Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

বিশ্ব পৰিবেশ দিৱস উপলক্ষে প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা জ্ঞাপন


পৰিবেশ সংৰক্ষণৰ বাবে কাম কৰি অহাসকলক প্ৰশংসা কৰি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিশ্ব পৰিবেশ দিৱস উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰে।

যোৱা দশকত গ্ৰহণ কৰা সেউজ আৱৰণ সম্প্ৰসাৰণ কৰা তথা কেইবাটাও প্ৰাণীৰ প্ৰজাতিৰ সংখ্যা বৃদ্ধি কৰা কেইবাটাও চৰকাৰী পদক্ষেপৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে এই দিৱসে পৰিবেশ সুৰক্ষিত কৰা আৰু বহনক্ষম বিকাশৰ প্ৰতি দায়বদ্ধতাক পুনৰ নিশ্চিত কৰে।

শ্ৰী মোদীয়ে উল্লেখ কৰে যে ভাৰতৰ জনসাধাৰণে কেনেদৰে সামূহিক প্ৰচেষ্টা, শক্তিশালী নীতি, বিজ্ঞানৰ ওপৰত বিশ্বাস আৰু উদ্ভাৱনৰ জৰিয়তে পৰিবেশৰ উল্লেখযোগ্য উন্নতি সাধন কৰিব পাৰি সেয়া প্ৰদৰ্শন কৰিছে।

প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতে ইয়াৰ জৈৱ বৈচিত্ৰ্যৰ বাবে অপৰিসীম গৌৰৱ অনুভৱ কৰে, যিয়ে বিভিন্ন পৰিবেশতন্ত্ৰৰ জৰিয়তে অসংখ্য প্ৰজাতি আৰু জীৱিকাক সহায় কৰে।

বিশেষ প্ৰজাতিৰ পুনৰুদ্ধাৰৰ ক্ষেত্ৰত উল্লেখযোগ্য অগ্ৰগতিৰ ওপৰত আলোকপাত কৰি শ্ৰী মোদীয়ে আঙুলিয়াই দিয়ে যে গ্ৰেট ইণ্ডিয়ান বাষ্টাৰ্ড, তুষাৰ নাহৰফুটুকী বাঘ, শ্লথ ভালুক আৰু চিতাৰ সংৰক্ষণৰ প্ৰচেষ্টাই বন্যপ্ৰাণী আৰু পৰিবেশতন্ত্ৰ পুনৰুদ্ধাৰত কেনেদৰে বহনক্ষম দায়বদ্ধতাই সহায় কৰিব পাৰে তাৰ এক আভাস দিয়ে।

প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে ‘এক পেড় মা কে নাম’ৰ দৰে উদ্যোগসমূহে প্ৰতি বছৰে প্ৰায় ১.১ লাখ হেক্টৰ বনাঞ্চলৰ সংযোজনত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে।

শ্ৰী মোদীয়ে দৃঢ়তাৰে কয় যে ‘এক পৃথিৱী, এক পৰিয়াল আৰু এক ভৱিষ্যত’ নীতিৰ দ্বাৰা পৰিচালিত হৈ ভাৰতে মিছন লাইফৰ দৰে উদ্যমৰ জৰিয়তে এক পৰিষ্কাৰ, সেউজ আৰু অধিক বহনক্ষম গ্ৰহৰ দিশত কাম কৰি থাকিব।

পৰিবেশ পৰিচালনাৰ বাৰ্তা শক্তিশালী কৰিবলৈ এটা পবিত্ৰ সংস্কৃত হিতোপদেশ শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰি কয় যে এই গভীৰ সাংস্কৃতিক নৈতিকতা পৰম্পৰাগত ভাৰতীয় জ্ঞানত সুন্দৰভাৱে প্ৰতিফলিত হয়।

