পি এম ইণ্ডিয়া

মঞ্চত উপৱিষ্ট উত্তৰ প্ৰদেশৰ ৰাজ্যপাল শ্ৰীমান ৰামনায়ক জী, ৰাজ্যৰ জনপ্ৰিয় মূখ্যমন্ত্ৰী শ্ৰীমান যোগী আদিত্যনাথ জী, কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ মোৰ লগৰীয়া শ্ৰীমতী স্মৃতি ইৰাণী জী, অজয় তেম্তা জী, ৰাজ্যৰ উপ-মূখ্যমন্ত্ৰী শ্ৰীমান কেশৱ প্ৰসাদ মৌৰ্য জী, এই অঞ্চলৰ সাংসদ ড০ মহেন্দ্ৰ নাথ পাণ্ডে জী, ৰে’ল বোৰ্ডৰ অধ্যক্ষ শ্ৰী অশ্বিনী জী, যিজনে দুখীয়াৰ কল্যাণৰ হকে তেওঁলোকক আত্মনিৰ্ভৰ কৰিবৰ কাৰণে অতি নিয়াৰিকৈ বিত্তীয় অন্তৰ্ভূক্তিৰ কষ্টকৰ কাম কৰিছে তেনে এজন বেংকৰ মহাপ্ৰৱন্ধক শ্ৰী গোবিন্দ সিং জী আৰু বিশাল মাত্ৰাত ইয়াত সমৱোত হোৱা ভাতৃ-ভগ্নীসকল,
আজি মই কেইটামান হাজৰ কোটি টকীয়া প্ৰকল্পৰ লোকাৰ্পণ তথা আধাৰশিলা স্থাপন কৰিম।মই উত্তৰ প্ৰদেশ চৰকাৰৰ ওচৰত কৃতজ্ঞ যে তেওঁলোকে বাৰানসীৰ বিকাশৰ বাবে, উত্তৰ ভাৰতৰ বিকাশৰ বাবে মোৰ যি সপোন তাক সাৰ্থক কৰাত সহায় কৰিছে।সেয়ে মই ৰাজ্য চৰকাৰক অভিনন্দন জ্ঞাপন কৰিছো।আজি বস্ত্ৰশিল্প মন্ত্ৰীলয়ৰদ্বাৰা যি ৩০০ কোটি টকীয়া প্ৰকল্পৰ লোকাৰ্পণ হ’ব, তেনে কাম বহু দশকৰ পিছত হয়তো বাৰানসীৰ মাটিত সম্ভৱ হৈছে। এই প্ৰকল্পৰ আধাৰশিলাও ময়ে স্থাপন কৰিছিলো।
মই ভাৱো আজি শিপিনী ভাতৃ-ভগ্নীসকলৰ সমূখত সোণালী সময় আহি পৰিছে।আপোনাৰ হাতত পূৰ্বজসকলৰ হাতৰ কৌশলী বিদ্যা আছে। বিশ্বৰ লোকক আশ্বৰ্যচকিত কৰিব পৰাকৈ সৃষ্টিক্ষম আপোনালোক।কিন্তু আপোনালোকৰ প্ৰতিভাক বাহিৰলৈ উলিয়াই নিয়াৰ প্ৰয়োজনীয়তা আছে।এই পদক্ষেপ নল’লে আমাৰ শিপিনী ভাতৃ-ভগ্নীসকলৰ সক্ষমতা কালৰ কূটীল গতিত হেৰাই যাব।আমি পদক্ষেপ লৈছো যে আমাৰ শিপিনী ভাতৃ-ভগ্নীসকলৰ, শিল্পকাৰসকলৰ কলাক এক বিশ্বমানৰ বজাৰ দিম।মই প্ৰথম ইয়াৰ সাংসদ হৈ অহাৰ পিছত শিপিনী ভাতৃ-ভগ্নীসকলৰ সৈতে কথা পাতিছিলো।এটা কথা মই তেতিয়া শুনিছিলো যে শিপিনী ভাতৃ-ভগ্নীসকলৰ ল’ৰা-ছোৱালীয়ে এতিয়া সেই বৃত্তি আঁকোৱালি ল’ব নিবিচাৰে। তেওঁলোকে যথাযোগ্য আৰ্থিক সাহাৰ্য নোপোৱাৰ ফলত যদি সেই বিৰল কলা দেশৰ পৰা নোহোৱা হৈ যায়, তেন্তে ইতিহাসে আমাক কেতিয়াও ক্ষমা নকৰিব।