পি এম ইণ্ডিয়া
ফ্ৰান্স গণৰাজ্যৰ ৰাষ্ট্ৰপতি মাননীয় ইমানুৱেল মেক্ৰ’ আৰু স্লোভাক গণৰাজ্যৰ প্ৰধানমন্ত্ৰী মহামান্য ৰবাৰ্ট ফিকোৰ আমন্ত্ৰণত, মই ১৩ ৰ পৰা ১৮ জুন ২০২৬ লৈ ফ্ৰান্স আৰু স্লোভাক গণৰাজ্য ভ্ৰমণ কৰিম।
ভাৰতৰ কৌশলগত দৃষ্টিভংগীৰ ক্ষেত্ৰত ফ্ৰান্সে এক বিশেষ স্থান দখল কৰিছে। এই বছৰৰ আৰম্ভণিতে ৰাষ্ট্ৰপতি মেক্ৰ’ই ভাৰত ভ্ৰমণ কৰিছিল আৰু আমি আমাৰ সম্পৰ্কক এক বিশেষ গোলকীয় কৌশলগত অংশীদাৰিত্বলৈ উন্নীত কৰিছিলো। যেতিয়া মই নিচত ৰাষ্ট্ৰপতি মেক্ৰ’ক সাক্ষাৎ কৰিম, তেতিয়া ফেব্ৰুৱাৰীৰ পৰা হোৱা অগ্ৰগতিৰ পৰ্যালোচনা কৰিম আৰু আমাৰ সহযোগিতাৰ পৰৱৰ্তী পদক্ষেপসমূহৰ তালিকা প্ৰস্তুত কৰিম। পাৰস্পৰিক স্বাৰ্থৰ গোলকীয় বিষয়সমূহৰ ওপৰতো আমাৰ আলোচনাৰ বাবে মই আগ্ৰহী।
নিচত, মই ৰাষ্ট্ৰপতি মেক্ৰ’ৰ সৈতে ১৪ জুন ২০২৬ত ‘ভাৰত ইন’ভেটছ’ উদ্বোধন কৰিবলৈও আগ্ৰহেৰে অপেক্ষা কৰিছো। ভাৰত-ফ্ৰান্স উদ্ভাৱন বৰ্ষৰ পটভূমিত অনুষ্ঠিত হোৱা এই ঐতিহাসিক অনুষ্ঠানটোৱে ভাৰতৰ আটাইতকৈ প্ৰতিশ্ৰুতিপূৰ্ণ ষ্টাৰ্ট-আপসমূহক গোলকীয় বিনিয়োগৰ সৈতে সংযোগ কৰিব আৰু ভাৰতৰ উচ্চ শিক্ষা পৰিৱেশতন্ত্ৰৰ পৰা উদ্ভৱ হোৱা উদ্ভাৱনৰ বাবে এক মুখ্য গতিবৰ্ধক হিচাপে কাম কৰিব।
নিচৰ পৰা মই ১৪-১৫ জুন ২০২৬ৰ পৰা আনুষ্ঠানিক ভ্ৰমণৰ বাবে স্লোভাক গণৰাজ্যলৈ যাত্ৰা কৰিম। এয়া হ’ব ১৯৯৩ চনত স্লোভাকিয়াই স্বাধীনতা লাভ কৰাৰ পাছত কোনো ভাৰতীয় প্ৰধানমন্ত্ৰীৰ প্ৰথম ভ্ৰমণ। এই ঐতিহাসিক ভ্ৰমণে আমাৰ দ্বিপাক্ষিক সম্পৰ্কক শক্তিশালী গতি প্ৰদান কৰিছে। মই ব্ৰাটিস্লাভাত ৰাষ্ট্ৰপতি পেলেগ্ৰিনি আৰু প্ৰধানমন্ত্ৰী ফিকোৰ সৈতে আলোচনা অনুষ্ঠিত কৰিবলৈ আগ্ৰহী। মই স্লোভাক ব্যৱসায়িক নেতাসকলৰ সৈতেও মত বিনিময় কৰাৰ সুযোগ পাম। ভাৰত-ইউৰোপীয় সংঘ মুক্ত বাণিজ্য চুক্তিৰ গতিৰ ওপৰত ভিত্তি কৰি, এই ভ্ৰমণে ইউৰোপীয় সংঘৰ সৈতে আমাৰ কৌশলগত অংশীদাৰিত্বক অধিক শক্তিশালী কৰিব, যাৰ ভিতৰত স্লোভাকিয়া এক গুৰুত্বপূৰ্ণ আৰু মূল্যৱান সদস্য।
স্লোভাকিয়াৰ পৰা মই ইভিয়ানলৈ যাম, য’ত মই ১৬ আৰু ১৭ জুন ২০২৬ ত জি৭ সন্মিলনত অংশগ্ৰহণ কৰিম। জি৭ ত ভাৰতৰ উপস্থিতিয়ে আমাৰ অংশীদাৰসকলে আমাৰ ওপৰত থকা বিশ্বাস আৰু আমাৰ বৰ্ধিত গোলকীয় ৰূপৰেখা প্ৰতিফলিত কৰে। এইটো একেৰাহে অষ্টম জি-৭ সন্মিলন য’ত ভাৰতক আমন্ত্ৰণ জনোৱা হৈছে। জি-৭ ত ভাৰতে কেৱল নিজৰ বাবেই নহয়, গ্ল’বেল চাউথৰ আকাংক্ষাৰ বাবেও মতামত আগবঢ়াব।
