Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্ৰীমতী শ্বেইখ হাছিনাৰ সৈতে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ টেলিফোনিক বাৰ্তালাপ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্ৰীমতী শ্বেইখ হাছিনাৰ সৈতে টেলিফোনত বাৰ্তালাপ কৰে৷ প্ৰধানমন্ত্ৰী মোদীয়ে নিজৰ আৰু ভাৰতৰ জনসাধাৰণৰ তৰফৰ পৰা বাংলাদেশৰ প্ৰধানমন্ত্ৰীগৰাকীক ৰমজানৰ শুভেচ্ছা জ্ঞাপন কৰে৷ দুয়োগৰাকী নেতাই ক’ভিড-১৯ৰ বাবে সৃষ্টি হোৱা আঞ্চলিক পৰিস্থিতিসমূহৰ বিষয়ে আলোচনা কৰি পৰস্পৰৰ দেশত গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে উভয়ে উভয়ক অৱগত কৰে৷ দুয়োগৰাকী নেতাই ছাৰ্ক দেশসমূহৰ মাজত ১৫ মাৰ্চ তাৰিখে সম্পন্ন হোৱা বৈঠকত গ্ৰহণ কৰা সিদ্ধান্তসমূহৰ প্ৰণয়নত সন্তোষ ব্যক্ত কৰে৷ ছাৰ্ক ক’ভিড-১৯ জৰুৰীকালীন পুঁজিলৈ বাংলাদেশে ১.৫ মিলিয়ন আমেৰিকান ডলাৰৰ বৰঙণি আগবঢ়োৱা কাৰ্যত প্ৰধানমন্ত্ৰী মোদীয়ে ধন্যবাদ জ্ঞাপন কৰে৷ অঞ্চলটোত ক’ভিড-১৯ক পৰাভূত কৰিবলৈ তথা বাংলাদেশলৈ চিকিৎসা সামগ্ৰী প্ৰেৰণ আৰু সামৰ্থ নিৰ্মাণৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী মোদীৰ ভূমিকাক বাংলাদেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰশংসা কৰে৷ দুয়োগৰাকী নেতাই অত্যাৱশ্যকীয় সামগ্ৰীসমূহ পথ, ৰে’ল, আন্তঃদেশীয় জলপথ আৰু বায়ু পথেৰে সীমাৰ সিপাৰে নিৰৱচ্ছিন্নভাৱে যোগান ধৰা কাৰ্যত সন্তোষ ব্যক্ত কৰে৷

প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনা তথা বাংলাদেশৰ জনসাধাৰণক ঐতিহাসিক মুজিব বাৰ্শ্ব’ৰ বাবে শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে তেওঁলোকৰ সুস্বাস্থ্যও কামনা কৰে৷

VRRK/KP/MANN