পি এম ইণ্ডিয়া
বিশাল মাত্ৰাত ইয়াত সমবেত হোৱা মোৰ মৰমৰ ভাতৃ-ভগ্নীসকল,
এই ৰাতিপুৱাতে ইমান বিশাল সমাৱেশ! ইমানবোৰ মানুহ মই কল্পনাও কৰিবপৰা নাছিলো!মই প্ৰথমেই আপোনালোকৰ আগত ক্ষমা ভিক্ষা কৰিছো যে আমাৰ আয়োজন ইমান বিশাল সমাৱেশৰ বাবে যথেষ্ট নাছিল আৰু বহুলোকেই এই ৰ’দত থিয় হৈ থাকিব লগা হৈছে।ইমান কষ্ট কৰিও আপোনালোকে মোক আশীৰ্বাদ দিবলৈ আহিছে।মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছো আৰু লগতে ক্ষমা ভিক্ষা কৰিছো। লগতে মই প্ৰতিশ্ৰুতি দিছো যে য্সিকলে এই ৰ’দত থিয় হৈ থাকি আমাক আশীৰ্বাদ কৰিছে, তেওঁলোকৰ কষ্ট মই অথলে যাবলৈ নিদিওঁ।
ভাতৃ-ভগ্নীসকল, মই উত্তৰ প্ৰদেশৰ চৰকাৰক, বিশেষকৈ মূখ্যমন্ত্ৰী মহোদয়ক পশুধন আৰোগ্য মেলা আয়োজন কৰাৰ বাবে অভিনন্দন জনাব বিচাৰিছো।মই এই পশুধন আৰোগ্য মেলা চাবলৈ গৈ দেখিলো যে তাত প্ৰায় ১৭০০ পশু আছে আৰু কেইবাজনো বিশেষজ্ঞ পশু চিকিৎসকে তাত সেৱা আগবঢ়াই আছে।আৰু মই নিশ্চিত যে উত্তৰ প্ৰদেশৰ চৰকাৰে এই মেলা সমগ্ৰ ৰাজ্যতে আয়োজন কৰিব য’ত দুখীয়া কৃষকসকল তাৰপৰা উপকৃত হ’ব।
আমি জানো যে কৃষিক্ষেত্ৰত পশুধনৰ সুস্বাস্থ্যই কৃষকসকলক ডাঙৰ সকাহ দিব পাৰে। গাখীৰ উৎপাদনকে ধৰি পশুধনৰ সুস্বাস্থ্যই আমাৰ গ্ৰাম্যাঞ্চলৰ অৰ্থনীতিক টনকীয়াল কৰি তুলিব পাৰে।সেয়ে মই উত্তৰ প্ৰদেশৰ চৰকাৰক এই পদক্ষেপৰ বাবে অভিনন্দন জনাইছো।
ভাতৃ-ভগ্নীসকল, ৰাজনীতিৰ লক্ষ্যণেই এনকুৱা যে ৰাজনীতিকে য’ত ভোট দেখা পাই, তাতে কাম কৰিবলৈ ভাল পায়। কিন্তু ভাতৃ-ভগ্নীসকল, আমি এক সুকীয়া মূল্যবোধত বিশ্বাসী, সেয়ে আমাৰ চৰিত্ৰও সুকীয়া। আমাৰ বাবে আমাৰ দলতকৈ আমাৰ দেশ বেছি গুৰুত্বপূৰ্ণ আৰু সেয়ে আমাৰ কাম-কাজো ভোট-কেন্দ্ৰিক নহয়।
আজি আমি পশুধনৰ সুস্বাস্থ্যৰ বাবে কাম কৰিছো।সিঁহতে কাকো ভোট নিদিয়ে।আৰু যোৱা সত্তৰ বছৰে পশুধনৰ সুস্বাস্থ্যৰ বাবে এনে কোনো পদক্ষেপ লোৱা হোৱা নাছিল।এই পদক্ষেপে পশুধনৰ স্বাস্থ্যক্ষেত্ৰত এক নতুন গতি প্ৰদান কৰিব।
আজি আমাৰ দেশে দুগ্ধ উৎপাদনৰ ক্ষেত্ৰত ভাল ফল দেখুৱাইছে।যদিও বিশ্ব গড় মানৰ তুলনাত গাইপতি গাখীৰ গ্ৰহণৰ পৰিমাণ যথেষ্ট কম। তাৰবাবে আমাৰ দেশত পশুধন পালন কৰাটো এটা ব্যয়বহুল ব্যৱস্থা হৈয়ে আছে।যদি আমি গাইপতি গাখীৰ গ্ৰহণৰ পৰিমাণ বৃদ্ধি কৰিব পাৰো তেন্তে কৃষকসকল গো-পালনৰ দিশত অধিক আগ্ৰহী হ’ব বুলি মোৰ বিশ্বাস।দুগ্ধ উৎপাদনৰ ক্ষেত্ৰত আগ্ৰগতিয়ে দেশৰ অৰ্থনৈতিক উন্নয়নৰ নতুন গতি দিব।
