Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনৰ সৈতে বাৰ্তালাপ প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনৰ সৈতে টেলিফোনিক বাৰ্তালাপত মিলিত হয়।

বাৰ্তালাপৰ সময়ত দুয়োগৰাকী নেতাই পশ্চিম এছিয়াত শেহতীয়াকৈ অৱনতি ঘটা পৰিস্থিতিক লৈ তেওঁলোকৰ উমৈহতীয়া উদ্বেগ সম্পৰ্কে কথা পতাৰ লগতে আলোচনা আৰু কূটনীতিৰ মাজলৈ ঘূৰি অহাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ভাৰত আৰু ফ্ৰান্সে অঞ্চলটোত শান্তি আৰু সুস্থিৰতা যিমান পাৰি সোনকালে পুনৰুদ্ধাৰ কৰাৰ দিশত ঘনিষ্ঠভাৱে জড়িত আৰু সমন্বয়ৰ প্ৰচেষ্টা অব্যাহত ৰাখিব।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এক্সত লিখেঃ

“আজি মোৰ বন্ধু ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনৰ সৈতে মোৰ এক ফলপ্ৰসূ কথোপকথন হয়। আমি পশ্চিম এছিয়াৰ শেহতীয়াকৈ অৱনতি ঘটা পৰিস্থিতিক লৈ কথা পতাৰ লগতে আলোচনা আৰু কূটনীতিৰ মাজলৈ ঘূৰি অহাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি আমাৰ উমৈহতীয়া উদ্বেগসমূহৰ বিষয়ে আলোচনা কৰিলোঁ। আমি ঘনিষ্ঠ যোগাযোগ বজাই ৰাখিম আৰু অঞ্চলটোত শান্তি আৰু সুস্থিৰতা যিমান পাৰি সোনকালে পুনৰুদ্ধাৰ কৰাৰ দিশত আমাৰ প্ৰচেষ্টাসমূহৰ মাজত সমন্বয় অব্যাহত ৰাখিম।”

@EmmanuelMacron”

*****

MJPS/ST/DB