পি এম ইণ্ডিয়া
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীৰ পৌৰহিত্যত অনুষ্ঠিত কেন্দ্রীয় কেবিনেটৰ এক গুৰুত্বপূৰ্ণ বৈঠকত বায়’মেডিকেল ৰিছাৰ্ছ কেৰিয়াৰ প্ৰ’গ্ৰামৰ ম্যাদ ২০১৯-২০ চনৰ পৰা ২০২৩-২৪ চন পর্যন্ত আৰু পাঁচ বছৰ বৃদ্ধি কৰাৰ উত্থাপিত প্রস্তাৱলৈ সম্মতি প্ৰদান কৰিছে। উল্লেখ্য যে এই প্ৰ’গ্ৰাম ৱেলকাম ট্রাষ্ট চমুকৈ ডিবিটি ইণ্ডিয়া এলায়েন্সে ৰূপায়ণ কৰে। এই প্ৰ’গ্ৰাম ৰূপায়ণৰ ম্যাদ আৰু পাঁচ বছৰ বৃদ্ধি কৰাৰ ফলত ৱেলকাম ট্রাষ্ট সংস্থাৰ সৈতে জৈৱ প্রযুক্তি বিভাগত বুজাবুজি আৰু অদিক সম্প্ৰসাৰিত হ’ব।
বায়’মেডিকেল ৰিছাৰ্ছ কেৰিয়াৰ প্ৰ’গ্ৰামটো ৰূপায়ণৰ বাবে আনুমানিক ব্যয় ধৰা হৈছে ১,০৯২ কোটি টকা। ইয়াৰ ভিতৰত জৈৱ প্রযুক্তি বিভাগে ব্যয় কৰিব ৭২৮ কোটি টকা আৰু বাকীখিনি ধন প্ৰদান কৰিব ৱেলকাম ট্রাষ্টে। বিগত ১০ বছৰে এই প্ৰ’গ্ৰামৰ ৰূপায়ণ জৈৱ প্রযুক্তি বিভাগ আৰু ৱেলকাম ট্ৰাষ্টৰ সমান অংশীদাৰীত্বত আছিল। বিশ্বমানৰ মেধাশক্তিসমূহত কামে কাজে নিয়োগ কৰি উদ্দেশ্য সাধনৰ যি উদ্দেশ্য আছিল সেয়া এই প্ৰ’গ্ৰামৰ মাধ্যমেৰে পূৰণ হৈছে। প্ৰ’গ্ৰামৰ সফল ৰূপায়ণৰ ফলত বিজ্ঞান ক্ষেত্রত অসাধাৰণ সাফল্য অর্জিত হৈছে আৰু সামাজিক চাহিদাবোৰো পূৰণৰ ক্ষেত্ৰত বিজ্ঞানলব্ধ জ্ঞানক যথাযথভাবে প্ৰয়োগ কৰাটো সম্ভৱ হৈছে।
আনকি, এই প্ৰ’গ্ৰামটোৱে বিদেশত কর্মৰত ভাৰতীয় বিজ্ঞানীসকলক দেশলৈ উভতি আহি কাম কৰাৰ বাবে উৎসাহিত কৰিব, তাৰ উপৰিও দেশত বায়’মেডিকেল সংক্রান্তীয় গৱেষণা ক্ষেত্রত ভাৰতত বিশ্বমানৰ আন্তঃগাঁথনি আৰু পৰীক্ষাগাৰৰ সংখ্যাও বৃদ্ধি পাইছে। প্ৰ’গ্ৰামটোৰ সম্প্রসাৰিত ম্যাদৰ সময়ছোৱাত একেধৰণে বিশ্বমানৰ মেধাশক্তিক কামেকাজে লগোৱাৰ লগতে, ভাৰতত স্বাস্থ্যক্ষেত্রৰ সমস্যাবোৰ আঁতৰ কৰাৰ লক্ষ্যৰে আৰু চিকিৎসা গৱেষণাৰ আন্তঃগাঁথনি আৰু সুদৃঢ় কৰাৰ ওপৰত অগ্রাধিকাৰ দিয়া হৈছে। প্ৰ’গ্ৰামটোৰ ৰূপায়ণৰ ফলত গৱেষণামূলক কাম-কাজৰ ক্ষেত্রত ভাৰতৰ অংশীদাৰীত্ব আৰু বৃদ্ধি পাব।
*****
AKT/RD