পি এম ইণ্ডিয়া
মহামহিম,
সম্প্ৰসাৰিত ব্ৰিকছ পৰিয়ালৰ এই বৈঠকত মোৰ বন্ধুবৰ্গৰ সৈতে অংশগ্ৰহণ কৰাটো মোৰ বাবে অতি আনন্দৰ বিষয়। ব্ৰিকছ আউটৰিচ সন্মিলনত লেটিন আমেৰিকা, আফ্ৰিকা আৰু এছিয়াৰ বন্ধুত্বপূৰ্ণ দেশসমূহৰ সৈতে মোৰ মতামত বিনিময় কৰাৰ সুযোগ দিয়াৰ বাবে ৰাষ্ট্ৰপতি লুলাক মই আন্তৰিক ধন্যবাদ জনাইছো।
বন্ধুসকল,
ব্ৰিকছ গোটৰ বৈচিত্ৰ্য আৰু বহুমুখিতাৰ ওপৰত আমাৰ আস্থা হৈছে আমাৰ আটাইতকৈ ডাঙৰ শক্তি। আজি, যেতিয়া সমগ্ৰ বিশ্ব ব্যৱস্থাই সকলো ফালৰ পৰা চাপৰ সন্মুখীন হৈছে, আৰু বিশ্ব বহু প্ৰত্যাহ্বান আৰু অনিশ্চয়তাৰ মাজেৰে পাৰ হৈছে, তেতিয়া ব্ৰিকছৰ বৰ্ধিত প্ৰাসংগিকতা আৰু প্ৰভাৱ স্বাভাৱিক। আমি একেলগে বিবেচনা কৰিব লাগিব যে অনাগত সময়ত ব্ৰিকছ কেনেকৈ বহুমুখী বিশ্বৰ বাবে পথ প্ৰদৰ্শক হ ‘ব পাৰে।
মই এই সন্দৰ্ভত কেইটামান পৰামৰ্শ আগবঢ়াব বিচাৰোঁঃ
প্ৰথমতে, ব্ৰিকছৰ অধীনত আমাৰ অৰ্থনৈতিক সহযোগিতা নিৰন্তৰভাৱে আগবাঢ়িছে। এই ক্ষেত্ৰত ব্ৰিকছ ব্যৱসায়িক পৰিষদ আৰু ব্ৰিকছ মহিলা ব্যৱসায়িক মিত্ৰজোঁটে বিশেষ ভূমিকা গ্ৰহণ কৰিছে। ব্ৰাজিলৰ অধ্যক্ষতাত আন্তঃৰাষ্ট্ৰীয় বিত্তীয় ব্যৱস্থাৰ সংস্কাৰৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হৈছে। আমি ইয়াক আদৰণি জনাইছো।
ব্ৰিকছ নিউ ডেভেলপমেণ্ট বেংকৰ ৰূপত, আমি গোলকীয় দক্ষিণৰ দেশসমূহৰ উন্নয়নৰ আকাংক্ষাক সমৰ্থন কৰিবলৈ এক শক্তিশালী আৰু বিশ্বাসযোগ্য বিকল্প আগবঢ়াইছোঁ। প্ৰকল্পসমূহ অনুমোদন কৰাৰ সময়ত এন. ডি. বি.-য়ে চাহিদা-চালিত দৃষ্টিভংগী, দীৰ্ঘম্যাদী বিত্তীয় বহনক্ষমতা আৰু সুস্থ ঋণ ৰেটিঙৰ ওপৰত গুৰুত্ব দিব লাগিব। আমাৰ আভ্যন্তৰীণ ব্যৱস্থা শক্তিশালী কৰিলে আমাৰ সংস্কাৰিত বহুপাক্ষিকতাৰ আহ্বানৰ বিশ্বাসযোগ্যতা আৰু অধিক বৃদ্ধি পাব।
দ্বিতীয়তে, আজি গোলকীয় দক্ষিণৰ দেশসমূহৰ ব্ৰিকছৰ পৰা কিছুমান বিশেষ আশা আৰু আকাংক্ষা আছে। সেইবোৰ পূৰণ কৰিবলৈ আমি একেলগে কাম কৰিব পাৰোঁ। উদাহৰণস্বৰূপে, ভাৰতত স্থাপিত ব্ৰিকছ কৃষি গৱেষণা মঞ্চ হৈছে কৃষি গৱেষণাৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ বাবে এক মূল্যৱান পদক্ষেপ। ই কৃষি-জৈৱ-প্ৰযুক্তি, যথাযথ কৃষি আৰু জলবায়ু পৰিৱৰ্তন অভিযোজনৰ দৰে বিষয়ত গৱেষণা আৰু সৰ্বশ্ৰেষ্ঠ পদ্ধতিসমূহৰ আদান-প্ৰদানৰ এক মাধ্যম হ’ব পাৰে। আমি ইয়াৰ সুবিধাবোৰ গোলকীয় দক্ষিণৰ দেশসমূহলৈও সম্প্ৰসাৰণ কৰিব পাৰো।
একেদৰে, ভাৰতে শৈক্ষিক আলোচনীসমূহ দেশৰ চুকে-কোণে পোৱাটো নিশ্চিত কৰিবলৈ ‘ৱান নেচন, ৱান ছাবস্ক্ৰিপচন ” পদক্ষেপ আৰম্ভ কৰিছে। ব্ৰিকছৰ অন্যান্য দেশতো একেধৰণৰ প্ৰচেষ্টা গ্ৰহণ কৰা হৈছে। মই প্ৰস্তাৱ দিছোঁ যে আমি সামূহিকভাৱে ব্ৰিকছ বিজ্ঞান আৰু গৱেষণা ভাণ্ডাৰ সৃষ্টিৰ কথা বিবেচনা কৰিব লাগে, যি গোলকীয় দক্ষিণৰ দেশসমূহৰ বাবেও এক মূল্যৱান সম্পদ হিচাপে কাম কৰিব।
তৃতীয়তে, আমি গুৰুত্বপূৰ্ণ খনিজ আৰু প্ৰযুক্তিৰ যোগান শৃংখলক সুৰক্ষিত আৰু নিৰ্ভৰযোগ্য কৰি তুলিবলৈ একেলগে কাম কৰিব লাগিব। কোনো দেশে যাতে এই সম্পদসমূহ নিজৰ স্বাৰ্থ পূৰণৰ বাবে বা আনৰ বিৰুদ্ধে অস্ত্ৰ হিচাপে ব্যৱহাৰ নকৰে সেয়া নিশ্চিত কৰাটো গুৰুত্বপূৰ্ণ।
