Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

বাৰাণসীত নিৰ্মীয়মান উৰণীয়া সেতু ভাগি নিহত হোৱা লোকসকলৰ প্ৰতি শোক প্ৰকাশ প্ৰধানমন্ত্ৰীৰ


 

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বাৰাণসীত নিৰ্মীয়মান উৰণীয়া সেতু ভাগি নিহত হোৱা লোকসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছে৷

“বাৰাণসীত এখন নিৰ্মীয়মান উৰণীয়া সেতু ভাগি কেইবাগৰাকীও ব্যক্তি নিহত হোৱাৰ সংবাদে মোক দুখ দিছে৷ তেওঁলোকলৈ মই গভীৰ শোক ব্যক্ত কৰিছো আৰু আঘাতপ্ৰাপ্তসকলৰ আশু আৰোগ্য কামনা কৰিছো৷ এই সন্দৰ্ভত মই বিষয়-ববীয়াৰ সৈতে কথা পাতিছো আৰু ক্ষতিগ্ৰস্ত লোকসকলক পৰ্যাপ্ত সহায় কৰিবলৈ নিৰ্দেশ দিছো৷

নিৰ্মীয়মান উৰণীয়া সেতুখন ভগা সন্দৰ্ভত মই উত্তৰ-প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ সৈতে বাৰ্তালাপত মিলিত হৈছো৷ উত্তৰ-প্ৰদেশ চৰকাৰে গোটেই ঘটনাটো সুক্ষ্মভাৱে পৰ্যবেক্ষণ কৰি আছে আৰু ক্ষতিগ্ৰস্তসকলক সহায় কৰিবলৈ সকলো প্ৰচেষ্টা অব্যাহত ৰাখিছে৷’’—প্ৰধানমন্ত্ৰীয়ে কয়৷

***

AKT/SH/MS