পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সমগ্ৰ বিশ্বৰ পৰাই বিভিন্ন ৰাষ্ট্ৰনেতাসকলৰ পৰা আজি ধাৰাবাহিকভাৱে লাভ কৰি আহিছে। ইয়াৰ ভিতৰত শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি মাইথ্ৰিপালা ছিৰিসেনা, ছৌ্দি আৰৱৰ সম্ৰাট চলমান বিন আব্দুল আজিজ আল সাউদ, আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প, নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী পুষ্পকমল দাহাল ‘প্ৰচণ্ড’ই ফোনকল কৰি প্ৰধানমন্ত্ৰীক শুভেচ্ছা জনায় দেশৰ সাধাৰণ নিৰ্বাচনত সুন্দৰ ফলাফলেৰে দ্বিতীয়বাৰৰ বাবে জয়ী হোৱাৰ বাবে।
প্ৰধানমন্ত্ৰী মোদীক উষ্ম শুভেচ্ছা জনাই শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি ছিৰিসেনাই দুয়োখন চুবুৰীয়া ৰাষ্ট্ৰৰ মাজত সৌহাদ্যপূৰ্ণ সম্পৰ্ক অধিক শক্তিশালী আৰু সঘন বাৰ্তালাপৰ প্ৰসঙ্গ উত্থাপন কৰে। প্ৰধানমন্ত্ৰীয়েও শ্ৰীলংকাৰ ৰাষ্ট্ৰপতিগৰাকীক দুয়োখন দেশৰ জনসাধাৰণৰ হিতৰ বাবে অধিক উৎাসাহ তথা আগ্ৰাসী মনোভাৱেৰে কাম কৰিবৰ বাবে সাজু থকা দিশটোক প্ৰসংশা কৰে আৰু ৰাষ্ট্ৰপতিগৰাকীৰ উষ্ম অভিনন্দনৰ বাবে ধন্যবাদো জ্ঞাপন কৰে।
ইফালে ছৌদি আৰৱৰ সম্ৰাটে জনোৱা উষ্ম অভিনন্দন আৰু শুভেচ্ছাৰ লগতে প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত ভাৰতবাসীয়ে প্ৰগতি আৰু সমৃদ্ধিৰ ভেটি গঢ়িব পাৰিব বুলি কোৱা বাৰ্তাৰ বাবে ধন্যবাদ জনায়, তদুপৰি ভাৰত-ছৌদি আৰৱৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্কক সুন্দৰ তত্বাৱধানেৰে আগুৱাই নিয়াৰ বাবেও সম্ৰাটক ধন্যবাদ জ্ঞাপন কৰে।
আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পেও ভাৰতৰ সাধাৰণ নিৰ্বাচনত ব্যাপক ফলাফল লাভ কৰা বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অভিনন্দন জনায়। এক চমু বাৰ্তালাপত দুয়োগৰাকী নেতাই জুন মাহত জাপানৰ অ’ছাকাত অনুষ্ঠিতব্য জি-২০ সন্মিলনত মিলিত হৈ দুয়োখন দেশৰ মাজৰ কৌশলগত অংশীদাৰীত্ব অধিক শক্তিশালী কৰাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণৰ বাবে আলোচনা কৰাৰ পোষকতা কৰে।
***
AKT/SH/RD