Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

বিশাখাপট্টনম তীখা উদ্যোগত সংঘটিত হোৱা দুৰ্ঘটনাত গভীৰ শোক প্ৰকাশ প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিশাখাপট্টনম তীখা উদ্যোগত সংঘটিত দুৰ্ঘটনাক লৈ দুখ প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীয়ে নিজৰ আপোনজনক হেৰুওৱাসকলৰ প্ৰতি  সমবেদনা  প্ৰকাশ কৰাৰ লগতে আহতসকলৰ  অতি সোনকালে আৰোগ্য কামনাৰে  প্ৰাৰ্থনা জনায়। তেওঁ উল্লেখ কৰে যে স্থানীয় কৰ্তৃপক্ষই ক্ষতিগ্ৰস্তসকলক সকলো ধৰণৰ সহায় আগবঢ়াইছে।

শ্ৰী মোদীয়ে ঘোষণা কৰে যে  ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা  প্ৰতিগৰাকী মৃত লোকৰ ওচৰ আত্মীয়ক ২ লাখ টকা আৰু আহতসকলক ৫০ হাজাৰ টকাৰ সাহায্য প্ৰদান কৰা হ’ব ।

প্ৰধানমন্ত্ৰীয়ে এক্সত এনেদৰে পোষ্ট কৰিছে:

“বিশাখাপট্টনম ষ্টীল প্ৰকল্পত  সংঘটিত হোৱা দুৰ্ঘটনাত মৰ্মাহত । আপোনজনক হেৰুওৱাসকলৰ প্ৰতি সমবেদনা। আহতসকল সোনকালে সুস্থ হৈ উঠাৰ বাবে প্ৰাৰ্থনা জনাইছো। ক্ষতিগ্ৰস্তসকলক স্থানীয় কৰ্তৃপক্ষই সকলো ধৰণৰ সহায় আগবঢ়াইছে।”

পিএমএনআৰএফৰ পৰা ২ লাখ টকা প্ৰতিজন মৃতকৰ ওচৰৰ আত্মীয়ক ২ লাখ টকা দিয়া হ’ব। আহতসকলক ৫০ হাজাৰ টকা দিয়া হ’ব।

 

***

MJPS/SS/PRK/DM