Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

বিশ্ব শৌচালয় দিৱস উপলক্ষে প্ৰধানমন্ত্ৰীৰ বক্তব্য


 

তলত বিশ্ব শৌচালয় দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ বক্তব্য আগবঢ়োৱা হল।

 

সমগ্ৰ দেশতে স্বচ্ছতা আৰু অনাময় ব্যৱস্থা উন্নত কৰাৰ বাবে আমাৰ যি প্ৰতিশ্ৰুতি, আজি বিশ্ব শৌচালয় দিৱস উপলক্ষে তাক পুনৰ দোহাৰিছো। আমি ভাৰতত যোৱা চাৰি বছৰত যি তীব্ৰ গতিত অনাময় ব্যৱস্থা উন্নত হৈছে, তাক লৈ গৌৰৱান্বিত। 

স্বচ্ছ ভাৰত তথা উন্নত অনাময় ব্যৱস্থা সুনিশ্চিত কৰাতো এক গণ আন্দোলনত পৰিণত হৈছে। মূলতঃ মহিলা আৰু যুৱ প্ৰজন্মক ধৰি মুঠ ১৩০ কোটী ভাৰতীয়ই এই আন্দোলনৰ গুৰি ধৰিছে।স্বচ্ছ ভাৰতৰ সপোন বাস্তৱায়িত কৰিবলৈ দেহেকেহে লগা সকলোকে মই অভিনন্দন জনাইছো।

***

AKT/SH/PRK