Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

বড়ো জনসাধাৰণৰ বাবে এক নৱজীৱন কঢ়িয়াই আনিব বড়ো চুক্তিয়ে, অসমৰ একতা আৰু স্বকীয়তাক আৰু অধিক শক্তিশালী কৰি তুলিব। – প্ৰধানমন্ত্ৰী


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ শান্তি আৰু উন্নয়ণৰ ক্ষেত্ৰত বড়ো চুক্তিক এক ঐতিহাসিক অধ্যায় হিচাপে অভিহিত কৰিছে। বড়ো চুক্তিক উচ্চ প্ৰসংশা কৰি তেওঁ কয় যে এই চুক্তিখন ‘সবকা সাথ, সবকা বিকাশ আৰু সবকা বিশ্বাস’ আৰু ‘এক ভাৰত – শ্ৰেষ্ঠ ভাৰত’ মতবাদেৰে প্ৰেৰিত হৈছে।

এলানি টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়, “আমাৰ পূজ্য বাপুক তেওঁৰ পুণ্য তিথিত স্মৰণ কৰাৰ সমান্তৰালকৈ অসমেও শান্তি আৰু উন্নয়ণৰ এক ঐতিহাসিক অধ্যায়ৰ সাক্ষী হ’ল। সুদীৰ্ঘ ৫০ বছৰৰ অপেক্ষাৰ অন্তত আমাৰ বড়ো ভাইসকলৰ সৈতে সম্পন্ন হোৱা এই শান্তি চুক্তিয়ে তেওঁলোকৰ বাবে এক নৱ যুগৰ সূচনা কৰিব। তাৰ লগতে ই অসমৰ একতা আৰু স্বকীয়তাক শক্তিশালী কৰি তুলিব, ৰাজ্যখনলৈ উন্নয়ণৰ বাতাবৰণ কঢ়িয়াই আনিব আৰু তাৰ উপৰিও এক উজ্জ্বল ভৱিষ্যতৰ দিশে লৈ যাব ৰাজ্যখনক।

বড়ো সংগঠনসমূহৰ সৈতে এই ঐতিহাসিক চুক্তি স্বাক্ষৰ হোৱাৰ পিছত আমাৰ চৰকাৰৰ আটাইতকৈ অগ্ৰাধিকাৰযোগ্য দিশটোৱেই হ’ব বড়ো এলেকাসমূহৰ উন্নয়ন। ইতিমধ্যেই ১৫০০ কোটি টকীয়া উৰন্নয়ণমূলক পেকেজৰ যোগেদি এই কাম আৰম্ভও কৰা হৈছে। আমাৰ বিশেষ গুৰুত্ব থাকিব বড়ো এলেকাসমূহৰ জীৱন ধাৰণ প্ৰণালী সৰল কৰি তোলা আৰু চৰকাৰী আঁচনিসমূহৰ পৰা যেন বড়োসকল সম্পূৰ্ণৰূপে লাভৱান্বিত হয়।

আমাৰ সৈতে শান্তি প্ৰক্ৰিয়াত সহযোগিতা আগবঢ়োৱা বড়ো ভাইসকলে এক স্পষ্ট বাৰ্তা প্ৰেৰণ কৰিছে যে আমি যেতিয়াই হিংসাৰ পথ পৰিহাৰ কৰো আৰু গণতন্ত্ৰ তথা সংবিধানৰ ওপৰত আস্থাভাজন হওঁ, তেতিয়াই সকলো সমস্যাৰ সমাধানৰ পথ মুকলি হৈ পৰে আৰু সম্ভৱপৰ হৈ পৰে। মই মোৰ বড়ো বন্ধুসকলক মূলসুঁতিলৈ স্বাগতম জনাইছো। বড়ো এলেকাসমূহৰ উন্নয়ন সুনিশ্চিত কৰিবলৈ আমি বদ্ধপৰিকৰ।

আজি পূজ্য বাপুৰ পুণ্য তিথিৰ দিনাই ৫ শতিকা পুৰণি বড়ো সমস্যা এটাৰ সমাধান হ’ল। বড়ো গোটসমূহ আৰু চৰকাৰৰ মাজত স্বাক্ষৰিত এই চুক্তিয়ে অসমৰ একতা আৰু স্বকীয়তাক নিশ্চিতভাৱে শক্তিশালী কৰি তুলিব। মোৰ বড়ো বন্ধুসকলে গ্ৰহণ কৰা হিংসাৰ পথ পৰিহাৰ কৰা আৰু গণতন্ত্ৰ তথা সংবিধানৰ ওপৰত আস্থাভাজন হোৱাৰ সিদ্ধান্তক মই আদৰণি জনাইছো।

আমাৰ বড়ো বন্ধুসকলৰ সৈতে হোৱা এই চুক্তি অসম তথা দেশৰ অন্যান্য হিংসাজৰ্জৰ প্ৰান্তৰ বাবে এক শক্তিশালী বাৰ্তা। দেশৰ উন্নয়নে কেৱল তেনে এক পৰিৱেশতহে গতি লাভ কৰিব পাৰে, যিটো পৰিৱেশত নাথাকে কোনো হিংসা কিম্বা ভয়-শংকা। আজি অতিকৈ সুখী যে আমাৰ বড়ো বন্ধুসকলৰ সমগ্ৰ শক্তিয়ে অসমৰ উন্নয়নক আৰু অধিক শক্তিশালী কৰি তুলিব।

আমাৰ বড়ো বন্ধুসকলৰ সৈতে হোৱা এই চুক্তি স্বাক্ষৰৰ সময়ত অসমৰ অন্যান্য জনগোষ্ঠীৰ স্বকীয়তা যাতে কোনো হানি নহয় তাৰ প্ৰতিও লক্ষ্য ৰখা হৈছে। এয়া হৈছে সকলোৰে জয়, এয়া মানৱতাৰ জয়। এয়া ‘সবকা সাথ, সবকা বিকাশ আৰু সবকা বিশ্বাস’ আৰু ‘এক ভাৰত – শ্ৰেষ্ঠ ভাৰত’ মতবাদেৰে প্ৰেৰিত।

VRRK/KP/RD