ভাতৃ-ভগ্নীসকল, মোৰ জন্ম গুজৰাটত। গুজৰাটতে ডাঙৰ-দীঘল হৈ তাতে কৰ্মজীৱন কটোৱাৰ বাবে মই সমবায় ভিত্তিত গাখীৰ উৎপাদনে কিদৰে গুজৰাটৰ কৃষকসকলৰ জীৱনলৈ পৰিৱৰ্তন আনিছে তাক প্ৰত্যক্ষ কৰাৰ সুযোগ পাইছো। মই জানিবলৈ পাইছো যে গুজৰাটৰ বানাছ ডেইৰীয়ে লখ্নৌ-কানপুৰ অঞ্চলৰ পৰা গাখীৰ কিনিবলৈ লৈছে। আৰু আজি কৃষকসকলে দুগ্ধৰ বাবদ আগতকৈ অধিক দাম পাবলৈ সক্ষম হৈছে।মই জানিবলৈ পাইছো যে বানাছ ডেইৰীয়ে অতি সোনকালে কাশী অঞ্চলৰ পৰাও গাখীৰ কিনিবলৈ আৰম্ভ কৰিব।
মোৰ দৃঢ় বিশ্বাস যে ডেইৰীসমূহে এনেদৰে দুগ্ধ ক্ৰয় কৰিবলৈ আৰম্ভ কৰিলে কাশী অঞ্চলৰ কৃষকসকলৰ আয় বহুগুণে বাঢ়িব।আৰু সেয়ে মই গুজৰাট চৰকাৰৰ সহযোগত এই আন্দোলন আৰম্ভ কৰা উত্তৰ প্ৰদেশৰ চৰকাৰক অভিনন্দন জনাব বিচাৰিছো।
ভাতৃ-ভগ্নীসকল, ২০২২ চনত ভাৰতে স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণ কৰিব আৰু এই সময়ত আমি একেলগে ভাৰতৰ স্বাধীনতা সংগ্ৰামীসকলৰ সপোনসমূহ স্মৰণ কৰা যুগুত। আমি সেই সপোনসমূহ উপলব্ধি কৰি তাক সাৰ্থক কৰাৰ দিশে আগবঢ়া উচিত।যদি ১২৫ কোটি ভাৰতীয়ই এখোজো দিয়ে তেন্তে ভাৰতবৰ্ষ ১২৫ কোটি খোজ আগুৱাই যাব। গতিকে, ভাতৃ-ভগ্নীসকল, ২০২২ চনত আমি সকলোৱে স্বাধীন হোৱাৰ শপত লওঁ আহক।
আমাৰ শপত যে ২০২২ চনত আমাৰ কৃষকসকলৰ আয় দুগুণ হ’ব।এফালে পশুধনৰ উন্নয়ন আৰু আনফালে কৃষিক্ষেত্ৰৰ আধুনিকীকৰণে আমাক আগুৱাই লৈ যাব।ভূমি স্বাস্থ্য কাৰ্ডৰ জৰিয়তে ভূমিৰ মান পৰীক্ষা কৰা হৈছে, এই ব্যৱস্থাসমূহে কৃষকসকলক শক্তিশালী কৰিব।
উত্তৰ প্ৰদেশৰ নতুন চৰকাৰ গঠন হোৱাৰ পিছত ভূমি স্বাস্থ্য কাৰ্ড প্ৰদানৰ ব্যৱস্থাই যি ক্ষীপ্ৰ গতি লাভ কৰিছে তালৈ চাই অনুমান কৰিব পাৰি যে ভৱিষ্যতে উত্তৰ প্ৰদেশৰ চৰকাৰে কৃষকৰ কল্যাণৰ হকে কাম কৰি যাব।
একেদৰে, আমাৰ মাজৰ কোনেও অপৰিষ্কাৰ জীৱন এটা নিবিচাৰে। সকলোৱে লেতেৰা বেয়া পায়। স্বচ্ছতা ৰক্ষা আমাৰ দায়িত্ব, এই সংস্কৃতি এতিয়াও দেশত গা কৰি উঠা নাই।
আমি লেতেৰা কৰি যাম, আৰু আন কোনোবাই তাক চাফা কৰিব, এই মনোভাৱে ভাৰতখনক স্বচ্ছ কৰি ৰখাত হেঙাৰ হৈ দেখা দিছে।আপোনালোকে কোনেও নুই কৰিব নোৱাৰে যে স্বচ্ছতা ৰক্ষা আমাৰ প্ৰতিজন নাগৰিকৰে, প্ৰতিটো পৰিয়ালৰে দায়িত্ব।স্বাস্থ্যৰ বাবেও ই অতিকে জৰুৰী।
