পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত সমগ্ৰ বিশ্বৰ পৰা অহা বিভিন্ন মটৰ বাহন নিৰ্মাণকাৰী প্ৰতিষ্ঠান তথা পৰিবহন কোম্পানীসমূহৰ শীৰ্ষ বিষয়াসকলৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়।
বিভিন্ন কোম্পানী ক্ৰমে ট’য়’টা, ছাইক মটৰ কৰ্প’ৰেশ্যন ছাংহাই, বস্ক, এবিবি লিমিটেড, হুণ্ডাই মটৰ কোম্পানী, ফ’ৰ্ড স্মাৰ্ট ম’বিলিটি এলএলচি আৰু উবৰ এভিয়েশ্যনৰ শীৰ্ষ বিষয়াসকলৰ এটা দলে প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰে।
উল্লেখ্য যে এই অলপতে নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া গ্লোবেল ম’বিলিটি ছামিট – ম’ভত অংশগ্ৰহণ কৰিব এই আটাইকেইটা কোম্পানীয়ে।
***
AKT/VJ/RD