Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

বিশ্বাস, উন্নয়ন আৰু জনকল্যাণৰ বাবে উৎসৰ্গিত চৰকাৰৰ ১২ বছৰৰ কাৰ্যকালৰ ওপৰত আলোকপাত প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উল্লেখ কৰে যে চৰকাৰৰ বিগত ১২টা বছৰ বিশ্বাস, উন্নয়ন আৰু জনকল্যাণৰ বাবে সমৰ্পিত আছিল। প্ৰধানমন্ত্ৰীয়ে কয় যে ১৪০ কোটি দেশবাসীৰ আশীৰ্বাদ আৰু ‘ৰাষ্ট্ৰ প্ৰথম’ ভাৱনাৰে যুৱ প্ৰজন্ম, মহিলা আৰু কৃষক ভাই-ভনীসকলক সবলীকৰণ কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ ত্ৰুটি কৰা হোৱা নাই।

শ্ৰী মোদীয়ে লগতে কয় যে নিৰন্তৰ প্ৰচেষ্টাৰ ফলতেই আজি আন্তঃগাঁথনিৰ পৰা আৰম্ভ কৰি ডিজিটেল বিপ্লৱলৈকে সমগ্ৰ বিশ্বতে দেশে এক নতুন পৰিচয় লাভ কৰিছে। এখন ‘বিকশিত ভাৰত’ৰ সংকল্প বাস্তৱায়িত কৰিবলৈ চৰকাৰে সেৱা, সুশাসন আৰু সমৃদ্ধিৰ এই পথত একেদৰেই আগবাঢ়ি যাব বুলি প্ৰধানমন্ত্ৰীয়ে দৃঢ়তাৰে প্ৰকাশ কৰে।

প্ৰধানমন্ত্ৰীয়ে এক্সৰ পোষ্টত কয়:

“আমাৰ চৰকাৰৰ বিগত ১২টা বছৰ বিশ্বাস, উন্নয়ন আৰু জনকল্যাণৰ বাবে সমৰ্পিত আছিল। ১৪০ কোটি দেশবাসীৰ আশীৰ্বাদ আৰু ‘ৰাষ্ট্ৰ প্ৰথম’ ভাৱনাৰে আমি যুৱ প্ৰজন্ম, মহিলা আৰু আমাৰ কৃষক ভাই-ভনীসকলক সবলীকৰণ কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ ত্ৰুটি কৰা নাই। এয়া আমাৰ নিৰন্তৰ প্ৰচেষ্টাৰে পৰিণতি যে আন্তঃগাঁথনিৰ পৰা আৰম্ভ কৰি ডিজিটেল বিপ্লৱলৈকে আজি দেশে সমগ্ৰ বিশ্বতে এক নতুন পৰিচয় লাভ কৰিছে। ‘বিকশিত ভাৰত’ৰ সংকল্পক বাস্তৱায়িত কৰিবলৈ আমি সেৱা, সুশাসন আৰু সমৃদ্ধিৰ এই একেই পথেৰে নিৰন্তৰ আগবাঢ়ি যাম।”

#12YearsOfSeva”

***

MJPS/SS/PRK/DB