ইউনিচেফে অলপতে ভাৰতৰ ১০,০০০ টা পৰিয়ালৰ মাজত এক সমীক্ষা সমাপ্ত কৰিলে। কালি মই এই বিষয়ে বাতৰিকাকতত পঢ়িলো যে ইউনিচেফে কৈছে ঘৰে প্ৰতি এটাকৈ শৌচাগাৰৰ ব্যৱস্থা থাকিলেই বছৰি এটা পৰিয়ালৰ চিকিৎসাৰ নামত খৰচ হোৱা ৫০,০০০ টকা ৰাহি হয়।আজি মই ওচৰৰে এখন গাঁৱত শৌচাগাৰ নিৰ্মাণৰ কাম এটা কৰিবলৈ সুযোগ পাইছো। সেই গাঁৱৰ লোকসকল দৃঢ়প্ৰতিজ্ঞ যে ২ অক্টোবৰৰ ভিতৰত তেওঁলোকৰ গাওঁখন মুক্তভাৱে শৌচ কৰাৰ পৰা মুক্ত হ’ব। মোৰ বাবে স্বচ্ছতা প্ৰাৰ্থনা কৰাৰ সমাৰ্থক।
আজি মই অতি সুখী হৈছো যে যিখন গাঁৱত মই আজি শৌচাগাৰ নিৰ্মাণৰ আধাৰশিলা কৰিলো, সেই গাঁৱৰ লোকসকলে শৌচাগাৰক নাম দিছে ‘ইজ্জতগাৰ’, অৰ্থাৎ, সন্মান ৰক্ষাৰ স্থান। মই নামটো ভাল পাইছো আৰু সেই নাম দিয়াৰ বাবে মই উত্তৰ প্ৰদেশৰ চৰকাৰক অভিনন্দন জনাইছো।ইয়াৰ ফলত স্বভাৱিকতে ইয়াৰ লোকসকলৰ সন্মান বাঢ়িব।
ভাতৃ-ভগ্নীসকল, আজিও আমাৰ দেশৰ লাখ লাখ মানুহৰ নিজৰ ঘৰ নাই।ভাতৃ-ভগ্নীসকল, দৰিদ্ৰৰো দৰিদ্ৰসকলক থাকিবলৈ এখন ঘৰৰ যোগাৰ কৰি দিয়াতো আমাৰ কৰ্তব্য।
ভাতৃ-ভগ্নীসকল, সেয়ে আমি এক সংকল্প লৈছো, আৰু আমি জানো যে এয়া অতি কঠিন কাম। কিন্তু যদি মোদীয়ে জটিল কাম নকৰে, তেন্তে কোনে কৰিব! আৰু ভাতৃ-ভগ্নীসকল, আমি সংকল্প লৈছো যে, ২০২২ চনত ভাৰতে স্বাধীনতা লাভৰ ৭৫ বছৰ পূৰ্তি উপলক্ষে আমি ভাৰতৰ দৰিদ্ৰৰো দৰিদ্ৰসকলক থাকিবলৈ এখন ঘৰৰ যোগাৰ কৰি দিম।আমি বহুত ঘৰ সাজিব লাগিব।তাৰ বাবে চিমেন্ট, ইটা, বালি, শিল লাগিব, বহুত মানুহৰ নিয়োগৰ সুবিধা ওলাব।
আজি মই সুখী যে আগতে আমি উত্তৰ প্ৰদেশৰ চৰকাৰক চিঠি লিখিছিলো, আমি তেওঁলোকক গৃহহীন লোকৰ তালিকা দিবলৈ কৈছিলো, কিন্তু তেওঁলোকে তাৰ কোনো উত্তৰ নিদিলে। আমি যেতিয়া হেঁচা দিলো, তেতিয়া তেওঁলোকে ১০,০০০ মানুহৰ তালিকা এখন দিলে। কিন্তু যোগী জীৰ চৰকাৰ অহাৰ পিছত এই তালিকাত লাখ লাখ মানুহৰ নাম সোমাল।আজি মই সৌভাগ্যবান যে এই লাখ লাখ মানুহৰ বাবে ঘৰ সাজিবলৈ পুঁজি মই হস্তান্তৰ কৰিম।
ভাতৃ-ভগ্নীসকল, স্বচ্ছতাই হওক বা গাঁৱৰ প্ৰত্যেক ঘৰলৈ বিজুলী যোগানেই হওক বা মুক্তভাৱে শৌচ কৰাৰ পৰা মুক্ত গাঁও প্ৰতিষ্ঠাই হওক বা খোৱাপানী যোগানেই হওক আমি সকলো ক্ষেত্ৰতে কাম কৰি আছো।
