পি এম ইণ্ডিয়া
আজি বিশ্ব বেংকৰ অধ্যক্ষ শ্ৰীযুত জিম য়ং কিংৰ সৈতে এক টেলিফোনিক বাৰ্তালাপত মিলিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।
শ্ৰীযুত কিমে প্ৰধানমন্ত্ৰী মোদীক ব্যৱসায় কৰাৰ সুচলতাৰ ৰেংকিংৰ ক্ষেত্ৰত লাভ কৰা অভূতপূৰ্ব উত্থানৰ বাবে অভিনন্দন জ্ঞাপন কৰে। তেওঁ কয় যে মাত্ৰ ৪ বছৰৰ ভিতৰতে এশ পছিশ কোটি লোকৰ এখন দেশে ৬৫ টাকৈ ৰেংকৰ উত্তৰণ ঘটাব পৰাটো নিসন্দেহে লক্ষণীয়।
শ্ৰীযুত কিমে লগতে কয় যে এয়া সম্ভৱপৰ হৈ উঠিছে একমাত্ৰ প্ৰদানমন্ত্ৰী মোদীৰ শক্তিশালী নেতৃত্ব, দায়বদ্ধতা আৰু বৃহৎ পৰিসৰৰ সুপৰিকল্পনাৰ বাবে। তেওঁ এয়া এক ঐতিহাসিক আৰু আৰু অতুলনীয় সাফল্য বুলি দোহাৰে।
শ্ৰীযুত কিমে শেহতীয়াকৈ প্ৰধানমন্ত্ৰী মোদীয়ে লাভ কৰা ইউনেপ চেম্পিয়নছ অৱ দ্য আৰ্থ, আৰু ছিউল শান্তি বঁটাকে ধৰি অন্যান্য বঁটা প্ৰাপ্তিৰ বাবেও অভিনন্দন জ্ঞাপন কৰে।
শ্ৰীযুত কিমে প্ৰতিশ্ৰুতি দিয়ে যে ভাৰতৰ এই ব্যৱসায় কৰাৰ সুচলতাৰ বাবে গ্ৰহণ কৰা যি পদক্ষেপ, তালৈ বিশ্ব বেংকৰ সহায়-সাহায্য অব্যাহত থাকিব।
ইফালে ভাৰতত ব্যৱসায় কৰাৰ সুচলতাৰ এক সুন্দৰ পৰিৱেশ গঢ়ি তোলাৰ বাবে ভাৰতে অহৰহ কৰি অহা প্ৰচেষ্টালৈ বিশ্ব বেংকে আগবঢ়োৱা অনবদ্য সহযোগিতা আৰু পৰামৰ্শৰ বাবে প্ৰধানমন্ত্ৰীয়েও শ্ৰীযুত কিমক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ লগতে কয় যে বিশ্ব বেংকৰ ৰেংকিংসমূহ হৈছে ভাৰতৰ বাবে অনুপ্ৰেৰণাৰ উৎস, যিয়ে ভাৰতত ব্যৱসায় কৰাৰ সুচলতাৰ পৰিৱেশ গঢ়ি তোলাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰিব।
***
AKT/SH/SBP/RD
Had a wonderful conversation @WorldBank President, Mr. @JimYongKim.
— Narendra Modi (@narendramodi) November 2, 2018
I thank him for his kind words on India's historic rise in the 'Ease of Doing Business' rankings over the last four years, and his support towards India's reform trajectory. https://t.co/RK7Igg1vd6