কাৰণ আমাৰ এই সম্পত্তি আছে যি সমগ্ৰ বিশ্বক আশ্বৰ্যচকিত কৰিব পাৰে। আজিৰ সময়ত সমগ্ৰ বিশ্বই ভাৰতৰ এই বিশেষত্বৰ প্ৰতি আকৰ্ষিত হোৱা দেখা গৈছে।আৰু সেয়ে এই ৩০০ কোটি টকীয়া প্ৰকল্পৰ নিৰ্মাণৰ যোগেদি ভাৰতৰ সামৰ্থক আমি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাবলৈ বিচাৰিছো।যি ভৱিষ্যতে আমাৰ শিপিনী ভাতৃ-ভগ্নীসকলৰবাবে, শিল্পকাৰসকলৰ বাবে উন্নতিৰ নতুন দুৱাৰ মুকলি কৰিব।মই ইয়াৰ টেক্সি চালক, অটোচালক সকলোকে অনুৰোধ জনাইছো যে কাশীলৈ অহা সকলো পৰ্যটককে এই ঠাইলৈ যেন এবাৰ হ’লেও লৈ আহে।কাশী অঞ্চলৰ সামৰ্থৰ লগত তেওঁলোকক পৰিচয় কৰাওক। তেওঁলোকে নিশ্চয় কিবা নহয় কিবা এটা কিনিব। বিদেশী পৰ্যটকে ইয়ালৈ আহি খুউৱ ভাল পাব। ই এক আৰ্থিক গতি-বিধিৰ কেন্দ্ৰত পৰিণত হ’ব।
আজি মই মোৰ সকলো শিপিনী ভাতৃ-ভগ্নীসকল, শিল্পকাৰসকলক এই কথা জনাবলৈ পাই অতি সুখী হৈছো আৰু সকলোকে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো।আজি সকলো সমস্যাৰে সমাধান কোৱল বিকাশৰ মাধ্যমেৰেহে কৰা সম্ভৱ। আগৰ চৰকাৰৰ দিনত বিকাশৰ কথা একেবাৰে নাভাৱিলে।তেওঁলোকৰ চৰকাৰী ধনৰ ভঁৰাল কেৱল নিৰ্বাচনক কাৰ্যক্ৰমতে শেষ হয়।আমি প্ৰচেষ্টা কৰিছো যাতে বিকাশৰ সেইবোৰ সপোন পূৰণ হয় যাৰ ফলত দৰিদ্ৰৰ কল্যাণ সাধন হয়, তেওঁলোকৰ জীৱনলৈও পৰিৱৰ্তন আহে। আমাৰ দেশৰ দৰিদ্ৰসকলৰ সবলীকৰণৰদ্বাৰা দেশৰ অৰ্থব্যৱস্থালৈ আমূল পৰিৱৰ্তন আহিব। এনেকৈ কাম কৰিলে মোৰ দৃঢ় বিশ্বাস যে ভাৰতত কোনো দৰিদ্ৰই আৰু দৰিদ্ৰ হৈ নাথাকিব। আপুনি কোনো এজন দৰিদ্ৰ ব্যক্তিৰ সৈতে কথা পাতক, তেওঁলোকৰ কোনেও নিজৰ সন্তানক নিজৰ দৰে জীৱন এটা দিব নোখোজে। সকলোৱে নিজৰ সন্তানৰ ভৱিষ্যত উজ্জ্বল হোৱাটো কামনা কৰে। কেনোও উত্তৰাধিকাৰসূত্ৰে নিজৰ সন্তানলৈ দৰিদ্ৰতা এৰি যাব নোখোজে। সকলোৱে সপোন দেখে, আৰু সেই সপোনসমূহ বাস্তৱায়িত কৰাৰ লক্ষ্যৰে আমি পৰিকল্পনা কৰিছো। প্ৰকল্পসমূহ গঢ় দিছো। এই স্থানত বিশেষকৈ উৎকৰ্ষ বেংকৰ যোগেদি এই কামসমূহ কৰাত জোৰ দিয়া হৈছে। মই তেওঁলোককো অভিনন্দন জ্ঞাপন কৰিছো।
