Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

বিগত ১১ বছৰত ভাৰতৰ মহাকাশ কাৰ্যসূচীৰ পৰিৱৰ্তনশীল যাত্ৰাৰ ওপৰত এটা প্ৰবন্ধ শ্বেয়াৰ কৰিছে প্ৰধানমন্ত্ৰীয়ে


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰতৰ মহাকাশ কাৰ্যসূচীৰ বিগত ১১ বছৰৰ পৰিৱৰ্তনশীল যাত্ৰা প্ৰদৰ্শন কৰা এটা প্ৰবন্ধ শ্বেয়াৰ কৰে। গতানুগতিক সীমাৰ পৰা জনকেন্দ্ৰিক উদ্ভাৱনলৈ পৰিৱৰ্তন প্ৰতিফলিত কৰি শ্ৰী মোদীয়ে ভাৰতৰ মহাকাশ প্ৰযুক্তি এতিয়া দৈনন্দিন জীৱনৰ লগত কেনেদৰে একত্ৰিত হৈছে—গ্ৰাম্যাঞ্চলৰ কৃষকসকলক সবলীকৰণ, শ্ৰেণীকোঠাত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা, আৰু বিভিন্ন উন্নয়নমূলক খণ্ডৰ উন্নতি সাধন কৰা আদিৰ ওপৰত আলোকপাত কৰে।

কেন্দ্ৰীয় মন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙে ছ’চিয়েল মিডিয়াত দিয়া এটা পোষ্টৰ উত্তৰত শ্ৰী মোদীয়ে কয়-

“বিগত ১১ বছৰত ভাৰতৰ মহাকাশ কাৰ্যসূচী কেনেদৰে ৰূপান্তৰিত হৈছে আৰু সাহসী, সৰ্বাংগীন আৰু জনকেন্দ্ৰিক হৈ পৰিছে সেই বিষয়ে কেন্দ্ৰীয় মন্ত্ৰী @DrJitendraSinghয়ে বিশদভাৱে বৰ্ণনা কৰিছে। মহাকাশ প্ৰযুক্তিয়ে এতিয়া গাঁৱৰ কৃষকৰ পৰা আৰম্ভ কৰি শ্ৰেণীকোঠাত ছাত্ৰ-ছাত্ৰীলৈকে মানুহৰ দৈনন্দিন জীৱনত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।”

MJPS/SR/SKS