলায়েন্স ইনফ্রা …..লাৰ ইনফ্রাৰ পৰা আৰম্ভ কৰিচিয়েল ইনফ্রা’, ‘টেকনিকেল ইনফ্রাৰ আৰম্ভ কৰিস্পেচ ইনফ্রাআৰুডিজিটেল ইনফ্রাৰ পৰা আৰম্ভ কৰে প্ৰতিৰক্ষা ইনফ্রালৈকে ভাৰত আৰু ফ্রান্সৰ যৌথ অভিযান দ্রুতগতিতে আগুৱাই গৈছে।

ভাৰততস্মার্টচিটী ব্যৱস্থা নির্মাণ আৰুইনটেলিজেণ্ট ট্রান্সপর্টেচন অংশীদাৰিত্বত উভয় দেশ লাভবান হৈছে। ভাইভনীসকল, ফ্রান্সত কর্মৰত ভাৰতীয় বৈজ্ঞানিকসকল আৰু ভাৰতত কাম কৰি থকা ফৰাচী প্ৰযুক্তি সন্মান অবিদিত। আপোনালোকৰ মাজত বহুতেই ফ্রান্সত ভাৰতীয় বৈজ্ঞানিক প্ৰতিভাৰ প্ৰতিনিধিত্ব কৰিছে।একাডেমিক এনার্জি’, ‘এৰ স্পেচপ্ৰযুক্তি আৰু অন্যান্য হাইটেক ক্ষেত্ৰসমূহত উভয় দেশৰছিগনেচাৰপ্ৰকল্পসমূহে একেলগে কাম কৰিছে। ফ্রান্সত বিশ্বৰ একমাত্ৰফিউচন ৰিয়েক্টৰনির্মাণত ভাৰতীয় প্ৰতিভাৰো অৱদান আছে। এয়া বর্তমান শতিকাৰ সর্বাধিক গুৰুত্বপূর্ণ বৈজ্ঞানিক প্ৰকল্প। যেতিয়া এই প্ৰযুক্তিয়ে ভৱিষ্যৎ প্ৰজন্মৰ অসীম ইন্ধনৰ চাহিদা পূৰণ কৰিব, তেতিয়া ইয়াত আপোনালোকৰ অৱদানো থাকিব। আপোলোকৰ বাবে প্ৰতিগৰাকী ভাৰতীয়ই গৌৰৱবোধ কৰিব।

বন্ধুসকল, ভাৰতৰ সৈতে আপোনালোকৰ সম্পর্ক মাটিৰ আৰু ফ্রান্সৰ সৈতে আপোনালোকৰ সম্পর্ক পৰিশ্ৰমৰ। আপোনালোকৰ সাফল্যই ফ্রান্সক গর্বিত কৰাৰ লগতে ভাৰতকো গর্বিত কৰে। ভাৰতীয় বংশোদ্ভূত ফৰাচী নাগৰিকসকলেও ফ্রান্সৰ জনজীৱনত গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছে। আপোনালোকৰ মাজৰ অনেকেই ফ্রান্সৰ সংসদ সদস্য নির্বাচিত হৈছে। যেতিয়া ভাৰতীয় প্ৰতিভাবানসকল ফ্রান্সত সন্মানীত হয়, তেতিয়া আমিও গৌৰৱত উঠলি উঠো। আপোনালোকে নিজৰ জীৱনত ফ্রান্সৰ ৰীতিনীতিক আপোন কৰি লেও যিদৰে ভাৰতীয় চৰিত্রক সঞ্জীৱিত কৰি ৰাখিছে, সেইটোৱে মোক অতিশয় আনন্দিত কৰিছে।