যদি গাওঁসমূহৰ দুখীয়া, মধ্যবিত্ত, কৃষক শ্ৰেণীৰ জীৱনধাৰণৰ মান পৰিৱৰ্তন কৰিব পাৰো আমাৰ সপোনৰ ভাৰতবৰ্ষ নিজে নিজেই গঢ় লৈ উঠিব।
ভাতৃ-ভগ্নীসকল, কালি মই বাৰানসীত কেইবাতাও স্বচ্ছতা সম্পৰ্কীয় পদক্ষেপ মুকলি কৰিলো। ৬০০ কোটি টকা খৰচেৰে নলা নিৰ্মাণ কৰিবলৈ লোৱা হৈছে। অহা ২০ বছৰত বাৰানসীয়ে এক সম্পূৰ্ণ নতুন ৰূপ পাব।
আমি পেলনীয়া সামগ্ৰীৰ পুনঃব্যৱহাৰৰ ক্ষেত্ৰত মনোযোগ দিছো।তাৰপৰা আমি বিদ্যুৎ উৎপাদনৰ কথা ভাবিছো। তাৰ ফলত আমি ৪০,০০০ ঘৰত বিজুলী যোগান দিব পাৰিম। আমাৰ চৰকাৰে এল ই ডি বাল্ব বিতৰণৰ আন্দোলন আৰম্ভ কৰিছে।যাৰ ফলত প্ৰতিটো পৰিয়ালে বিজুলীৰ বিল বহু পৰিমাণে ৰাহি কৰিব পাৰিব। সাধাৰণ মানুহৰ বাবে ধন ৰাহি হোৱাৰ অৰ্থ আপোনালোকে নিশ্চয় বুজিব পাৰে।
কেৱল সেয়ে নহয়, কাশীত ষ্ট্ৰীট লাইট প্ৰতিস্থাপনৰো দিহা কৰা হৈছে। কাশী পৌৰ নিগমক ১৩ কোটি টকাৰ পুঁজিৰ আবন্টন দিয়া হৈছে।সকলো পুৰণা বাল্বৰ সলনি এল ই ডি বাল্ব লগাই বিদ্যুতৰ ৰাহি কৰাৰ ব্যৱস্থা কৰা হৈছে।
ভাতৃ-ভগ্নীসকল, ক’লাধন, দুৰ্নীতি বা অসাধুতা যিয়েই নকওক কিয় আমি এই সকলোবোৰৰ বিৰুদ্ধে যুদ্ধ আৰম্ভ কৰিছো।এই দেশৰ সাধাৰণ মানুহ ঠগ-প্ৰবঞ্চনাৰ বলি হয়।সেয়ে মই সকলো ক্ষূদ্ৰ ব্যৱসায়ীকে সামগ্ৰী আৰু সেৱা কৰৰ পঞ্জীয়ন কৰাবলৈ আহ্বান জনাইছো।ভাতৃ-ভগ্নীসকল, আমি অতি ক্ষীপ্ৰ গতিৰে আগবাঢ়িছো।দৰিদ্ৰ কৃষকৰ উন্নয়ন আমাৰ লক্ষ্য। মই আজি বিশাল মাত্ৰাত সমৱেত হোৱা সকলো ৰাইজক কৃতজ্ঞতা জনাইছো।
এয়া আমাৰ মহেন্দ্ৰ পাণ্ডে জীৰ লোকসভাৰ সমষ্টি, আৰু মই আপোনাৰ উৎসাহক ধন্যবাদ জনাইছো। পুনৰবাৰ মই যোগী চৰকাৰৰ সফল পদক্ষেপৰ বাবে অভিনন্দন জ্ঞাপন কৰিছো।
মোৰ সৈতে কওক – ভাৰত মাতাৰ জয়।
ডাঙৰকৈ কওক – ভাৰত মাতাৰ জয়।
ভাৰত মাতাৰ জয়।
ভাৰত মাতাৰ জয়।
ভাৰত মাতাৰ জয়।
বহুত বহুত ধন্যবাদ।
***
AKT/AK/KT/RSB/AK/PRK
I want to congratulate the Uttar Pradesh Government & specially @myogiadityanath for holding the Pashudhan Arogya Mela: PM @narendramodi
— PMO India (@PMOIndia) September 23, 2017
Focus on animal health is commendable. This focus will benefit the farmers across the state: PM @narendramodi
— PMO India (@PMOIndia) September 23, 2017
