Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

বাহৰেইনত প্ৰৱাসী ভাৰতীয়ক সম্বোধন প্ৰধানমন্ত্ৰীৰ 


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বাহৰেইনত প্ৰৱাসী ভাৰতীয়সকলক সম্বোধন কৰে৷

প্ৰধানমন্ত্ৰীয়ে কয়, ‘মোৰ এই ভ্ৰমণ চৰকাৰৰ মূৰব্বী অথবা দেশৰ প্ৰধানমন্ত্ৰী হিচাপে হ’লেও মোৰ লক্ষ্য হ’ল ইয়াত নিগাজী হোৱা ভাৰতীয়সকলক সাক্ষাৎ কৰা আৰু বাহৰেইনৰ বন্ধু-বান্ধৱীসকলৰে মত-বিনিময় কৰা৷ আজি হ’ল পবিত্ৰ জন্মাষ্টমী মহোৎসৱ৷ মই জানিব পাৰিছো যে ইয়াত এতিয়াও জন্মাষ্টমীৰ দিনা কৃষ্ণ কথা পাঠ কৰাৰ পৰম্পৰা অব্যাহত আছে৷ কাইলৈ মই শ্ৰীনাথজীৰ মন্দিৰ দৰ্শন কৰিম আৰু আপোনালোক সকলোৰে সুখ-সমৃদ্ধিৰ বাবে প্ৰাৰ্থনা কৰিম৷”.

“মোৰ বাবে আনন্দৰ কথা যে কাইলৈ এই মন্দিৰৰ পুনৰ উন্নয়নৰ কাম আনুষ্ঠানিকভাৱে আৰম্ভ হ’ব৷”,—প্ৰধানমন্ত্ৰীয়ে কয়৷

প্ৰধানমন্ত্ৰীয়ে কয় যে সততা, নিষ্ঠা, দক্ষতা আৰু বাহৰেইনৰ আৰ্থ-সামাজিক জীৱনলৈ আগবঢ়োৱা অৱদানৰ বাবে দেশখনত ভাৰতীয় লোকৰ প্ৰতি অপৰিসীম সদ্ভাৱনা আছে৷ “আপোনালোকে নিজৰ অধ্যাৱসায়ৰ জৰিয়তে ইয়াত এক সুকীয়া স্থান দখল কৰিব পাৰিছে৷ আমি এই সদ্ভাৱনাক অধিক শক্তিশালী কৰিব লাগিব৷ ইয়াত মই চৰকাৰৰ ভিতৰত থকা অথবা ব্যৱসায়িক ক্ষেত্ৰত থকা ভাৰতীয় সতীৰ্থসকলৰ কথা শুনিলে অন্তৰ সুখেৰে ভৰি পৰে৷”,—প্ৰধানমন্ত্ৰীয়ে কয়৷

প্ৰধানমন্ত্ৰীয়ে কয় যে আজি প্ৰায় প্ৰতিগৰাকী ভাৰতীয় বেংক সেৱাৰ সৈতে জড়িত হৈ পৰিছে৷ ভাৰতৰ সাধাৰণ পৰিয়ালৰ বাবেও মোবাইল ফোন, ইণ্টাৰনেট আদি অবিচ্ছেদ্য অংগ হৈ পৰিছে৷ ভাৰতত বিশ্বৰ ভিতৰতে সবাতোকৈ কম মূল্যত ইণ্টাৰনেট ডাটা উপলব্ধ৷

প্ৰধানমন্ত্ৰী মোদীয়ে লগতে উল্লেখ কৰে যে প্ৰতিগৰাকী ভাৰতীয়ই এতিয়া বিশ্বাস কৰে যে তেওঁলোকৰ  সপোন, আশা, আকাংক্ষা পূৰণ হ’ব৷ “আমাৰ লক্ষ্য অতি উচ্চ৷ কিন্তু আপোনাৰ সৈতে যেতিয়া ১৩০কোটি লোকৰ দুবাহুৰ শক্তি নিহিত হৈ থাকে, তেতিয়া আপুনি অনুপ্ৰেৰণা লাভ কৰে৷ ভাৰত আজি উন্নয়নৰ জখলাৰে আগবাঢ়িছে৷ এয়া কেৱল চৰকাৰৰ পদক্ষেপৰ বাবে নহয়, বৰং কোটি কোটি জনসাধাৰণৰ অংশগ্ৰহণৰ বাবে সম্ভৱ হৈ উঠিছে৷”,—প্ৰধানমন্ত্ৰীয়ে কয়৷

