Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

বিশেষ অৰ্থনৈতিক মণ্ডল (সংশোধনী) বিধেয়ক, ২০১৯ত কেবিনেটৰ অনুমোদন


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেট বৈঠকত বিশেষ অৰ্থনৈতিক মণ্ডল (সংশোধনী) বিধেয়ক, ২০১৯ৰ পৰিৱৰ্তে বিশেষ অৰ্থনৈতিক মণ্ডল (সংশোধনী) অধ্যাদেশ, ২০১৯(২০১৯ৰ ১২) সংসদত উত্থাপনত অনুমোদন জনায়৷ এই বিধেয়কখনি সংসদৰ পৰৱৰ্তী অধিৱেশনত উত্থাপন কৰা হ’ব৷

বিশেষ অৰ্থনৈতিক মণ্ডল আইন, ২০১৫ৰ ২নং ধাৰা (v)নং উপ-ধাৰা সংশোধনৰ পাছত কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা জাননী লাভ কৰা কোনো ট্ৰাষ্ট অথবা যিকোনো সংস্থাই বিশেষ অৰ্থনৈতিক মণ্ডলত এটা ইউনিট স্থাপনত অনুমতি লাভ কৰিবলৈ যোগ্য হিচাপে বিবেচিত হ’ব৷

*******

AKT/AK/DB