পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত বহনযোগ্য আৰু স্মাৰ্ট নগৰ উন্নয়নৰ ক্ষেত্ৰত ভাৰত আৰু ডেনমাৰ্কৰ মাজত কাৰিকৰী সহযোগিতা সন্দৰ্ভত চলিত বৰ্ষৰ এপ্ৰিল মাহত স্বাক্ষৰিত বুজাবুজি চুক্তিত অনুমোদন জনায়।
সবিশেষ
এই বুজাবুজি চুক্তিৰ উদ্দেশ্য হৈছে বহনযোগ্য আৰু স্মাৰ্ট নগৰ উন্নয়নৰ ক্ষেত্ৰত জ্ঞানৰ বিনিময়, প্ৰতিষ্ঠানগত সহযোগিতা, গৱেষণা আৰু উন্নয়ন আৰু প্ৰাসংগিক বিষয়ৰ বাণিজ্যিক সম্পৰ্কৰ ভিত্তিত দ্বিপাক্ষিক সহযোগিতা বৃদ্ধি কৰা। এই চুক্তিৰ অধীনত স্মাৰ্ট নগৰ উন্নয়ন, বাসোপযোগী, বহনযোগ্য আৰু সংহত নগৰ পৰিকল্পনা, পুনৰ-উন্নয়নৰ আৰু ভূমি ব্যৱহাৰ, সংহত গোটা আৱৰ্জনা ব্যৱস্থাপনাকে ধৰি আৱৰ্জনাৰ পৰা শক্তি উৎপাদন, বহনযোগ্য পৰিবহন ব্যৱস্থা, পানী আৰু অনাময় ব্যৱস্থাপনা, শক্তিৰ অভাৱ, সম্পদ আহৰণ আৰু অন্যান্য প্ৰাসংগিক লাভজনিত বিষয়ত সহযোগিতা আগবঢ়াব।
ৰূপায়ন কৌশল
এই বুজাবুজি চুক্তিৰ অধীনত এটি যুটীয়া কর্মী গোট গঠন কৰা হ’ব আৰু ই সেই বুজাবুজি চুক্তিৰ প্রস্তাৱিত বিভিন্ন প্রকল্প ৰূপায়ণত তদাৰক কৰিব। এই যুটীয়া কৰ্মী গোটটোৱে এবাৰ ডেনমাৰ্কত আৰু এবাৰ ভাৰতত বৈঠকত সুকীয়া সুকীয়াকৈ বিভিন্ন বৈঠকত মিলিত হ’ব।
মুখ্য প্ৰভাৱ
এই বুজাবুজি চুক্তিয়ে বহনযোগ্য আৰু স্মাৰ্ট নগৰ উন্নয়নৰ ক্ষেত্ৰত দুয়ো দেশৰ মাজত সহযোগিতা বৃদ্ধি কৰিব।
সুবিধা লাভকাৰী
এই বুজাবুজি চুক্তিৰ জৰিয়তে সংহত গোটা আৱৰ্জনা ব্যৱস্থাপনাকে ধৰি আৱৰ্জনাৰ পৰা শক্তি উৎপাদন, বহনযোগ্য পৰিবহন ব্যৱস্থা, পানী আৰু অনাময় ব্যৱস্থাপনা, শক্তি অভাৱ, সম্পদ আহৰণৰ ক্ষেত্ৰত সংস্থাপনৰ বাট মুকলি কৰিব বুলি আশা কৰা হৈছে।
***
AKT/VBA/SH/DB