এক্সত এলানি পোষ্টত প্ৰধানমন্ত্ৰীয়ে শ্বেয়াৰ কৰিছেঃ

‘বিশ্ব পৰিবেশ দিৱসত সকলোকে শুভেচ্ছা জনাইছো। মই পৰিবেশ সংৰক্ষণৰ প্ৰতি আগ্ৰহী সকলোকে প্ৰশংসা কৰিব বিচাৰো। এই দিনটো আমাৰ পৰিবেশ সুৰক্ষিত কৰা আৰু বহনক্ষম বিকাশৰ প্ৰতি আমাৰ প্ৰতিশ্ৰুতি পুনৰ নিশ্চিত কৰাৰ দিন। যোৱা দশকত আমাৰ চৰকাৰৰ অসংখ্য প্ৰচেষ্টাই এই দিশত আমাৰ কামৰ ওপৰত আলোকপাত কৰিছে। ভাৰতৰ কিছুমান গুৰুত্বপূৰ্ণ সফলতাৰ ভিতৰত আছে সেউজ আৱৰণৰ সম্প্ৰসাৰণ আৰু কেইবাটাও জীৱ-জন্তুৰ সংখ্যা বৃদ্ধি। ভাৰতৰ জনসাধাৰণে দেখুৱাইছে কেনেদৰে সামূহিক প্ৰচেষ্টা, নীতি, বিজ্ঞানৰ ওপৰত বিশ্বাস আৰু উদ্ভাৱনে আমাৰ পৰিবেশ উন্নত কৰিব পাৰে।’

‘আমি ভাৰতত আমাৰ জৈৱ বৈচিত্ৰ্যৰ বাবে অতি গৌৰৱান্বিত। আমাৰ বৈচিত্ৰ্যপূৰ্ণ পৰিস্থিতিতন্ত্ৰই অগণিত প্ৰজাতি আৰু জীৱিকাৰ সহায় কৰে। বিশেষ পুনৰুদ্ধাৰৰ ক্ষেত্ৰত আমাৰ প্ৰচেষ্টাও লক্ষণীয়। গ্ৰেট ইণ্ডিয়ান বাষ্টাৰ্ড, তুষাৰ নাহৰফুটুকী বাঘ, শ্লথ ভালুক আৰু চিতাৰ সংৰক্ষণৰ প্ৰচেষ্টাই বন্যপ্ৰাণী আৰু পৰিবেশতন্ত্ৰ পুনৰুদ্ধাৰ কৰাত কেনেদৰে নিৰন্তৰ দায়বদ্ধতাই সহায় কৰিব পাৰে তাৰ এক আভাস দিছে। ‘এক পেড় মা কে নাম’ৰ দৰে উদ্যোগসমূহে প্ৰতি বছৰে প্ৰায় ১.১৯ লাখ হেক্টৰ বনাঞ্চলৰ সংযোজনৰ দিশত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে।’

‘‘এক পৃথিৱী, এক পৰিয়াল আৰু এক ভৱিষ্যত’ নীতিৰ দ্বাৰা পৰিচালিত হৈ, আমি মিছন লাইফৰ দৰে উদ্যমৰ জৰিয়তে এক পৰিষ্কাৰ, সেউজ আৰু অধিক বহনক্ষম গ্ৰহৰ দিশত কাম কৰি যাম।’

‘প্ৰকৃতি সংৰক্ষণ কেৱল এক বাধ্যবাধকতা নহয়, ই আমাৰ সংস্কৃতি আৰু নৈতিকতাৰ এক অবিচ্ছেদ্য অংগ।

मधु वाता ऋतायते मधु क्षरन्ति सिन्धवः।
माध्वीर्नः सन्त्वोषधीः॥’

আমাৰ চাৰিওফালে বায়ু আনন্দদায়কভাৱে আৰু উপকাৰীভাৱে প্রবাহিত হওক, নদীবোৰে জীৱনদায়িনী আৰু পুষ্টিকৰ পানী প্ৰদান কৰক তথা বনৌষধি আৰু উদ্ভিদে সকলো জীৱৰ বাবে সুস্বাস্থ্য আৰু কল্যাণ কঢ়িয়াই আনক।

***

MJPS/SS/PRK/HS