ভাতৃ-ভগ্নীসকল, কাশীত আজি এখন জল-এম্বুলেন্সৰো লোকাৰ্পণ হৈছে। জল শৱ-যানৰো আৰম্ভণি হৈছে।মই প্ৰথমবাৰৰ বাবে যেতিয়া জল শৱ-যানৰ কথা কৈছিলো, তেতিয়া মানুহ আচৰিত হৈছিল। মই কৈছিলো যে কাশীত যান-যঁটৰ সমস্যা আৰু স্মশান যাত্ৰাৰ সমস্যালৈ লক্ষ্য ৰাখি জলপথসমূহৰ ব্যৱহাৰ কৰিব লাগে।আমাৰ বাবে জলপথসমূহ এক শক্তিস্বৰূপ।তাক আৰ্থিক বিকাশৰ বাবে বা সাধাৰণ মানুহৰ সুবিধাৰ কামত লগোৱাতো আমাৰ বাবে অতি প্ৰয়োজন।
বাৰানসীৰ মোৰ অতি মৰমৰ ভাতৃ-ভগ্নীসকল, আপোনালোকৰ নিশ্চয় মনত আছে, মই যেতিয়া ইয়ালৈ নিৰ্বাচনৰ বাবে আহিছিলো, একে সময়তে মই বৰোডাতো নিৰ্বাচনত অংশ লৈছিলো।দুয়োখন ঠাইতে মই বিপুল ভোটত জয়লাভ কৰিলো।কিন্তু যেতিয়া আসন বাচি লোৱাৰ সময় আহিল, মই ভাৱিলো যে বৰোডাক আগবাঢ়াই নিবলৈ মোৰ বহুকেইজন সংগী আছে, বৰোডাৰ প্ৰগতিত কোনো ধৰণৰ সমস্যা নহয়, কিন্তু কাশীৰ বাবে যদি মই নিজৰ সময় দিব পাৰো হয়তো মোৰ জীৱন সাৰ্থক হ’ব।আৰু সেয়ে মই কাশীৰ সেৱা কৰিবলৈকে বাচি ল’লো।আজি মই অতি সুখী হৈছো যে বৰোডা আৰু বাৰানসীৰ মাজত সংযোগ স্থাপন হৈছে। আজি ইয়াৰপৰা মহামনা এক্সপ্ৰেছৰ আৰম্ভণি হৈছে। বৰোডাৰ পৰা চুৰাট হৈ মহামনা এক্সপ্ৰেছ এতিয়া বাৰানসী পাবহি। বৰোডা আৰু বাৰানসী দুয়োখনেই সাংস্কৃতিক নগৰী। এই মহামনা এক্সপ্ৰেছে দুয়োখন চহৰৰ আৰ্থিক গতিবিধিলৈ পৰিৱৰ্তন আনিব।
ভাতৃ-ভগ্নীসকল, আজি মই আপোনালোকৰ বেছি সময় নলওঁ। আজি দেশে ক্ষীপ্ৰ গতিত প্ৰগতি লাভ কৰিছে। এই প্ৰগতি দৰিদ্ৰ আৰু মধ্যবিত্ত লোকসকলক মনত ৰাখি কৰা হৈছে। আনেক সাহসী পদক্ষেপ গ্ৰহণ কৰা হৈছে। বিশ-পঁচিশ বছৰধৰি ওলমি থকা বিষয় তথা সমস্যাসমূহৰ নিবাৰণ বৰ এটা সহজ কথা নহয়। বহুত সাহসেৰে আমি কিছুমান সিদ্ধান্ত গ্ৰহণ কৰিছো। আৰু তাৰ পৰিণাম আজি সমগ্ৰ বিশ্বই দেখিছে। ভাৰতে আজি ক্ষীপ্ৰ গতিত প্ৰগতি লাভ কৰিছে। ভাৰত আজি সলনি হৈছে। আমি পূব উত্তৰ-প্ৰদেশক সলনি কৰিব লাগিব। দেশৰ অৰ্থব্যৱস্থাত যিদৰে পশ্চিমাঞ্চলে শক্তিশালী ভূমিকা লৈ আহিছে সেইদৰে পূব প্ৰান্ততো আৰ্থিক পৰিৱৰ্তন আহিব লাগিব। আমি সেই দিশত কাম কৰি আছো। মোৰ দৃঢ় বিশ্বাস যে আজি যি হাজৰ কোটি টকীয়া প্ৰকল্পৰ কথা আমি কৈ আছো, সেইসমূহে ইয়াৰ সামাজিক জীৱনত বাৰুকৈয়ে প্ৰভাৱ পেলাব। এইসমূহে ইয়াৰ আন্তঃগাঁথনিত প্ৰভাৱ পেলোৱাৰ লগতে সামাজিক পৰিৱৰ্তন অনাত সহায় কৰিব। মই পুনৰ এবাৰ যোগীজীৰ নেতৃত্বাধীন উত্তৰ প্ৰদেশ চৰকাৰক অভিনন্দন জ্ঞাপন কৰিছো। ধন্যবাদ জ্ঞাপন কৰিছো।