চতুৰ্থতে, একবিংশ শতিকাত জনসাধাৰণৰ প্ৰগতি আৰু কল্যাণ বহুলাংশে প্ৰযুক্তি, বিশেষকৈ কৃত্ৰিম বুদ্ধিমত্তাৰ ওপৰত নিৰ্ভৰশীল। এফালে, এআয়ে দৈনন্দিন জীৱনৰ যথেষ্ট উন্নতি সাধন কৰিব পাৰে; আনহাতে ই বিপদাশংকা, নৈতিকতা আৰু পক্ষপাতিত্বৰ বিষয়েও উদ্বেগৰ সৃষ্টি কৰে। এই বিষয়ত ভাৰতৰ দৃষ্টিভংগী আৰু নীতি স্পষ্টঃ আমি এআইক মানৱীয় মূল্যবোধ আৰু সম্ভাৱনা বৃদ্ধিৰ এক মাধ্যম হিচাপে দেখিছোঁ। “সকলোৰে বাবে এ. আই. ” মন্ত্ৰৰ দ্বাৰা কাম কৰি আজি আমি ভাৰতত কৃষি, স্বাস্থ্য, শিক্ষা, প্ৰশাসনৰ দৰে খণ্ডত ব্যাপকভাৱে আৰু সক্ৰিয়ভাৱে এআই ব্যৱহাৰ কৰি আছো।
আমি বিশ্বাস কৰোঁ যে এআই প্ৰশাসনত উদ্বেগ নিৰসন আৰু উদ্ভাৱনক উৎসাহিত কৰাটোত সমানে গুৰুত্ব দিয়া উচিত। আমি দায়িত্বশীল এআইৰ বাবে একেলগে কাম কৰিব লাগিব। এনে বিশ্বজোৰা মানদণ্ড সৃষ্টি কৰিব লাগিব, যিয়ে ডিজিটেল সমলৰ সত্যতা পৰীক্ষা কৰিব পাৰে, যাতে আমি সমলৰ উৎস চিনাক্ত কৰিব পাৰোঁ, স্বচ্ছতা বজাই ৰাখিব পাৰোঁ আৰু ইয়াৰ অপব্যৱহাৰ ৰোধ কৰিব পাৰোঁ।
আজিৰ বৈঠকত মুকলি কৰা “এআইৰ গোলকীয় প্ৰশাসনৰ ওপৰত নেতাসকলৰ বিবৃতি” এই দিশত এক ইতিবাচক পদক্ষেপ। সকলো দেশৰ মাজত সমন্বয় বৃদ্ধিৰ বাবে আমি অহা বছৰ ভাৰতত “এআই ইম্পেক্ট ছামিট”ৰ আয়োজন কৰিম। এই সন্মিলনখন সফল কৰি তুলিবলৈ আপোনালোকৰ সক্ৰিয় অংশগ্ৰহণ আমি আশা কৰোঁ।
বন্ধুসকল,
আমাৰ পৰা গোলকীয় দক্ষিণৰ দেশবোৰৰ বহু আশা আছে। সেইবোৰ পূৰণ কৰিবলৈ আমি “উদাহৰণৰ দ্বাৰা নেতৃত্ব” নীতি অনুসৰণ কৰিব লাগিব। আমাৰ উমৈহতীয়া লক্ষ্যত উপনীত হ”বলৈ আমাৰ সকলো অংশীদাৰৰ সৈতে কান্ধত কান্ধ মিলাই কাম কৰিবলৈ ভাৰত সম্পূৰ্ণৰূপে প্ৰতিশ্ৰুতিবদ্ধ।
আপোনালোকক বহুত বহুত ধন্যবাদ।
ঘোষণা ঃ এয়া প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ ভাবাৰ্থৰ অনুবাদ। প্ৰধানমন্ত্ৰীয়ে তেওঁৰ মূল ভাষণ হিন্দী ভাষাত আগবঢ়াইছিল।
**********
MJPS/ST/KD
Addressed the BRICS Summit Plenary session on ‘Strengthening Multilateralism, Economic-Financial Affairs, and Artificial Intelligence.’ Focused on how to make the BRICS platform even more effective in this increasingly multipolar world. Also gave a few suggestions which are… pic.twitter.com/zRqyEa9q2v
— Narendra Modi (@narendramodi) July 7, 2025
Fourth, we must work towards Responsible AI. We in India believe in AI as a tool to enhance human values and capabilities. Guided by the mantra of ‘AI for All’, India is actively using AI in many sectors. We believe that in AI governance, addressing concerns and encouraging…
— Narendra Modi (@narendramodi) July 7, 2025
The Global South has many expectations from us. To fulfill them, we must follow the principle of ‘Lead by Example.’ India is fully committed to working shoulder to shoulder with all partners to achieve our shared goals.
— Narendra Modi (@narendramodi) July 7, 2025