For us, governance is not about politics or winning elections. The priority is the wellbeing of the nation: PM @narendramodi
— PMO India (@PMOIndia) September 23, 2017
Let us build on the strides we have made in the dairy sector. Cooperatives can help in this regard, as they have in parts of the nation: PM
— PMO India (@PMOIndia) September 23, 2017
Let us make these five years about creating the India our freedom fighters dreamt about: PM @narendramodi
— PMO India (@PMOIndia) September 23, 2017
Doubling of farmers income is an area in which significant work is being done. Schemes like soil health card are benefitting farmers: PM
— PMO India (@PMOIndia) September 23, 2017
'Swachhata' has to become 'Swabhav' - it is our collective responsibility to keep our nation clean" PM @narendramodi
— PMO India (@PMOIndia) September 23, 2017
A clean India also means a healthier India: PM @narendramodi
— PMO India (@PMOIndia) September 23, 2017
I had the opportunity to help in toilet construction at a village nearby. The people of the village have decided to make the village ODF: PM
— PMO India (@PMOIndia) September 23, 2017
Swachhata is a Puja for me. Cleanliness is a way to serve the poor of India: PM @narendramodi
— PMO India (@PMOIndia) September 23, 2017
As a part of #SwachhataHiSeva movement, did Shramdan for the construction of a twin pit toilet at Shahanshahpur, Varanasi. pic.twitter.com/53WDxYL7nq
— Narendra Modi (@narendramodi) September 23, 2017
Let us actively participate in the movement towards a Swachh Bharat and fulfil Mahatma Gandhi's dream. @swachhbharat
— Narendra Modi (@narendramodi) September 23, 2017
Visited a Pashudhan Arogya Mela on Day 2 of my Kashi visit. UP Government’s focus on animal welfare is commendable & will help farmers. pic.twitter.com/R429RL8y0s
— Narendra Modi (@narendramodi) September 23, 2017