Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

বংকিম চন্দ্ৰ চট্টোপাধ্যায়ৰ জন্ম বাৰ্ষিকীত প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহান পুৰুষ বংকিম চন্দ্ৰ চট্টোপাধ্যায়ৰ জন্ম বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। প্ৰাধানমন্ত্ৰীয়ে তেওঁক সাহিত্যৰ এগৰাকী সুবিশাল ব্যক্তিত্ব ৰূপে স্মৰণ কৰে, যাৰ লেখাই ভাৰতীয় প্ৰজন্মৰ মাজত দেশপ্ৰেম আৰু সাংস্কৃতিক গৌৰৱৰ মনোভাব জাগ্ৰত কৰিছিল।

এই বছৰটোৰ তাৎপৰ্যৰ ওপৰত আলোকপাত কৰি শ্ৰী মোদীয়ে কয় যে ভাৰতে ‘বন্দে মাতৰম’ৰ ১৫০ বছৰীয়া জয়ন্তী উদযাপন কৰিছে। তেওঁ লগতে কয় যে ‘বন্দে মাতৰম’ৰ জৰিয়তে বংকিম চন্দ্ৰ চট্টোপাধ্যায়ে ভাৰতীয় স্বাধীনতা আন্দোলন আৰু ৰাষ্ট্ৰখনক চিৰস্থায়ী প্ৰেৰণাৰ উৎস উপহাৰ দিছিল।

প্ৰধানমন্ত্ৰীগৰাকীয়ে ‘এক্স’ত পোষ্ট কৰে :

মহান পুৰুষ বংকিম চন্দ্ৰ চট্টোপাধ্যায়ৰ জন্ম বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি।

সাহিত্যৰ এগৰাকী উচ্চস্তৰীয় সুবিশাল ব্যক্তিত্ব হিচাপে তেওঁৰ লেখাই ভাৰতীয় প্ৰজন্মৰ মাজত দেশপ্ৰেম আৰু সাংস্কৃতিক গৌৰৱৰ মনোভাব জাগ্ৰত কৰিছিল। তেওঁৰ চহকী সাহিত্যকৰ্মই মানুহৰ চিন্তাধাৰাক আলোকিত কৰি ৰাষ্ট্ৰ-নিৰ্মাণৰ প্ৰতি আমাৰ সামূহিক সংকল্পক শক্তিশালী কৰে।

এই সময়ত আমি ‘বন্দে মাতৰম’ৰ ১৫০ বছৰীয়া জয়ন্তী উদযাপন কৰিছোঁ। ‘বন্দে মাতৰম’ৰ জৰিয়তে তেওঁ স্বাধীনতা আন্দোলন আৰু আমাৰ ৰাষ্ট্ৰক চিৰস্থায়ী প্ৰেৰণাৰ উৎস উপহাৰ দিছিল।

 

****

MJPS/SS/VJ/KD