***
अतुल तिवारी/ शाहबाज़ हसीबी /ममता/PRK
Projects worth over Rs. 1000 crore are either being inaugurated or their foundation stones are being laid: PM @narendramodi in Varanasi pic.twitter.com/PKwABTqWxP
— PMO India (@PMOIndia) September 22, 2017
I compliment the UP Government for their focus on the development of the state and the attention to eastern UP: PM @narendramodi pic.twitter.com/AeaZGgMGC3
— PMO India (@PMOIndia) September 22, 2017
जिन योजनाओं का शिलान्यास हम करते हैं, उसका उद्घाटन भी हम ही करते हैं: PM @narendramodi
— PMO India (@PMOIndia) September 22, 2017
Our weavers need a global market and that will enhance their economic prospects significantly: PM @narendramodi
— PMO India (@PMOIndia) September 22, 2017
आज बुनकरों और शिल्पकारों के लिए स्वर्णिम अवसर, उन्हें अपना सामर्थ्य दिखाने का अवसर मिल रहा है: PM @narendramodi
— PMO India (@PMOIndia) September 22, 2017
हर समस्या का समाधान सिर्फ विकास में है: PM @narendramodi
— PMO India (@PMOIndia) September 22, 2017
हमारी कोशिश है गरीब से गरीब लोगों के जीवन में बदलाव हो, उनका सशक्तिकरण हो, हम ऐसे विकास पर ध्यान दे रहे हैं: PM @narendramodi
— PMO India (@PMOIndia) September 22, 2017
हमारी सभी योजनाएं समाज के हर तबके के सशक्तिकरण को ध्यान में रखकर तैयार की गई हैं: PM @narendramodi
— PMO India (@PMOIndia) September 22, 2017
जल मार्ग के माध्यम से विकास हो, वाटर एम्बुलेंस इसी दिशा में हमारा प्रयास है: PM @narendramodi
— PMO India (@PMOIndia) September 22, 2017
आज देश तेज़ गति से प्रगति कर रहा है। गरीब और मध्यम वर्ग के लोगों के विकास के साथ देश आगे बढ़ रहा है: PM @narendramodi
— PMO India (@PMOIndia) September 22, 2017