পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰীয়ে আজি ৭, লোককল্যাণ মাৰ্গস্থিত তেওঁৰ চৰকাৰী বাসভবনত ‘বিকশিত ভাৰত’ৰ লক্ষ্যপ্ৰাপ্তিৰ দিশত গ্ৰামোন্নয়ন, কৃষি, সমাজ কল্যাণ আৰু আনুষংগিক খণ্ডসমূহৰ প্ৰগতিৰ পৰ্যালোচনাৰ বাবে সচিবসকলৰ সৈতে এক উচ্চস্তৰীয় বৈঠকত অধ্যক্ষতা কৰে।
প্ৰধানমন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰে যে সকলো সংস্কাৰৰ মূল কেন্দ্ৰবিন্দু নাগৰিকৰ কল্যাণ হোৱা উচিত। তেওঁ কয় যে জনসাধাৰণৰ প্ৰয়োজনীয়তাৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰা সংস্কাৰসমূহে আচল গতি লাভ কৰা উচিত আৰু সেইবোৰ অৰ্থপূৰ্ণ পৰিৱৰ্তন সাধন কৰিব লাগে। প্ৰধানমন্ত্ৰীয়ে স্পষ্ট কৰি দিয়ে যে সংস্কাৰসমূহৰ উদ্দেশ্য কেৱল চৰকাৰৰ কাৰ্যপ্ৰণালী উন্নত কৰাই নহয়, বৰঞ্চ এখন উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ ভাৰতৰ যাত্ৰাক ত্বৰান্বিত কৰা।
শাসন ব্যৱস্থাত দ্ৰুত পৰিৱৰ্তন ঘটিছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে এক গতিশীল আৰু সলনি হৈ থকা পৰিৱেশৰ প্ৰয়োজনীয়তা কাৰ্যকৰীভাৱে পূৰণ কৰিবলৈ প্ৰশাসন প্ৰক্ৰিয়াক খাপ খুৱাই লোৱা আৰু শক্তিশালী কৰাৰ গুৰুত্বৰ ওপৰত জোৰ দিয়ে। তেওঁ বিভিন্ন মন্ত্ৰালয় আৰু বিভাগৰ নতুনকৈ গঢ় লৈ উঠা প্ৰয়োজনীয়তাসমূহৰ এক ব্যাপক মেপিং কৰাৰ পৰামৰ্শ দিয়ে।
দেশৰ উন্নয়নমূলক লক্ষ্যসমূহ অৰ্জনৰ বাবে প্ৰধানমন্ত্ৰীয়ে ‘সমগ্ৰ চৰকাৰী দৃষ্টিভংগী’ গ্ৰহণৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ লগতে কয় যে ‘বিকশিত ভাৰত’ গঢ়াৰ সপোনটো এক ‘জন আন্দোলন’ত পৰিণত হোৱা উচিত আৰু ভাৰতৰ যুৱ সমাজে এই দৃষ্টিভংগীৰ মূল আধাৰ গঢ়া উচিত।
যুৱসমাজৰ মাজত ক্ৰমান্বয়ে বৃদ্ধি পোৱা মাদক দ্ৰব্যৰ ব্যৱহাৰৰ গম্ভীৰ সমস্যাটো সমাধান কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত প্ৰধানমন্ত্ৰীয়ে বিশেষ জোৰ দিয়ে। বিভাগীয় বিচ্ছিন্নতা আঁতৰাই যুৱ-কেন্দ্ৰিক পদক্ষেপসমূহত আন্তঃবিভাগীয় সমন্বয় আৰু সংহতি বৃদ্ধি কৰিবলৈ এক প্ৰাতিষ্ঠানিক ব্যৱস্থা গঢ়ি তোলাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ তেওঁ পৰামৰ্শ আগবঢ়ায়।
প্ৰধানমন্ত্ৰীয়ে ক্ৰীড়াৰ সম্পূৰ্ণ বিকাশৰ বাবে এক সংহত দৃষ্টিভংগী গ্ৰহণৰ প্ৰয়োজনীয়তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। ক্ৰীড়া পৰ্যটন এক মুখ্য গুৰুত্বপূৰ্ণ খণ্ড হিচাপে গঢ় লৈ উঠাৰ কথা উল্লেখ কৰি তেওঁ কয় যে ভাৰতে নিজকে এক বিশ্ব ক্ৰীড়া কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰিবলৈ বৃহৎ আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাসমূহ আয়োজন কৰাৰ লক্ষ্য লোৱা উচিত। তদুপৰি ক্ৰীড়া খণ্ডত প্ৰযুক্তিৰ সম্প্ৰসাৰণ আৰু ষ্টাৰ্টআপসমূহৰ জৰিয়তে উদ্ভাৱনক উদগনি দিয়াৰ গুৰুত্বৰ কথা তেওঁ উল্লেখ কৰে।
প্ৰধানমন্ত্ৰীয়ে আলোকপাত কৰে যে কৃষকসকলে ‘পি-এম কুসুম’ৰ দৰে আঁচনিসমূহ ব্যাপকভাৱে গ্ৰহণ কৰিলে কৃষি খণ্ডত বৈপ্লৱিক পৰিৱৰ্তন আহিব। আন্তঃৰাষ্ট্ৰীয় সুযোগ আৰু ভৱিষ্যতৰ প্ৰয়োজনীয়তাৰ সৈতে উন্নত সংগতি ৰক্ষা কৰিবলৈ তেওঁ গোলকীয় পৰ্যায়ত দক্ষতা নিৰ্ধাৰণ কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰতো জোৰ দিয়ে।
বৈঠকত উপস্থিত সচিবসকলে নিজ নিজ খণ্ডৰ বিভিন্ন উদ্যোগ আৰু প্ৰত্যাহ্বানৰ সন্দৰ্ভত নিজৰ অভিজ্ঞতা আৰু দৃষ্টিভংগী ব্যক্ত কৰে। প্ৰধানমন্ত্ৰীয়ে ভৱিষ্যতৰ কাৰ্যপন্থাৰ বাবে তেওঁৰ পৰামৰ্শ আৰু দৃষ্টিভংগী দাঙি ধৰে। বৈঠকখনত ফলপ্ৰসূ ৰূপায়ণ, অধিক সমন্বয় আৰু বিকাশ প্ৰক্ৰিয়া ত্বৰান্বিত কৰি ‘বিকশিত ভাৰত’ৰ লক্ষ্যপ্ৰাপ্তিৰ দিশত বিভিন্ন খণ্ড সন্দৰ্ভত ব্যাপক তথা গঠনমূলক আলোচনা কৰা হয়।
বৈঠকত কেবিনেট সচিব, মুখ্য মন্ত্ৰালয়সমূহৰ সচিবসকলৰ লগতে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে।
****
MJPS/SS/PRK/DB
Chaired a meeting of Secretaries to the Government of India, in which we discussed progress in rural development, agriculture, social welfare-related sectors and more.
— Narendra Modi (@narendramodi) July 22, 2026
Highlighted the need to strengthen reforms that further the welfare of the people. We also discussed how to…