পি এম ইণ্ডিয়া
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্রীয় কেবিনেট বৈঠকত আজি বিজ্ঞান, প্ৰযুক্তি, কৃষি ইত্যাদৰ দৰে ক্ষেত্ৰৰ পাৰস্পৰিক লাভালাভৰ অৰ্থে ভাৰতীয় ৰাষ্টীয় বিজ্ঞান একাডেমী(INSA) আৰু বেলাৰুছৰ ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমী(NASB)ৰ মাজত বৈজ্ঞানিক আৰু প্ৰযুক্তিগত সহযোগিতাৰ দিশত স্বাক্ষৰিত চুক্তিত অনুমোদন জনায়।
বেলাৰুছৰ ৰাষ্ট্ৰপতি শ্ৰীযুত আলেক্সেণ্ডাৰ লুকাছেংকোৰ ভাৰত ভ্ৰমণকালত ২০১৭ৰ ১২ ছেপ্তেম্বৰত নতুন দিল্লীত এই চু্ক্তিৰ বিনিময় হৈছিল।
এই চুক্তিৰ লক্ষ্য হৈছে বৈশ্বিক পৰ্যায়ৰ প্ৰতিযোগিতাত থকা ভাৰত আৰু বেলাৰুছৰ প্ৰযুক্তিসমূহৰ চিনাক্তকৰণ, মুল্যায়ণ, উন্নয়ন আৰু বাণিজ্যিকীকৰণ কৰা। এই চুক্তিয়ে দুয়ো দেশৰ বিভিন্ন প্ৰতিষ্ঠানক গৱেষণা, প্ৰযুক্তিৰ হস্তান্তৰ, মানৱ সম্পদৰ বিনিময়ত সমৰ্থন কৰাৰ লগতে বৈজ্ঞানিক আৰু আৰ্থিক লাভালাভৰ অৰ্থে যুটীয়াভাৱে কৰ্মশালাৰ আয়োজন কৰিব।
***
AKT/VBA/SH/DB