পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ড° শ্যামা প্ৰসাদ মুখাৰ্জীক তেওঁৰ বলিদান দিৱসৰ দিনা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে তেওঁৰ অপৰিসীম অৱদানৰ কথা স্মৰণ কৰে।
প্ৰধানমন্ত্ৰীয়ে ড০ মুখাৰ্জীক ভাৰতৰ উন্নয়নৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰা এজন বিশিষ্ট দেশপ্ৰেমিক, পণ্ডিত আৰু ৰাষ্ট্ৰনেতা বুলি অভিহিত কৰে। মোদীয়ে কয় যে ড০ মুখাৰ্জীৰ অদম্য প্ৰত্যয়, ৰাজহুৱা জীৱনত তেওঁ দেখুওৱা সাহস আৰু দেশৰ স্বাৰ্থৰ প্ৰতি থকা তেওঁৰ দায়বদ্ধতাই প্ৰজন্ম পিছত প্ৰজন্মক অনুপ্ৰাণিত কৰি আহিছে। তেওঁ উল্লেখ কৰে যে ড০ মুখাৰ্জীৰ ত্যাগ দেশবাসীৰ সামূহিক স্মৃতিত খোদিত হৈ আছে।
ড০ মুখাৰ্জীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁ নিজৰ সমগ্ৰ জীৱন দেশ আৰু সমাজৰ নিস্বাৰ্থ সেৱাত উৎসৰ্গা কৰিছিল। মোদীয়ে লগতে কয় যে ড০ মুখাৰ্জীৰ গভীৰ চিন্তা আৰু আদৰ্শই দেশৰ প্ৰতিটো প্ৰজন্মক মাতৃভূমিৰ সেৱাৰ বাবে অনুপ্ৰাণিত কৰি থাকিব।
এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে সংস্কৃত হিতোপদেশ এটাও শ্বেয়াৰ কৰিছে:
“न कर्मणा न प्रजया धनेन त्यागेनैके अमृतत्वमानशुः।
परेण नाकं निहितं गुहायां विभ्राजते यद्यतयो विशन्ति॥”
এই হিতোপদেশত আলোকপাত কৰা হৈছে যে কৰ্ম, ধন বা বংশৰ দ্বাৰা নহয় বৰং ত্যাগ আৰু উচ্চ আদৰ্শৰ প্ৰতি সম্পূৰ্ণ উৎসৰ্গাৰ দ্বাৰাহে অমৰত্ব লাভ কৰা হয়। দেশ-সমাজ আৰু সত্যৰ স্বাৰ্থত ব্যক্তিগত স্বাৰ্থ ত্যাগ কৰা সেই মহান ব্যক্তিসকলে সময়ৰ সীমা অতিক্ৰম কৰি জনসাধাৰণৰ হৃদয়ত অমৰ হৈ পৰে।
প্ৰধানমন্ত্ৰীয়ে এক্সত লিখিছে;
“তেওঁৰ বলিদান দিৱসৰ দিনা ড০ শ্যামা প্ৰসাদ মুখাৰ্জীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। তেওঁ আছিল বিশিষ্ট দেশপ্ৰেমিক, পণ্ডিত আৰু ৰাষ্ট্ৰনেতা যিজনে ভাৰতৰ উন্নয়নৰ বাবে নিজৰ জীৱন উৎসৰ্গা তেওঁৰ অদম্য প্ৰত্যয়, জনজীৱনত সাহস আৰু জাতীয় স্বাৰ্থৰ প্ৰতি থকা দায়বদ্ধতাই প্ৰজন্মৰ পিছত প্ৰজন্মক অনুপ্ৰাণিত কৰি আহিছে তেওঁ শেষ নিশ্বাসলৈকে কঢ়িয়াই ফুৰা মূল্যবোধৰ দ্বাৰা পৰিচালিত হৈ এখন শক্তিশালী আৰু উন্নত ভাৰত গঢ়ি তোলাৰ প্ৰতি আমাৰ দায়বদ্ধতা পুনৰ প্ৰকাশ কৰিছো।”
দেশ আৰু সমাজৰ নিস্বাৰ্থ সেৱাত গোটেই জীৱন উৎসৰ্গিত দেশৰ মহান ব্যক্তি ড° শ্যামা প্ৰসাদ মুখাৰ্জীলৈ তেওঁৰ বলিদান দিৱসত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। তেওঁৰ গভীৰ ধাৰণা আৰু আদৰ্শই দেশৰ প্ৰতিটো প্ৰজন্মক মাতৃভূমিৰ সেৱাৰ বাবে অনুপ্ৰাণিত কৰি যাব।
न कर्मणा न प्रजया धनेन त्यागेनैके अमृतत्वमानशुः।
परेण नाकं निहितं गुहायां विभ्राजते यद्यतयो विशन्ति॥”
निःस्वार्थ भाव से राष्ट्र और समाज की सेवा में आजीवन समर्पित रहे देश की महान विभूति डॉ. श्यामा प्रसाद मुखर्जी जी को उनके बलिदान दिवस पर आदरपूर्ण श्रद्धांजलि। उनके प्रखर विचार और आदर्श देश की हर पीढ़ी को मातृभूमि की सेवा के लिए प्रेरित करते रहेंगे।
न कर्मणा न प्रजया धनेन… pic.twitter.com/UcpcRY4aJl
— Narendra Modi (@narendramodi) June 23, 2026
***
MJPS/SS/ST/HS
On his Balidan Diwas, I pay homage to Dr. Syama Prasad Mookerjee, a distinguished patriot, scholar and statesman who dedicated his life to India’s development. His unwavering conviction, courage in public life and commitment to national interest continue to inspire generations.…
— Narendra Modi (@narendramodi) June 23, 2026
निःस्वार्थ भाव से राष्ट्र और समाज की सेवा में आजीवन समर्पित रहे देश की महान विभूति डॉ. श्यामा प्रसाद मुखर्जी जी को उनके बलिदान दिवस पर आदरपूर्ण श्रद्धांजलि। उनके प्रखर विचार और आदर्श देश की हर पीढ़ी को मातृभूमि की सेवा के लिए प्रेरित करते रहेंगे।
— Narendra Modi (@narendramodi) June 23, 2026
न कर्मणा न प्रजया धनेन… pic.twitter.com/UcpcRY4aJl