Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

বাহৰেইনৰ ৰজাৰ সৈতে টেলিফোনিক বাৰ্তালাপ প্ৰধানমন্ত্ৰী মোদীৰ


আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বাহৰেইনৰ ৰজা মহামহিম হামাদ বিন ইছা আল খলিফাৰ সৈতে টেলিফোনিক বাৰ্তালাপ কৰে।

বাৰ্তালাপৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে শেহতীয়াকৈ বাহৰেইনত সংঘটিত আক্ৰমণক তীব্ৰ গৰিহণা দিয়ে। এই কঠিন সময়ত তেওঁ বাহৰেইনৰ জনসাধাৰণৰ সৈতে ভাৰতে দৃঢ়তাৰে  থিয় দিয়াৰ কথা  প্ৰকাশ কৰে।প্ৰধানমন্ত্ৰীয়ে বাহৰেইনত ভাৰতীয় সমাজলৈ আগবঢ়োৱা অটল সমৰ্থন তথা যত্নৰ বাবেও মহামহিমক ধন্যবাদ জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীয়ে এক্সত এনেদৰে লিখিছে ;

 

“বাহৰেইনৰ ৰজা মহামহিম  হামাদ বিন ইছা আল খলিফাৰ সৈতে এক ফলপ্ৰসূ টেলিফোন বাৰ্তালাপ হয় । ভাৰতে বাহৰেইনৰ ওপৰত হোৱা আক্ৰমণক গৰিহণা দিছে আৰু এই কঠিন সময়ত দেশখনৰ জনসাধাৰণৰ সৈতে ঐক্যৰে থিয় দিছে। বাহৰেইনত ভাৰতীয় সম্প্ৰদায়লৈ আগবঢ়োৱা অটল সমৰ্থনৰ বাবে মই তেওঁক ধন্যবাদ জনাইছো।”

***

MJPS/PRK/DM