Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

বিশ্ব পৰ্যায়ত মন্দাৱস্থাৰ সত্ত্বেও ব্ৰিকছ দেশসমূহৰ আর্থিক বিকাশ হৈছে, বহু লোক দাৰিদ্ৰ সীমাৰেখাৰ ওপৰলৈ অগ্ৰসৰ হৈছেঃ প্ৰধানমন্ত্ৰী


প্ৰধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদীয়ে ব্রাজিলত আজি ব্ৰিকছ সন্মিলনৰ সমান্তৰালভাৱে ব্ৰিকছ ব্যৱসায়িক ফ’ৰামত ভাষণ আগবঢ়ায়৷ ব্ৰিকছৰ অন্তৰ্ভূক্ত অন্যান্য দেশসমূহৰ প্ৰধানসকলেও ব্ৰিকছ ব্যৱসায়িক ফ’ৰামত ভাষণ আগবঢ়ায়৷

এই উপলক্ষে প্ৰধানমন্ত্রীয়ে কয় যে বিশ্বৰ আর্থিক বিকাশৰ ৫০ শতাংশই ব্ৰিকছ দেশসমূহৰ কৃতিত্ব। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত মন্দাৱস্থাৰ সত্ত্বেও ব্ৰিকছৰ অন্তৰ্ভূক্ত দেশসমূহৰ আর্থিক বিকাশ হৈ আহিছে, বহু লোকে দাৰিদ্ৰসীমা ৰেখাৰ ওপৰলৈ আহিব পাৰিছে তথা প্ৰযুক্তি আৰু উদ্ভাৱতো নতুন সাফল্য অর্জন কৰিছে।

প্ৰধানমন্ত্রীয়ে আন্তঃব্ৰিকছ বাণিজ্য আৰু বিনিয়োগৰ লক্ষ্যক আৰু উচ্চ পৰ্যায়লৈ নিয়াৰ ইচ্ছা প্ৰকাশ কৰে আৰু তেওঁ ব্ৰিকছৰ অন্তৰ্ভূক্ত দেশসমূহৰ মাজত ব্যৱসায়ৰ ব্যয় আৰু অধিক পৰিমাণে হ্ৰাস কৰাৰ বাবে সকলোৰে পৰা পৰামর্শ বিচাৰে। প্ৰধানমন্ত্রীৰ পৰামর্শ এই যে পৰৱর্তী ব্ৰিকছ সন্মিলনৰ পূৰ্বেই অন্তত পাঁচটা ক্ষেত্ৰ চিহ্নিত কৰা হওঁক য’ত ব্ৰিকছৰ অন্তৰ্ভূক্ত দেশবোৰে যৌথ উদ্যোগ হাতত ল’ব পাৰে।

প্ৰধানমন্ত্রীয়ে কয় যে কাইলৈৰ সন্মিলনত ইনোভেশ্যন ব্ৰিকছ নেটৱর্ক আৰু ব্ৰিকছ ইনষ্টিটিউছন ফৰ ফিউচাৰ নেটৱর্কৰ দৰে গুৰুত্বপূর্ণ প্ৰচ্ষ্টাৱলীক লৈ আলোচনা হ’ব। তেওঁ বেচৰকাৰী খণ্ডক মানৱ সম্পদৰ ওপৰত আলোকপাত কৰিবলৈ এই প্ৰচেষ্টাৰ সৈতে চামিল হ’বলৈ অনুৰোধ জনায়৷ তেওঁ লগতে পাঁচখন দেশৰ মাজত সামাজিক সুৰক্ষা চুক্তিৰ বিষয়টো বিবেচনা কৰা উচিৎ বুলিও পৰামৰ্শ আগবঢ়ায়।

প্ৰধানমন্ত্রীয়ে কয় যে ৰাজনৈতিক সুস্থিৰতা, পূৰ্বাভাস নীতি আৰু বাণিজ্য অনুকূল সংস্কাৰৰ বাবে ভাৰতে এতিয়া বিশ্বৰ আটাইতকৈ মুক্ত তথা বিনিয়োগ অনুকূল অর্থনীতি।

********

VRRK/AK/DB