মোক জনোৱা মতে এতিয়া পেৰিছৰ সাংস্কৃতিক কেলেণ্ডাৰত গণপতি মহোৎসৱ এটি গুৰুত্বপূর্ণ বৈশিষ্ট্যৰ সন্মান পাইছে। গণেশ চতুর্থীৰ দিনা পেৰিছ চহৰ যেনমিনি ইণ্ডিয়ালৈ ৰূপান্তৰিত হয়। অর্থাৎ আজিৰ পৰা কেইদিন মান পাছতে ইয়াতগণপতি বাপ্পা মোৰিয়াজয়ধ্বনি গুঞ্জৰিত ব। সেই বাবে আপোনালোকক শুভেচ্ছা জনাইছো। কাইলৈ জন্মাষ্টমীৰ পবিত্ৰ উৎসৱৰ বাবেও আপোনালোক সকলোকে বহুত বহুত শুভেচ্ছা জনাইছো।

বন্ধুসকল, এই বছৰ আমি সকলোৱে মহাত্মা গান্ধীৰ ১৫০তম জয়ন্তী আৰু গুৰু নানক দেৱৰ ৫৫০তম জয়ন্তী পালন কৰিম। আশা কৰো আপোনালোকৰ মাজত কোনো কোনো গান্ধী কুঁইজত অংশগ্ৰহণ কৰিছে। আৰু যিসকলে কৰিব বিচাৰে, তেওঁলোকৰ বাবে এতিয়াও সুযোগ আছে।

ভাইভনীসকল, দেশৰ উন্নয়নৰ বাবে আপোনালোকৰ অৱদানো ভাৰতৰ বৃহৎ শক্তি। ভাৰত আৰু ফ্রান্সৰ সম্পর্কৰ ঘনিষ্ঠতাৰ আঁৰত কেৱল উভয় দেশৰ চৰকাৰ নহয়, আপোনালোকৰ দৰে নাগৰিকসকলৰো উল্লেখযোগ্য অৱদান আছে। আপোনালোকেই ফ্রান্সত ভাৰতৰ প্ৰতিনিধি, আপোনালোকেই ভাৰতৰ কন্ঠস্বৰ, আপোনালোকেই ভাৰতৰ পৰিচয়।

মোৰ দৃঢ় বিশ্বাস যে ভাৰতৰ এই কন্ঠস্বৰক আপোনালোকে সদায় আৰু শক্তিশালী কৰি তোলাৰ প্ৰক্রিয়াত চামিল কৰি থাকিব। মই এইদৰে কোৱাৰ কাৰণ এতিয়া ভাৰত আৰু কোনো অস্থায়ী ব্যৱস্থাত বিশ্বাসী নহয়৷ আপোনালোকে হয়তো লক্ষ্য কৰিছে, ১২৫ কোটি লোকৰ দেশ, গান্ধী আৰু বুদ্ধৰ দেশ, ৰামকৃষ্ণৰ দেশে অস্থায়ী অৱস্থাৰ পৰা মুক্ত হোৱাৰ ৭০ বছৰ অতিক্ৰম কৰিছে। অস্থায়ী অৱস্থাৰ পৰা মুক্ত হোৱাৰ ৭০ বছৰতমই বুজিব পৰা নাই হাঁহিমেই নে কান্দিম!

বন্ধুসকল – ‘ৰিফর্ম, পাৰফর্ম, ট্রান্সফর্মতথা স্থায়ী ব্যৱস্থাৱলীৰ সুদৃঢ় আধাৰৰ ভিত্তিত দেশ আগুৱাই যাবলৈ আৰম্ভ কৰিছে, ভৱিষ্যতেও আগুৱাই যাব। সকলো উদ্দেশ্য পূৰণৰ জৰিয়তে লক্ষ্যত উপনীত হব। এই বিশ্বাসেৰে আপোনালোক সকলোকে পুনৰবাৰ বহুত বহুত কৃতজ্ঞতা জনাইছো।

ধন্যবাদ।

ভাৰতমাতা কি জয় ……

ভাৰতমাতা কি জয় ……

ভাৰতমাতা কি জয় ……

*****

VRRK/VJ/BM/SKS/DB