মই ১৮ জুন ২০২৬ত পেৰিছত মোৰ ফ্ৰান্স ভ্ৰমণ সমাপ্ত কৰিম য’ত মই ৰাষ্ট্ৰপতি মেক্ৰ’ৰ সৈতে ভিভাটেক ২০২৬ ত অংশগ্ৰহণ কৰিম। ভিভাটেক হৈছে ইউৰোপৰ প্ৰযুক্তি আৰু উদ্ভাৱনৰ সৰ্বশ্ৰেষ্ঠ সমাৱেশ আৰু এই সংস্কৰণত ভাৰতৰ সৰ্ববৃহৎ ৰাষ্ট্ৰীয় মণ্ডপ হ’ব, যি ভাৰত আৰু ইউৰোপৰ উদ্ভাৱন পৰিৱেশ তন্ত্ৰৰ মাজত অংশীদাৰিত্বৰ অপৰিসীম সম্ভাৱনাৰ এক উপযুক্ত প্ৰতীক। মই পেৰিছত ভাৰতীয় সম্প্ৰদায়ৰ সদস্যসকলক সাক্ষাৎ কৰিবলৈও আগ্ৰহী, যিসকলে আমাৰ দুয়োখন ৰাষ্ট্ৰৰ মাজত এক জীৱন্ত সেতু হৈ আহিছে।
মই আত্মবিশ্বাসী যে ফ্ৰান্স আৰু স্লোভাক গণৰাজ্যলৈ মোৰ ভ্ৰমণে ইউৰোপ আৰু জি৭ দুয়োখন দেশৰ সৈতে ভাৰতৰ গভীৰ সম্পৰ্ক শক্তিশালী কৰিব আৰু ইয়াৰ বাহিৰতো আমাৰ অংশীদাৰিত্ব সম্প্ৰসাৰণৰ বাবে আমাৰ অটল প্ৰতিশ্ৰুতি প্ৰদৰ্শন কৰিব।
***
MJPS/SS/ST/MK
PM @narendramodi embarks on a two-nation visit to France and Slovakia. pic.twitter.com/b9RklXSopM
— PMO India (@PMOIndia) June 13, 2026
Over the next few days, I will be in France and Slovakia to attend various programmes, including bilateral talks, multilateral engagements and interaction with the Indian diaspora. The focus will be on boosting economic as well as cultural linkages.
— Narendra Modi (@narendramodi) June 13, 2026
The visit will begin with…
On 16th and 17th June I will be in Evian to participate in the G7 Summit. I will be interacting with various world leaders and discussing a wide range of subjects. India will always focus on giving voice to the aspirations of the Global South.@G7
— Narendra Modi (@narendramodi) June 13, 2026
I will be in Paris on the 18th, where I will be attending VivaTech 2026 along with President Macron. I am glad to be attending one of Europe’s important gatherings for tech and innovation. On the same day, I also look forward to interacting with the Indian community of France.…
— Narendra Modi (@narendramodi) June 13, 2026