তেওঁ কয় যে ভিম এপছ, ইউপিআই আৰু জন ধন একাউণ্টৰ দৰে সুবিধাই ভাৰতত বেংকিং সেৱা সাধাৰণ লোকৰ বাবে সহজলভ্য কৰি তুলিছে৷ আমাৰ ৰুপে’ কাৰ্ড এতিয়া সমগ্ৰ বিশ্ববাসীৰ লেনদেনৰ নতুন মাধ্যম হৈ পৰিছে৷ আমাৰ ৰুপে’ কাৰ্ড বিশ্বৰ সকলো বেংক আৰু ছেলাৰে গ্ৰহণ কৰে৷

“মই আনন্দিত যে আপোনালোকে বাহৰেইনত শীঘ্ৰে ৰুপে’ কাৰ্ডেৰে লেনদেন আৰম্ভ কৰিব পাৰিব৷ এই সন্দৰ্ভত আজি এক বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হৈছে৷ আমাৰ উদ্দেশ্য হ’ল ৰুপে’ কাৰ্ডৰ জৰিয়তে আপোনালোকক ভাৰতত থকা পৰিয়ালৰ লোকলৈ ধন পঠোৱাৰ সুবিধা আগবঢ়োৱা৷”,প্ৰধানমন্ত্ৰীয়ে কয়৷

ভাৰতবৰ্ষত হৈ থকা উন্নয়নৰ প্ৰসংগ উত্থাপন কৰি তেওঁ কয় যে অবিৰত গতিশীলতাৰ বাবে ভাৰতত ক্ৰমান্বয়ে আৰম্ভ হ’ব ‘এক দেশ, এক কাৰ্ড’ নীতি৷ ‘এক দেশ, এক গ্ৰীড’ আৰু ‘এক দেশ, এক কৰ’ নীতিৰদ্বাৰা জিএছটিৰ ৰূপত সমগ্ৰ ভাৰতক সংযুক্ত কৰা হৈছে৷ জীৱন ধাৰণৰ মান উন্নত কৰা আৰু ব্যৱসায়িক সূচলতা নিশ্চিত কৰিবলৈ ভাৰতে সকলো প্ৰচেষ্টা হাতত লৈছে৷ ভাৰতত সকলো সমাধান তৈয়াৰ কৰিছে দেশৰ যুৱ প্ৰজন্মই৷ ভাৰতৰ যুৱ প্ৰজন্মই ‘গোলকীয় প্ৰয়োগৰ সৈতে স্থানীয় সমাধান’ৰ বাবে অত্যন্ত নিষ্ঠাৰে কাম কৰি আছে৷ ভাৰতীয় প্ৰতিভাই গোলকীয় স্তৰত স্বীকৃতি লাভ কৰিছে৷ অতি কম বাজেটেৰে চন্দ্ৰযানৰ দৰে বৃহৎ সাফল্য লাভ কৰাৰ বাবে সমগ্ৰ বিশ্বই ভাৰতীয় বৈজ্ঞানিকৰ শলাগ লৈছে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে ২০২২ত ভাৰতে স্বাধীনতাৰ ৭৫বছৰ সম্পূৰ্ণ কৰিব৷ মই আপোনালোকক অনুৰোধ জনাও সকলোৱে যেন নিজৰ সামৰ্থ অনুসৰি কিছুমান নতুন সংকল্প গ্ৰহণ কৰে৷ আপোনালোকে সিদ্ধান্ত লওক যে সকলোৱে নিজৰ নিজৰ বাহৰেইনী বন্ধুক ভাৰতৰ মনোমোহা প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ ভাৰত ভ্ৰমণলৈ আহিবলৈ আহ্বান জনাব৷ আমি ২০২২ৰ ভিতৰত এখন প্লাষ্টিকমুক্ত ভাৰত গঢ়াৰ এক প্ৰতিশ্ৰুতি গ্ৰহণ কৰিছো৷

প্ৰধানমন্ত্ৰীয়ে কয়, “আমাৰ অংশীদাৰী মূল্য আৰু পাৰস্পৰিক আগ্ৰহৰ প্ৰতি লক্ষ্য ৰাখি ভাৰত আৰু বাহৰেইনে একেলগে কাম কৰি যাব৷ ভাৰত আৰু বাহৰেইন হ’ল প্ৰাচীন সভ্যতাযুক্ত আধুনিক ৰাষ্ট্ৰ৷ দুয়োখন দেশৰে প্ৰচুৰ সম্ভাৱনীয়তা আছে৷ মোৰ পূৰ্ণ বিশ্বাস আছে যে বাহৰেইনত থকা আমাৰ সতীৰ্থ ভাৰতীয়সকলে এই সম্পৰ্কৰ বান্ধোন অধিক শক্তিশালী কৰিব আৰু ভাৰত-বাহৰেইনক নতুন উচ্চতালৈ লৈ যাব৷”

***

VRRK/ VJ/MS